কাহিনী ৬৫
ৰাজ্যৰ বিভাজন
ছবিখনলৈ লক্ষ্য কৰাচোন। মানুহজনে কেনেকৈ নিজৰ চোলাটো ফালিছে। তেওঁ বাৰু নিজৰ চোলাটো কিয় ফালিছে? তেওঁক যিহোৱা ঈশ্বৰে এনে কৰিবলৈ কৈছে। এই মানুহজনৰ নাম হৈছে অহীয়া আৰু তেওঁ এজন ঈশ্বৰৰ ভৱিষ্যতবক্তা। ভৱিষ্যতবক্তাৰ কাম কি হয় তুমি জানানে? হʼবলগীয়া ঘটনাবোৰৰ বিষয়ে ঈশ্বৰে আগতীয়াকৈ তেওঁক জনায়।
ছবিখনত দেখুৱাৰ দৰে ভৱিষ্যতবক্তা অহীয়াই যাৰবিয়ামৰ লগত কথা পাতিছে। ৰজা চলোমনে যাৰবিয়ামক কিছুমান নিৰ্ম্মাণ কাৰ্য্য চোৱা-চিতা কৰিবলৈ নিযুক্ত কৰিছে। অহীয়াই যাৰবিয়ামক বাটত লগ পাই এক আচৰিত কাৰ্য্য কৰিলে। অহীয়াই নিজৰ নতুন চোলাটো খুলি তাক ১২ ডোখৰ কৰিলে আৰু যাৰবিয়ামক কʼলে: ‘তুমি ইয়াৰ দহ ডোখৰ লোৱা।’ অহীয়াই চোলাটোৰ ১০ টুকুৰা যাৰবিয়ামক কিয় দিলে বাৰু?
ভৱিষ্যতবক্তাই যাৰবিয়ামক ইয়াৰ অৰ্থ বৰ্ণনা কৰিলে। তেওঁ কʼলে যে যিহোৱা ঈশ্বৰে চলোমনৰ শাসন অন্ত কৰিব আৰু ইস্ৰায়েলৰ ১০ গোত্ৰক যাৰবিয়ামক দিব। মাত্ৰ ২ গোত্ৰৰ ওপৰতহে চলোমনৰ পুত্ৰ ৰহবিয়ামে শাসন কৰিব।
ৰজা চলোমনে এই সকলো কথা জানিব পাৰি খঙত জ্বলি-পকি উঠিল। তেওঁ যাৰবিয়ামক হত্যা কৰিব বিচাৰিলে। কিন্তু যাৰবিয়ামে মিচৰ দেশলৈ পলাই গʼল আৰু নিজৰ প্ৰাণ ৰক্ষা কৰিলে। কিছুবছৰৰ পাছত চলোমনৰ মৃত্যু হয়। তেওঁ ৪০ বছৰলৈকে ইস্ৰায়েলক শাসন কৰিছিল। চলোমনৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ ৰহবিয়াম ৰজা হয়। মিচৰত থকা যাৰবিয়ামে চলোমনৰ মৃত্যুৰ খবৰ শুনি ইস্ৰায়েললৈ উভতি আহিল।
ৰহবিয়াম এজন ভাল ৰজা নাছিল। তেওঁ চলোমনতকৈও অধম আছিল। যাৰবিয়াম আৰু কেইজনমান অধ্যক্ষই, ৰজা ৰহবিয়ামৰ ওচৰলৈ গৈ লোকসকলৰ প্ৰতি দয়া দেখুৱাবলৈ অনুৰোধ কৰিলে। কিন্তু ৰহবিয়ামে তেওঁলোকৰ কথালৈ কাণ নিদিলে। তেওঁ আগতকৈ আৰু বেছি নিৰ্দয়ী হʼল। সেইবাবে লোকসকলে ১০ গোত্ৰৰ ওপৰত যাৰবিয়ামক ৰজা পাতিলে। বাকী দুটা গোত্ৰ, বিন্যামীন আৰু যিহূদাৰ ওপৰত ৰহবিয়াম ৰজা হৈ থাকিল।
ৰজা যাৰবিয়ামে তেওঁৰ অধীনত থকা লোকসকলে যিৰূচালেমলৈ গৈ যিহোৱাক উপাসনা কৰাটো ভাল পোৱা নাছিল। সেইবাবে তেওঁ দুটা সোণৰ দামুৰি নিৰ্ম্মাণ কৰিলে আৰু সেই দামুৰিকেইটাক উপাসনা কৰিবলৈ ১০ গোত্ৰৰ লোকসকলক আজ্ঞা দিলে। লাহে লাহে গোটেই দেশখন অপৰাধ আৰু হিংসাৰে ভৰি পৰিল।
আনহাতে, ইস্ৰায়েলৰ দুই গোত্ৰৰ ৰাজ্যখনতো সমস্যাই দেখা দিলে। ৰহবিয়াম ৰজা হোৱাৰ পাঁচ বছৰ নহওঁতে, মিচৰৰ ৰজাই যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল। মিচৰৰ ৰজাই যিহোৱাৰ মন্দিৰৰপৰা বহুতো ধন-সম্পত্তি লৈ যায়। আগৰ দৰে আৰু এই মন্দিৰৰ সৌন্দৰ্য্যতা নাথাকিল।
১ ৰাজাৱলি ১১:২৬-৪৩; ১২:১-৩৩; ১৪:২১-৩১.