পাঠ ৪
খঙে বেয়া কাম কৰাব পাৰে
এদন বাগিচাৰ পৰা ওলোৱাৰ পাছত আদম আৰু হৱাৰ বহুতো লʼৰা-ছোৱালী হʼল। তেওঁলোকৰ প্ৰথম লʼৰা কয়িন আৰু দ্বিতীয় লʼৰা হেবল আছিল। কয়িন এজন খেতিয়ক আৰু হেবল এজন ভেড়া ৰখীয়া হʼল।
এদিনাখন কয়িন আৰু হেবলে যিহোৱালৈ বলিদান আগবঢ়ালে। তুমি জানা নে বলিদান মানে কি? বলিদান মানে হৈছে এটা বিশেষ উপহাৰ। যিহোৱাই হেবলৰ বলিদানৰ পৰা আনন্দিত হʼল, কিন্তু কয়িনৰ বলিদানৰ পৰা আনন্দিত নহʼল। সেইবাবে, কয়িনৰ বহুত খং উঠিল। যিহোৱাই কয়িনক সাৱধান কৰি কʼলে যে তেওঁ যদি খং কৰি থাকে, তেনেহʼলে তেওঁ এদিন বেয়া কাম কৰি পেলাব পাৰে। কিন্তু কয়িনে তেওঁৰ কথা নুশুনিলে।
কয়িনে হেবলক কʼলে, ‘বʼলা আমি পথাৰলৈ যাওঁ।’ যেতিয়া তেওঁলোকে পথাৰত আছিল, তেতিয়া কয়িনে হেবলক ধৰি মাৰি পেলালে। তাৰ পাছত যিহোৱাই কি কৰিলে? তেওঁ কয়িনক শাস্তি দিলে, তেওঁ কয়িনক নিজৰ পৰিয়ালৰ পৰা বহুত দূৰলৈ পঠাই দিলে আৰু আকৌ কেতিয়াও আহিবলৈ নিদিলে।
ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আমি যিদৰে বিচাৰোঁ যেতিয়া সেইদৰে নহয়, তেতিয়া আমাৰ খং উঠিব পাৰে। হয়তো আন লোকসকলে আমাক কʼব পাৰে যে আমি খং কৰিব নালাগে। তেতিয়া আমি লগে লগে খং কৰিবলৈ এৰি দিয়া উচিত, নহʼলে আমি কিবা বেয়া কাম কৰি পেলাব পাৰোঁ।
হেবলে যিহোৱাক প্ৰেম কৰিছিল আৰু ভাল কাম কৰিছিল, সেইবাবে যিহোৱাই তেওঁক সদায় মনত থʼব। যেতিয়া তেওঁ এই পৃথিৱীখনক প্ৰমোদবন বনাব, তেতিয়া তেওঁ হেবলক জীয়াই তুলিব।
“প্ৰথমে গৈ নিজৰ ভাইৰ লগত শান্তি স্থাপন কৰা, তাৰ পাছত আহি বলিদান আগবঢ়োৱা।”—মথি ৫:২৪