ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পাঠ ২০ পৃষ্ঠা ৫২-পৃষ্ঠা ৫৩ অনু. ৩
  • পাছৰ ছটা বিপত্তি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পাছৰ ছটা বিপত্তি
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • প্ৰথম তিনিটা বিপত্তি
    বাইবেলৰ পৰা শিকোঁ আহা
  • ফৰৌণৰ লগত মোচি আৰু হাৰোণৰ সাক্ষাৎ
    বাইবেলৰ কাহিনী
  • মোচিয়ে যিহোৱাৰ উপাসনা কৰিবলৈ নিৰ্ণয় লʼলে
    বাইবেলৰ পৰা শিকোঁ আহা
  • এজন দুষ্ট ৰজাৰ শাসন
    বাইবেলৰ কাহিনী
আৰু চাওক
বাইবেলৰ পৰা শিকোঁ আহা
lfb পাঠ ২০ পৃষ্ঠা ৫২-পৃষ্ঠা ৫৩ অনু. ৩
কাকতী-ফৰিঙৰ দল

পাঠ ২০

পাছৰ ছটা বিপত্তি

হাৰোণ আৰু মোচিয়ে ঈশ্বৰৰ এই বাৰ্তা ফৰৌণক শুনালে, ‘তুমি যদি মোৰ লোকসকলক যাবলৈ নিদিয়া, তেনেহʼলে মই গোটেই দেশত তেজ খোৱা মাখি পঠাম।’ তাৰ পাছত মিচৰীয়াসকলৰ ধনী-দুখীয়া সকলোৰে ঘৰত জাকে জাকে মাখিৰে ভৰি পৰিল। এইদৰে গোটেই দেশত তেজ খোৱা মাখিৰে ভৰি পৰিল। কিন্তু ইস্ৰায়েলীসকলে থকা গোচন দেশত এজনীও মাখি নাছিল। এই চতুৰ্থ বিপত্তি আৰু ইয়াৰ পাছত যিমান বিপত্তি আহিলে, তাৰ পৰা কেৱল মিচৰীয়াসকলৰেই ক্ষতি হʼল। ফৰৌণে কʼলে, ‘তেজ খোৱা মাখি নাইকিয়া কৰিবলৈ যিহোৱালৈ মিনতি কৰা, তেতিয়াহে তোমালোকে যাব পাৰিবা।’ কিন্তু যেতিয়া যিহোৱাই মাখিবোৰ নাইকিয়া কৰি দিলে, তেতিয়া ফৰৌণে নিজৰ মন আকৌ সলনি কৰিলে। ইয়াৰ পাছতো ফৰৌণে কিবা শিক্ষা শিকিলে নে?

যিহোৱাই কʼলে, ‘যদি ফৰৌণে মোৰ লোকসকলক যাবলৈ নিদিয়ে, তেনেহʼলে মিচৰীয়াবিলাকৰ জীৱ-জন্তুবোৰ বেমাৰ হৈ মৰি যাব।’ আৰু পাছ দিনাখন এইদৰেই হʼল। তেওঁলোকৰ জীৱ-জন্তুবোৰ মৰিবলৈ ধৰিলে, কিন্তু ইস্ৰায়েলীসকলৰ জীৱ-জন্তুবোৰৰ একো নহʼল। তথাপি ফৰৌণে নিজৰ কথাতে লাগি থাকিল।

তাৰ পাছত যিহোৱাই মোচিক আকৌ ফৰৌণৰ ওচৰলৈ পঠালে আৰু তেওঁৰ আগত বতাহত ছাই উৰুৱাবলৈ কʼলে। মোচিয়ে যেতিয়া এইদৰে কৰিলে, তেতিয়া গোটেই ছাই ধূলিলৈ সলনি হʼল আৰু গোটেই মিচৰত বিয়পি গʼল। ইয়াৰ কাৰণে সকলো মিচৰীয়া আৰু তেওঁলোকৰ জীৱ-জন্তুবোৰৰ ঘা হʼবলৈ ধৰিলে আৰু তেওঁলোকৰ বহুত বিষ হʼবলৈ ধৰিলে। ইয়াৰ পাছতো ফৰৌণে ইস্ৰায়েলীসকলক যাবলৈ নিদিলে।

মিচৰীয়াসকলৰ ওপৰত আহিল চতুৰ্থ, পঞ্চম, ষষ্ট বিপত্তি: তেজ খোৱা মাখি, জীৱ-জন্তুবোৰৰ ওপৰত বিপত্তি, বিহফোঁহোৰা

যিহোৱাই মোচিক ফৰৌণৰ ওচৰলৈ গৈ এইদৰে কʼবলৈ কʼলে, ‘তুমি এতিয়াও মোৰ লোকসকলক এৰি নিদিয়া নে? সেইবাবে, কাইলৈ এই দেশত ডাঙৰ ডাঙৰ শিল বৰষুণ হʼব।’ পাছ দিনাখন যিহোৱাই গৰ্জনৰ সৈতে ডাঙৰ ডাঙৰ শিল আৰু জুই পেলালে। মিচৰত ইয়াৰ আগতে কেতিয়াও এনে ধৰণৰ ভয়ানক ধুমুহা অহা নাছিল। মিচৰৰ গোটেই গছ আৰু শস্যবোৰ নষ্ট হৈ গʼল। কিন্তু গোচনত শিল বৰষুণ নহʼল। ফৰৌণে কʼলে, ‘এই বিপত্তি বন্ধ হʼবলৈ যিহোৱালৈ মিনতি কৰা! তেতিয়াহে তোমালোকে যাবলৈ পাবা।’ কিন্তু শিল বৰষুণ বন্ধ হোৱাৰ লগে লগে ফৰৌণে নিজৰ কথা সলনি কৰিলে।

মোচিয়ে কʼলে, ‘এতিয়া কাকতী-ফৰিং আহিব আৰু শিল বৰষুণৰ পৰা যিবোৰ গছ বাচি গৈছিল, সেইবোৰ খাই পেলাব।’ লাখ লাখ কাকতী-ফৰিং আহি পথাৰ আৰু গছত যিবোৰ বাচি গৈছিল, সেইবোৰ খাই শেষ কৰি দিলে। ফৰৌণে কʼলে, ‘যিহোৱালৈ মিনতি কৰা যাতে তেওঁ এই কাকতী-ফৰিঙবোৰ নাইকিয়া কৰি দিয়ে।’ যিহোৱাই কাকতী-ফৰিঙবোৰ নাইকিয়া কৰি দিলে। কিন্তু ফৰৌণে নিজৰ কথাতে লাগি থাকিল।

যিহোৱাই মোচিক কʼলে, ‘নিজৰ হাতখন আকাশলৈ আগবঢ়াই দিয়া।’ এইদৰে কৰাৰ লগে লগে অন্ধকাৰ হৈ পৰিল। তিনি দিনলৈকে মিচৰীয়াসকলে একো দেখা পোৱা নাছিল, আনকি এজনে-আনজনকো দেখা পোৱা নাছিল। কেৱল ইস্ৰায়েলীসকলৰ ঘৰত পোহৰ আছিল।

মিচৰীয়াসকলৰ ওপৰত আহিল সপ্তম, অষ্টম আৰু নৱম বিপত্তি: শিল বৰষুণ, কাকতী-ফৰিঙবোৰ, অন্ধকাৰ

তাৰ পাছত ফৰৌণে মোচিক কʼলে, ‘তুমি আৰু তোমাৰ লোকসকলে যাব পাৰা। কিন্তু নিজৰ জীৱ-জন্তুবোৰক লৈ নাযাবা।’ মোচিয়ে কʼলে, ‘আমি জীৱ-জন্তুবোৰক লৈ যাব লাগিব যাতে আমি নিজৰ ঈশ্বৰক সেইবোৰৰ বলিদান আগবঢ়াব পাৰোঁ।’ এই কথা শুনি ফৰৌণৰ বহুত খং উঠিল আৰু তেওঁ চিঞৰি মোচিক কʼলে, ‘তই ইয়াৰ পৰা গুচি যা! তই যদি মোৰ ওচৰলৈ আকৌ আহ, তেনেহʼলে মই তোক মাৰি পেলাম।’

“তোমালোকে আকৌ এবাৰ কোন ভাল হয় আৰু কোন দুষ্ট, কোনে ঈশ্বৰৰ সেৱা কৰে আৰু কোনে নকৰে, তাৰ পাৰ্থক্য দেখিবলৈ পাবা।”—মলাখী ৩:১৮ NWT

প্ৰশ্ন: যিহোৱাই আৰু কি কি বিপত্তি আনিলে? এই বিপত্তিবোৰ প্ৰথম তিনিটা বিপত্তিৰ পৰা কেনেকৈ বেলেগ আছিল?

যাত্ৰাপুস্তক ৮:২০–১০:২৯

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক