পাঠ ৯৩
যীচু স্বৰ্গলৈ উভতি গʼল
গালীলত যীচুৱে নিজৰ শিষ্যসকলক লগ কৰে আৰু তেওঁলোকক এটা আজ্ঞা দিয়ে, যি পালন কৰাটো বহুত গুৰুত্বপূৰ্ণ আছিল। তেওঁ কʼলে, ‘যোৱা আৰু সকলো ৰাষ্ট্ৰৰ লোকসকলক শিষ্য বনোৱা। তেওঁলোকক সেই সকলো কথা শিকোৱা, যিবোৰ মই তোমালোকক শিকালোঁ আৰু তেওঁলোকক বাপ্তিষ্মা দিয়া।’ তাৰ পিছত যীচুৱে তেওঁলোকক প্ৰতিজ্ঞা কৰিলে, ‘মনত ৰাখিবা, মই সদায় তোমালোকৰ লগত থাকিম।’
যীচু আকৌ জীয়াই উঠাৰ পাছত ৪০ দিনলৈকে গালীল আৰু যিৰূচালেমত শ শ শিষ্যসকলক দেখা দি থাকিল। তেওঁ তেওঁলোকক গুৰুত্বপূৰ্ণ কথাবোৰ শিকালে আৰু বহুতো চমৎকাৰ কৰিলে। শেষবাৰ তেওঁ নিজৰ পাঁচনিসকলক জৈতুন পাহাৰত লগ কৰিলে। তেওঁ তেওঁলোকক কʼলে, ‘তোমালোকে যিৰূচালেম এৰি নাযাবা। পিতৃয়ে যি প্ৰতিজ্ঞা কৰিছে, সেয়া পূৰ নোহোৱালৈকে অপেক্ষা কৰিবা।’
পাঁচনিসকলে তেওঁৰ কথা বুজি নাপালে। সেইবাবে, তেওঁলোকে যীচুক সুধিলে, ‘আপুনি এতিয়াই ইস্ৰায়েলৰ ৰজা হʼবনে?’ যীচুৱে কʼলে, ‘মই ৰজা হʼবলৈ এতিয়ালৈকে যিহোৱাৰ সময় অহা নাই। অতি সোনকালে, যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ শক্তি আহিব, তেতিয়া তোমালোকে শক্তি পাবা আৰু মোৰ বিষয়ে সাক্ষ্য দিবা। তোমালোকে যিৰূচালেম, যিহূদিয়া আৰু চমৰীয়া আনকি পৃথিৱীৰ আটাইতকৈ দূৰ-দূৰণি এলেকাত প্ৰচাৰ কৰিবা।’
তাৰ পাছত যীচুক আকাশলৈ উঠাই নিয়া হʼল আৰু এডোখৰ মেঘে তেওঁক ঢাকি ধৰিলে। শিষ্যসকলে তেওঁক চাই আছিল, কিন্তু তেওঁ গুচি গʼল।
শিষ্যসকলে জৈতুন পাহাৰৰ পৰা যিৰূচালেমলৈ গুচি গʼল। তাত তেওঁলোকে নিয়মীয়াকৈ এটা ওপৰৰ কোঠালিত একগোট হৈছিল আৰু প্ৰাৰ্থনা কৰিছিল। আগলৈ কি কৰিব লাগিব, যীচুৱে তেওঁলোকক জনাব বুলি তেওঁলোকে অপেক্ষা কৰি আছিল।
“সকলো ৰাষ্ট্ৰই সাক্ষ্য পাবলৈ ৰাজ্যৰ এই শুভবাৰ্তা গোটেই জগতত প্ৰচাৰ কৰা হʼব আৰু ইয়াৰ পাছতহে অন্ত আহিব।”—মথি ২৪:১৪