কাহিনী ১৭
যঁজা কিন্তু মিল নাই
ছবিখনত দেখুৱা লʼৰা দুজনৰ মাজত কি পাৰ্থক্য আছে কʼব পাৰিবানে? তেওঁলোকৰ নাম তোমালোকে জানানে? ধনু-কাঁড় লৈ থকা লʼৰাজনৰ নাম হৈছে এচৌ আৰু ভেড়া চৰোৱাজন হৈছে যাকোব।
এচৌ আৰু যাকোব হৈছে ইচ্হাক আৰু ৰিবেকাৰ সন্তান। এচৌ এজন চিকাৰী আছিল আৰু সি পৰিয়ালৰ বাবে আহাৰ যোগাইছিল। সেইবাবে ইচ্হাকে এচৌক বৰ ভাল পাইছিল। কিন্তু ৰিবেকাই যাকোবকহে ভাল পাইছিল, কিয়নো সি শান্ত আৰু নম্ৰ স্বভাৱৰ আছিল।
তেওঁলোকৰ ককাদেউতা অব্ৰাহাম এতিয়াও জীৱিত আছিল। অব্ৰাহামে যিহোৱা ঈশ্বৰৰ বিষয়ে বৰ্ণনা কৰোঁতে, যাকোবে নিশ্চয় বৰ ধ্যান দি শুনিছিল। অব্ৰাহামৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স ১৭৫ বছৰ আছিল। সেইসময়ত এচৌ আৰু যাকোবৰ বয়স ১৫ বছৰ হৈছিল।
এচৌৱে ৪০ বছৰ বয়সত কনানৰ দুগৰাকী তিৰোতাক বিয়া কৰিলে। এচৌৰ এই কাৰ্য্যই ইচ্হাক আৰু ৰিবেকাৰ মনত বৰ আঘাত দিছিল। কিয়নো এই দুগৰাকী তিৰোতাই যিহোৱা ঈশ্বৰক উপাসনা নকৰিছিল।
ইচ্হাকে নিজৰ ডাঙৰ লʼৰাক আশীৰ্ব্বাদ দিয়াৰ সময় আহিল। ঘৰৰ ডাঙৰ লʼৰা হিচাপে, এচৌৱে নিশ্চয় এই আশীৰ্ব্বাদ পোৱাটো আশা কৰিছিল। কিন্তু এচৌৱে নিজৰ অধিকাৰ আগতেই যাকোবক বেচিছিল। ইয়াৰ উপৰিও, এচৌ আৰু যাকোবৰ জন্মৰ সময়ত ঈশ্বৰে কৈছিল যে যাকোবেহে এই আশীৰ্ব্বাদ লাভ কৰিব। ঈশ্বৰে কোৱাৰ দৰেই হʼল। ইচ্হাকে যাকোবক আশীৰ্ব্বাদ কৰিলে। এই ঘটনাৰ বাবে এচৌৱে যাকোবক বৰ খং কৰিছিল।
খঙৰ কোবত এচৌৱে নিজৰ ভায়েকক হত্যা কৰিম বুলি ভাবুকি দিলে। এই কথা শুনিবলৈ পাই ৰিবেকাই চিন্তিত হʼল। তাই নিজৰ স্বামী ইচ্হাকক কʼলে: ‘যদি যাকোবেও কনানৰ ছোৱালীক বিয়া কৰে, তেনেহʼলে বৰ বেয়া কথা হʼব।’
তেতিয়া ইচ্হাকে যাকোবক মাতি কʼলে: ‘তুমি কনান দেশীয় কোনো ছোৱালী বিয়া নকৰিবা। হাৰণত থকা তোমাৰ ককাদেউতা বথুৱেলৰ ঘৰলৈ গৈ, তোমাৰ মামা লাবনৰ কোনো এজনী ছোৱালীক বিয়া কৰাগৈ।’
যাকোবে দেউতাকৰ কথা অনুসৰি হাৰণত থকা সম্বন্ধীয় লোকসকলৰ ওচৰলৈ যাত্ৰা আৰম্ভ কৰিলে।
আদিপুস্তক ২৫:৫-১১, ২০-৩৪; ২৬:৩৪, ৩৫; ২৭:১-৪৬; ২৮:১-৫; ইব্ৰী ১২:১৬, ১৭.