কাহিনী ৫২
গিদিয়োন আৰু তেওঁৰ ৩০০ সৈনিক
তোমালোকে ছবিখনত কি দেখিছা বাৰু? এয়া হৈছে ইস্ৰায়েলৰ সৈন্যদল। তেওঁলোকে কুঁজা হৈ পানী খাইছে। তেওঁলোকৰ ওচৰত থিয় হৈ থকা ব্যক্তিজন হৈছে ইস্ৰায়েলৰ বিচাৰক গিদিয়োন। লোকসকলে কিদৰে পানী খাইছে, তালৈ তেওঁ ধ্যান দি চাইছে।
লোকসকলে কেনেকৈ পানী খাইছে তালৈ লক্ষ্য কৰাচোন। কিছুমানে তললৈ মূৰ কৰি পানী খাইছে। কিন্তু এজন ব্যক্তিয়ে হʼলে হাতেৰে পানী উঠাই খাইছে। কিয় বাৰু? যাতে চাৰিওফালে কি হৈছে তাক তেওঁ চাব পাৰে। ই এক গুৰুত্বপূৰ্ণ কথা। কিয়নো যিহোৱাই গিদিয়োনক কৈছিল যে যিসকল লোকে পানী খোৱাৰ সময়ত সজাগ হৈ থাকিব, কেৱল তেওঁলোককহে নিৰ্ব্বাচন কৰা হʼব। বাকী লোকসকলক ঘৰলৈ উভতি যাবলৈ ঈশ্বৰে আজ্ঞা কৰিলে। এনে কৰাৰ কাৰণ কি বাৰু? আহাঁ আমি ইয়াৰ উত্তৰ বিচাৰি চাওঁ।
ইস্ৰায়েলীসকলে আকৌ সমস্যাত পৰিল। ইয়াৰ একমাত্ৰ কাৰণ হৈছে ঈশ্বৰৰ আজ্ঞা পালন নকৰা। মিদিয়নীয়াবিলাকে ইস্ৰায়েলীসকলক নিজৰ বশত কৰি তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিবলৈ ধৰিলে। ইস্ৰায়েলীসকলে সহায়ৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিলে আৰু যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে।
যিহোৱাই গিদিয়োনক এক সৈন্যদল সংগঠিত কৰিবলৈ কʼলে। গিদিয়োনে ৩২,০০০ লোকক একগোট কৰিলে। কিন্তু শত্ৰু সৈন্যৰ সংখ্যা আছিল ১,৩৫,০০০। ইস্ৰায়েলীসকলৰ সৈন্যদলৰ সংখ্যাতকৈ শত্ৰু সৈন্যৰ সংখ্যা অধিক হোৱাৰ সত্ত্বেও ঈশ্বৰে গিদিয়োনক কʼলে: ‘তোমাৰ লগৰ লোকবিলাকৰ সংখ্যা অধিক।’ যিহোৱাই এনেকৈ কিয় কʼলে বাৰু?
যদি যুদ্ধত ইস্ৰায়েলীসকলে জয়ী হয়, তেনেহʼলে তেওঁলোকে ভাবিব যে নিজৰ শক্তিৰ বলতে তেওঁলোকে এই যুদ্ধখন জিকিলে। তেওঁলোকে হয়তো ভাবিব পাৰে যে যুদ্ধত জয়ী হʼবলৈ তেওঁলোকক যিহোৱাৰ সহায়ৰ কোনো প্ৰয়োজন নাই। সেইবাবে যিহোৱাই গিদিয়োনক কʼলে: ‘যি ভয়াতুৰ আৰু ত্ৰাসযুক্ত, সি ঘৰলৈ উভতি যাওক।’ যেতিয়া গিদিয়োনে এই কথা ঘোষণা কৰিলে, তেতিয়া ২২,০০০জন লোকে ঘৰলৈ উভতি গʼল। ইয়াৰ পাছত শত্ৰু সৈন্যৰ লগত যুদ্ধ কৰিবলৈ, কেৱল ১০,০০০জন লোকহে থাকিল।
কিন্তু যিহোৱাই কি কʼলে তালৈ ধ্যান দিয়াচোন। যিহোৱাই কʼলে: ‘লোকসকলৰ সংখ্যা এতিয়াও অধিক। তুমি তেওঁলোকক পানীৰ ওচৰলৈ লৈ যোৱা। যিকোনোৱে জিবাৰে পানী চেলেকি খাব, তেওঁলোকক ঘৰলৈ উভতি যাবলৈ দিয়া।’ এনে কৰাৰ পাছত মাত্ৰ ৩০০জন লোকহে বাকী থাকিল। তেতিয়া যিহোৱাই গিদিয়োনক প্ৰতিশ্ৰুতি দিলে: ‘মুখলৈ হাত তুলি পানী খোৱা এই তিনিশ লোকৰ দ্বাৰাই মই তোমালোকক উদ্ধাৰ কৰিম।’
এই সকলোৰে পাছত যুদ্ধৰ সময় হʼল। গিদিয়োনে ৩০০ সৈনিকক তিনিটা দলত ভাগ কৰিলে। তেওঁ প্ৰতিজনকে এটা শিঙা, এটা শুদা ঘট আৰু প্ৰত্যেক ঘটৰ ভিতৰত এটা এটা আৰিয়া দিলে। মাজনিশা তেওঁলোকে শত্ৰু সৈন্যৰ শিবিৰৰ চাৰিওকাষে গোট খালে। ইয়াৰ পাছত, একে সময়তে সকলোৱে নিজৰ নিজৰ শিঙা বজালে আৰু নিজৰ নিজৰ ঘট ভাঙি চিঞৰিলে: “যিহোৱা আৰু গিদিয়োনৰ তৰোৱাল।” হঠাতে চিঞৰ শুনি শত্ৰু সৈন্যই সাৰ পালে। কি হৈছে তেওঁলোকে একোৱেই বুজি নাপালে আৰু ভয়ত পেপুৱা লাগিল। শত্ৰু সৈন্যবিলাকে পলাবলৈ ধৰিলে আৰু ইস্ৰায়েলীসকলে এই যুদ্ধত জয়লাভ কৰিলে।
বিচাৰকৰ্ত্তাবিলাক ৬-ৰপৰা ৮ অধ্যায়।