পাঠ ১৯
প্ৰথম তিনিটা বিপত্তি
ইস্ৰায়েলীসকলক জোৰ-জবৰদস্তি দাস হিচাপে কাম কৰোৱা হৈছিল। তেতিয়া যিহোৱাই মোচি আৰু হাৰোণৰ যোগেদি ফৰৌণলৈ এই খবৰ পঠিয়ালে, ‘তুমি মোৰ লোকসকলক যাবলৈ দিয়া যাতে তেওঁলোকে অৰণ্যতa মোৰ উপাসনা কৰিব পাৰে।’ কিন্তু ফৰৌণে অহংকাৰী হৈ কʼলে, ‘মই যিহোৱাৰ কথা কিয় শুনিম! মই তেওঁলোকক যাবলৈ নিদিওঁ।’ তেতিয়া ফৰৌণে ইস্ৰায়েলীসকলক আৰু বেছি কাম কৰাবলৈ ধৰিলে। তাৰ পাছত যিহোৱাই ফৰৌণক শিক্ষা দিলে। কিন্তু জানা নে কেনেকৈ? তেওঁ মিচৰত দহটা বিপত্তি আনিলে। যিহোৱাই মোচিক কʼলে, ‘ফৰৌণে মোৰ কথা শুনা নাই। কালি ৰাতিপুৱা তেওঁ নীল নদীৰ ওচৰত থাকিব। তুমি নীল নদীৰ ওচৰলৈ গৈ তেওঁক কʼবা যে নদীৰ গোটেই পানী তেজলৈ সলনি হʼব, কিয়নো সি মোৰ লোকসকলক এৰি দিয়া নাই।’ তেতিয়া মোচিয়ে যিহোৱাৰ কথা শুনিলে আৰু ফৰৌণৰ ওচৰলৈ গʼল। হাৰোণে ফৰৌণৰ ওচৰত নীল নদীত লাঠিডাল মাৰিলে আৰু গোটেই পানী তেজলৈ সলনি হʼল আৰু গোটেই মাছবোৰ মৰি গʼল আৰু তাৰ পৰা বেয়া গোন্ধ ওলাবলৈ ধৰিলে। সেই পানী কোনেও খাব নোৱাৰিছিল। তথাপিও ফৰৌণে ইস্ৰায়েলীসকলক যাবলৈ দিয়া নাছিল।
সাত দিনৰ পাছত যিহোৱাই মোচিক ফৰৌণৰ ওচৰলৈ গৈ এইদৰে কʼবলৈ কʼলে, ‘তুমি যদি মোৰ লোকসকলক এৰি নিদিয়া, তেনেহʼলে মিচৰত ভেকুলীৰে ভৰি পৰিব।’ তেতিয়া হাৰোণে নিজৰ লাঠিডাল উঠালে আৰু গোটেই দেশত ভেকুলীৰে ভৰি পৰিল। লোকসকলৰ ঘৰত, বিছনাত, বাচন-বৰ্তনত আৰু সকলো ঠাইতে ভেকুলীৰে ভৰি পৰিল! তেতিয়া ফৰৌণে এই বিপত্তি দূৰ কৰিবলৈ যিহোৱালৈ মিনতি কৰিবলৈ মোচিক কʼলে আৰু ফৰৌণে ইস্ৰায়েলীসকলক এৰি দিম বুলি প্ৰতিজ্ঞা কৰিলে। যিহোৱাই সেই বিপত্তি দূৰ কৰি দিলে। মিচৰীয়াসকলে মৰি যোৱা ভেকুলীবোৰ গোটালে আৰু ঠায়ে ঠায়ে ভেকুলীৰ দʼম হৈ পৰিল। গোটেই দেশত বেয়া গোন্ধ বিয়পি গʼল। তথাপিও ফৰৌণে ইস্ৰায়েলীসকলক যাবলৈ নিদিলে।
যিহোৱাই মোচিক কʼলে, ‘হাৰোণক তেওঁৰ লাঠিডালেৰে মাটিত মাৰিবলৈ কʼবা, তেতিয়া মাটিৰ ধূলি মহলৈ সলনি হৈ যাব।’ হাৰোণে এইদৰে কৰাৰ লগে লগে সকলো ঠাইতে মহেৰে ভৰি পৰিল। তাৰ পাছত ফৰৌণৰ কিছুমান লোকে তেওঁক কʼলে, ‘ঈশ্বৰে এই বিপত্তি আনিছে।’ তথাপিও ফৰৌণে ইস্ৰায়েলীসকলক যাবলৈ নিদিলে।
“মোৰ হাত [শক্তি] আৰু মোৰ পৰাক্ৰম তেওঁলোকক একেৰাহে জ্ঞাত কৰাম, তাতে মোৰ নাম যে যিহোৱা, তাক তেওঁবিলাকে জানিবলৈ পাব।”—যিৰিমিয়া ১৬:২১
a নিজান ঠাই, যʼত কোনো নাথাকে।