কাহিনী ৬
ভাল লʼৰা আৰু দুষ্ট লʼৰা
ছবিখনত দেখুৱাৰ দৰে কয়িন আৰু হেবললৈ লক্ষ্য কৰাচোন। তেওঁলোক এতিয়া ডেকা হৈছে। কালক্ৰমে কয়িন এজন খেতিয়ক হৈ পৰিল আৰু সি বিভিন্ন ধৰণৰ শস্য, শাক-পাচলি আৰু ফল-মূলৰ খেতি কৰিবলৈ ধৰিলে।
কয়িনৰ ভায়েক হেবল ভেড়াৰখীয়া হয়। সি ভেড়া পোৱালিবোৰক যত্ন লʼবলৈ বৰ ভাল পায়। লাহে লাহে এই ভেড়া পোৱালিবোৰ ডাঙৰ হʼল। হেবল এতিয়া বৰ এজাক ভেড়াৰ মালিক হৈ পৰিল।
এদিনাখন কয়িন আৰু হেবলে ঈশ্বৰৰ বাবে উপহাৰ আনিলে। কয়িনে নিজৰ খেতিৰপৰা কিছুমান শাক-পাচলি ঈশ্বৰলৈ আগবঢ়ালে আৰু হেবলে ভেড়া জাকৰপৰা আটাইতকৈ উত্তম ভেড়া উৎসৰ্গ কৰিলে। হেবলৰ উপহাৰত যিহোৱা ঈশ্বৰ সন্তুষ্ট হৈছিল আৰু তেওঁ তাক ভাল পাইছিল। কিন্তু কয়িন আৰু তাৰ উপহাৰত ঈশ্বৰ সন্তুষ্ট হোৱা নাছিল। ঈশ্বৰে কিয় সন্তুষ্ট হোৱা নাছিল তুমি কʼব পাৰিবানে?
হেবলৰ উপহাৰ কয়িনতকৈ উত্তম আছিল এনে নহয়। হেবল এজন ভাল মানুহ হোৱাৰ বাবেহে ঈশ্বৰে তেওঁৰ উপহাৰ গ্ৰহণ কৰিছিল। তেওঁ যিহোৱা আৰু নিজৰ ভাইক ভাল পাইছিল। কিন্তু কয়িন দুষ্ট আছিল আৰু সি নিজৰ ভায়েকক ঘৃণা কৰিছিল।
কয়িনৰ মতি-গতিলৈ লক্ষ্য কৰি ঈশ্বৰে তেওঁক বেয়া পথ ত্যাগ কৰিবলৈ কʼলে। কিন্তু দুখৰ বিষয় যে কয়িনে ঈশ্বৰৰ কথা একেবাৰে নুশুনিলে। ঈশ্বৰে হেবলক ভাল পোৱাৰ বাবে আনকি কয়িনে ঈশ্বৰলৈয়ো খং কৰিছিল। এদিনাখন কয়িনে হেবলক কʼলে, ‘আহাঁ আমি পথাৰলৈ যাওঁ।’ পথাৰত তেওঁলোক অকলে থাকোঁতে, কয়িনে নিজৰ ভাইক আক্ৰমন কৰিলে। তেওঁ হেবলক ইমান জোৰেৰে আঘাত কৰিলে যে হেবল মৰি থাকিল। নিজৰ ভাইক হত্যা কৰি কয়িনে এক বেয়া কাম কৰা নাইনে?
হেবলৰ যদিও মৃত্যু হʼল, ঈশ্বৰে কিন্তু তেওঁক পাহৰা নাই। হেবল এজন ভাল মানুহ আছিল আৰু ঈশ্বৰে ভাল মানুহবোৰক কেতিয়াও নাপাহৰে। ভৱিষ্যতে ঈশ্বৰে হেবলক পুনৰ জীৱন দিব। সেইসময়ত হেবলৰ আৰু কেতিয়াও মৃত্যু নহʼব। তেওঁ এই পৃথিৱীত অনন্তকাল জীয়াই থাকিব পাৰিব। হেবলৰ দৰে ভাল মানুহবোৰক নতুন পৃথিৱীত লগ পোৱাটো আমাৰ বাবে আনন্দৰ বিষয় নহʼবনে?
কিন্তু কয়িনৰ দৰে লোকসকলৰ কাৰ্য্যত ঈশ্বৰ সন্তুষ্ট নহয়। কয়িনে নিজৰ ভাইক হত্যা কৰাৰ বাবে, ঈশ্বৰে তেওঁক শাস্তি দিলে। ঈশ্বৰে কয়িনক নিজৰ লোকসকলৰপৰা আঁতৰ কৰি দূৰলৈ পঠিয়াই দিলে। যোৱাৰ সময়ত কয়িনে নিজৰ এজনী ভনীক, পত্নী হিচাপে লগত লৈ যায়।
সময় অতিবাহিত হোৱাৰ লগে লগে কয়িনৰ পত্নীয়ে কেইবাটাও লʼৰা-ছোৱালীৰ জন্ম দিয়ে। লাহে লাহে আদমৰ আন আন সন্তানবিলাকৰো বিয়া-বাৰু হʼল আৰু তেওঁলোকৰো লʼৰা-ছোৱালী হʼল। অতি সোনকালে পৃথিৱীত মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। আহাঁ আমি তাৰে কেইজনমানৰ বিষয়ে শিকোঁ।
আদিপুস্তক ৪:২-২৬; ১ যোহন ৩:১১, ১২; যোহন ১১:২৫.