ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • g21 নং ১ পৃষ্ঠা ১৫
  • আপুনি ঈশ্বৰৰ পৰামৰ্শ লাভ কৰিব পাৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি ঈশ্বৰৰ পৰামৰ্শ লাভ কৰিব পাৰে
  • সচেতন থাকক!—২০২১
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আপুনি তেওঁৰপৰা শিকাটো ঈশ্বৰে বিচাৰে
  • ঈশ্বৰে লিখা জ্ঞানৰ বিষয়ে শিকক
  • ঈশ্বৰৰ বাক্য আমি কেনেকৈ শুনিব পাৰিম?
    ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • এক সত্য শিক্ষা যি ঈশ্বৰক সন্তুষ্টি কৰে
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • বাইবেল ঈশ্বৰৰ ফালৰপৰা হয়
    বাইবেলে আমাক কি শিকায়?
  • ভাল খবৰ প্ৰকৃততে ঈশ্বৰৰপৰা নে?
    ঈশ্বৰৰপৰা এটা ভাল খবৰ!
আৰু চাওক
সচেতন থাকক!—২০২১
g21 নং ১ পৃষ্ঠা ১৫

আপুনি ঈশ্বৰৰ পৰামৰ্শ লাভ কৰিব পাৰে!

বাইবেলখন ঈশ্বৰে লিখাইছে। এয়া আমি কেনেকৈ কʼব পাৰোঁ? হাজাৰ হাজাৰ বছৰৰ আগতে ঈশ্বৰে কিছুমান লোকক নিজৰ চিন্তাধাৰা জনাইছিল আৰু তেওঁলোকে সেইবোৰ কথা লিখিছিল। “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত।” (২ তীমথিয় ৩:১৬) ইয়াৰ অৰ্থ হৈছে, গোটেই শাস্ত্ৰ ঈশ্বৰৰ প্ৰেৰণাৰে লিখা হৈছে।

আপুনি জানেনে?

  • এখন কিতাপৰ কিছুমান ভাগ।

    ৬৬

    খন সৰু-সৰু কিতাপ বা ভাগ বাইবেলত আছে।

  • কোনোবাই কলমেৰে লিখি আছে আৰু ওপৰৰপৰা পোহৰ জিলিকি আছে।

    ৪০

    জন লোকৰ যোগেদি ঈশ্বৰে বাইবেলখন লিখাইছিল।

  • বালি ঘড়ী।

    প্ৰায় ৩,৫০০

    বছৰ আগতে বাইবেলৰ প্ৰথম কিতাপখন লিখা হৈছিল।

  • বেলেগ বেলেগ ভাষাৰ আখৰ।

    ৩,০০০ বেছি ভাষাত

    গোটেই বাইবেলখন বা ইয়াৰ কিছুমান কিতাপ উপলব্ধ আছে।

আপুনি তেওঁৰপৰা শিকাটো ঈশ্বৰে বিচাৰে

যিহোৱা ঈশ্বৰে এইদৰে কৈছে, “তোমাৰ উপকাৰৰ অৰ্থে তোমাক শিক্ষা দিওঁতা তুমি যাব লগীয়া বাটেদি তোমাক নিওঁতা তোমাৰ ঈশ্বৰ যিহোৱা ময়েই। অহ, তুমি মোৰ আজ্ঞাত মন দিয়া হলে, কেনে ভাল আছিল! দিয়া তোমাৰ শান্তি নদীৰ নিচিনা, আৰু তোমাৰ ধাৰ্ম্মিকতা সমুদ্ৰৰ ঢৌৰ নিচিনা হলহেঁতেন।”—যিচয়া ৪৮:১৭, ১৮.

আমি আনন্দত থকা আৰু মনৰ শান্তি লাভ কৰাটো ঈশ্বৰে বিচাৰে। সেইবাবে, তেওঁ জনায় যে আমি কি কৰা উচিত।

ঈশ্বৰে লিখা জ্ঞানৰ বিষয়ে শিকক

‘সকলো জাতিৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিব লাগে।’—মাৰ্ক ১৩:১০.

অতি সোনকালে যিহোৱা ঈশ্বৰে দুখ-কষ্ট নাইকিয়া কৰিব। এই পৃথিৱীখন সুন্দৰ বাগিচালৈ পৰিণত কৰিব আৰু আমাৰ আপোনজনা, যিসকলৰ মৃত্যু হৈছে, তেওঁলোকক পুনৰ জীয়াই তুলিব। এয়াই হৈছে “শুভবাৰ্ত্তা।” যিহোৱাৰ সাক্ষীসকলে এই শুভবাৰ্তা গোটেই পৃথিৱীত ঘোষণা কৰি আছে।

মই বাইবেল পঢ়ি মোৰ প্ৰশ্নৰ উত্তৰ পালোঁ

ৰাকেশে এইদৰে কৈছে, “মই সৰু থাকোঁতে এটা কথা বুজি পোৱা নাছিলোঁ যে এই পৃথিৱীখন কোনে সৃষ্টি কৰিলে। কিয়নো মই লক্ষ্য কৰিছিলোঁ যে প্ৰতিখন দেশৰ লোকসকলে, নিজৰ মতে বেলেগ বেলেগ ঈশ্বৰক উপাসনা কৰে। কিন্তু সকলোৰে বেলেগ বেলেগ ঈশ্বৰ কেনেকৈ হ’ব পাৰে? মই বাইবেলৰপৰা শিকিলোঁ যে প্ৰকৃততে এজনেই ঈশ্বৰ আছে আৰু তেৱেঁই সকলো সৃষ্টি কৰিছে। তেওঁ কেৱল এখন দেশৰ নহয়, ‘সকলো ৰাষ্ট্ৰৰ ঈশ্বৰ হয়।’ (ৰোমীয়া ৩:২৯) তেওঁৰ নাম হৈছে যিহোৱা। এই বিষয়ে জানি মোক বহুত ভাল লাগিল। আমি তেওঁৰ কাষ চাপি তেওঁৰ বন্ধু হোৱাটো যিহোৱাই বিচাৰে।”

ৰাকেশ।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক