ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পাঠ ১০২ পৃষ্ঠা ২৩৬-পৃষ্ঠা ২৩৭ অনু. ২
  • যোহনক দৰ্শন দেখুৱা হʼল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যোহনক দৰ্শন দেখুৱা হʼল
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে আমাক কি শিকায়?
  • পৃথিৱীখন প্ৰমোদবনলৈ পৰিৱৰ্তন হʼল!
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
বাইবেলৰ পৰা শিকোঁ আহা
lfb পাঠ ১০২ পৃষ্ঠা ২৩৬-পৃষ্ঠা ২৩৭ অনু. ২
পাঁচনি যোহনে প্ৰকাশিত বাক্য কিতাপখন লিখি আছে

পাঠ ১০২

যোহনক দৰ্শন দেখুৱা হʼল

যেতিয়া পাঁচনি যোহন পাত্ম নামৰ দ্বীপত বন্দী হৈ আছিল, তেতিয়া যীচুৱে তেওঁক ১৬ টা দৰ্শন দেখুৱালে অৰ্থাৎ এনে দৃশ্য দেখুৱালে, যাৰ যোগেদি জানিব পাৰি যে আগলৈ কি হʼব। এই দৰ্শনবোৰত দেখুৱা হৈছিল যে যিহোৱাৰ নাম কেনেকৈ পবিত্ৰ কৰা হʼব, তেওঁৰ ৰাজ্য কেনেকৈ স্থাপন হʼব আৰু এই পৃথিৱীত তেওঁৰ ইচ্ছা কেনেকৈ পূৰ হʼব, যেনেকৈ স্বৰ্গত হয়।

এটা দৰ্শনত যোহনে দেখিলে যে যিহোৱা স্বৰ্গত নিজৰ প্ৰতাপৰ সিংহাসনত বহি আছে, তেওঁৰ চাৰিওফালে ২৪ জন প্ৰাচীনে বগা কাপোৰ পিন্ধি বহি আছে আৰু তেওঁলোকৰ মূৰত সোনৰ কিৰীটি আছে। তেওঁৰ সিংহাসনৰ পৰা বিজুলী ওলোৱা আৰু ঢেৰেকনিৰ মাত শুনা গৈছিল। ২৪ জন প্ৰাচীনে যিহোৱাৰ আগত মূৰ দোৱাই উপাসনা কৰিলে। আন এটা দৰ্শনত যোহনে দেখিলে যে সকলো ৰাষ্ট্ৰ, জাতি আৰু বেলেগ বেলেগ ভাষা কোৱা লোকসকলৰ এটা ডাঙৰ ভিৰ ওলাই আহি যিহোৱাৰ উপাসনা কৰে। ভেড়া পোৱালি অৰ্থাৎ যীচুৱে ৰখীয়াৰ দৰে তেওঁলোকৰ চোৱা-চিতা কৰে আৰু জীৱনৰ পানীৰ ভুমুকলৈ লৈ যায়। অন্য এটা দৰ্শনত তেওঁ দেখিলে যে যীচু স্বৰ্গত ৰজা হৈ ২৪ জন প্ৰাচীনৰ লগত মিলি শাসন কৰি আছে। তাৰ পাছৰ দৰ্শনত যোহনে দেখিলে যে যীচুৱে অজগৰ অৰ্থাৎ চয়তান আৰু তাৰ দুষ্ট স্বৰ্গদূতৰ বিৰুদ্ধে যুদ্ধ কৰে। তাৰ পাছত যীচুৱে সিহঁতক স্বৰ্গৰ পৰা পৃথিৱীলৈ পেলাই দিলে।

যীচু আৰু ১,৪৪,০০০ চিয়োন পাহাৰত আছে

তাৰ পাছত যোহনে এটা সুন্দৰ দৃশ্য দেখিলে, ভেড়া পোৱালি আৰু ১,৪৪,০০০ জন চিয়োন পাহাৰত থিয় হৈ আছে। তেওঁ এয়াও দেখিলে যে এজন স্বৰ্গদূত পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে আৰু লোকসকলক কৈ আছে, ঈশ্বৰক ভয় কৰা আৰু তেওঁৰ মহিমা কৰা।

তাৰ পাছৰ দৰ্শনত হৰমাগিদোনৰ যুদ্ধ দেখুৱা হʼল। সেই যুদ্ধৰ সময়ছোৱাত যীচু নিজৰ সেনা-বাহিনীৰ লগত মিলি চয়তানৰ দুষ্ট জগতক পৰাজয় কৰিলে। শেষৰ দৰ্শনত যোহনে দেখিলে যে স্বৰ্গ আৰু পৃথিৱীত একতা আছে। চয়তান আৰু তাৰ বংশক সম্পূৰ্ণৰূপে নাশ কৰি দিয়া হʼল। স্বৰ্গ আৰু পৃথিৱীত থকা সকলোৱে যিহোৱাৰ নাম পবিত্ৰ বুলি ভাবে আৰু কেৱল তেওঁৰে উপাসনা কৰে।

“মই তোৰে নাৰীৰে মাজত, আৰু তোৰ বংশৰে নাৰীৰ বংশৰে মাজত শত্ৰুভাব উৎপন্ন কৰিম; সি তোৰ মূৰ গুড়ি কৰিব, আৰু তই তাৰ গোৰোৱা গুড়ি কৰিবি।”—আদিপুস্তক ৩:১৫

প্ৰশ্ন: যোহনে কেইটা দৰ্শন দেখিলে? হৰমাগিদোনৰ যুদ্ধত যীচুৱে কি কৰিব?

প্ৰকাশিত বাক্য ১:১-৩; ৪:১-১১; ৭:৪, ৯-১৭; ১১:১৫-১৮; ১২:৫-১২; ১৪:৬, ৭; ১৬:১৪, ১৬; ২১:৫

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক