ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৪১
  • পিতলৰ সাপ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পিতলৰ সাপ
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • জ্বলি থকা জোপোহা
    বাইবেলৰ পৰা শিকোঁ আহা
  • জোপোহাত জুই
    বাইবেলৰ কাহিনী
বাইবেলৰ কাহিনী
my কাহিনী ৪১
ইসায়েলীসকলক সাপে খোঁটাৰ পাছত, তেওঁলোকে মোচিয়ে বনোৱা পিতলৰ সাপডাললৈ লক্ষ্য কৰিছ

কাহিনী ৪১

পিতলৰ সাপ

খুঁটাত মেৰিয়াই থকা সাপডাল সঁচা যেন লগা নাইনে? নহয়, সেইডাল সঁচা নহয়। সেইডাল পিতলৰ সাপ। যিহোৱা ঈশ্বৰে মোচিক পিতলৰ সাপ এডাল বনাই খুঁটা এটাত মেৰিয়াই থʼবলৈ কৈছিল। ঈশ্বৰে এনে কৰিবলৈ কিয় কʼলে বাৰু? যাতে লোকসকলে এই সাপডাল চাই নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰে। মাটিত থকা সাপবোৰ কিন্তু সঁচা হয়। এই সাপবোৰে খোঁটাত লোকসকলে অসুস্থ হৈ পৰিছে। ইস্ৰায়েলী লোকসকলক সাপে কিয় খোঁটিলে বাৰু?

তেওঁলোকে ঈশ্বৰ আৰু মোচিৰ বিৰুদ্ধে কথা কৈছিল। তেওঁলোকে অভিযোগ কৰিলে: ‘অৰণ্যত মৰিবলৈ তোমালোকে মিচৰৰপৰা আমাক কিয় উলিয়াই আনিলা? ইয়াত আহাৰ আৰু পানী একোৱেই নাই। এই মান্না আৰু আমি সদায় খাই থাকিব নোৱাৰোঁ।’

প্ৰকৃততে মান্না বৰ সোৱাদলগা খাদ্য আছিল। ঈশ্বৰে আচৰিতভাৱে ইস্ৰায়েলী লোকসকলৰ বাবে আহাৰ আৰু পানীৰ প্ৰৱন্ধ কৰিছিল। ইমান ভালকৈ যত্ন লোৱাৰ সত্ত্বেও তেওঁলোকে কিন্তু ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ নাছিল। গতিকে যিহোৱা ঈশ্বৰে তেওঁলোকক শাস্তি দিবলৈ এই বিষাক্ত সাপবোৰক পঠালে। সাপবোৰে মানুহবোৰক খোঁটিলে আৰু ইয়াৰ ফলত বহুতোলোকৰ মৃত্যু হয়।

এনে হোৱাত লোকসকলে মোচিৰ ওচৰলৈ আহি কʼলে: ‘আমি পাপ কৰিলো। আমি যিহোৱা আৰু তোমাৰ বিৰুদ্ধে কথা কʼলো। আমাৰ ওচৰৰপৰা সাপবোৰ দূৰ কৰিবলৈ তুমি যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা।’

মোচি আৰু পিতলৰ সাপ

মোচিয়ে লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিলে। তেতিয়া যিহোৱাই মোচিক পিতলৰ এই সাপডাল বনাবলৈ আজ্ঞা দিলে। সাপডাল এটা খুঁটাত মেৰিয়াই থʼবলৈ আৰু সাপে খোঁটা লোকসকলক তালৈ চাবলৈ তেওঁ মোচিক নিৰ্দ্দেশনা দিলে। ঈশ্বৰৰ আজ্ঞা অনুসৰি মোচিয়ে সকলো কৰিলে। যি লোকসকলক সাপে খোঁটিছিল, সেই লোকসকলে পিতলৰ সাপডাল চালে আৰু সুস্থ হʼল।

এই ঘটনাৰপৰা আমি এক ভাল শিক্ষা শিকিব পাৰোঁ। ইস্ৰায়েলীসকলৰ দৰে আমাকো সেই সাপবোৰে খোঁটিছে। আমি সকলোৱে মৃত্যুলৈ আগবাঢ়ি গৈ আছোঁ। আমাৰ চাৰিওফালে থকা লোকসকলে বেমাৰ, বৃদ্ধ আৰু মৃত্যু হোৱা দেখিবলৈ পাওঁ। আদম আৰু হৱাই ঈশ্বৰৰ বাক্য অমান্য কৰিলে আৰু আমি তেওঁলোকৰ সন্তান হোৱাৰ বাবে আমিও এই সকলোবোৰ ভুগিবলগীয়া হৈছে। কিন্তু আমি অনন্ত জীৱন জীয়াই থাকিবলৈ যিহোৱা ঈশ্বৰে এক ব্যৱস্থা কৰিছে।

যিহোৱাই তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টক এই পৃথিৱীলৈ পঠিয়ালে। এজন দুষ্ট ব্যক্তি বুলি দোষাৰোপ কৰি লোকসকলে যীচুক খুঁটাত আৰিলে। প্ৰকৃততে আমাক উদ্ধাৰ কৰিবলৈহে যিহোৱা ঈশ্বৰে যীচুক বলিদান কৰিলে। যদি আমি তেওঁলৈ লক্ষ্য কৰোঁ অৰ্থাৎ যদি আমি তেওঁৰ বাক্যবোৰ পালন কৰোঁ, তেতিয়াহে আমি অনন্ত জীৱন লাভ কৰিব পাৰিম। আগলৈ আমি ইয়াৰ বিষয়ে আৰু শিকিবলৈ পাম।

গণনা পুস্তক ২১:৪-৯; যোহন ৩:১৪, ১৫.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক