ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পাঠ ১৮ পৃষ্ঠা ৪৮-পৃষ্ঠা ৪৯ অনু. ৪
  • জ্বলি থকা জোপোহা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জ্বলি থকা জোপোহা
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • জোপোহাত জুই
    বাইবেলৰ কাহিনী
  • মোচিৰ পলায়ন
    বাইবেলৰ কাহিনী
  • যিহোৱাৰ পথবোৰৰ বিষয়ে জনা
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
বাইবেলৰ পৰা শিকোঁ আহা
lfb পাঠ ১৮ পৃষ্ঠা ৪৮-পৃষ্ঠা ৪৯ অনু. ৪
মোচি জ্বলি থকা জোপোহাৰ ওচৰত

পাঠ ১৮

জ্বলি থকা জোপোহা

মোচি মিদিয়নত ৪০ বছৰ আছিল। তেওঁ বিয়া কৰিলে আৰু তেওঁৰ লʼৰা-ছোৱালী হʼল। এদিনাখন তেওঁ চীনয় পাহাৰৰ ওচৰত ভেড়া চৰাই আছিল। তাত তেওঁ এটা আচৰিত বস্তু দেখিলে। এজোপা জোপোহাত জুই লাগি আছিল, কিন্তু জোপোহাটো জ্বলা নাছিল। এইদৰে কিয় হৈ আছে, সেয়া চাবলৈ মোচিয়ে জোপোহাটোৰ ওচৰলৈ গʼল। কিন্তু জোপোহাৰ পৰা এই মাত আহিল, ‘মোচি! আৰু ওচৰলৈ নাহিবা। তোমাৰ জোতাযোৰ খুলি দিয়া। কিয়নো তুমি পবিত্ৰ ঠাইত থিয় হৈ আছা।’ আচলতে এই মাত এজন স্বৰ্গদূতৰ আছিল, যিজনে যিহোৱাৰ ফালৰ পৰা কৈ আছিল।

মোচিয়ে বৰ ভয় খালে আৰু তেওঁ নিজৰ চেহেৰা লুকুৱাই লʼলে। যিহোৱাই মোচিক কʼলে, ‘ইস্ৰায়েলীসকলে কষ্ট ভুগি থকা মই দেখি আছোঁ। মই তেওঁলোকক মিচৰীয়াসকলৰ হাতৰ পৰা মুকলি কৰিম আৰু তেওঁলোকক এখন ভাল দেশলৈ লৈ যাম। তুমি মোৰ লোকসকলক মিচৰৰ পৰা উলিয়াই আনিবা।’ এই কথা শুনি মোচিয়ে হয়তো আচৰিত হৈছিল, নহয় নে?

মোচিয়ে কʼলে, ‘যদি লোকসকলে সুধিব তোমাক কোনে পঠাইছে, তেনেহʼলে মই কি কʼম?’ যিহোৱাই কʼলে, ‘তেওঁলোকক কʼবা, অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই মোক পঠাইছে।’ তাৰ পাছত মোচিয়ে কʼলে, ‘কিন্তু তেওঁলোকে যদি মোৰ কথা নামানে, তেনেহʼলে মই কি কৰিম?’ যিহোৱাই মোচিক প্ৰমাণ দিলে যে তেওঁ মোচিক সহায় কৰিব। যিহোৱাই মোচিক নিজৰ লাঠিডাল মাটিত পেলাবলৈ কʼলে। মোচিয়ে যেতিয়া এইদৰে কৰিলে, তেতিয়া লাঠিডাল সাপ হৈ গʼল। তাৰ পাছত যেতিয়া সাপৰ নেগুডাল ধৰিলে, তেতিয়া আকৌ লাঠি হৈ গʼল। যিহোৱাই কʼলে, ‘তুমি যেতিয়া এই চমৎকাৰ কৰিবা, তেতিয়া লোকসকলে জানিব পাৰিব যে মই তোমালোকক পঠিয়াইছোঁ।’

মোচিয়ে কʼলে, ‘মই ভালদৰে কথা কʼব নোৱাৰোঁ।’ যিহোৱাই তেওঁক প্ৰতিজ্ঞা কৰিলে, ‘তুমি কি কʼব লাগে, সেয়া মই তোমাক কʼম। মই তোমাৰ লগত তোমাৰ ভাই হাৰোণক পঠিয়াম।’ যিহোৱাই তেওঁৰ লগত থাকিব বুলি গʼম পোৱাৰ পাছত মোচিয়ে নিজৰ পত্নী আৰু লʼৰাবোৰক লৈ মিচৰলৈ ওলাই গʼল।

“কি কʼব লাগে আৰু কেনেকৈ কʼব লাগে, এই বিষয়ে চিন্তা নকৰিবা। কাৰণ কি কʼব লাগে, তাৰ বিষয়ে সেই সময়তেই তোমালোকক জনোৱা হʼব।”—মথি ১০:১৯

প্ৰশ্ন: যেতিয়া মোচিয়ে ভেড়াবোৰ চৰাই আছিল, তেতিয়া তেওঁ কি দেখিলে? যিহোৱাই মোচিক কি কাম দিলে?

যাত্ৰাপুস্তক ৩:১–৪:২০; পাঁচনিৰ কৰ্ম্ম ৭:৩০-৩৬

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক