ভাগ ১৪-ত কি শিকিম
আৰম্ভণিৰ খ্ৰীষ্টানসকলে পৃথিৱীৰ দূৰ-দূৰণি এলেকালৈ গৈ ৰাজ্যৰ শুভবাৰ্তা জনালে। তেওঁলোকে কʼত কʼত প্ৰচাৰ কৰা উচিত, যীচুৱে তেওঁলোকক জনাই থাকিল। তেওঁ চমৎকাৰ কৰি তেওঁলোকক লোকসকলৰ নিজৰ ভাষাত শিকোৱাৰ দক্ষতা দিলে। যেতিয়া তেওঁলোকক তাড়না দিয়া হৈছিল, তেতিয়া এইবোৰৰ সন্মুখীন হʼবলৈ যিহোৱাই তেওঁলোকক সাহস দিলে।
যীচুৱে পাঁচনি যোহনক যিহোৱাৰ মহিমাৰ এক দৰ্শন দেখুৱালে। তেওঁ আন এটা দৰ্শনত দেখে যে স্বৰ্গৰ ৰাজ্যই চয়তানক পৰাজয় কৰিলে আৰু তাৰ শাসনক সদায় দিনৰ কাৰণে শেষ কৰি দিলে, লগতে যোহনে এয়াও দেখিলে যে যীচু ৰজা হৈ শাসন কৰি আছে আৰু তেওঁৰ লগত ১,৪৪,০০০ জনো শাসন কৰি আছে। তেওঁ দৰ্শনত এয়াও দেখিলে যে গোটেই পৃথিৱী প্ৰমোদবনলৈ পৰিৱৰ্তন হৈছে আৰু সকলো লোকে শান্তি আৰু একতাৰে যিহোৱাৰ উপাসনা কৰি আছে।