পাঠ ১৩
যাকোব আৰু এচৌৱে শান্তিৰে সমস্যাটো সমাধান কৰিলে
যিহোৱাই যাকোবক বিপদৰ পৰা বচাব বুলি প্ৰতিজ্ঞা কৰিছিল, যিদৰে তেওঁ অব্ৰাহাম আৰু ইচহাকক বচাইছিল। যাকোব হাৰণ নামৰ ঠাইত থাকিবলৈ ধৰিলে। তাত তেওঁ বিয়া কৰিলে আৰু তেওঁৰ এটা ডাঙৰ পৰিয়াল হʼল আৰু তেওঁ বহুত ধনী হৈ গʼল।
পাছত যিহোৱাই যাকোবক কʼলে, ‘তুমি নিজৰ দেশলৈ উভতি যোৱা।’ সেইবাবে, যাকোব আৰু তেওঁৰ পৰিয়ালে এটা দীঘলীয়া যাত্ৰাৰ কাৰণে ওলাই গʼল। ৰাস্তাত যাকোবৰ কিছুমান সেৱকে তেওঁক কʼলে, ‘আপোনাৰ ভাই এচৌ আহি আছে আৰু তেওঁৰ লগত ৪০০ জন মানুহ আছে!’ যাকোবে ভয় খালে, কিয়নো তেওঁ ভাবিলে যে এচৌৱে তেওঁক আৰু তেওঁৰ পৰিয়ালক হানি কৰিব। তেওঁ যিহোৱালৈ প্ৰাৰ্থনা কৰিলে, ‘অনুগ্ৰহ কৰি মোৰ ভাইৰ পৰা মোক বচোৱা।’ পাছ দিনাখন যাকোবে এচৌক উপহাৰত বহুতো ভেড়া, ছাগলী, গায়, উট আৰু গাধ পঠিয়ালে।
সেই ৰাতিয়েই যেতিয়া যাকোব অকলে আছিল, তেতিয়া তেওঁ এজন স্বৰ্গদূতক দেখিলে! তেওঁ স্বৰ্গদূতজনৰ লগত যুঁজিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে ৰাতিপুৱালৈকে যুঁজি থাকিল। যাকোবে দুখ পালে, তথাপিও তেওঁ হাৰ নামানিলে। স্বৰ্গদূতজনে তেওঁক কʼলে, ‘মোক যাবলৈ দিয়া।’ কিন্তু যাকোবে কʼলে, ‘আপুনি মোক যেতিয়ালৈকে আশীৰ্বাদ নিদিয়ে, তেতিয়ালৈকে মই আপোনাক নেৰোঁ।’
শেষত স্বৰ্গদূতজনে যাকোবক আশীৰ্বাদ দিলে, যাৰ কাৰণে তেওঁৰ বিশ্বাস হʼল যে যিহোৱাই তেওঁক এচৌৰ পৰা নিশ্চয় বচাব।
কিছুসময়ৰ পাছত যাকোবে দূৰৰ পৰা এচৌ আৰু তেওঁৰ ৪০০ জন মানুহ আহি থকা দেখিলে। যাকোবে নিজৰ পৰিয়ালৰ আগে আগে গʼল আৰু তেওঁ নিজৰ ভাইক আঠুকাঢ়ি সাতবাৰ প্ৰণাম কৰিলে। তাৰ পাছত এচৌৱে দৌৰি আহি যাকোবক সাবটি ধৰিলে। দুয়ো ভাই হোক-হোকাই কান্দিবলৈ ধৰিলে আৰু তেওঁলোকে শান্তিৰে সমস্যাটো সমাধান কৰিলে। তুমি কি ভাবা, এচৌৰ লগত শান্তি বজাই ৰাখিবলৈ যাকোবে যি কৰিলে, তাক দেখি যিহোৱাৰ কেনে লাগিল?
পাছত এচৌ নিজৰ ঘৰলৈ উভতি গʼল আৰু যাকোব নিজৰ যাত্ৰাত আগবাঢ়ি গৈ থাকিল। যাকোবৰ ১২ জন লʼৰা আছিল। তেওঁলোকৰ নাম হৈছে, ৰূবেণ, চিমিয়োন, লেবী, যিহূদা, দান, নপ্তালী, গাদ, আচেৰ, ইচাখৰ, জবূলূন, যোচেফ আৰু বিন্যামীন। যাকোবৰ এজন লʼৰা যোচেফৰ যোগেদি যিহোৱাই নিজৰ লোকসকলক বচালে। কেনেকৈ বাৰু? আহাচোন চাওঁ।
“তোমাক হানি কৰিব বিচৰা লোকসকলক প্ৰেম কৰি থাকা আৰু তোমাৰ লগত বেয়া ব্যৱহাৰ কৰা লোকসকলৰ বাবে প্ৰাৰ্থনা কৰি থাকা। এইদৰে তোমালোকে স্বৰ্গত থকা পিতৃৰ লʼৰা-ছোৱালী হয় বুলি প্ৰমাণ কৰা।”—মথি ৫:৪৪, ৪৫