কাহিনী ২৮
কেঁচুৱা মোচিৰ উদ্ধাৰ
ছোৱালীজনীৰ আঙুলিত ধৰি কান্দি থকা কেঁচুৱাটোলৈ লক্ষ্য কৰাচোন। এই কেঁচুৱাটোৰ নাম হৈছে মোচি। সুন্দৰকৈ সাজ-পাৰ পৰিধান কৰা এই তিৰোতাগৰাকী কোন হয় কʼব পাৰিবানে? তাই হৈছে মিচৰৰ ৰাজকুমাৰী, ফৰৌণৰ জীয়েক।
মিচৰীয়াসকলে যাতে কেঁচুৱা মোচিক হত্যা কৰিব নোৱাৰে, তাৰ বাবে মাকে মোচিক জন্মৰ পাছত তিনিমাহলৈকে লুকুৱাই ৰাখিছিল। তাই জানিছিল যে মোচিক বৰ বেছিদিনলৈ লুকুৱাই ৰাখিব নোৱাৰে। মোচিক বচাবলৈ মাকে কি কৰিলে জানানে?
মোচিৰ মাকে এটা জপা লʼলে আৰু ভিতৰত যাতে পানী নোসোমাই, তাৰ বাবে চাৰিওফালে এঠা লগালে। ইয়াৰ পাছত তাই মোচিক এই জপাৰ ভিতৰত সোমোৱাই, নীল নদীৰ কাষৰ নলনিত থʼলেগৈ। মোচিৰ বায়েক মিৰিয়মে দূৰৈত থিয় দি এই জপাৰ কিনো হয়, তালৈ চাই থাকিল।
সেইসময়ত ফৰৌণৰ জীয়েকে নীল নদীত গা ধুবলৈ আহিল। হঠাতে নলনিৰ মাজত থকা জপাটোলৈ তাইৰ চকু পৰিল। দাসী এগৰাকীক ৰাজকুমাৰীয়ে কʼলে: ‘যোৱা আৰু সেই জপাটো লৈ আহা।’ জপাটো খোলাৰ লগে লগে ৰাজকুমাৰীয়ে এটা সুন্দৰ কেঁচুৱাক দেখিবলৈ পালে। জপাৰ ভিতৰত কেঁচুৱা মোচি কান্দি আছিল আৰু ইয়াকে দেখি ৰাজকুমাৰীৰ বৰ বেয়া লাগিল। তাই এই কেঁচুৱাৰ অকালতে মৃত্যু হোৱাটো নিবিচাৰিলে।
ইয়াকে দেখি মিৰিয়মে ৰাজকুমাৰীৰ কাষ চাপি আহিল। ছবিখনত তাইক দেখিছানে? মিৰিয়মে ৰাজকুমাৰীক সুধিলে: ‘আপোনাৰ নিমিত্তে এই লʼৰাক চোৱা-চিতা কৰিবলৈ এজনী ইব্ৰীয়া তিৰোতাক মই মাতি আনিম নেকি?’
তাতে ফৰৌণৰ জীয়েকে কʼলে: ‘যোৱা।’
মিৰিয়মে লগে লগে মাকৰ ওচৰলৈ দৌৰি গʼল আৰু সকলো কথা বৰ্ণনা কৰিলে। মোচিৰ মাকে ৰাজকুমাৰীৰ ওচৰলৈ আহিল। ৰাজকুমাৰীয়ে কʼলে: ‘তুমি এই লʼৰাটি নিয়া আৰু মোৰ বাবে তাক চোৱা-চিতা কৰা। মই তোমাক দৰমহা দিম।’
মোচিৰ মাকে নিজৰ সন্তানকে চোৱা-চিতা কৰিবলৈ ধৰিলে। মোচি ডাঙৰ হোৱাত মাকে তেওঁক ফৰৌণৰ জীয়েকৰ ওচৰলৈ লৈ গʼল। ফৰৌণৰ জীয়েকে মোচিক নিজৰ সন্তানৰ দৰে লালন-পালন কৰিলে। এইদৰে মোচি ফৰৌণৰ ঘৰত ডাঙৰ-দীঘল হʼবলৈ ধৰিলে।
যাত্ৰাপুস্তক ২:১-১০.