পাঠ ১৬
ইয়োব কোন আছিল?
ঊচ দেশত ইয়োব নামৰ এজন ব্যক্তি আছিল, তেওঁ যিহোৱাৰ উপাসনা কৰিছিল। তেওঁ বহুত ধনী আছিল আৰু তেওঁৰ এটা ডাঙৰ পৰিয়াল আছিল। তেওঁ এজন ভাল মানুহ আছিল, যিজনে দুখীয়া আৰু এনে তিৰোতাসকলক সহায় কৰিছিল, যিসকলৰ স্বামী ঢুকাই গৈছিল। তেওঁ এনে লʼৰা-ছোৱালীকো সহায় কৰিছিল, যিসকলৰ মা-দেউতা নাই। সদায় সঠিক কাম কৰাৰ কাৰণে তেওঁৰ ওপৰত কেতিয়াও কোনো সমস্যা অহা নাছিল নে?
চয়তানে ইয়োবক চাই আছিল, কিন্তু এই কথা ইয়োবে জনা নাছিল। যিহোৱাই চয়তানক কʼলে, ‘তই মোৰ সেৱক ইয়োবলৈ ধ্যান দিছ নে? তাৰ নিচিনা এই পৃথিৱীত কোনো নাই। তেওঁ মোৰ কথা শুনে আৰু সঠিক কাম কৰে।’ চয়তানে যিহোৱাক কʼলে, ‘সি এনেই আপোনাৰ কথা কিয় শুনিব? আপুনিতো তাক বচাইছে আৰু আশীৰ্বাদ দিছে আৰু আপুনি তাক মাটি-বাৰী আৰু বহুতো জীৱ-জন্তু দিছে। সেইবোৰ লৈ লওক, তাৰ পাছত চাব! সি আপোনাৰ সেৱা কৰিবলৈ এৰি দিব।’ যিহোৱাই কʼলে, ‘তই ইয়োবৰ পৰীক্ষা লʼব পাৰ, কিন্তু তাৰ জীৱন নʼলবি।’ যিহোৱাই চয়তানক ইয়োবৰ পৰীক্ষা লʼবলৈ কিয় দিলে? কিয়নো তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল যে ইয়োবে তেওঁৰ সেৱা কৰিবলৈ কেতিয়াও নেৰিব।
চয়তানে ইয়োবৰ পৰীক্ষা লʼবলৈ তাৰ ওপৰত বহুতো সমস্যা আনিলে। প্ৰথমে চয়তানে চিবায়ীয়াসকলক পঠিয়ালে, যিসকলে ইয়োবৰ গৰু আৰু গাধবোৰ চুৰ কৰি নিলে। তাৰ পাছত ওপৰৰ পৰা জুই পৰাৰ কাৰণে তেওঁৰ ভেড়াবোৰ মৰি থাকিল। ইয়াৰ পাছত কলদীয়াসকলে তেওঁৰ উটবোৰ চুৰ কৰি লৈ গʼল আৰু সেই জন্তুবোৰ চোৱা-চিতা কৰা সেৱকসকলকো মাৰি পেলোৱা হʼল। তাৰ পাছত ইয়োবৰ ওপৰত বহুত ডাঙৰ সমস্যা আহি পৰিল। তেওঁৰ লʼৰা-ছোৱালীবিলাকে যিখন ঘৰত খোৱা-বোৱা কৰিছিল, সেই ঘৰখন তেওঁলোকৰ ওপৰত পৰি গʼল, যাৰ বাবে তেওঁলোক মৰি গʼল। ইয়োবৰ বহুত দুখ লাগিল, তথাপিও তেওঁ যিহোৱাৰ সেৱা কৰিবলৈ নেৰিলে।
চয়তানে ইয়োবক আৰু দুখ দিব বিচাৰিছিল, সেইবাবে তেওঁৰ গোটেই শৰীৰত বিহফোঁহোৰা বা খহু দিলে। ইয়াৰ বাবে ইয়োবে বহুত কষ্ট ভুগিব লগা হʼল। ইয়োবে জনা নাছিল যে তেওঁৰ লগত এইদৰে কিয় হৈ আছে। তথাপিও তেওঁ যিহোৱাৰ সেৱা কৰি থাকিল। এয়া দেখি ঈশ্বৰে ইয়োবৰ পৰা বহুত আনন্দিত হʼল।
ইয়াৰ পাছত চয়তানে ইয়োবৰ পৰীক্ষা লʼবলৈ তেওঁৰ ওচৰলৈ তিনিজন মানুহ পঠিয়ালে। তেওঁলোকে ইয়োবক কʼলে, ‘তুমি নিশ্চয় লুকাই লুকাই কিবা পাপ কৰিছা, যাৰ কাৰণে ঈশ্বৰে তোমাক শাস্তি দি আছে।’ কিন্তু ইয়োবে কʼলে, ‘মই একো ভুল কাম কৰা নাই।’ তাৰ পাছত ইয়োবে ভাবিবলৈ ধৰিলে যে যিহোৱাই তেওঁৰ ওপৰত এইসমস্যাবোৰ আনিছে আৰু তেওঁ কʼলে ঈশ্বৰে মোৰ লগত অন্যায় কৰি আছে।
ইলীহূ নামৰ এজন ডেকাই তেওঁলোকৰ কথা মনে মনে শুনি আছিল। তাৰ পাছত ইলীহূৱে কʼলে, ‘তোমালোকে যি কৈছা, সেই সকলো ভুল হয়। যিহোৱা মহান হয়। তেওঁ কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। তেওঁ সকলো চাই আছে আৰু লোকসকলক দুখ-কষ্ট সহন কৰিবলৈ সহায় কৰে।’
তাৰ পাছত যিহোৱাই ইয়োবৰ লগত কথা পাতিলে। যিহোৱাই কʼলে, ‘মই আকাশ আৰু পৃথিৱী বনাওঁতে তুমি কʼত আছিলা? তুমি কিয় কৈ আছা মই তোমাৰ লগত অন্যায় কৰিছোঁ? এইবোৰ কিয় হৈ আছে তুমি নাজানা, তথাপিও তুমি কৈ আছা।’ তেতিয়া ইয়োবে কʼলে, ‘মই যি কʼলোঁ, সেয়া ভুল হয়। মই তোমাৰ বিষয়ে শুনিছিলোঁ, কিন্তু এতিয়া মই সঁচাকৈ তোমাৰ বিষয়ে জানিব পাৰিলোঁ। তুমি যি বিচাৰা, সেয়া কৰিব পাৰা। মই যি কʼলোঁ, তাৰ কাৰণে মোক ক্ষমা কৰি দিয়া।’
যেতিয়া ইয়োবৰ পৰীক্ষা শেষ হʼল, তেতিয়া যিহোৱাই তেওঁৰ বেমাৰ ভাল কৰিলে আৰু তেওঁৰ ওচৰত আগতে যি আছিল, তাতকৈ বহুত বেছি তেওঁক দিলে। তেওঁ বহু বছৰলৈকে জীয়াই থাকিল আৰু তেওঁ জীৱনত বহুত আনন্দ পালে। ইয়োবে সমস্যাৰ সময়তো যিহোৱাৰ কথা শুনিলে। সেইবাবে, যিহোৱাই তেওঁক আশীৰ্বাদ দিলে। জীৱনত যিয়েই দুখ-কষ্ট সহন কৰিবলগীয়া নহওক কিয়, তুমিও ইয়োবৰ দৰে যিহোৱাৰ উপাসনা কৰি থাকিবা নে?
“তোমালোকে শুনিছা যে ইয়োবে কেনেকৈ ধৈৰ্য ধৰিছিল আৰু যিহোৱাই তেওঁক কি পুৰস্কাৰ দিছিল।”—যাকোব ৫:১১