কাহিনী ২৯
মোচিৰ পলায়ন
মোচিয়ে মিচৰৰপৰা পলায়ন কৰা দৃশ্যটোলৈ লক্ষ্য কৰাচোন। তেওঁক অনুকৰণ কৰা মানুহকেইজনক দেখিবলৈ পাইছানে? তেওঁলোকে মোচিক কিয় অনুকৰণ কৰিছে তোমালোকে জানানে? তেওঁলোকে মোচিক বধ কৰিব বিচাৰিছে। কিয় বাৰু? আহাঁ আমি ইয়াৰ উত্তৰ বিচাৰি চাওঁ।
মিচৰৰ ৰজা ফৰৌণৰ ঘৰত মোচি ডাঙৰ-দীঘল হʼবলৈ ধৰিলে। কালক্ৰমে মোচি এজন জ্ঞানী আৰু বুদ্ধিমান পুৰুষ হৈ পৰিল। মোচিয়ে জানিছিল যে প্ৰকৃততে তেওঁ এজন মিচৰীয়া নহয়, কিন্তু ইস্ৰায়েলীহে।
এদিনাখন মোচিয়ে ইস্ৰায়েলী লোকসকলক চাবলৈ ওলাল। সেইসময়ত মোচিৰ বয়স ৪০ বছৰ হৈছিল। ইস্ৰায়েলীসকলৰ পৰিস্থিতি দেখি মোচিৰ বৰ বেয়া লাগিল। মিচৰীয়া লোক এজনে ইস্ৰায়েলী দাস এজনক মাৰি থকা মোচিয়ে দেখিবলৈ পালে। মোচিয়ে ইফালে সিফালে চাই কাকো নেদেখি, সেই মিচৰীয়াটোক বধ কৰি বালিত পুতি থʼলে।
পাছদিনাখনো ইস্ৰায়েলীসকলক চাবলৈ মোচিয়ে ওলাই গʼল। ইস্ৰায়েলীসকল যাতে আৰু দাস হৈ নাথাকে, তাৰ বাবে মোচিয়ে তেওঁলোকক সহায় কৰিব বিচাৰিলে। মোচিয়ে দুজন ইস্ৰায়েলী লোকক কাজিয়া কৰি থকা দেখিলে। দোষীজনক উদ্দেশ্য কৰি মোচিয়ে কʼলে: ‘তোমাৰ ভাইক কিয় মাৰিছা?’
মানুহজনে মোচিক উত্তৰ দিলে: ‘আমাৰ ওপৰত তোক কোনে অধিপতি আৰু বিচাৰক পাতিছে? সেই মিচৰীয়াটোক যেনেকৈ তই বধ কৰিলি, তেনেকৈ মোকো বধ কৰিব খুজিছ নেকি?’
ইয়াকে শুনি মোচিয়ে বৰ ভয় খালে। মোচিৰ আৰু বুজিবলৈ বাকী নাথাকিল যে মিচৰীয়াজনক হত্যা কৰাৰ কথাটো জনাজাত হৈ পৰিছে। আনকি ফৰৌণেও এই কথা গম পালে আৰু মোচিক বধ কৰিবলৈ মানুহ পঠালে। সেইবাবে মোচিয়ে মিচৰৰপৰা পলাবলগীয়া হয়।
মিচৰৰপৰা পলাই মোচিয়ে মিদিয়ন দেশ পালেগৈ। তাত তেওঁ যিথ্ৰোৰ পৰিয়ালক লগ পালে। পাছলৈ মোচিয়ে যিথ্ৰোৰ এজনী ছোৱালীক বিয়া কৰিলে। তাইৰ নাম হৈছে চিপ্পোৰা। মোচিয়ে যিথ্ৰোৰ ঘৰত থাকি এজন ভেড়াৰখীয়া হৈ পৰিল আৰু যিথ্ৰোৰ ভেড়াবোৰৰ চোৱা-চিতা কৰিবলৈ ধৰিলে। মোচিয়ে ৪০ বছৰ ধৰি মিদিয়ন দেশত আছিল। এতিয়া মোচিৰ বয়স ৮০ বছৰ হʼল। এদিনাখন যিথ্ৰোৰ ভেড়াবোৰ চৰায় থাকোঁতে, এক আচৰিত ঘটনা ঘটিল। এই ঘটনাই মোচিৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনিলে। পৰৱৰ্তী পৃষ্ঠাত আমি সেই আচৰিত ঘটনাৰ বিষয়ে শিকিবলৈ পাম।
যাত্ৰাপুস্তক ২:১১-২৫; পাঁচনিৰ কৰ্ম্ম ৭:২২-২৯.