পাঠ ১৭
মোচিয়ে যিহোৱাৰ উপাসনা কৰিবলৈ নিৰ্ণয় লʼলে
মিচৰ দেশত যাকোবৰ পৰিয়ালক ইস্ৰায়েলী বুলি কোৱা হৈছিল। যাকোব আৰু যোচেফৰ মৃত্যুৰ পাছত মিচৰ দেশত নতুন ফৰৌণে শাসন কৰিবলৈ ধৰিলে। মিচৰৰ লোকসকলতকৈ ইস্ৰায়েলীসকল শক্তিশালী হʼব বুলি ফৰৌণৰ ভয় আছিল। সেইবাবে, তেওঁ ইস্ৰায়েলীসকলক দাস বনাই লʼলে। তেওঁ ইস্ৰায়েলীসকলক জোৰ কৰি ইটা বনোৱাৰ কাম কৰালে আৰু খেতিত বহুত পৰিশ্ৰম কৰালে। মিচৰৰ লোকসকলে ইস্ৰায়েলীসকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল, তথাপি ইস্ৰায়েলীসকলৰ সংখ্যা বাঢ়ি গৈ থাকিল। ফৰৌণক এই কথা ভাল নালাগিল, সেইবাবে এতিয়াৰ পৰা ইস্ৰায়েলীসকলৰ জন্ম হোৱা সকলো লʼৰা সন্তানক মাৰি পেলাবলৈ ফৰৌণে আদেশ দিলে। তুমি ভাবি চোৱাচোন এই কথা শুনি ইস্ৰায়েলীসকলৰ কিমান ভয় লাগিল?
যোকেবদ নামৰ এগৰাকী ইস্ৰায়েলী তিৰোতাৰ এটি লʼৰা জন্ম হʼল, সেই লʼৰাটি বহুত ধুনীয়া আছিল। তেওঁ নিজৰ লʼৰাটিক বচাবলৈ তাক এটা টুকুৰীত ভৰাই দিলে আৰু টুকুৰীটো নীল নদীৰ নলখাগৰি অৰ্থাৎ দীঘল দীঘল ঘাঁহৰ মাজত লুকুৱাই থʼলে। কেঁচুৱাটিৰ লগত কি হʼব, সেয়া জানিবলৈ তাৰ বায়েক মিৰিয়মে ওচৰতে থিয় হৈ আছিল।
ফৰৌণৰ ছোৱালীজনীয়ে তাত গা ধুবলৈ আহিলে আৰু টুকুৰীটো দেখা পালে। টুকুৰীটোত তাই দেখিলে যে এটি কেঁচুৱাই কান্দি আছে। কেঁচুৱাটিক দেখি তাইৰ দয়া লাগিল। মিৰিয়মে তাইক সুধিলে, ‘মই ইয়াৰ কাৰণে এগৰাকী তিৰোতাক মাতি আনিম নে, যিগৰাকীয়ে ইয়াক গাখীৰ খুৱাই ইয়াৰ চোৱা-চিতা কৰিব?’ ফৰৌণৰ ছোৱালীজনীয়ে কʼলে, ‘ঠিক আছে।’ মিৰিয়ম গʼল আৰু নিজৰ মা যোকেবদক মাতি আনিলে। ফৰৌণৰ ছোৱালীজনীয়ে যোকেবদক কʼলে, ‘তুমি এই কেঁচুৱাটিক লৈ যোৱা আৰু গাখীৰ খুৱাই ইয়াৰ চোৱা-চিতা কৰা। মই তোমাক ইয়াৰ দৰমহা দিম।’
লʼৰাজন ডাঙৰ হোৱাৰ পাছত যোকেবদে তাক ফৰৌণৰ ছোৱালীৰ ওচৰলৈ লৈ গʼল। ফৰৌণৰ ছোৱালীজনীয়ে তাৰ নাম মোচি ৰাখিলে আৰু নিজৰ লʼৰাৰ দৰে ডাঙৰ-দীঘল কৰিলে। মোচি, ৰাজকোঁৱৰৰ দৰে ডাঙৰ-দীঘল হʼল। তেওঁ যি বিচাৰে, সেই সকলো পালেহেঁতেন। কিন্তু মোচিয়ে যিহোৱাক কেতিয়াও পাহৰি নগʼল। তেওঁ জানিছিল যে তেওঁ এজন মিচৰীয়া নহয়, ইয়াৰ পৰিৱৰ্তে ইস্ৰায়েলী হয়। সেইবাবে, তেওঁ যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লʼলে।
যেতিয়া মোচি ৪০ বছৰৰ হʼল, তেতিয়া তেওঁ ভাবিলে যে তেওঁ নিজৰ লোকসকলক সহায় কৰিব। যেতিয়া মোচিয়ে এজন মিচৰীয়া মানুহে এজন ইস্ৰায়েলী দাসক মাৰি থকা দেখিলে, তেতিয়া তেওঁ সেই মিচৰীয়াজনক ইমানেই জোৰকৈ মাৰিলে যে তেওঁ মৰি থাকিল। মোচিয়ে তাৰ মৃতদেহ বালিত লুকুৱাই থʼলে। এই কথা ফৰৌণে গʼম পালে আৰু মোচিক মাৰিবলৈ চেষ্টা কৰিলে। কিন্তু মোচিয়ে তাৰ পৰা পলাই মিদিয়ন দেশলৈ গুচি গʼল। তাত যিহোৱাই তেওঁৰ চোৱা-চিতা কৰিলে।
“বিশ্বাসৰ কাৰণেই মোচিয়ে . . . ফৰৌণৰ ছোৱালীৰ লʼৰা বুলি পৰিচিত হʼবলৈ অস্বীকাৰ কৰিলে। আৰু . . . ঈশ্বৰৰ লোকসকলৰ লগত দুখভোগ কৰিবলৈ বাছনি কৰিলে।”—ইব্ৰী ১১:২৪, ২৫