পাঠ ৩৪
গিদিয়োনে মিদিয়নীয়াবিলাকক হৰুৱালে
কিছু সময়ৰ পাছত ইস্ৰায়েলীসকলে আকৌ যিহোৱাৰ পৰা আঁতৰি মিছা দেৱতাবোৰক পূজা কৰিবলৈ ধৰিলে। তেতিয়া মিদিয়নীয়াবিলাকে ইস্ৰায়েলীসকলৰ জীৱ-জন্তু চুৰ কৰিবলৈ ধৰিলে আৰু তেওঁলোকৰ শস্য নষ্ট কৰিবলৈ ধৰিলে। এইদৰে তেওঁলোকে সাত বছৰলৈকে কৰিলে। তেওঁলোকৰ পৰা বাচিবলৈ ইস্ৰায়েলীসকলে গুহা আৰু পাহাৰবোৰত লুকাই ফুৰিছিল। মিদিয়নীয়াবিলাকৰ পৰা তেওঁলোকক বচাবলৈ তেওঁলোকে যিহোৱাক বহুত মিনতি কৰিলে। সেইবাবে, যিহোৱাই গিদিয়োন নামৰ এজন ডেকা মানুহৰ ওচৰলৈ এজন স্বৰ্গদূতক পঠিয়ালে। স্বৰ্গদূতে তেওঁক কʼলে, ‘তুমি এজন সাহসী সৈনিক হʼবলৈ যিহোৱাই তোমাক বাছনি কৰিছে।’ গিদিয়োনে সুধিলে, ‘মই ইস্ৰায়েলীসকলক কেনেকৈ বচাব পাৰোঁ? মইতো এজন সাধাৰণ মানুহ হওঁ।’
যিহোৱাই গিদিয়োনক বাছনি কৰিছে বুলি গিদিয়োনৰ কেনেকৈ বিশ্বাস হʼল? তেওঁ মাটিত নোম থʼলে আৰু যিহোৱাক কʼলে, ‘ৰাতিপুৱালৈকে যদি এই নোম নিয়ৰত তিতি যায় আৰু ওচৰৰ মাটিখিনি শুকান থাকে, তেনেহʼলে মই গʼম পাম যে ইস্ৰায়েলীসকলক বচাবলৈ আপুনি মোক বাছনি কৰিছে।’ পিছদিনা ৰাতিপুৱা তেওঁ দেখিলে যে নোম নিয়ৰেৰে তিতি আছিল আৰু ওচৰৰ মাটিখিনি শুকান হৈ আছিল। আকৌ গিদিয়োনে ঈশ্বৰৰ কʼলে যে পিছদিনাখন নোম যেন শুকাই থাকে আৰু ওচৰৰ মাটিখিনি নিয়ৰত তিতি যায়। সেইদৰেই হʼল। তেতিয়া গিদিয়োনৰ বিশ্বাস হʼল যে যিহোৱাই তেওঁক বাছনি কৰিছে। সেইবাবে, তেওঁ সৈনিকসকলক একগোট কৰিলে যাতে মিদিয়নীয়াবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰিব পাৰে।
যিহোৱাই গিদিয়োনক কʼলে, ‘মই ইস্ৰায়েলীসকলক জিকাম। কিন্তু তোমাৰ সৈনিক বেছি আছে। সেইবাবে, তোমালোকে জিকাৰ পাছত হয়তো ভাবিব পাৰা যে তোমালোকে নিজৰ শক্তিৰে যুদ্ধত জিকিলা। সেইবাবে, যিসকলে ভয় কৰিছে, তেওঁলোকক নিজৰ নিজৰ ঘৰলৈ উভতি যাবলৈ কোৱা।’ তেতিয়া ২২ হাজাৰ জন সৈনিক ঘৰলৈ উভতি গʼল আৰু ১০ হাজাৰ জন সৈনিক থাকি গʼল। যিহোৱাই কʼলে, ‘এতিয়াও তোমাৰ বহুত সৈনিক আছে। তেওঁলোকক নদীৰ কাষলৈ লৈ যোৱা আৰু পানী খাবলৈ কোৱা। যিসকল সৈনিকে পানী খাওঁতে নজৰ ৰাখে যে কোনো শত্ৰু আহিছে নে নাই, কেৱল তেওঁলোককহে নিজৰ লগত থʼবা।’ মাত্ৰ ৩০০ জন সৈনিকে পানী খোৱাৰ সময়ত সাৱধান হʼল। যিহোৱাই প্ৰতিজ্ঞা কৰিলে যে এই কম সৈনিকে মিদিয়নীয়াবিলাকৰ ১ লাখ ৩৫ হাজাৰ জন সৈনিকক হৰুৱাব।
সেই ৰাতিয়েই যিহোৱাই গিদিয়োনক কʼলে, ‘মিদিয়নীয়াবিলাকক আক্ৰমণ কৰাৰ এয়াই সময় হয়!’ গিদিয়োনে নিজৰ লোকসকলক শিঙা, কলহ আৰু জোঁৰ দিলে আৰু তেওঁ কʼলে, ‘মই যিদৰে কৰিম, সেইদৰেই কৰিবা।’ গিদিয়োনে শিঙা বজালে, কলহ ভাঙিলে, জ্বলি থকা জোঁৰ হিলালে আৰু তেওঁ জোৰকৈ চিঞৰি এইদৰে কʼলে, ‘যিহোৱাৰ আৰু গিদিয়োনৰ তৰোৱাল!’ তেতিয়া ৩০০ জন মানুহে সেইদৰেই কৰিলে। এয়া দেখি মিদিয়নীয়াবিলাকে ভয় খালে আৰু পগলাৰ দৰে ইফালে-সিফালে পলাবলৈ ধৰিলে। তেওঁলোকৰ মাজত খেলিমেলি হʼল আৰু এজনে-আনজনক মাৰিবলৈ ধৰিলে। যিহোৱাই আকৌ এবাৰ ইস্ৰায়েলীসকলক নিজৰ শত্ৰুসকলৰ পৰা জিকিবলৈ সহায় কৰিলে।
“সেই শক্তি, যি মানুহৰ সাধাৰণ শক্তিতকৈ বহুগুণে শ্ৰেষ্ঠ, সেয়া আমি নিজৰ শক্তিৰে নহয়, কিন্তু ঈশ্বৰৰ ফালৰ পৰা পাইছোঁ।”—২ কৰিন্থীয়া ৪:৭