ভাগ ১
ঈশ্বৰৰ বাক্য আমি কেনেকৈ শুনিব পাৰিম?
বাইবেলৰ যোগেদি ঈশ্বৰে আমাৰ লগত কথা-বতৰা হয়। ২ তীমথিয় ৩:১৬
সত্য ঈশ্বৰে তেওঁৰ ভাবধাৰাবোৰ এখন পবিত্ৰ কিতাপত লিখিবলৈ কিছুমান লোকক নিৰ্দ্দেশনা দিছিল। সেই কিতাপখন হৈছে বাইবেল। ইয়াত এনে কিছুমান গুৰুত্বপূৰ্ণ বিষয় আছে, যিবোৰ আপুনি জনাটো ঈশ্বৰে বিচাৰে।
আমাৰ বাবে কি ভাল তাক ঈশ্বৰে ভালদৰে জানে, কিয়নো তেওঁ হৈছে সকলো প্ৰজ্ঞাৰ উৎস। তেওঁৰ বাক্য শুনিলে আপুনিও জ্ঞানী হʼব।—হিতোপদেশ ১:৫.
পৃথিৱীৰ প্ৰতিজন লোকে বাইবেলখন পঢ়াটো ঈশ্বৰে বিচাৰে। বাইবেলখন আজি বহুতো ভাষাত পোৱা যায়।
ঈশ্বৰৰ বাক্য শুনিবলৈ হʼলে, আপোনাক বাইবেলখন পঢ়া আৰু ইয়াক বুজি পোৱা উচিত।
আজি গোটেই পৃথিৱীজোৰি লোকসকলে ঈশ্বৰৰ বাক্য শুনিছে। মথি ২৮:১৯
বাইবেলখনক বুজিবলৈ যিহোৱাৰ সাক্ষীসকলে আপোনাক সহায় কৰিব পাৰে।
গোটেই পৃথিৱীজোৰি যিহোৱাৰ সাক্ষীসকলে ঈশ্বৰৰ সত্যতাৰ বিষয়ে লোকসকলক শিক্ষা দিয়ে।
এই শিক্ষাৰ বাবে আপুনি টকা-পইচা দিয়াৰ কোনো প্ৰয়োজন নাই। যিহোৱাৰ সাক্ষীসকলে উপাসনাৰ বাবে গোট খোৱা স্থানীয় ৰাজ্য গৃহতো আপুনি ঈশ্বৰৰ বিষয়ে শিকিব পাৰিব।