পাঠ ১২
উত্তৰাধিকাৰ যাকোবে পালে
যেতিয়া ইচহাক ৪০ বছৰৰ আছিল, তেতিয়া তেওঁ ৰিবেকাক বিয়া কৰিলে। তেওঁ ৰিবেকাক বহুত ভাল পাইছিল। কিছু সময়ৰ পাছত তেওঁলোকৰ যঁজা সন্তান হʼল।
ডাঙৰ লʼৰাজনৰ নাম এচৌ আৰু সৰুজনৰ নাম যাকোব আছিল। এচৌৱে ঘৰৰ বাহিৰত থাকি ভাল পাইছিল আৰু সি এজন চিকাৰী আছিল। কিন্তু যাকোবে ঘৰতে থাকি ভাল পাইছিল।
সেই সময়ত যেতিয়া এজন ব্যক্তিৰ মৃত্যু হৈছিল, তেতিয়া তেওঁৰ মাটি-বাৰী আৰু টকা-পইচাৰ বেছিভাগ অংশ ডাঙৰ লʼৰাই পাইছিল। ইয়াক উত্তৰাধিকাৰ বুলি কোৱা হয়। ইচহাকৰ পৰিয়ালৰ উত্তৰাধিকাৰত যিহোৱাৰ প্ৰতিজ্ঞাও জড়িত আছিল, যি তেওঁ অব্ৰাহামৰ লগত কৰিছিল। এচৌৱে সেই প্ৰতিজ্ঞাবোৰক একো মনেই দিয়া নাছিল, কিন্তু যাকোবে জানিছিল যে এয়া বহুত গুৰুত্বপূৰ্ণ।
এবাৰ এচৌ গোটেই দিন চিকাৰ কৰাৰ পাছত ভাগৰি ঘৰলৈ আহিল। যাকোবে খোৱা-বোৱা বনাই আছিল, এচৌৱে তাৰ গোন্ধ পালে আৰু যাকোবক কʼলে, ‘মোৰ বহুত ভোক লাগি আছে, তই যি মচুৰ দাইল বনাই আছ অলপমান মোক দে!’ যাকোবে কʼলে, ‘প্ৰথমে মোক প্ৰতিজ্ঞা কৰ যে তই মোক নিজৰ উত্তৰাধিকাৰ দিবি।’ এচৌৱে কʼলে, ‘মই মোৰ উত্তৰাধিকাৰ থৈ কি কৰিম! তই লৈ ল। মোক কেৱল খাবলৈ দে।’ তুমি কি ভাবা, এচৌৱে সঠিক কাম কৰিলে নে? নহয়, এচৌৱে কেৱল এবাটি দাইলৰ কাৰণে এটা মূল্যৱান বস্তু দি দিলে।
যেতিয়া ইচহাকৰ বহুত বয়স হʼল, তেতিয়া নিজৰ ডাঙৰ লʼৰাক আশীৰ্বাদ দিয়াৰ সময় আহি পৰিল। কিন্তু ৰিবেকাই সৰু লʼৰা যাকোবক সেই আশীৰ্বাদ পাবলৈ সহায় কৰিলে। যেতিয়া এচৌৱে গʼম পালে, তেতিয়া তেওঁৰ বহুত খং উঠিল আৰু তেওঁ নিজৰ যঁজা ভাইক মাৰি পেলাবলৈ থিৰাং কৰিলে। ইচহাক আৰু ৰিবেকাই যাকোবক বচাব বিচাৰিছিল, সেইবাবে তেওঁলোকে যাকোবক কʼলে, ‘তুমি নিজৰ মামা লাবনৰ ওচৰলৈ গুচি যোৱা আৰু যেতিয়ালৈকে এচৌৰ খং কমি নাযায়, তেতিয়ালৈকে তাতে থাকিবা।’ যাকোবে নিজৰ মা-দেউতাৰ কথা শুনিলে আৰু নিজৰ জীৱন বচাবলৈ তাৰ পৰা পলাই গʼল।
“এজন ব্যক্তিয়ে গোটেই জগতখন লাভ কৰিও যদি নিজৰ জীৱন হেৰুৱায়, তেনেহʼলে তেওঁৰ কি লাভ? মানুহে নিজৰ জীৱনৰ সলনি কি দিব পাৰে?”—মাৰ্ক ৮:৩৬, ৩৭