ভাগ ৫
বাবিলৰ দাসত্বৰপৰা যিৰূচালেমৰ দেৱাল পুনৰ নিৰ্ম্মাণলৈকে
বাবিলত বন্দী হৈ থকাৰ সময়ছোৱাত, ইস্ৰায়েলীসকলে বিশ্বাসৰ বাবে বহুতো পৰীক্ষাৰ সন্মুখীন হয়। চদ্ৰক, মৈচক আৰু অবেদ-নগোক এটা অগ্নিকুণ্ডত পেলাই দিয়া হৈছিল, কিন্তু যিহোৱাই তেওঁলোকক তাৰপৰা ৰক্ষা কৰে। পাছলৈ মাদীয়া আৰু পাৰসীবিলাকে বাবিলক আক্ৰমণ কৰি পৰাজয় কৰে। দানিয়েলক সিংহৰ গাঁতত পেলাই দিয়া হৈছিল, কিন্তু ঈশ্বৰে তেওঁকো ৰক্ষা কৰিলে।
পাৰসী ৰজা কোৰচে, ইস্ৰায়েলীসকলক দাসত্বৰপৰা মুক্ত কৰিলে। সত্তৰ বছৰৰ পাছত, ইস্ৰায়েলীসকলে বাবিলৰ দাসত্বৰপৰা মুক্ত হৈ নিজ দেশলৈ উভতি গʼল। যিৰূচালেমলৈ উভতি গৈ তেওঁলোকে সৰ্ব্বপ্ৰথমে যিহোৱাৰ মন্দিৰ নিৰ্ম্মাণ কাৰ্য্য আৰম্ভ কৰে। কিন্তু শত্ৰুবিলাকে এই কাৰ্য্য সম্পূৰ্ণ হʼবলৈ নিদিলে। সেইবাবে ইস্ৰায়েলীসকলে যিৰূচালেমলৈ উভতি অহাৰ প্ৰায় ২২ বছৰৰ পাছতহে মন্দিৰ নিৰ্ম্মাণ কাৰ্য্য সম্পূৰ্ণ কৰিলে।
ইয়াৰ পাছত, ইজ্ৰাই মন্দিৰ সুন্দৰ কৰি তুলিবলৈ যিৰূচালেমলৈ যাত্ৰা কৰে। মন্দিৰ নিৰ্ম্মাণ কাৰ্য্য সম্পূৰ্ণ হোৱাৰ প্ৰায় ৪৭ বছৰৰ পাছত ইজ্ৰাই এই যাত্ৰা কৰিছিল। ইজ্ৰাৰ যাত্ৰাৰ ১৩ বছৰৰ পাছত, নহিমিয়াই যিৰূচালেমৰ ভাঙি পৰা দেৱালবোৰ পুনৰ নিৰ্ম্মাণ কৰিবলৈ সহায় কৰে। এই পঞ্চম ভাগত প্ৰায় ১৫২ বছৰজোৰা ইতিহাস বৰ্ণনা আছে।