অধ্যয়নৰ লেখ ৩১
গীত নং ১১০ যিহোৱাই আনন্দ দিয়ে
আপুনি ‘সন্তুষ্ট হৈ থকাৰ ৰহস্য শিকিলে নে?’
“মই যিয়েই পৰিস্থিতিত নাথাকোঁ কিয়, মই তাতেই সন্তুষ্ট হʼবলৈ শিকিলোঁ।”—ফিলি. ৪:১১.
কি শিকিম?
যদি আমি কৃতজ্ঞ হওঁ, যিহোৱাৰ ইচ্ছা পূৰ কৰাত ধ্যান দিওঁ আৰু নম্ৰ হৈ থাকোঁ, লগতে ভৱিষ্যতৰ আশাৰ বিষয়ে মনন কৰি থাকোঁ, তেনেহʼলে আমি আনন্দিত আৰু সন্তুষ্ট হৈ থাকিবলৈ শিকিম।
১. সন্তুষ্ট হোৱাৰ অৰ্থ কি হয় আৰু কি নহয়?
আপোনাৰ ওচৰত যি আছে, আপুনি তাতে সন্তুষ্ট হৈ আছে নে? এজন সন্তুষ্ট ব্যক্তিয়ে আশীৰ্বাদবোৰৰ ওপৰত ধ্যান দিয়ে। সেইবাবে, তেওঁ আনন্দেৰে আৰু শান্তিৰে জীৱন-যাপন কৰে। তেওঁৰ ওচৰত যি নাই, সেই বিষয়ে ভাবি তেওঁ দুখ বা নিৰাশ অনুভৱ নকৰে, তাৰ পৰিৱৰ্তে সন্তুষ্ট হৈ থাকে। কিন্তু সন্তুষ্ট হৈ থকাৰ অৰ্থ এয়া নহয় যে এজন ব্যক্তিয়ে পৰিশ্ৰম নকৰিব। ইয়াৰ পৰিৱৰ্তে সেই ব্যক্তি আগবাঢ়ি গৈ থাকিব আৰু যিহোৱাৰ সেৱাত কেনেকৈ আৰু বেছিকৈ কৰিব পাৰি তাৰ বিষয়ে চিন্তা কৰিব। (ৰোম. ১২:১; ১ তীম. ৩:১) তেওঁ আশা কৰা দায়িত্ব যদি তেওঁ নাপায়, তেনেহʼলে তেওঁ নিজৰ আনন্দ কম হʼবলৈ নিদিব।
২. যদি আমি সন্তুষ্ট নহওঁ, তেনেহʼলে ইয়াৰ কি বেয়া পৰিণাম হʼব পাৰে?
২ যদি এজন ব্যক্তি সন্তুষ্ট হৈ নাথাকে, তেনেহʼলে তাৰ বেয়া পৰিণাম হʼব পাৰে। তেওঁ সা-সুবিধাৰ বস্তু গোটাবলৈ দিনে-ৰাতিয়ে পৰিশ্ৰম কৰিব পাৰে বা তেওঁ চুৰ কৰিব পাৰে। দুখৰ কথা যে কিছুমান খ্ৰীষ্টানে এইদৰেই কৰিছে। তেওঁলোকে হয়তো মনতে ভাবে, ‘এয়াটো মোৰ অধিকাৰ,’ ‘মই বহুত অপেক্ষা কৰিলোঁ’ বা ‘এতিয়া মই এই টকা ৰাখি লওঁ, পাছত ঘুৰাই দিম।’ কিন্তু যিহোৱাৰ দৃষ্টিত যিকোনো চুৰ পাপ হয়, এইদৰে তেওঁৰ নামৰ বদনাম হয়। (হিতো. ৩০:৯) ইয়াৰ উপৰিও কিছুমান খ্ৰীষ্টানে যি দায়িত্ব পাব বিচাৰিছিল, সেয়া নোপোৱাৰ বাবে তেওঁলোকে ইমানে নিৰাশ হৈ পৰিল যে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিলে। (গালা. ৬:৯) কিন্তু প্ৰশ্ন হৈছে যে যিহোৱাৰ এজন সমৰ্পিত সেৱকে কেনেকৈ এইদৰে কৰিব পাৰে? যদি এজন খ্ৰীষ্টানে তেওঁৰ ওচৰত যি আছে সেইবোৰত সন্তুষ্ট নহয়, তেনেহʼলে তেওঁ ভুল পদক্ষেপ লʼব পাৰে।
৩. ফিলিপীয়া ৪:১১, ১২ পদৰ পৰা আমি কি শিকোঁ?
৩ আমি সকলোৱে সন্তুষ্ট হৈ থাকিব পাৰোঁ। পৌলে লিখিলে, “মই যিয়েই পৰিস্থিতিত নাথাকোঁ কিয়, মই তাতেই সন্তুষ্ট হʼবলৈ শিকিলোঁ।” (ফিলিপীয়া ৪:১১, ১২ পঢ়ক।) পৌলে এই কথা সেই সময়ত লিখিছিল, যেতিয়া তেওঁ বন্দী অৱস্থাত আছিল। এনে পৰিস্থিতিতো তেওঁৰ আনন্দ কম হোৱা নাছিল। কাৰণ তেওঁ সন্তুষ্ট হোৱাৰ “ৰহস্য” শিকি লৈছিল। যদি আমাক সন্তুষ্ট হৈ থাকিবলৈ কঠিন লাগিছে, তেনেহʼলে আমি পৌলৰ উদাহৰণ মনত ৰাখিব পাৰোঁ। তেওঁ যিদৰে জীৱন-যাপন কৰিলে আৰু যি কʼলে, তাৰ পৰা জানিব পাৰি যে আমি কঠিন পৰিস্থিতিতো সন্তুষ্ট হৈ থাকিব পাৰোঁ। এইদৰে কৰাটো সহজ নহয়, আমি এই ৰহস্য শিকিব লাগিব। কেনেকৈ বাৰু? আহক ইয়াৰ তিনিটা কাৰণৰ ওপৰত মন কৰোঁ।
কৃতজ্ঞতাৰ ভাৱনা বঢ়াওক
৪. কৃতজ্ঞ হৈ থাকিলে আমি কেনেকৈ সন্তুষ্ট হৈ থাকিবলৈ শিকিব পাৰোঁ? (১ থিচলনীকীয়া ৫:১৮)
৪ যি মানুহ কৃতজ্ঞ হৈ থাকে, তেওঁ বহুত আনন্দিত আৰু সন্তুষ্ট হৈ থাকে। (১ থিচলনীকীয়া ৫:১৮ পঢ়ক।) যেনে, যেতিয়া আমি আমাৰ ওচৰত যি আছে তাৰ বাবে কৃতজ্ঞ হʼম, তেতিয়া আমাৰ ওচৰত কি নাই তাৰ বিষয়ে চিন্তা নকৰিম। যিহোৱাৰ উপাসনা কৰাৰ আমি ভাল সুযোগ পাইছোঁ তাৰ বাবে যদি আমি কৃতজ্ঞ হওঁ, তেনেহʼলে আমি আন দায়িত্ববোৰ পাবলৈ আশা নকৰিম। তাৰ পৰিৱৰ্তে আমাক যি দায়িত্ব দিয়া হৈছে তাক পূৰ কৰিবলৈ কঠিন পৰিশ্ৰম কৰিম। প্ৰাৰ্থনাত যিহোৱাক ধন্যবাদ দিবলৈ বাইবেলত আমাক উৎসাহিত কৰা হৈছে। এইদৰে কৰিলে আমি কৃতজ্ঞ হʼম আৰু আমাক “ঈশ্বৰে সেই শান্তি দিব, যি মানুহে বুজিব নোৱাৰে।”—ফিলি. ৪:৬, ৭.
৫. ইস্ৰায়েলীসকলৰ ওচৰত কৃতজ্ঞ হোৱাৰ কি কাৰণ আছিল? (ছবিখনো চাওক।)
৫ মন কৰক যে ইস্ৰায়েলীসকলৰ লগত কি হʼল। বহুবাৰ তেওঁলোকে খোৱা-বোৱাৰ বস্তুক লৈ অভিযোগ কৰিবলৈ ধৰিলে, যিবোৰ তেওঁলোকে মিচৰ দেশত পাইছিল। (গণ. ১১:৪-৬) এয়া সঁচা যে অৰণ্যত তেওঁলোকৰ জীৱন ইমান সহজ নাছিল। তথাপি ইস্ৰায়েলীসকলে আনন্দিত আৰু সন্তুষ্ট হৈ থাকিব পাৰিলেহেঁতেন। কেনেকৈ বাৰু? তেওঁলোকে সেই কথাবোৰলৈ চিন্তা কৰিব পাৰিলেহেঁতেন, যি যিহোৱাই তেওঁলোকৰ বাবে কৰিছিল আৰু তেওঁৰ কৃতজ্ঞ হʼব পাৰিলেহেঁতেন। যেনে, তেওঁলোকে মিচৰত দাসত্বত আছিল আৰু বহুত শাস্তি পাইছিল। কিন্তু যিহোৱাই দহটা মহামাৰী আনি তেওঁলোকক তাৰ পৰা উলিয়াই আনিলে। যেতিয়া তেওঁলোকে তাৰ পৰা ওলাই আছিল, তেতিয়া “তেওঁবিলাকে মিচৰীয়াহঁতক লুট কৰা যেন কৰিলে।” ইস্ৰায়েলীসকলে মিচৰীয়াসকলৰ সোন-ৰূপৰ বস্তু আৰু কাপোৰ-কানি লৈ আহিল। (যাত্ৰা. ১২:৩৫, ৩৬) যেতিয়া মিচৰৰ সেনাসকলে তেওঁলোকৰ পিছে পিছে চুফ সাগৰলৈ আহি পালে, তেতিয়া যিহোৱাই চমৎকাৰ কৰি চুফ সাগৰক দুভাগত ভাগ কৰিলে। ইয়াৰ উপৰিও যিহোৱাই তেওঁলোকক খাবলৈ মান্না দিছিল। তথাপি ইস্ৰায়েলীসকলে কিয় অভিযোগ কৰিবলৈ ধৰিলে? তেওঁলোকৰ ওচৰত খাবলৈ একো নাছিল, এনে নহয়। আচলতে তেওঁলোকে সন্তুষ্ট নাছিল। কিয়নো যিহোৱাই তেওঁলোকৰ বাবে যি কৰিছিল, তাৰ বাবে তেওঁলোকৰ অন্তৰত কোনো কৃতজ্ঞতা নাছিল।
ইস্ৰায়েলীসকলে কিয় সন্তুষ্ট নাছিল? (অনুচ্ছেদ ৫ চাওক)
৬. কৃতজ্ঞতাৰ ভাৱনা বঢ়াবলৈ আমি কি কৰিব পাৰোঁ?
৬ আপুনি কৃতজ্ঞতাৰ ভাৱনা কেনেকৈ বঢ়াব পাৰে? এক, প্ৰতি দিনে সময় উলিয়াই চিন্তা কৰক যে আপোনাৰ ওচৰত এনে কি কি বস্তু আছে, যাৰ বাবে আপুনি বহুত কৃতজ্ঞ। যদি সম্ভৱ হয়, তেনেহʼলে দুটা বা তিনিটা বস্তুৰ বিষয়ে লিখি ৰাখক। (বিলা. ৩:২২, ২৩) দুই, আপুনি কৃতজ্ঞ বুলি দেখুৱাওক। আনে আপোনাৰ বাবে যি কৰে, তাৰ বাবে ধন্যবাদ দিয়ক। আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে প্ৰতিদিনি যিহোৱাক ধন্যবাদ দিয়ক। (গীত. ৭৫:১) তিনি, এনে লোকসকলৰ লগত বন্ধুত্ব কৰক, যিসকলে কৃতজ্ঞতা দেখুৱায়। এইদৰে আপুনিও কৃতজ্ঞ হʼবলৈ শিকিব। কিন্তু আপুনি যদি এনে লোকসকলৰ লগত বন্ধুত্ব কৰে, যিসকলে অভিযোগ কৰে, তেনেহʼলে আপুনিও তেওঁলোকৰ দৰে হৈ পৰিব আৰু সন্তুষ্ট হৈ নাথাকিব। (দ্বিতী. ১:২৬-২৮; ২ তীম. ৩:১, ২, ৫) যেতিয়া আমি ভাবিম যে কি কথাৰ বাবে আমি কৃতজ্ঞ হʼব পাৰোঁ, তেতিয়া আমি এই কথাক লৈ চিন্তিত নহʼম যে আমাৰ ওচৰত কি নাই, তাৰ পৰিৱৰ্তে আমি সন্তুষ্ট হৈ থাকিম।
৭. আচীয়ে কৃতজ্ঞতাৰ ভাৱনা কেনেকৈ বঢ়ালে আৰু ইয়াৰ কি পৰিণাম হʼল?
৭ ইণ্ডোনেচিয়াত থকা আচীৰ উদাহৰণলৈ মন কৰক। তাই এইদৰে কৈছে, “যেতিয়া কভিড ১৯ মহামাৰী চলি আছিল, তেতিয়া মই নিজৰ তুলনা আন ভাই-ভনীসকলৰ লগত কৰিবলৈ ধৰিলোঁ। মই এইদৰে ভাবিবলৈ ধৰিলোঁ তেওঁলোকৰ পৰিস্থিতি মোৰ পৰিস্থিতিতকৈ কিমান ভাল আছে, যাৰ বাবে মই নিৰাশ হৈ পৰিলোঁ।” (গালা. ৬:৪) তেতিয়া আচীয়ে নিজৰ চিন্তাধাৰা কেনেকৈ সলনি কৰিলে? তাই এইদৰে কৈছে, “মই সেই আশীৰ্বাদবোৰৰ বিষয়ে ভাবিবলৈ ধৰিলোঁ, যিবোৰ যিহোৱাই প্ৰতিদিনে মোক দি আছিল। ইয়াৰ উপৰিও যিহোৱাৰ সংগঠনৰ ভাগ হোৱাৰ বাবে যিবোৰ আশীৰ্বাদ পাইছোঁ, সেইবোৰৰ বিষয়েও ভাবিবলৈ ধৰিলোঁ আৰু যিহোৱাক ধন্যবাদ দিলোঁ। ইয়াৰ পাছত মোৰ ওচৰত যি আছে, তাতে আনন্দিত থাকিবলৈ ধৰিলোঁ।” যদি আপুনিও নিজৰ পৰিস্থিতিক লৈ চিন্তিত হৈ আছে, তেনেহʼলে নিজৰ অন্তৰত পুনৰ কৃতজ্ঞতা বঢ়াবলৈ আচীৰ দৰে কৰক।
যিহোৱাৰ ইচ্ছা পূৰ কৰাত ধ্যান দিয়ক আৰু নম্ৰ হওক
৮. এবাৰ বাৰুকৰ লগত কি হʼল?
৮ এসময়ত যিৰিমিয়াৰ চেক্ৰেটেৰী বাৰুকে সেই বস্তুবোৰৰ বিষয়ে ভাবি চিন্তিত হʼল, যি তেওঁৰ ওচৰত নাছিল। তেওঁ এটা কঠিন দায়িত্ব পাইছিল। যিহোৱাই যিৰিমিয়াক সেই ইস্ৰায়েলীসকলক কঠোৰ বাৰ্তা শুনাবলৈ কৈছিল, যিসকলে কৃতজ্ঞতা দেখুৱাবলৈ এৰি দিছিল। এই কামত বাৰুকে যিৰিমিয়াক সহযোগ কৰিব লাগিছিল। কিন্তু যিহোৱাৰ পৰা পোৱা এই দায়িত্বৰ ওপৰত ধ্যান দিয়াৰ পৰিৱৰ্তে বাৰুকে নিজৰ বিষয়ে প্ৰয়োজনতকৈ বেছি চিন্তা কৰিবলৈ ধৰিলে। তেতিয়া যিহোৱাই যিৰিমিয়াৰ যোগেদি তেওঁক কʼলে, “তুমি নিজৰ নিমিত্তে মহত্ব বিচাৰিছা নে? সেইবোৰ নিবিচাৰিবা।” (যিৰি. ৪৫:৩-৫) আন কথাত কʼবলৈ গʼলে যিহোৱাই তেওঁক কৈ আছিল যে “তোমাৰ ওচৰত যি আছে, তাতে সন্তুষ্ট হৈ থাকা।” বাৰুকে যিহোৱাৰ এই কথা মানিলে আৰু নিজৰ চিন্তাধাৰা শুধৰণি কৰিলে। ইয়াৰ বাবে যিহোৱাৰ আশীৰ্বাদ তেওঁৰ ওপৰত সদায় থাকিল।
৯. যদি আমি নম্ৰ হৈ থাকোঁ, তেনেহʼলে দায়িত্ব পোৱাৰ বিষয়ে আমাৰ চিন্তাধাৰা কেনেকুৱা হʼব? (১ কৰিন্থীয়া ৪:৬, ৭) (ছবিখনো চাওক।)
৯ এজন খ্ৰীষ্টানে হয়তো ভাবিব পাৰে যে সেই দায়িত্ব মই পাব লাগে। কাৰণ তেওঁৰ ওচৰত বহুত দক্ষতা আছে, তেওঁ পৰিশ্ৰমী হয় আৰু তেওঁৰ ওচৰত বহুত অভিজ্ঞতা আছে। সেইবাবে, তেওঁ এইদৰে ভাবিব পাৰে। কিন্তু পাছত সেই দায়িত্ব আন কাৰোবাক দিয়া হয়। সেয়া চাই তেওঁ হয়তো বহুত নিৰাশ হৈ পৰিব পাৰে। এনে পৰিস্থিতিত তেওঁ কি কৰিব পাৰে? তেওঁ পৌলে লিখা কথাৰ বিষয়ে চিন্তা কৰিব পাৰে, যি ১ কৰিন্থীয়া ৪:৬, ৭ পদত লিখা আছে। (পঢ়ক।) ইয়াত কোৱা হৈছে যে আমি যি দায়িত্ব পাওঁ আৰু আমাৰ ওচৰত যি দক্ষতা আছে, সেইবোৰ যিহোৱাৰ ফালৰ পৰা হয়। আমি ইয়াৰ যোগ্য নাছিলোঁ, কিন্তু যিহোৱাই আমাৰ ওপৰত মহা-কৃপা কৰিলে আৰু আমাক এইবোৰ উপহাৰ দিছে।—ৰোম. ১২:৩, ৬; ইফি. ২:৮, ৯.
আমাৰ ওচৰত যি উপহাৰ আছে, সেইবোৰ যিহোৱাৰ মহা-কৃপাৰ বাবেহে আছে (অনুচ্ছেদ ৯ চাওক)b
১০. আমি নম্ৰ হʼবলৈ কি কৰিব পাৰোঁ?
১০ যদি আমি যীচুৰ উদাহৰণৰ বিষয়ে গভীৰভাৱে চিন্তা কৰোঁ, তেনেহʼলে আমিও নম্ৰ হʼবলৈ শিকিব পাৰিম। মন কৰক যে যি ৰাতিত যীচুৱে নিজৰ পাঁচনিসকলৰ ভৰি ধুইছিল, তাৰ বিষয়ে বাইবেলত কি লিখা আছে। পাঁচনি যোহনে লিখিলে, “যীচুৱে জানিছিল যে [১] পিতৃয়ে সকলোবোৰ তেওঁৰ হাতত তুলি দিছে আৰু [২] তেওঁ ঈশ্বৰৰ ফালৰ পৰা আহিছে আৰু [৩] আকৌ ঈশ্বৰৰ ওচৰলৈ উভতি গৈছে,” তথাপিও তেওঁ আগবাঢ়ি “নিজৰ শিষ্যসকলৰ ভৰি ধুৱাবলৈ ধৰিলে।” (যোহ. ১৩:৩-৫) যীচুৱে এয়া ভবা নাছিল যে ‘মই ঈশ্বৰৰ পুত্ৰ হওঁ আৰু শিষ্যসকলে মোৰ ভৰি ধুৱা উচিত।’ তেওঁ পৃথিৱীত থকাৰ সময়ত আৰামদায়ক জীৱন নিবিচাৰিলে। (লূক ৯:৫৮) যীচু নম্ৰ আছিল আৰু তেওঁৰ ওচৰত যি আছিল, তাতে সন্তুষ্ট হৈ আছিল। তেওঁ আমাৰ বাবে কিমান যে ভাল উদাহণৰ ৰাখিলে!—যোহ. ১৩:১৫.
১১. নম্ৰ হৈ থকাৰ বাবে ডেনিচে কেনেকৈ সন্তুষ্ট হৈ থাকিব পাৰিলে?
১১ নেডাৰলেণ্ডত থকা ভাই ডেনিচে যীচুৰ দৰে নম্ৰ হʼবলৈ চেষ্টা কৰি আছে। কিন্তু এইদৰে কৰাটো তেওঁৰ বাবে সহজ নহয়। তেওঁ এইদৰে কৈছে, “যেতিয়া মই পাব বিচৰা কোনো এটা দায়িত্ব আনে পায়, তেতিয়া মোৰ বহুত দুখ লাগে। যেতিয়া এইদৰে হয়, তেতিয়া মই অধ্যয়ন কৰোঁ আৰু চাওঁ যে মই কেনেকৈ নম্ৰ হৈ থাকিব পাৰোঁ। মই JW লাইব্ৰেৰী এপত নম্ৰ হৈ থকাৰ বিষয়ে কিছুমান পদ টেগ কৰি থৈছোঁ। এইদৰে মই সেই পদবোৰ সহজতে বিচাৰিব পাৰোঁ আৰু বাৰে বাৰে পঢ়িব পাৰোঁ। মই নিজৰ ফোনত নম্ৰ হৈ থকাৰ বিষয়ে কিছুমান ভাষণো ডাউনলʼড কৰি ৰাখিছোঁ। সেইবোৰ মই বাৰে বাৰে শুনোঁ।a মই শিকিলোঁ যে আমি যিয়ে কৰোঁ, সেয়া যিহোৱাৰ মহিমাৰ বাবে কৰা উচিত, আমাৰ নিজৰ মহিমাৰ বাবে নহয়। চাবলৈ গʼলে যিহোৱাই সকলোবোৰ কৰি আছে, আমি কেৱল তেওঁক সহায়হে কৰি আছোঁ।” যদি আপুনি এই কথাক লৈ নিৰাশ হৈ পৰে যে আপুনি যি দায়িত্ব পাব লাগিছিল, সেয়া পোৱা নাই, তেনেহʼলে নম্ৰ হৈ থাকিবলৈ চেষ্টা কৰক। এইদৰে কৰিলে যিহোৱাৰ লগত আপোনাৰ বন্ধুত্ব মজবুত হʼব আৰু আপোনাৰ ওচৰত যি আছে, তাতে সন্তুষ্ট হৈ থাকিব পাৰিব।—যাকো. ৪:৬, ৮.
নিজৰ আশাৰ বিষয়ে মনন কৰক
১২. ভৱিষ্যতৰ বিষয়ে আমাৰ ওচৰত কি আশা আছে, যাৰ বাবে আজি আমি সন্তুষ্ট হৈ থাকিব পাৰোঁ? (যিচয়া ৬৫:২১-২৫)
১২ যিহোৱাই আমাক ভাল ভৱিষ্যতৰ আশা দিছে। যদি আমি তাৰ ওপৰত মনন কৰোঁ, তেনেহʼলে আমি সন্তুষ্ট হৈ থাকিবলৈ শিকিব পাৰিম। ভৱিষ্যবক্তা যিচয়াৰ কথাৰ পৰা স্পষ্টকৈ জানিব পাৰি যে যিহোৱাই আমাৰ সমস্যাবোৰৰ বিষয়ে ভালদৰে জানে আৰু তেওঁ প্ৰতিজ্ঞা কৰিছে যে তেওঁ সেইবোৰ শেষ কৰিব। (যিচয়া ৬৫:২১-২৫ পঢ়ক।) নতুন পৃথিৱীত আমাৰ ওচৰত ভাল ঘৰ থাকিব আৰু আমি সুৰক্ষিত হৈ থাকিম। আমাৰ ওচৰত এনে কাম থাকিব যাৰ পৰা আমি আনন্দ লাভ কৰিম। আমি ভাল ভাল আহাৰ খাম আৰু স্বাস্থ্যৱান হৈ থাকিম। ইয়াৰ লগতে আমাৰ লʼৰা-ছোৱালীৰ কি হʼব, সেয়া ভাবি চিন্তিত নহʼম। (যিচ. ৩২:১৭, ১৮; যিহি. ৩৪:২৫) যিহোৱাই আমাক ভাল ভৱিষ্যত দিয়াৰ বিষয়ে ভাবি থৈছে, গতিকে আমি সেয়া নিশ্চয় পাম!
১৩. (ক) আমি কি কি সমস্যাৰ মাজেদি পাৰ হʼবলগীয়া হয়? (খ) নিজৰ আশাৰ বিষয়ে ভাবি থাকিলে আমি কেনেকৈ সহায় লাভ কৰোঁ?
১৩ আজি আমি আগতকৈ বেছি নিজৰ আশাৰ ওপৰত ধ্যান দিয়া উচিত। কিয় বাৰু? কাৰণ আমি “শেষ-কালত” জীয়াই আছোঁ, “যাৰ সন্মুখীন হোৱাটো বৰ কঠিন হʼব।” (২ তীম. ৩:১) কিন্তু যিহোৱাই আমাক প্ৰতিদিনে সঠিক পথ দেখুৱাব, আমাক সাহস দিব আৰু আমাক সহায় কৰিব। (গীত. ১৪৫:১৪) ইয়াৰ উপৰিও তেওঁ আমাক ভাল ভৱিষ্যতৰ যি আশা দিছে, সেয়া আমাক সমস্যাৰ সময়ত চম্ভালি ৰাখে। আপুনি হয়তো নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ দিনে-ৰাতিয়ে পৰিশ্ৰম কৰি আছে, কিন্তু আপুনি দুবেলা-দুমুঠিহে গোটাব পাৰে। ইয়াৰ অৰ্থ এয়ানে যে আপুনি সদায় দুখীয়া হৈ থাকিব। এনে নহয়। যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ নতুন পৃথিৱীত আপোনাৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰিব। আমি যিমান ভবা নাই, তাতকৈ বেছি দিব। (গীত. ৯:১৮; ৭২:১২-১৪) আপোনাৰ হয়তো কোনো এটা ডাঙৰ বেমাৰ আছে বা আপুনি অনবৰতে বিষত থাকে অথবা নিৰাশাৰ মাজেদি পাৰ হৈ আছে। ইয়াৰ অৰ্থ এয়ানে যে আপুনি সদায় বিষত থাকিব আৰু ইয়াৰ পৰা ওলাই আহিব নোৱাৰে? এনে নহয়। ঈশ্বৰে নতুন পৃথিৱীত সকলো ধৰণৰ বেমাৰ দূৰ কৰিব আৰু মৃত্যুকো নাইকিয়া কৰিব। (প্ৰকা. ২১:৩, ৪) যেতিয়া আমি এই আশাৰ বিষয়ে চিন্তা কৰিম, তেতিয়া আমি কঠিন পৰস্থিতিতো দুখত বা খঙত থকাৰ পৰিৱৰ্তে আমি আনন্দিত থাকিম। যেতিয়া আমাৰ লগত অন্যায় হয়, আমাৰ কোনো আপোনজনাৰ মৃত্যু হয় বা আমাৰ কোনো এটা বেমাৰ হয় অথবা আন কোনো সমস্যাৰ মাজেদি পাৰ হওঁ, তেতিয়াও আমি আনন্দিত থাকিব পাৰিম। কিয় বাৰু? কাৰণ আমি জানোঁ যে “আমাৰ দুখ-কষ্ট অলপ সময়ৰ কাৰণে হয়” আৰু নতুন পৃথিৱীত ইয়াৰ পৰা সদায় দিনৰ বাবে মুকলি হʼম।—২ কৰি. ৪:১৭, ১৮.
১৪. আমি নিজৰ আশা কেনেকৈ দৃঢ় কৰিব পাৰোঁ?
১৪ সন্তুষ্ট হৈ থাকিবলৈ ভৱিষ্যতৰ বাবে এটা আশা থকাটো অতি গুৰুত্বপূৰ্ণ। তেনেহʼলে আমি নিজৰ আশা কেনেকৈ দৃঢ় কৰিব পাৰোঁ? এজনে ব্যক্তিয়ে চশ্মা পিন্ধিলে যেনেকৈ দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা পায়, ঠিক সেইদৰে যেতিয়া আমি নিজৰ আশাক দৃঢ় কৰিম, তেতিয়া আমি কিছুমান পদক্ষেপ লʼম আৰু মনৰ চকুৰে নতুন পৃথিৱীক স্পষ্টকৈ দেখিবলৈ পাম। যেনে, যেতিয়া আমাৰ টকা-পইচাৰ অভাৱ হয়, তেতিয়া আমি নতুন পৃথিৱীৰ বিষয়ে ভাবিব পাৰোঁ যʼত টকা-পইচাৰ প্ৰয়োজন নহʼব, ধাৰ লʼবলগীয়া নহʼব আৰু কোনো দুখীয়া হৈ নাথাকিব। যেতিয়া আমি কোনো এটা দায়িত্ব পোৱা নাই বুলি ভাবি চিন্তিত হওঁ, তেতিয়া আমি ভাবিব পাৰোঁ যে যেতিয়া আমি সিদ্ধ হৈ যাম আৰু যিহোৱাৰ সেৱা কৰা হাজাৰ হাজাৰ বছৰ হৈ যাব, তেতিয়া আমাৰ এই চিন্তা সৰু যেন অনুভৱ হʼব। (১ তীম. ৬:১৯) হয়তো নিজৰ চিন্তাবোৰৰ বিষয়ে পাহৰি নতুন পৃথিৱীত পাবলগীয়া আশীৰ্বাদবোৰৰ বিষয়ে ভাবিবলৈ আমাক কঠিন যেন লাগিব পাৰে। কিন্তু আমি যদি সেই আশীৰ্বাদবোৰৰ বিষয়ে চিন্তা কৰি থাকোঁ, তেনেহʼলে নিজৰ আশাৰ ওপৰত ধ্যান লগাবলৈ আমাৰ বাবে অলপ সহজ হৈ পৰিব।
১৫. আপুনি ভনী ক্ৰীষ্টাৰ অনুভৱৰ পৰা কি শিকিলে?
১৫ ভাই ডেনিচ যাৰ বিষয়ে ওপৰত উল্লেখ কৰা হৈছিল, তেওঁৰ পত্নী ক্ৰীষ্টাৰ অনুভৱলৈ মন কৰক। ভনী ক্ৰীষ্টাই কৈছে, “মোৰ এনে এটা বেমাৰ আছে, যাৰ বাবে মোৰ মাংসপেশী দিনক দিনে দুৰ্বল হৈ গৈ আছে। এতিয়া মই খোজকাঢ়িব নোৱাৰোঁ আৰু উইলচেয়াৰৰ ব্যৱহাৰ কৰোঁ। মই প্ৰায় বিছনাত শুই থাকিবলগীয়া হয়। মই প্ৰতিদিনে বিষত থাকিবলগীয়া হয়। অলপতে ডাক্তৰে মোক কʼলে যে মোৰ পৰিস্থিতি আৰু বেয়া হৈ যাব আৰু এতিয়া ভাল হোৱাৰ কোনো আশা নাই। কিন্তু মই মনতে ভাবিবলৈ ধৰিলোঁ, ‘তেওঁ নাজানে যে মোৰ ওচৰত কিমান ভাল ভৱিষ্যতৰ আশা আছে।’ মই নিজৰ আশাৰ ওপৰত ধ্যান লগাই ৰাখোঁ, যাৰ বাবে মই মনৰ শান্তি লাভ কৰোঁ। মই জানোঁ যে এই পৃথিৱীত মই এইবোৰ সহন কৰিবলগীয়া হৈছে, কিন্তু আহিবলগীয়া নতুন পৃথিৱীত মোৰ সকলো বিষ নাইকিয়া হৈ যাব আৰু মই জীৱনৰ সম্পূৰ্ণ আনন্দ লʼব পাৰিম।”
“তেওঁলৈ ভয় ৰাখোতাবিলাকৰ অভাৱ নাই”
১৬. যিসকলে যিহোৱালৈ ভয় ৰাখে, তেওঁবিলাকৰ ‘কোনো অভাৱ নহʼব’ বুলি ৰজা দায়ূদে কিয় লিখিলে?
১৬ ঈশ্বৰৰ যিসকল সেৱকে সন্তুষ্ট হৈ থাকে, তেওঁলোকেও সমস্যা সন্মুখীন হʼবলগীয়া হয়। ৰজা দায়ূদৰ উদাহৰণলৈ মন কৰক। বাইবেলত কোৱা হৈছে যে তেওঁ নিজৰ তিনিজন সন্তানক মৃত্যুত হেৰুৱাইছিল। তেওঁৰ ওপৰত অভিযোগ লগোৱা হৈছিল, তেওঁক বিশ্বাসঘাত কৰা হৈছিল আৰু নিজৰ জীৱন ৰক্ষা কৰিবলৈ তেওঁ বহু বছৰলৈকে যʼতে-তʼতে পলাই ফুৰিবলগীয়া হৈছিল। এই সকলোবোৰ সহন কৰাৰ পাছতো তেওঁ যিহোৱাৰ বিষয়ে এইদৰে কʼলে, “তেওঁলৈ ভয় ৰাখোতাবিলাকৰ অভাৱ নাই।” (গীত. ৩৪:৯, ১০) দায়ূদে এইদৰে কিয় কʼলে? কাৰণ তেওঁ জানিছিল যে যিহোৱাই নিজৰ সেৱকসকলক সকলো সমস্যাৰ পৰা ৰক্ষা নকৰে। কিন্তু তেওঁ নিজৰ সেৱকসকলক সেই সকলো বস্তু দিয়ে, যিবোৰ তেওঁলোকৰ প্ৰয়োজন হয়। (গীত. ১৪৫:১৬) আমিও বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই আমাৰ একো অভাৱ হʼবলৈ নিদিব। তেওঁ সকলো সমস্যাত আমাক চম্ভালিব। সেইবাবে, আমাৰ পৰিস্থিতি যিয়েই নহওক কিয় আমি আনন্দিত আৰু সন্তুষ্ট হৈ থাকিব পাৰোঁ।
১৭. আপুনি সন্তুষ্ট হৈ থকাৰ ৰহস্য কিয় শিকিব বিচাৰে?
১৭ আপুনি আনন্দিত আৰু সন্তুষ্ট হৈ থকাটো যিহোৱাই বিচাৰে। (গীত. ১৩১:১, ২) সেইবাবে, সন্তুষ্ট হৈ থকাৰ ৰহস্য শিকিবলৈ চেষ্টা কৰক। যদি আপুনি নিজৰ অন্তৰত কৃতজ্ঞতাৰ ভাৱনা বঢ়াবলৈ পৰিশ্ৰম কৰিব, যিহোৱাৰ ইচ্ছা পূৰ কৰাত ধ্যান দিব আৰু নম্ৰ হৈ থাকিব, লগতে নিজৰ আশা দৃঢ় কৰি থাকিব, তেতিয়া আপুনিও কʼব পাৰিব যে “মই তাতেই সন্তুষ্ট হʼবলৈ শিকিলোঁ।”—ফিলি. ৪:১১.
গীত নং ১১৮ “আমাৰ বিশ্বাস বঢ়োৱা”
a উদাহৰণস্বৰূপে jw.org-ত ৰাতিপুৱাৰ উপাসনাৰ এই কাৰ্য্যক্ৰম চাওক: আপুনি নম্ৰ হয় নে অহংকাৰী?
b ছবিৰ বিষয়ে: এজন ভায়ে সংগঠনৰ এখন বিল্ডিঙৰ চোৱা-চিতাৰ কাম কৰি আছে, এজনী ভনীয়ে চাইন লেংগুৱেজ শিকিছে আৰু চাৰ্কিট সন্মিলনত ইন্টাৰভিউ দি আছে আৰু এজন ভায়ে জন ভাষণ দি আছে।