কাহিনী ১০৫
যিৰূচালেমত অপেক্ষা
কোঠালিটোৰ ভিতৰত গোট খোৱা লোকসকল হৈছে যীচুৰ শিষ্য। তেওঁলোকে যীচুৰ আজ্ঞা অনুসৰি যিৰূচালেমতে আছে। হঠাতে এক ডাঙৰ শব্দ শুনা গʼল। এই শব্দ খুব জোৰেৰে বতাহ বলাৰ দৰে আছিল। ইয়াৰ পাছত প্ৰতিজন শিষ্যৰ মূৰৰ ওপৰত, জিভাৰ নিচিনা এটুকুৰা জুই দেখা গʼল। ছবিখনত তোমালোকে শিষ্যসকলৰ মূৰৰ ওপৰত জুইৰ শিখা দেখিছানে? ইয়াৰ অৰ্থ কি বাৰু?
ই এক আচৰিত কাৰ্য্য! যীচুয়ে এতিয়া নিজৰ পিতৃৰ লগত স্বৰ্গত আছে আৰু তেওঁ শিষ্যসকলৰ ওপৰত ঈশ্বৰৰ পবিত্ৰ আত্মা দিছে। এই পবিত্ৰ আত্মাই শিষ্যসকলক কি কৰিবলৈ সমৰ্থ কৰে তোমালোকে জানানে? পবিত্ৰ আত্মাই তেওঁলোকক বিভিন্ন ভাষাত কথা কʼবলৈ সহায় কৰিলে।
হঠাতে হোৱা সেই ডাঙৰ শব্দ শুনি যিৰূচালেমত থকা বহুতোলোকে সেই ঠাইত উপস্থিত হʼল। ইস্ৰায়েলীসকলে পালন কৰা পেন্টাকোষ্ট অৰ্থাৎ পঞ্চাশ দিনীয়া পৰ্ব্বৰ বাবে যিৰূচালেমত বিভিন্ন দেশৰপৰা লোক আহিছে। তেওঁলোকৰ বাবে এক আচৰিত ঘটনাই অপেক্ষা কৰি আছিল। বিভিন্ন দেশৰপৰা অহা লোকসকলৰ ভাষাত শিষ্যসকলে ঈশ্বৰৰ আচৰিত কাৰ্য্যবোৰৰ বিষয়ে বৰ্ণনা কৰিবলৈ ধৰিলে।
বিভিন্ন দেশৰপৰা অহা লোকসকলে এজনে-আনজনক প্ৰশ্ন কৰিলে: ‘এওঁলোক গালীলীয়া লোক নহয়নে? তেনেহʼলে আমি কেনেকৈ প্ৰতিজনে নিজ নিজ মাতৃভাষাত কথা শুনিছোঁ?’
ইয়াৰ পাছত পিতৰে থিয় হৈ বৰ্ণনা কৰিবলৈ ধৰিলে যে কেনেকৈ যীচুক বধ কৰা হʼল আৰু ঈশ্বৰে তেওঁক কেনেকৈ মৃত্যুৰপৰা পুনৰ জীৱিত কৰিলে। পিতৰে কʼলে: ‘যীচুয়ে এতিয়া স্বৰ্গত ঈশ্বৰৰ সোঁহাতে থাকি, প্ৰতিজ্ঞা কৰাৰ দৰে পবিত্ৰ আত্মা আমাক দিছে। সেইবাবে তোমালোকে এই আচৰিত কথাবোৰ শুনিবলৈ আৰু দেখিবলৈ পাইছা।’
যীচুৰ বিষয়ে পিতৰৰ কথাবোৰ শুনি বহুতোলোকে দুখ কৰিলে। তেওঁলোকে সুধিলে: ‘আমি কি কৰা উচিত?’ পিতৰে উত্তৰ দিলে: ‘তোমালোকে মন পালটন কৰি বাপ্তিষ্মা লোৱা।’ ইয়াৰ পৰিণামস্বৰূপে, সেইদিনাখন প্ৰায় ৩,০০০ লোকে বাপ্তিষ্মা লৈ যীচুৰ শিষ্য হʼল।