পাঠ ৪৫
এখন ৰাজ্য ভাগ হʼল
চলোমনে যেতিয়ালৈকে যিহোৱাৰ উপাসনা কৰিছিল, তেতিয়ালৈকে ইস্ৰায়েলত শান্তি আছিল। কিন্তু তেওঁ আন দেশৰ পৰা বহুতো তিৰোতাক বিয়া কৰিলে, যিসকলে মূৰ্তিপূজা কৰিছিল। চলোমনে লাহে লাহে সলনি হʼল আৰু তেৱোঁ মূৰ্তিবোৰৰ পূজা কৰিবলৈ ধৰিলে। এয়া দেখি যিহোৱাৰ বহুত খং উঠিল। তেওঁ চলোমনক কʼলে, ‘ইস্ৰায়েল ৰাজ্যক তোমাৰ পৰিয়ালৰ পৰা কাঢ়ি লোৱা হʼব আৰু ইয়াক দুভাগ কৰা হʼব। ডাঙৰ ভাগ মই তোমাৰ এজন সেৱকক দি দিম আৰু তোমাৰ পৰিয়ালে কেৱল সৰু ভাগত শাসন কৰিব।’
যিহোৱাই নিজৰ নিৰ্ণয় আৰু এটা উপায়েৰে স্পষ্টকৈ জনালে। চলোমনৰ এজন সেৱক যাৰবিয়ামে কʼৰবালৈ গৈ আছিল আৰু তেওঁ ভৱিষ্যবক্তা অহীয়াক লগ পালে। অহীয়াই নিজৰ কাপোৰ ফালি ১২ টুকুৰা কৰিলে আৰু যাৰবিয়ামক কʼলে, ‘যিহোৱাই চলোমনৰ পৰিয়ালৰ পৰা ইস্ৰায়েল ৰাজ্য কাঢ়ি লʼব আৰু তাক দুভাগ কৰিব। তুমি এই ১০ টুকুৰা লোৱা, কিয়নো তুমি ১০ গোষ্ঠীৰ ৰজা হʼবা।’ যেতিয়া চলোমনে এই বিষয়ে গʼম পালে, তেতিয়া তেওঁ যাৰবিয়ামক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু যাৰবিয়াম মিচৰলৈ পলাই গʼল। কিছু সময়ৰ পাছত চলোমনৰ মৃত্যু হʼল আৰু তেওঁৰ লʼৰা ৰহবিয়াম ৰজা হʼল। যাৰবিয়ামে ভাবিলে যে এতিয়া কোনো বিপদ নাই। সেইবাবে, তেওঁ ইস্ৰায়েললৈ উভতি পাৰে।
ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে ৰহবিয়ামক কʼলে, ‘যদি তুমি লোকসকলৰ লগত ভালদৰে ব্যৱহাৰ কৰা, তেনেহʼলে লোকসকলে তোমাৰ প্ৰতি বিশ্বাসী হৈ থাকিব।’ কিন্তু ৰহবিয়ামৰ ডেকা বন্ধুসকলে কʼলে, ‘তুমি লোকসকলৰ লগত কঠোৰভাৱে ব্যৱহাৰ কৰা আৰু তেওঁলোকক আৰু বেছি কাম কৰিবলৈ দিয়া।’ ৰহবিয়ামে নিজৰ বন্ধুসকলৰ কথা মানিলে। তেওঁ লোকসকলক বেয়াকৈ ব্যৱহাৰ কৰিছিল, সেইবাবে লোকসকলে তেওঁৰ বিৰুদ্ধে হৈ পৰিল। তেওঁলোকে যাৰবিয়ামক ১০ গোষ্ঠীৰ ৰজা বনালে আৰু এই গোষ্ঠীক ইস্ৰায়েল ৰাজ্য বুলি কোৱা হʼল। বাকী দুটা গোষ্ঠীক যিহূদা ৰাজ্য বুলি কোৱা হʼল আৰু তাৰ লোকসকলে ৰহবিয়ামক লগ দিলে। এইদৰে ইস্ৰায়েলৰ ১২ গোষ্ঠী ভাগ হʼল।
যাৰবিয়ামৰ লোকসকলে যিৰূচালেমলৈ গৈ উপাসনা কৰাটো তেওঁ বিচৰা নাছিল, যি ৰহবিয়ামৰ ৰাজ্যত আছিল। জানা নে কিয়? কিয়নো যাৰবিয়ামৰ ভয় আছিল যে লোকসকলে তেওঁৰ লগ এৰি ৰহবিয়ামৰ ফলীয়া হৈ যাব। সেইবাবে, তেওঁ সোণৰ দুটা দামুৰি বনালে আৰু নিজৰ লোকসকলক কʼলে, ‘যিৰূচালেম বহুত দূৰ হয়। তোমালোকে ইয়াতে উপাসনা কৰিব পাৰা।’ লোকসকলে সোণৰ দামুৰিক পূজা কৰিবলৈ ধৰিলে আৰু তেওঁলোকে আকৌ এবাৰ যিহোৱাক পাহৰি গʼল।
“অবিশ্বাসীৰ লগত একেটা যুঁৱলিত যোতা নহʼবা, কিয়নো এনেধৰণৰ যোৰা মিল নাখায়। ভাল কামৰ লগত দুষ্টতাৰ কি মিল? . . . বা এজন বিশ্বাসী আৰু এজন অবিশ্বাসীৰ মাজত কি মিল আছে?”—২ কৰিন্থীয়া ৬:১৪, ১৫