বস্তু-বাহানিৰ বাঢ়ি যোৱা দাম কেনেকৈ সন্মুখীন হʼম
যি আছে তাতে আনন্দিত থাকক
জীৱনত সন্তুষ্ট থকা লোকসকলে আনন্দত থাকে। যেতিয়া তেওঁলোকৰ পৰিস্থিতি সলনি হয়, তেতিয়া তেওঁলোকে সহজতে সাল-সলনি কৰিব পাৰে যাতে তেওঁলোকে যিমান উপাৰ্জন কৰে, তাতকৈ বেছি খৰচ নকৰে।
এইদৰে কৰাটো কিয় প্ৰয়োজন
মনোবৈজ্ঞানিক জেচিকা কলাৰে কয় যে যি লোকসকলে জীৱনত সন্তুষ্ট থাকে, তেওঁলোক সঠিক দৃষ্টিভংগী ৰাখে আৰু হাঁহি-ধেমালি কৰে। তেওঁ এয়াও মন কৰিছে যে তেওঁলোকৰ মনলৈ ঈৰ্ষা কমহে অহা দেখিবলৈ পোৱা যায়। সেইবাবে, এয়া কোনো আচৰিত কথা নহয় যে এনে লোকসকলক নিৰাশাত কম, আনন্দত বেছি দেখিবলৈ পোৱা যায়। লগতে এয়াও দেখিবলৈ পোৱা গৈছে যে কিছুমান লোকৰ ওচৰত কম টকা-পইচা বা বেছি বস্তু-বাহানি নথকাৰ সত্ত্বেও তেওঁলোকে আনন্দত থাকে। কিয়নো তেওঁলোকে এনে বস্তুবোৰক গুৰুত্ব দিয়ে, যি টকা-পইচাৰে কিনিব নোৱাৰি। যেনে, পৰিয়াল আৰু বন্ধুসকলৰ লগত কটোৱা সময়।
আপুনি এয়া কেনেকৈ কৰিব পাৰে
তুলনা নকৰিব। কাৰোবাক দেখি এয়া নাভাবিব যে তেওঁৰ ওচৰত বহুত বস্তু আছে, মোৰ ওচৰত একোৱে নাই। এইদৰে তুলনা কৰিলে আপুনি নিজৰ আনন্দ হেৰুৱাব পাৰে আৰু ঈৰ্ষা কৰিব পাৰে। আচলতে আপুনি যি ভাবিছে, সেয়া সঁচা নহʼবও পাৰে। কিছুমান লোকক দেখি হয়তো এনে লাগিব পাৰে যে তেওঁ বহুত ধনী, তেওঁৰ ওচৰত সকলো বস্তু আছে। কিন্তু সঁচা কথাটো তেওঁহে জানে, তেওঁ হয়তো ধাৰত ডুবি আছে। আফ্ৰিকাৰ এখন দেশ চেনিগালত থকা নীকলাই কৈছে, “মই লক্ষ্য কৰিছোঁ যে আনন্দিত থাকিবলৈ বেছি বস্তু-বাহানিৰ প্ৰয়োজন নাই। যদি মই জীৱনত সন্তুষ্ট থাকিবলৈ শিকোঁ, তেনেহʼলে মোৰ ওচৰত আনতকৈ কম থাকিলেও মই আনন্দিত থাকিব পাৰোঁ।”
এইদৰে কৰি চাওক: এনে বিজ্ঞাপন বা চʼচিয়েল মিডিয়া পোষ্ট নাচাব, যʼত লোকসকলক ধনী দেখুৱা হৈছে বা যিসকলৰ ওচৰত লাস-বিলাসৰ সকলো বস্তু আছে।
কৃতজ্ঞ হওক। আপোনাৰ ওচৰত যি আছে, তাৰ প্ৰতি কৃতজ্ঞ হওক। যি লোকসকলে এইদৰে কৰে, তেওঁলোক সন্তুষ্ট হৈ থাকে। তেওঁলোকে ‘মোক এয়াও লাগে, সেয়াও লাগে বা এই বস্তুটো ময়ে পাব লাগিব’ বুলি ভাবি নাথাকে। হাইটি দেশত থকা ৰবাৰ্টনে কৈছে, “মই সময় উলিয়াই চিন্তা কৰোঁ যে আনে কেনেকৈ মোৰ আৰু মোৰ পৰিয়ালৰ সহায় কৰিলে। এইদৰে মই তেওঁলোকক হৃদয়ৰে ধন্যবাদ দিব পাৰোঁ। মই নিজৰ আঁঠ বছৰীয়া লʼৰাকো শিকাওঁ যে যেতিয়া কোনোবাই তাক কিবা বস্তু দিয়ে, তেতিয়া থেঙ্কিউ কʼব লাগে।”
এইদৰে কৰি চাওক: আপুনি প্ৰতিদিনে যি বস্তুবোৰৰ বাবে কৃতজ্ঞ, সেইবোৰ লিখি ৰাখক। যেনে: ভাল স্বাস্থ্য, মৰমৰ পৰিয়াল, প্ৰকৃত বন্ধু, কাঁচিজোন বা মেঘধেনুৰ সুন্দৰ দৃশ্য।
আমাৰ ওচৰত যি আছে, তাতে আনন্দিত থাকিবলৈ আমাৰ কাৰণে কেতিয়াবা কেতিয়াবা কঠিন হʼব পাৰে। তথাপিও আমি সন্তুষ্ট থাকিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা উচিত। যদি আমি সন্তুষ্ট থাকিবলৈ শিকোঁ, তেনেহʼলে আমি আনন্দিত থাকিম। এয়া আন এটা বস্তু যি টকা-পইচাৰে কিনিব নোৱাৰি।