বস্তু-বাহানিৰ বাঢ়ি যোৱা দাম কেনেকৈ সন্মুখীন হʼম
বাস্তৱিকতাক স্বীকাৰ কৰক
যেতিয়া বস্তু-বাহানিৰ দাম লাহে লাহে বাঢ়ে, তেতিয়া আমি হয়তো ইমান চিন্তা নকৰোঁ। বিশেষকৈ, যেতিয়া আমাৰ উপাৰ্জন বাঢ়ি গৈ থাকে। কিন্তু যেতিয়া বস্তু-বাহানিৰ দাম বাঢ়ি গৈ থাকে আৰু আমাৰ উপাৰ্জন একে থাকে, তেতিয়া হয়তো আমি চিন্তিত হʼব পাৰোঁ। যদি পৰিয়ালৰ চোৱা-চিতা কৰাৰ দায়িত্ব আমাৰ ওপৰত আছে, তেনেহʼলে আমাৰ চিন্তা আৰু বাঢ়ি যাব পাৰে।
এই কথা সঁচা যে বস্তু-বাহানিৰ বাঢ়ি থকা দামক আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। কিন্তু যদি আমি এই কথাক মানি লওঁ, তেনেহʼলে আমাৰে লাভ হʼব।
এইদৰে কৰাটো কিয় প্ৰয়োজন
যিসকলে এয়া মানি লয় যে বস্তু-বাহানিৰ বাঢ়ি থকা দামক নিয়ন্ত্ৰণ কৰিব নোৱাৰি, তেওঁলোকে . . .
শান্ত হৈ থাকিব পাৰে। যেতিয়া আমি শান্ত হৈ থাকোঁ, তেতিয়া ভালদৰে ভাবিব পাৰোঁ আৰু সঠিক নিৰ্ণয় লʼব পাৰোঁ।
বেপৰোৱা নহয়। যেনে, তেওঁলোকে বিজুলী, পানী, গেছ আদিৰ বিল নিদিয়াকৈ নাথাকে বা অযথা খৰচ নকৰে।
টকা-পইচাক লৈ পৰিয়ালত কাজিয়া নকৰে।
সৰল জীৱন-যাপন কৰিবৰ বাবে সাজু থাকে। যেনে, তেওঁলোকে খৰচ কম কৰে আৰু যি প্ৰয়োজনীয় সেয়াহে কিনে।
আপুনি এয়া কেনেকৈ কৰিব পাৰে
সাল-সলনি কৰক। যেতিয়া বস্তু-বাহানিৰ দাম বাঢ়ি গৈ থাকে, তেতিয়া খৰচ কম কৰাটোৱেই বুদ্ধিমানৰ কাম হʼব। কিছুমান লোকে যিমান উপাৰ্জন নকৰে, তাতকৈ বেছি খৰচ কৰে। তেওঁলোকৰ ওচৰত টকা-পইচা নাথাকিলেও বিলাসিতাপূৰ্ণ জীৱন কটাব বিচাৰে। এইদৰে কৰাটো বেগেৰে বৈ থকা নদীৰ বিপৰীত দিশত সাঁতুৰিবলৈ চেষ্টা কৰাৰ দৰে হয়। এইদৰে কৰি তেওঁলোকৰ একো লাভ নহʼব। কেৱল ভাগৰি যাব। যদি আপোনাৰ পৰিয়াল আছে, তেনেহʼলে হয়তো তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ আপুনি চিন্তা কৰে আৰু এইদৰে চিন্তা কৰাটো স্বাভাৱিক। কিন্তু মনত ৰাখিব আপোনাৰ পৰিয়ালক আটাইতকৈ বেছি আপোনাৰ প্ৰয়োজন। সেইবাবে আপুনি তেওঁলোকক ধ্যান দিয়ক, তেওঁলোকৰ লগত সময় কটাওক আৰু প্ৰেম দেখুৱাওক।
নিজৰ সামৰ্থ নথকাৰ সত্ত্বেও লাস-বিলাসেৰে জীৱন কটাবলৈ চেষ্টা কৰাটো বেগেৰে বৈ থকা নদীৰ বিপৰীত দিশত সাঁতুৰিবলৈ চেষ্টা কৰাৰ দৰে হয়