ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পাঠ ৭৮ পৃষ্ঠা ১৮৪-পৃষ্ঠা ১৮৫ অনু. ১
  • যীচুৱে ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচুৱে ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিলে
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • পাঠকসকলৰ প্ৰশ্ন
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • যীচু স্বৰ্গলৈ উভতি গʼল
    বাইবেলৰ পৰা শিকোঁ আহা
বাইবেলৰ পৰা শিকোঁ আহা
lfb পাঠ ৭৮ পৃষ্ঠা ১৮৪-পৃষ্ঠা ১৮৫ অনু. ১
যীচু আৰু তেওঁৰ এজন শিষ্যই প্ৰচাৰ কৰি আছে

পাঠ ৭৮

যীচুৱে ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিলে

যীচুৱে বাপ্তিষ্মাৰ কিছু সময়ৰ পাছত এইদৰে প্ৰচাৰ কৰিবলৈ ধৰিলে, “ঈশ্বৰৰ ৰাজ্য নিচেই কাষত।” তেওঁ গোটেই গালীল আৰু যিহূদিয়াত যাত্ৰা কৰিলে আৰু শিষ্যসকলক তেওঁৰ লগত গʼল। তেওঁ যেতিয়া নাচৰতলৈ উভতি গʼল, তেতিয়া তেওঁ তাত থকা সভাঘৰলৈ গʼল। তেওঁ তাত যিচয়াৰ নুৰা খুলিলে আৰু এই কথা পঢ়ি শুনালে, ‘যিহোৱাই মোক পবিত্ৰ শক্তি দিছে যাতে মই শুভবাৰ্তা শুনাব পাৰোঁ।’ এই কথাৰ অৰ্থ কি আছিল? এই কথাৰ অৰ্থ আছিল যে যদিও লোকসকলে যীচুৱে চমৎকাৰ কৰাটো বিচাৰিছিল, কিন্তু তেওঁক পবিত্ৰ শক্তি দিয়াৰ বিশেষ কাৰণ আছিল যে তেওঁ যেন লোকসকলক শুভবাৰ্তা শুনায়। তাৰ পাছত তেওঁ লোকসকলক এইদৰে কʼলে, ‘এই ভৱিষ্যবাণীটো আজি পূৰ হʼল।’

ইয়াৰ পাছত যীচু গালীল সাগৰৰ ওচৰত গʼল। তাত তেওঁ চাৰিজন মাছমৰীয়াক লগ পালে, যিসকল পাছত যীচুৰ শিষ্য হʼল। তেওঁলোক আছিল পিতৰ, আন্দ্ৰিয়, যাকোব আৰু যোহন। যীচুৱে তেওঁলোকক কʼলে, ‘মোৰ লগত বʼলা। তোমালোকে যিদৰে মাছ ধৰা, ঠিক সেইদৰে মই তোমালোকক মানুহ ধৰিবলৈ শিকাম।’ তেওঁলোকে লগে লগে মাছৰ ব্যৱসায় এৰি দিলে আৰু যীচুৰ পিছে পিছে গʼল। তেওঁলোকে গোটেই গালীলত গৈ যিহোৱাৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিলে। তেওঁলোকে সভাঘৰ, বজাৰ আৰু ৰাস্তাবোৰত প্ৰচাৰ কৰিলে। তেওঁলোকে যʼতেই গৈছিল, তেওঁলোকৰ লগত এটা ডাঙৰ ভিৰে তেওঁলোকৰ পিছে পিছে গৈছিল। যীচুৰ বিষয়ে সকলো ঠাইতে, আনকি দূৰ চিৰিয়ালৈকেও বিয়পি গʼল।

কিছু সময়ৰ পাছত যীচুৱে নিজৰ কিছুমান শিষ্যক বেমাৰী লোকসকলক সুস্থ কৰিবলৈ আৰু লোকসকলৰ পৰা দুষ্ট স্বৰ্গদূত উলিয়াবলৈ শক্তি দিলে। যেতিয়া যীচুৱে চহৰে চহৰে আৰু গাঁৱে গাঁৱে গৈ প্ৰচাৰ কৰিছিল, তেতিয়া কিছুমান শিষ্য তেওঁৰ লগত গৈছিল। বহুতো বিশ্বাসী তিৰোতাই যীচু আৰু তেওঁৰ শিষ্যসকলৰ সেৱা কৰিছিল, যেনে মৰিয়ম মগ্দলীনী, যোহানা আৰু চোচন্না।

যীচুৱে নিজৰ শিষ্যসকলক প্ৰচাৰ কাম কৰিবলৈ শিকোৱাৰ পাছত এই কামৰ কাৰণে তেওঁলোকক পঠিয়ালে। তেওঁলোকে গোটেই গালীলত প্ৰচাৰ কৰাৰ কাৰণে বহুতো লোক তেওঁৰ শিষ্য হʼল আৰু বাপ্তিষ্মা লʼলে। ইমানেই বেছি মানুহে তেওঁৰ শিষ্য হʼব বিচাৰিছিল যে যীচুৱে কʼলে এওঁলোক সেই শস্যৰ নিচিনা হয়, যিবোৰ দোৱাৰ সময় হʼল। তেওঁ কʼলে, ‘যিহোৱাক প্ৰাৰ্থনা কৰা যাতে তেওঁ শস্য দাবলৈ আৰু কাম কৰা মানুহ পঠাই দিয়ে।’ তাৰ পাছত যীচুৱে ৭০ জন শিষ্যক বাছনি কৰিলে আৰু তেওঁলোকক দুজন দুজন কৰি গোটেই যিহূদিয়াত প্ৰচাৰ কৰিবলৈ পঠিয়ালে। তেওঁলোকে তাত সকলো ধৰণৰ লোকসকলক ৰাজ্যৰ বিষয়ে শিকালে। প্ৰচাৰ কামৰ পৰা যেতিয়া তেওঁলোকে উভতি আহিলে, তেতিয়া তেওঁলোকে বহুত আনন্দিত আছিল আৰু লগে লগে যীচুক জনাব বিচাৰিছিল যে তেওঁলোকৰ প্ৰচাৰ কাম কেনেকুৱা আছিল। চয়তানে তেওঁলোকৰ প্ৰচাৰ কামত কোনো বাধা দিব নোৱাৰিলে।

যীচু স্বৰ্গৰ পৰা উভতি অহাৰ পাছতো তেওঁৰ শিষ্যসকলে এই গুৰুত্বপূৰ্ণ কাম কৰি থকাটো তেওঁ বিচাৰিছিল। সেইবাবে, তেওঁ তেওঁলোকক কʼলে, ‘তোমালোকে গোটেই পৃথিৱীত শুভবাৰ্তা শুনোৱা। লোকসকলক ঈশ্বৰৰ বাক্যৰ বিষয়ে শিকোৱা আৰু তেওঁলোকক বাপ্তিষ্মা দিয়া।’

“মই আন চহৰবোৰতো ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা জনাব লাগিব, কিয়নো মোক ইয়াৰ বাবেই পঠোৱা হৈছে।”—লূক ৪:৪৩

প্ৰশ্ন: যীচুৱে নিজৰ শিষ্যসকলক কি কাম দিলে? শিষ্যসকলৰ সেই কাম কৰি কেনেকুৱা লাগিছিল?

মথি ৪:১৭-২৫; ৯:৩৫-৩৮; ২৮:১৯, ২০; মাৰ্ক ১:১৪-২০; লূক ৪:১৪-২১; ৮:১-৩; ১০:১-২২

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক