কাহিনী ২৭
এজন দুষ্ট ৰজাৰ শাসন
মানুহবোৰক বল প্ৰয়োগ কৰি কাম কৰিবলৈ বাধ্য কৰা হৈছে। ছবিখনলৈ চোৱাচোন, সেই মানুহজনে কেনেকৈ চাবুকেৰে কোবাই আছে। এই কাম কৰি থকা লোকসকল হৈছে যাকোবৰ বংশধৰ আৰু তেওঁলোকক ইস্ৰায়েলী বুলি কোৱা হয়। ইস্ৰায়েলীসকলক কাম কৰিবলৈ বাধ্য কৰা লোকসকল হৈছে মিচৰীয়া লোক। কালক্ৰমে ইস্ৰায়েলীসকল মিচৰীয়াসকলৰ দাস হৈ পৰিল। ই কেনেকৈ হʼবলৈ পালে?
বহুবছৰ ধৰি মিচৰ দেশত যাকোবৰ পৰিয়াল সুখ আৰু শান্তিত বাস কৰিছিল। গোটেই মিচৰ দেশত ফৰৌণৰ পাছত যোচেফেই আছিল এজন প্ৰধান লোক আৰু তেওঁ ইস্ৰায়েলীসকলক চোৱা-চিতা কৰিছিল। যোচেফৰ মৃত্যুৰ পাছত মিচৰ দেশত এজন নতুন ৰজা হয় আৰু তেওঁ ইস্ৰায়েলীসকলক ভাল নাপাইছিল।
এই দুষ্ট ফৰৌণে ইস্ৰায়েলীসকলক নিজৰ দাস কৰি তুলিলে আৰু তেওঁলোকৰ ওপৰত কিছুমান নিৰ্দ্দয় লোকক অধ্যক্ষ পাতিলে। এই অধ্যক্ষসকলে ফৰৌণৰ বাবে নগৰ বনাবলৈ ইস্ৰায়েলীসকলক কঠিন পৰিশ্ৰম কৰিবলৈ বাধ্য কৰালে। দিনক দিনে ইস্ৰায়েলীসকলৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। ইস্ৰায়েলীসকলৰ সংখ্যা বঢ়াৰ বাবে মিচৰীয়াসকলৰ বৰ ভয় লাগিল।
ইয়াৰ বাবে ফৰৌণে কি কৰিলে তুমি জানানে? সন্তান জন্ম দিয়াৰ সময়ত ইস্ৰায়েলী তিৰোতাসকলক সহায় কৰা ধাইকেইজনীক ফৰৌণে মতাই আনি কʼলে: ‘প্ৰসৱ কৰা সকলো লʼৰাক হʼলে বধ কৰিবি।’ এই ধাইকেইজনী বৰ ভাল আছিল আৰু তেওঁলোকে নকৈ জন্মা ইস্ৰায়েলী শিশুবোৰক হত্যা নকৰিলে।
গতিকে ফৰৌণে নিজৰ সকলো প্ৰজাক এই আজ্ঞা দিলে: ‘তোমালোকে নকৈ জন্মা প্ৰতিজন লʼৰাক বধ কৰিবা, কিন্তু প্ৰতিজনী ছোৱালীক হʼলে জীয়াই ৰাখিবা।’ ফৰৌণে এনে আজ্ঞা দি এক বেয়া কাম কৰা নাইনে? কিন্তু তেওঁৰ আজ্ঞাৰ পাছতো এটা শিশুৰ প্ৰাণ ৰক্ষা পৰে। আহাঁ আমি তাৰ বিষয়ে শিকোঁ।
যাত্ৰাপুস্তক ১:৬-২২.