কাহিনী ১২
এটা ওখ ঘৰৰ নিৰ্ম্মাণ
জল-প্লাৱন হোৱা কেইবাবছৰেই হʼল। নোহৰ নাতি-পুতিৰে ঘৰ ভৰি পৰিল। ক্ৰমান্বয়ে এই নাতি-পুতিসকলেও বিয়া-বাৰু কৰিলে আৰু তেওঁলোকৰো লʼৰা-ছোৱালী হʼল। লাহে লাহে পৃথিৱীত মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে।
নোহৰ বংশৰ এজন লোক হৈছে নিম্ৰোদ আৰু তেওঁ বৰ দুষ্ট আছিল। নিম্ৰোদ এজন ব্যাধ অৰ্থাৎ চিকাৰী আছিল। তেওঁ জীৱ-জন্তু আৰু মানুহ দুয়োকে হত্যা কৰিছিল। লোকসকলৰ ওপৰত শাসন কৰিবলৈ তেওঁ নিজকে ৰজা পাতিছিল। ঈশ্বৰে কিন্তু নিম্ৰোদক ভাল পোৱা নাছিল।
সেইসময়ত লোকসকলে এটা ভাষাত কথা পাতিছিল। নিম্ৰোদে যাতে লোকসকলৰ ওপৰত শাসন কৰিব পাৰে, তাৰ বাবে তেওঁ লোকসকলক একগোট কৰি ৰাখিবলৈ এক আঁচনি তৈয়াৰ কৰিলে। সেই আঁচনি কি আছিল তুমি জানানে? এখন ডাঙৰ নগৰ আৰু তাত এটা ওখ ঘৰ বনাবলৈ তেওঁ লোকসকলক আজ্ঞা দিলে। ছবিখনলৈ চোৱাচোন, তেওঁলোকে কেনেকৈ ইটা বনাইছে।
যিহোৱা ঈশ্বৰে নিম্ৰোদৰ এই কামক ভাল পোৱা নাছিল। লোকসকলে একে ঠাইতে বাস কৰাৰ পৰিৱৰ্তে, পৃথিৱীৰ চাৰিওফালে বাস কৰাটো ঈশ্বৰৰ উদ্দেশ্য আছিল। কিন্তু লোকসকলৰ ইচ্ছা বেলেগ আছিল। তেওঁলোকে কৈছিল: ‘আহাঁ, আমি নিজলৈ এখন নগৰ আৰু আকাশ লঙ্ঘা এটা অতি ওখ ঘৰ নিৰ্ম্মাণ কৰি, আমাৰ নাম খ্যাতিমন্ত কৰোঁহঁক।’ লোকসকলে ঈশ্বৰৰ নামহে খ্যাতিমন্ত কৰিব লাগিছিল, কিন্তু তেওঁলোকে নিজৰ নাম বিখ্যাত হোৱাটো বিচাৰিছিল।
লোকসকলে যাতে ওখ ঘৰ নিৰ্ম্মাণ কৰিব নোৱাৰে, তাৰ বাবে ঈশ্বৰে ব্যৱস্থা হাতত লʼলে। ঈশ্বৰে কি কৰিলে তুমি জানানে? এজনে-আনজনৰ কথা যাতে বুজিব নোৱাৰে, তাৰ বাবে ঈশ্বৰে তেওঁলোকৰ ভাষাৰ মাজত ভেদাভেদ আনিলে। ইয়াৰ পৰিণামস্বৰূপে, কাম কৰা লোকসকলে এজনে-আনজনৰ কথা বুজিব নোৱৰা হʼল। সেইবাবে এই নগৰৰ নাম বাবিল ৰখা হʼল। বাবিলৰ অৰ্থ হৈছে “ভেদ।”
লোকসকলৰ মাজত ভাষাৰ ভেদাভেদ হোৱাৰ বাবে তেওঁলোক বাবিলৰপৰা ছিন্ন-ভিন্ন হʼল। একেই ভাষা কোৱা লোকসকলে একগোট হৈ পৃথিৱীৰ বেলেগ বেলেগ দিশত যাত্ৰা কৰিলে।
আদিপুস্তক ১০:১, ৮-১০; ১১:১-৯.