পাঠ ৯৪
শিষ্যসকলে পবিত্ৰ শক্তি লাভ কৰিলে
যীচুৱে স্বৰ্গলৈ উভতি যোৱাৰ ১০ দিনৰ পাছত শিষ্যসকলে পবিত্ৰ শক্তি লাভ কৰে। ৩৩ খ্ৰীষ্টাব্দৰ পেণ্টাকোষ্টৰ উৎসৱৰ দিন আছিল। এই উৎসৱ পালন কৰিবলৈ বহুতো ঠাইৰ পৰা লোকসকল যিৰূচালেমলৈ আহিছিল। যীচুৰ প্ৰায় ১২০ জন শিষ্য এখন ঘৰৰ ওপৰৰ কোঠালিত একগোট হৈছিল। সেই সময়ত এক আচৰিত ঘটনা ঘটিল। প্ৰতিজন শিষ্যৰ মূৰৰ ওপৰত জুইৰ শিখা দেখিবলৈ পোৱা গৈছিল আৰু তেওঁলোক সকলোৱে বেলেগ বেলেগ ভাষা কৈছিল। হঠাতে ধুমুহা বতাহ বলাৰ নিচিনা শব্দ গোটেই ঘৰখনত শুনিবলৈ পোৱা গʼল।
যেতিয়া বেলেগ বেলেগ দেশৰ পৰা অহা লোকসকলে এই মাত শুনিলে, তেতিয়া তেওঁলোক সকলোৱে সেই ঘৰৰ ওচৰলৈ গʼল। তেওঁলোকে জানিব বিচাৰিছিল যে তাত কি হʼল। যেতিয়া শিষ্যসকলে তেওঁলোকক তেওঁলোকৰ নিজৰ ভাষাত তেওঁলোকৰ লগত কথা পাতিলে, তেতিয়া তেওঁলোক আচৰিত হʼল। তেওঁলোকে কʼলে, ‘এই সকলো লোক গালীলৰ হয়, তেনেহʼলে এওঁলোকে আমাৰ ভাষা কেনেকৈ কৈছে।’
তেতিয়া পিতৰ আৰু আন শিষ্যসকলে ভিৰৰ ওচৰত থিয় হʼল। পিতৰে লোকসকলক কʼলে যে যীচুক কেনেকৈ মাৰি পেলোৱা হʼল আৰু যিহোৱাই কেনেকৈ তেওঁক জীয়াই তুলিলে। পিতৰে কʼলে, ‘এতিয়া যীচু স্বৰ্গত ঈশ্বৰৰ সোঁহাতে বহি আছে আৰু তেওঁ প্ৰতিজ্ঞা কৰাৰ দৰে আমাক পবিত্ৰ শক্তি দিলে। সেইবাবে, আজি এই চমৎকাৰ হʼল, যি তোমালোকে দেখিছা আৰু শুনিবলৈ পাইছা।’
পিতৰৰ কথা লোকসকলৰ ওপৰত গভীৰ প্ৰভাৱ পৰিলে, তেওঁলোকে সুধিলে, “আমি কি কৰা উচিত?” পিতৰে তেওঁলোকক কʼলে, ‘অনুতাপ কৰা আৰু যীচুৰ নামেৰে বাপ্তিষ্মা লোৱা। তেতিয়া তোমালোকেও পবিত্ৰ শক্তি দান হিচাপে লাভ কৰিবা।’ সেই দিনা প্ৰায় ৩,০০০ লোকে বাপ্তিষ্মা লʼলে। তেতিয়াৰে পৰা যিৰূচালেমত শিষ্যসকলৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। পবিত্ৰ শক্তিৰ সহায়ত পাঁচনিসকলে আৰু বহুতো মণ্ডলী বনালে যাতে তেওঁলোকে শিষ্যসকলক সেই সকলো কথা শিকাব পাৰে, যি যীচুৱে তেওঁলোকক শিকাবলৈ আজ্ঞা দিছিল।
“যীচুৱেই প্ৰভু হয় বুলি যদি তুমি সকলোৰে আগত মুখেৰে ঘোষণা কৰা আৰু নিজৰ হৃদয়ত এয়া বিশ্বাস কৰা যে ঈশ্বৰে তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে, তেনেহʼলে তুমি উদ্ধাৰ পাবা।”—ৰোমীয়া ১০:৯