ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ২৬
  • ইয়োব ঈশ্বৰৰ বিশ্বাসী আছিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ইয়োব ঈশ্বৰৰ বিশ্বাসী আছিল
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • ইয়োব কোন আছিল?
    বাইবেলৰ পৰা শিকোঁ আহা
  • যিহোৱাৰ ওপৰত আশা ৰাখক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • ইয়োবে নিষ্ঠা বজাই ৰাখিলে
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
বাইবেলৰ কাহিনী
my কাহিনী ২৬
পুনৰ সুথ হোৱাৰ পাছত ইয়োব নিজৰ প, ল’ৰা-ছাৱালী আৰু বধুবৰ্গৰ সৈতে আনন্দ-ফূৰ্তি কৰিছ

কাহিনী ২৬

ইয়োব ঈশ্বৰৰ বিশ্বাসী আছিল

গোটেই শৰীৰত ডাঙৰ ডাঙৰ ঘাৰে ভৰা মানুহজনক দেখি তোমাক দয়া নালাগেনে? সেই মানুহজনৰ নাম হৈছে ইয়োব আৰু তেওঁৰ ওচৰত থিয় হৈ থকা তিৰোতাগৰাকী হৈছে তেওঁৰ পত্নী। তাই ইয়োবক কি কৈছে তুমি জানানে? তাই ইয়োবক কৈছে: “ঈশ্বৰক বিদায় দি প্ৰাণত্যাগ কৰক।” তাই নিজৰ স্বামীক এইদৰে কোৱাৰ কাৰণ কি বাৰু? ইয়োবে ইমান যাতনা কিয় ভুগিবলগীয়া হৈছে? এই প্ৰশ্নবোৰৰ উত্তৰ আমি আগলৈ বিচাৰি পাম।

ইয়োব এজন বিশ্বাসী লোক আছিল আৰু তেওঁ যিহোৱাৰ সকলো আজ্ঞা পালন কৰিছিল। কনানৰ ওচৰত থকা ঊচ নামৰ ঠাইখনত তেওঁ বাস কৰিছিল। যিহোৱা ঈশ্বৰে ইয়োবক বৰ ভাল পাইছিল। এজনে কিন্তু তেওঁক ভাল নাপাইছিল, তেওঁ ইয়োবক একেবাৰে চকু পাৰি দেখিব নোৱাৰিছিল। সেইজন কোন আছিল তুমি জানানে?

সেইজন হৈছে চয়তান। চয়তানৰ বিষয়ে তোমাৰ নিশ্চয় মনত আছে। চয়তান হৈছে এটা দুষ্ট স্বৰ্গদূত আৰু সি যিহোৱা ঈশ্বৰক ঘৃণা কৰে। চয়তানে আদম আৰু হৱাক ঈশ্বৰৰ আজ্ঞা উলংঘা কৰাবলৈ সফল হৈছিল। চয়তানে আৰু বিশ্বাস কৰিছিল যে সি ঈশ্বৰৰ উপাসকসকলকো তেওঁৰ আজ্ঞা উলংঘন কৰোৱাত সফল হʼব। চয়তানে তাৰ এই ছলনাত সফল হʼলনে? নহʼল। ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থকা এনে বহুতো পুৰুষ আৰু তিৰোতাৰ বিষয়ে আমি শিকিলো। তাৰে কেইজনমানৰ নাম তুমি কʼব পাৰিবানে?

যাকোব আৰু যোচেফৰ মৃত্যুৰ পাছত, গোটেই পৃথিৱীৰ ভিতৰত মাত্ৰ ইয়োবেই যিহোৱাৰ প্ৰতি বিশ্বাসী আছিল। চয়তানে সকলোকে নিজৰ দুষ্ট কাৰ্য্যবোৰত জড়িত কৰিবলৈ যে সফল নহʼব, তাৰ বাবে যিহোৱাই তাক কʼলে: ‘মোৰ দাস ইয়োবলৈ মন কৰাচোন। তেওঁৰ নিচিনা বিশ্বাসী আৰু কোনো নাই।’

চয়তানে উত্তৰ দি যিহোৱাক কʼলে, ‘ইয়োবে জানো বিনালাভে আপোনালৈ বিশ্বাসী হৈ আছে? আপুনি তেওঁক আশীৰ্ব্বাদ কৰাৰ বাবেহে তেওঁৰ সম্পত্তি বৃদ্ধি পাইছে। কিন্তু আপুনি যদি সকলো বস্তু তেওঁৰপৰা লৈ লয়, তেনেহʼলে তেওঁ নিশ্চয় আপোনাক ত্যাগ কৰিব।’

যিহোৱাই কʼলে: ‘যোৱা, তেওঁৰ সৰ্ব্বস্বৰ ওপৰত তোমাৰ ক্ষমতা আছে। যি ইচ্ছা তুমি তাকে কৰা আৰু আমি চাম যে তেওঁ মোক প্ৰকৃততে শাও দিয়ে নেকি। কেৱল তেওঁৰ প্ৰাণ নলʼবা।’

ইয়োবৰ পয়ে নিজৰ স্বামীক অসুথ হৈ থকা দেখি নিৰাশ হৈ পৰিছ

প্ৰথমতে, চয়তানে কিছুমান লোকৰ দ্বাৰা ইয়োবৰ গৰু-মʼহবোৰ চুৰ কৰালে আৰু তেওঁৰ ভেড়াবোৰক বধ কৰালে। ইয়াৰ পাছত চয়তানে এক বৰ ধুমুহা আনিলে আৰু এই ধুমুহাত ইয়োবৰ ­১০জন লʼৰা-ছোৱালীৰ মৃত্যু হʼল। সৰ্ব্বশেষত, চয়তানে ইয়োবক এক বৰ ভয়ানক ৰোগেৰে আঘাত কৰিলে। ইয়াৰ বাবে ইয়োবে বৰ কষ্ট ভুগিব লগা হʼল। সেইবাবে ইয়োবৰ পত্নীয়ে কৈছিল: “ঈশ্বৰক বিদায় দি প্ৰাণত্যাগ কৰক।” কিন্তু ইয়োবে এনে নকৰে। ইয়াৰ পাছত ইয়োবৰ তিনিজন বন্ধুৱে তেওঁক দেখা কৰিবলৈ আহিল। তেওঁলোকে শান্তনা দিয়াৰ পৰিৱৰ্তে, ইয়োবে কিবা গোপন পাপ কৰাৰ বাবে এনে হৈছে বুলি দোষাৰোপ কৰিলে। ইয়োবে এই কথাবোৰলৈ ধ্যান নিদি, ঈশ্বৰৰ বিশ্বাসী হৈ থাকিল।

ইয়োবৰ কাৰ্য্যত যিহোৱা ঈশ্বৰ আনন্দিত হʼল। ছবিখনত দেখুৱাৰ দৰে যিহোৱাই তেওঁক আশীৰ্ব্বাদ কৰিলে আৰু বেমাৰৰপৰা সুস্থ কৰিলে। পাছলৈ ইয়োবৰ ১০টা লʼৰা-ছোৱালীৰ জন্ম হয় আৰু তেওঁৰ আগতকৈ বেছি গৰু-মʼহ, ভেড়া আৰু উট হʼবলৈ ধৰিলে।

ইয়োবৰ দৰে তুমিও যিহোৱালৈ বিশ্বাসী হৈ থাকিবানে? যদি তুমি বিশ্বাসী হৈ থাকা, তেনেহʼলে ঈশ্বৰে তোমাক আশীৰ্ব্বাদ কৰিব। যেতিয়া এই পৃথিৱীখন এক সুন্দৰ প্ৰমোদবনলৈ ৰূপান্তৰ হʼব, তেতিয়া তুমি তাত অনন্ত জীৱন জীয়াই থাকিব পাৰিবা।

ইয়োব ১:১-২২; ২:১-১৩; ৪২:১০-১৭.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক