পাঠ ৭৯
যীচুৱে বহুতো চমৎকাৰ কৰিলে
যীচুৱে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শুভবাৰ্তা জনাবলৈ পৃথিৱীলৈ আহিছিল। যিহোৱাই তেওঁক পবিত্ৰ শক্তি দিছিল যাতে তেওঁ বহুতো চমৎকাৰ কৰিব পাৰে আৰু দেখুৱাব পাৰে যে ৰজা হোৱাৰ পাছত তেওঁ কি কি কৰিব। তেওঁ সকলো ধৰণৰ বেমাৰ ভাল কৰিব পাৰিছিল। তেওঁ যʼলৈকে গৈছিল, বেমাৰী লোকসকলে তেওঁৰ পিছে পিছে গৈছিল আৰু তেওঁ সকলোকে সুস্থ কৰিছিল। অন্ধ লোকে দেখা পাইছিল, কাণেৰে নুশুনাসকলে শুনা পাইছিল আৰু বিছনাৰ পৰা উঠিব নোৱাৰা লোকসকলে খোজকাঢ়িব পাৰিছিল। লোকসকলৰ ভিতৰত সোমাই থকা দুষ্ট স্বৰ্গদূতবিলাকক উলিয়ালে। যেতিয়া লোকসকলে যীচুৰ কাপোৰৰ দহি চুইছিল, তেতিয়াও তেওঁলোক সুস্থ হৈ গৈছিল। যীচু যʼলৈকে গৈছিল, লোকসকলে তেওঁৰ পিছে পিছে তালৈকে গৈছিল। আনকি, যীচুৱে অকলে থাকিব বিচৰাৰ সময়তো যেতিয়া লোকসকলে তেওঁৰ ওচৰলৈ আহিছিল, তেতিয়া তেওঁ তেওঁলোকক তাৰ পৰা যাবলৈ কোৱা নাছিল।
এবাৰ যীচুৱে এখন ঘৰত আছিল, তেতিয়া কিছুমান লোকে তেওঁৰ ওচৰলৈ এনে এজন ব্যক্তিক লৈ আহিব বিচাৰিছিল, যিজন বিছনাৰ পৰা উঠিব নোৱাৰিছিল। কিন্তু ঘৰখনত বহুত ভিৰ হোৱাৰ কাৰণে তেওঁলোকে ভিতৰলৈ আহিব নোৱাৰিলে। সেইবাবে, তেওঁলোকে চালৰ ওপৰত উঠি কিছু অংশ গুচালে আৰু সেই ব্যক্তিক যীচুৰ ওচৰত নমাই দিলে। তেতিয়া যীচুৱে সেই ব্যক্তিক কʼলে, ‘উঠা আৰু খোজকাঢ়ি ফুৰা।’ যেতিয়া তেওঁ উঠি খোজকাঢ়িবলৈ ধৰিলে, তেতিয়া লোকসকলে আচৰিত হʼল।
আকৌ এবাৰ যেতিয়া যীচু গাঁৱলৈ গৈ আছিল, তেতিয়া ১০ জন কুষ্ঠ ৰোগী দূৰত থিয় হৈ চিঞৰি কʼলে, ‘যীচু, আমাক সহায় কৰক!’ সেই সময়ত কুষ্ঠ ৰোগীসকলক আন লোকৰ ওচৰলৈ যাবলৈ দিয়া নহৈছিল। যীচুৱে তেওঁলোকক মন্দিৰলৈ যাবলৈ কʼলে, কিয়নো যিহোৱাৰ নিয়মত লিখা আছিল যদি কোনো কুষ্ঠ ৰোগী ভাল হয়, তেনেহʼলে তেওঁ মন্দিৰলৈ যোৱা উচিত। গৈ থাকোঁতে তেওঁলোকে ৰাস্তাতেই ভাল হৈ গʼল। তেওঁলোকৰ মাজৰ এজন কুষ্ঠ ৰোগীয়ে যেতিয়া দেখিলে যে তেওঁ ভাল হৈ গʼল, তেতিয়া তেওঁ যীচুৰ ওচৰলৈ ঘূৰি আহি যীচুক ধন্যবাদ দিলে আৰু যিহোৱাৰ মহিমা কৰিলে। সেই ১০ জন ব্যক্তিৰ মাজত কেৱল এজন ব্যক্তিয়ে যীচুক ধন্যবাদ দিলে।
এগৰাকী তিৰোতাৰ ১২ বছৰৰ পৰা বেমাৰ হৈ আছিল, তাই যিকোনো উপায়েৰে ভাল হʼব বিচাৰিছিল। তাই ভিৰৰ মাজত যীচুৰ পাছে পাছে গৈ তেওঁৰ কাপোৰৰ দহি চুলে। এইদৰে কৰাৰ লগে লগে তাই ভাল হৈ গʼল। তেতিয়া যীচুৱে সুধিলে, “মোৰ কাপোৰ কোনে চুলে?” তেতিয়া তাই বহুত ভয় খালে, তথাপি আগবাঢ়ি আহি সকলো কথা কʼলে। যীচুৱে তাইক এইদৰে কৈ ভয় দূৰ কৰিলে, ‘মোৰ ছোৱালী, যোৱা আৰু চিন্তা নকৰিবা।’
যায়ীৰ নাম এজন অধিকাৰীয়ে যীচুক মিনতি কৰিলে, ‘মোৰ ঘৰলৈ বʼলক! মোৰ ছোৱালীজনীৰ অৱস্থা একেবাৰে বেয়া।’ কিন্তু যীচুৱে তালৈ গৈ পোৱাৰ আগতে ছোৱালীজনীৰ মৃত্যু হʼল। যীচুৱে তাত গৈ দেখে যে বহুতো লোকে সেই পৰিয়ালৰ লগত দুখ কৰিবলৈ আহিছে। যীচুৱে তেওঁলোকক কʼলে, ‘নাকান্দিবা, ছোৱালীজনী কেৱল শুই আছে।’ তাৰ পাছত তেওঁ ছোৱালীজনীৰ হাত ধৰি কʼলে, “উঠা, মোৰ ছোৱালীজনী!” তেতিয়া লগে লগে ছোৱালীজনী উঠিল। যীচুৱে তাইৰ মা-দেউতাকক তাইক কিবা খাবলৈ দিবলৈ কʼলে। কল্পনা কৰা, সেই সময়ত ছোৱালীজনীৰ মা-দেউতাই কিমান আনন্দিত হʼল!
“ঈশ্বৰে . . . পবিত্ৰ শক্তিৰে তেওঁক অভিষেক কৰিলে আৰু তেওঁক শক্তি দিলে আৰু তেওঁ গোটেই দেশত ভাল কাম কৰি থাকিল আৰু চয়তানৰ কাৰণে কষ্ট ভুগি থকা লোকসকলক সুস্থ কৰি থাকিল, কিয়নো ঈশ্বৰ তেওঁৰ লগত আছিল।”—পাঁচনিৰ কৰ্ম্ম ১০:৩৮