ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ১০৪
  • যীচু স্বৰ্গলৈ উভতি যোৱা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচু স্বৰ্গলৈ উভতি যোৱা
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে আমাক কি শিকায়?
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • ঈশ্বৰৰ ৰাজ্য কি?
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • যীচুৰ মৃত্যুৱে আপোনাৰ বাবে কি অৰ্থ ৰাখে?
    ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
আৰু চাওক
বাইবেলৰ কাহিনী
my কাহিনী ১০৪
যীচু স্বৰ্গলৈ যোৱাৰ সময়ত তেওঁৰ শিষ্যসকলে চাই আছ

কাহিনী ১০৪

যীচু স্বৰ্গলৈ উভতি যোৱা

সময় অতিবাহিত হোৱাৰ লগে লগে যীচুয়ে কেইবাবাৰো নিজৰ শিষ্যসকলক দেখা দিয়ে। এবাৰ প্ৰায় ৫০০জন শিষ্যৰ আগত তেওঁ দেখা দিয়ে। যীচুয়ে তেওঁলোকক দেখা দিয়াৰ সময়ত কি কথা কৈছিল তোমালোকে জানানে? তেওঁ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কৈছিল। যিহোৱা ঈশ্বৰে যীচুক এই ৰাজ্যৰ বিষয়ে জনাবলৈ পৃথিৱীলৈ পঠিয়াইছিল। যীচুয়ে এই কাৰ্য্য পুনৰ জীৱিত হোৱাৰ পাছতো কৰি আছিল।

ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে তোমালোকৰ মনত আছেনে? ঈশ্বৰৰ ৰাজ্য হৈছে স্বৰ্গত থকা এখন চৰকাৰ আৰু ঈশ্বৰে এই ৰাজ্যৰ বাবে যীচুক ৰজা হিচাপে নিৰ্ব্বাচন কৰিছে। এই পৃথিৱীত থাকোঁতে যীচুয়ে ভোকাতুৰ লোকসকলৰ বাবে আহাৰৰ ব্যৱস্থা কৰিছিল, বেমাৰী লোকসকলক সুস্থ কৰিছিল আৰু মৃত লোকসকলক পুনৰ জীৱিত কৰিছিল। যীচুৰ এই কাৰ্য্যবোৰে প্ৰমাণ কৰে যে তেওঁ ভৱিষ্যতে এজন ভাল ৰজা হʼব।

যীচুয়ে যেতিয়া স্বৰ্গত এহেজাৰ বছৰ ধৰি শাসন কৰিব, তেতিয়া পৃথিৱীৰ পৰিস্থিতি কেনে হʼব বাৰু? গোটেই পৃথিৱীখন এক প্ৰমোদবনলৈ ৰূপান্তৰ কৰা হʼব। সেইসময়ত যুদ্ধ, অপৰাধ, বেমাৰ আৰু মৃত্যু নহʼব। আচলতে, এই পৃথিৱীখনক প্ৰমোদবন বনোৱাটোৱেই ঈশ্বৰৰ উদ্দেশ্য আছিল। সেইবাবে তেওঁ আৰম্ভণিতে এদন বাগিচাৰ সৃষ্টি কৰিছিল। ঈশ্বৰে বিচৰা সকলো কাৰ্য্য যীচুয়ে ভৱিষ্যতে সম্পূৰ্ণ কৰিব।

এতিয়া যীচুয়ে স্বৰ্গলৈ উভতি যোৱাৰ সময় হʼল। যীচুয়ে নিজৰ শিষ্যসকলক ৪০ দিনলৈকে দেখা দিছিল। তেওঁ পুনৰ জীৱিত হৈছে বুলি শিষ্যসকলে নিশ্চিত হʼল। স্বৰ্গলৈ উভতি যোৱাৰ সময়ত যীচুয়ে নিজৰ শিষ্যসকলক কʼলে: ‘পবিত্ৰ আত্মা নোপোৱালৈকে তোমালোকে যিৰূচালেম এৰি নাযাবা।’ পবিত্ৰ আত্মা হৈছে ঈশ্বৰৰ সক্ৰিয় শক্তি আৰু ইয়াক আমি দেখা নাপাওঁ। এই শক্তিয়ে ঈশ্বৰৰ ইচ্ছা অনুসৰি কাৰ্য্য কৰিবলৈ শিষ্যসকলক সহায় কৰিব। সকলোৰে অন্তত যীচুয়ে শিষ্যসকলক এই আজ্ঞা দিলে: ‘পৃথিৱীৰ সীমালৈকে মোৰ বিষয়ে তোমালোকে ঘোষণা কৰিবা।’

যীচুয়ে নিজৰ কথা শেষ কৰাৰ লগে লগে এক আচৰিত ঘটনা ঘটিল। ছবিখনলৈ চোৱাচোন। যীচুয়ে লাহে লাহে স্বৰ্গলৈ উঠি যাবলৈ ধৰিলে। কিন্তু অলপ পাছত এটুকুৰা মেঘৰ বাবে শিষ্যসকলে যীচুক দেখা নাপালে। যীচু স্বৰ্গলৈ উভতি গʼল আৰু পৃথিৱীত থকা তেওঁৰ শিষ্যসকলৰ ওপৰত শাসন কৰিবলৈ আৰম্ভ কৰিলে।

১ কৰিন্থীয়া ১৫:৩-৮; প্ৰকাশিত বাক্য ২১:৩, ৪; পাঁচনিৰ কৰ্ম্ম ১:১-১১.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক