পাঠ ৮০
যীচুৱে ১২ জন পাঁচনিক বাছনি কৰিলে
যীচুৱে প্ৰায় ডেৰ বছৰ প্ৰচাৰ কৰাৰ পাছত তেওঁক এটা গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলগীয়া হʼল। তেওঁক বাছনি কৰিবলগীয়া আছিল যে তেওঁৰ লগত থাকি কোনে প্ৰচাৰ কৰিব আৰু এয়াও শিকাবলগীয়া আছিল যে তেওঁলোকে কেনেকৈ খ্ৰীষ্টান মণ্ডলীত নেতৃত্ব লʼব। এই নিৰ্ণয় লʼবলৈ যিহোৱাই সহায় কৰাটো যীচুৱে বিচাৰিছিল। সেইবাবে, তেওঁ এখন পাহাৰত অকলে গʼল আৰু গোটেই ৰাতি প্ৰাৰ্থনা কৰিলে। ৰাতিপুৱা তেওঁ কিছুমান শিষ্যক নিজৰ ওচৰলৈ মাতিলে আৰু তেওঁলোকৰ মাজৰ ১২ জনক পাঁচনি হিচাপে বাছনি কৰিলে। তেওঁলোকৰ মাজৰ কাৰ কাৰ নাম তোমাৰ মনত আছে? তেওঁলোকৰ নাম হৈছে: পিতৰ, আন্দ্ৰিয়, যাকোব, যোহন, ফিলিপ, বাৰ্থলময়, থোমা, মথি, আলফয়ৰ লʼৰা যাকোব, থদ্দেয়, চিমোন আৰু যিহূদা ঈষ্কৰিয়োতীয়া।
আন্দ্ৰিয়, পিতৰ, ফিলিপ, যাকোব
এই ১২ জন পাঁচনিয়ে যীচুৰ লগতে যাত্ৰা কৰিছিল। যীচুৱে তেওঁলোকক প্ৰচাৰ কৰিবলৈ শিকালে। ইয়াৰ পাছত তেওঁলোকক প্ৰচাৰ কৰিবলৈ পঠিয়ালে। যিহোৱাই তেওঁলোকক বেমাৰী লোকসকলক সুস্থ কৰিবলৈ আৰু লোকসকলৰ ভিতৰৰ পৰা দুষ্ট স্বৰ্গদূতক উলিয়াবলৈ শক্তি দিলে।
যোহন, মথি, বাৰ্থলময়, থোমা
যীচুৱে ১২ জন পাঁচনিক নিজৰ বন্ধু বুলি কৈছিল আৰু তেওঁলোকৰ ওপৰত ভৰসা কৰিছিল। ফৰীচীসকলে তেওঁলোকক কম পঢ়া-শুনা আৰু সাধাৰণ মানুহ বুলি ভাবিছিল। কিন্তু যীচুৱে পাঁচনিসকলক এই কাম কেনেকৈ কৰিব লাগে, সেয়া শিকাইছিল। তেওঁলোকে যীচুৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়ত তেওঁৰ লগতে আছিল, যেনে তেওঁৰ মৃত্যুৰ আগত আৰু তেওঁ আকৌ জীৱিত হোৱাৰ পাছত। যীচুৰ দৰে ১২ জন পাঁচনিৰ মাজৰ বেছিভাগ লোক গালীলৰ আছিল। তেওঁলোকৰ মাজৰ কিছুমানে বিয়া কৰিছিল।
আলফয়ৰ লʼৰা যাকোব, যিহূদা ঈষ্কৰিয়োতীয়া, থদ্দেয়, চিমোন
পাঁচনিসকল অসিদ্ধ আছিল অৰ্থাৎ তেওঁলোকৰ পৰা ভুল হৈছিল। কেতিয়াবা তেওঁলোকে নভবা-নিচিন্তাকৈ কিবা কৈ দিছিল আৰু ভুল নিৰ্ণয় লৈছিল। বহুবাৰ তেওঁলোকে নিজৰ ধৈৰ্য হেৰুৱাইছিল আনকি তেওঁলোকৰ মাজত কোন ডাঙৰ হয়, তাক লৈ তেওঁলোকে কাজিয়া কৰিছিল। কিন্তু তেওঁলোক ভাল মানুহ আছিল আৰু তেওঁলোকে যিহোৱাক প্ৰেম কৰিছিল। যীচু যোৱাৰ পাছত তেওঁলোকৰ পৰাই খ্ৰীষ্টান মণ্ডলী আৰম্ভ হʼল।
”মই তোমালোকক নিজৰ বন্ধু বুলি কʼলোঁ, কিয়নো মই নিজৰ পিতৃৰ পৰা যি যি শুনিলোঁ, সেই সকলো তোমালোকক জনালোঁ।”—যোহন ১৫:১৫