ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৯১
  • যীচুৰ পৰ্ব্বতীয়া উপদেশ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচুৰ পৰ্ব্বতীয়া উপদেশ
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • যীচুৱে ১২ জন পাঁচনিক বাছনি কৰিলে
    বাইবেলৰ পৰা শিকোঁ আহা
বাইবেলৰ কাহিনী
my কাহিনী ৯১
যীচুৱে পৰ্ব্বতীয়া উপদেশত লোকসকলক শিক্ষা দিছ

কাহিনী ৯১

যীচুৰ পৰ্ব্বতীয়া উপদেশ

যীচুক লক্ষ্য কৰাচোন। তেওঁ গালীলত থকা এখন পৰ্ব্বতত লোকসকলক শিক্ষা দিছে। তেওঁৰ একেবাৰে ওচৰত বহি থকা লোককেইজন হৈছে তেওঁৰ পাঁচনি। যীচুয়ে ১২জন লোকক নিজৰ পাঁচনি হিচাপে নিৰ্ব্বাচন কৰিছে। এই পাঁচনিকেইজন হৈছে যীচুৰ বিশেষ শিষ্য। তোমালোকে যীচুৰ পাঁচনিকেইজনৰ নাম জানানে?

তেওঁলোক হৈছে, চিমোন পিতৰ আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়। যাকোব আৰু তেওঁৰ ভায়েক যোহন। যাকোব আৰু চিমোন নামৰ আৰু দুজন পাঁচনি আছে। পাঁচনিবিলাকৰ মাজত দুজনৰ নাম হৈছে যিহূদা। এজন হৈছে ঈষ্কৰিয়োতীয়া যিহূদা আৰু আনজনক থদ্দেয় বুলি কোৱা হয়। বাকীকেইজনৰ নাম হৈছে ফিলিপ, নথনেল (বাৰ্থলময় বুলিও কোৱা হয়), মথি আৰু থোমা।

চমৰিয়াৰপৰা ঘূৰি আহি যীচুয়ে প্ৰথমবাৰৰ বাবে এইদৰে ঘোষণা কৰে: ‘স্বৰ্গৰাজ্য ওচৰ হʼল।’ স্বৰ্গৰাজ্য কি হয় তোমালোকে জানানে? স্বৰ্গৰাজ্য হৈছে ঈশ্বৰৰ চৰকাৰ আৰু এই চৰকাৰৰ ৰজা হৈছে যীচু। তেওঁ স্বৰ্গৰপৰা শাসন কৰিব আৰু পৃথিৱীলৈ শান্তি কঢ়িয়াই আনিব। ঈশ্বৰৰ ৰাজ্যই গোটেই পৃথিৱীখনক এক প্ৰমোদবনলৈ ৰূপান্তৰ কৰিব।

যীচুয়ে ইয়াত লোকসকলক সেই ৰাজ্যৰ বিষয়ে শিক্ষা দিছে। তেওঁ কৈছে: ‘তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা, “হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক। তোমাৰ ৰাজ্য হওক। যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক।” ’ এই প্ৰাৰ্থনাক ‘প্ৰভুৰ প্ৰাৰ্থনা’ বুলি কোৱা হয়। তুমি সম্পূৰ্ণ প্ৰাৰ্থনাটো মুখস্থ কৰিব পাৰিবানে?

এক বিশাল লোকসমূহে যীচুৰ পৰ্ব্বতীয়া উপদেশ মনোযোগেৰে শুনিছ

এজনে-আনজনৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে, তাৰ বিষয়েও যীচুয়ে লোকসকলক শিক্ষা দিছে। তেওঁ কৈছে: ‘লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁবিলাকক তেনে ব্যৱহাৰ কৰা।’ যেতিয়া কোনোবাই তোমাক ভাল ব্যৱহাৰ কৰে, তেতিয়া তোমাক ভাল নালাগেনে? নিশ্চয়। সেইদৰে আমিও আনৰ লগত ভাল ব্যৱহাৰ কৰা উচিত। প্ৰমোদবনত বাস কৰা লোকসকলে এজনে-আনজনৰ লগত মিলা-প্ৰীতিৰে থাকিব। সেইয়া এক আনন্দৰ পৰিস্থিতি নহʼবনে?

মথি ৫-ৰপৰা ৭ অধ্যায়; ১০:১-৪.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক