ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bm অংশ ২১ পৃষ্ঠা ২৪
  • যীচুৰ পুনৰুত্থান!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচুৰ পুনৰুত্থান!
  • বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • মিল থকা বিষয়
  • পাঁচনিসকলে সাহসেৰে ঘোষণা কৰে
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • যীচুক জীয়াই তোলা হʼল
    বাইবেলৰ পৰা শিকোঁ আহা
  • যীচুৰ সুদূৰপ্ৰসাৰী ভৱিষ্যতবাণী
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • যীচু খ্ৰীষ্টক হত্যা কৰা হয়
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
আৰু চাওক
বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
bm অংশ ২১ পৃষ্ঠা ২৪
যীচুক ওপৰলৈ নিয়া হৈছ

অধ্যায় ২১

যীচুৰ পুনৰুত্থান!

যীচুয়ে তেওঁৰ অনুগামীসকলক নিৰ্দ্দেশনা দিবলৈ আৰু উৎসাহিত কৰিবলৈ তেওঁলোকৰ আগত আৱিৰ্ভাৱ হৈছিল

যীচুৰ মৃত্যুৰ তৃতীয় দিনাখন কেইগৰাকীমান তিৰোতাই গুহাটোৰ সন্মুখত আহি উপস্থিত হয়। তাত তেওঁলোকে দেখিবলৈ পায় যে গুহাৰ মুখখনত থকা শিলচটা আঁতৰাই ৰখা হৈছে আৰু গুহাটোত যীচুৰ মৃতদেহটো নাই।

সেই সময়ছোৱাত দুজন স্বৰ্গদূতে তিৰোতাসকলক দেখা দিয়ে। তাৰে এজন স্বৰ্গদূতে এইদৰে কয়: “তোমালোকে . . . নাচৰতীয়া যীচুক বিচাৰিছা; তেওঁ উঠিল।” (মাৰ্ক ১৬:৬) অলপো দেৰি নকৰাকৈ সেই তিৰোতাসকলে পাঁচনিসকলক ইয়াৰ বিষয়ে জনাবলৈ দৌৰি যায়। পাঁচনিসকলৰ ওচৰলৈ গৈ থাকোঁতে বাটত তেওঁলোকে যীচুক দেখা পায়। যীচুয়ে তেওঁলোকক উদ্দেশ্য কৰি এইদৰে কʼলে: “ভয় নকৰিবা; তোমালোক যোৱা, মোৰ ভাইবিলাকক গালীললৈ যাবলৈ সম্বাদ দিয়াগৈ, তেওঁলোকে তাতে মোক দেখা পাব।”—মথি ২৮:১০.

সেই দিনাখনে দুজন শিষ্যই যিৰূচালেমৰপৰা ইন্মায়ু নামৰ এখন গাৱঁলৈ গৈ আছিল। বাটত এজন অচিনাকি ব্যক্তিয়ে তেওঁলোকৰ যাত্ৰাত যোগ দিয়ে আৰু তেওঁ শিষ্যসকলে কি কথা পাতিছে তাৰ বিষয়ে জানিবলৈ আগ্ৰহ কৰিলে। শিষ্য দুজনে এই ব্যক্তিজনক চিনি নাপালে। প্ৰকৃততে, সেইজন হৈছে পুনৰুত্থান হোৱা যীচু খ্ৰীষ্ট। এই শিষ্য দুজনে বেজাৰ মনেৰে কʼলে যে তেওঁলোকে যীচুৰ বিষয়ে কথা পাতিছে। তেতিয়া ব্যক্তিজনে শাস্ত্ৰত যীচুৰ বিষয়ে কৰা ভৱিষ্যতবাণীবোৰৰ বিষয়ে তেওঁলোকক বৰ্ণনা কৰিবলৈ ধৰিলে। বাস্তৱতে, যীচুৰ বিষয়ে কৰা সকলো ভৱিষ্যতবাণী সম্পূৰ্ণকৈ তেওঁৰ ওপৰত পূৰ হৈছিল।a শিষ্যসকলে বুজিব পাৰিলে যে এই ব্যক্তিজন আত্মিকৰূপে পুনৰুত্থান হোৱা যীচুৰ বাহিৰে আন কোনো নহয় আৰু লগে লগে যীচু তাৰপৰা অদৃশ্য হʼল।

যীচুক লগ পোৱা এই দুজন শিষ্যই কোনো পলম নকৰাকৈ যিৰূচালেমলৈ ঘূৰি আহিল। তেওঁলোকে যিৰূচালেমত গৈ দেখিলে যে পাঁচনিসকলে এটা কোঠালীত একত্ৰিত হৈ আছে। তেওঁলোকে পাঁচনিসকলক যীচুক লগ পোৱাৰ বিষয়ে বৰ্ণনা কৰিবলৈ ধৰিলে। হঠাতে যীচু তাত উপস্থিত হয়। তেওঁলোকৰ মাজত হঠাতে এজন ব্যক্তি দেখি তেওঁলোক আচৰিত হʼল আৰু এই ব্যক্তিজন যীচু হয় বুলি তেওঁলোকে বিশ্বাস কৰিব নোৱাৰিলে। তেতিয়া যীচুয়ে তেওঁলোকক সুধিলে: “তোমালোকৰ মনত কিয় উগুল-থুগুল লাগিছে? আৰু তোমালোকৰ অন্তৰত কি কাৰণে ভাবনা জন্মিছে?” তেওঁ শিষ্যসকলক আৰু বুজাই কʼলে: “এইদৰে লিখা আছে যে, খ্ৰীষ্টে দুখ ভোগ কৰি, তৃতীয় দিনা মৃতবিলাকৰ মাজৰ পৰা পুনৰায় উঠিব।”—লূক ২৪:৩৮, ৪৬.

যীচুৰ পুনৰুত্থান হোৱাৰ পাছত চল্লিছ দিনলৈকে তেওঁ বিভিন্ন ঠাই আৰু সময়ত শিষ্যসকলক দেখা দিছিল। প্ৰায় পাঁচশতকৈ বেছি লোকে এবাৰ তেওঁক দেখা পাইছিল। সেই সময়তেই হয়তো তেওঁ শিষ্যসকলক এই গুৰুত্বপূৰ্ণ দায়িত্ব দিছিল: “এই হেতুকে তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি . . . আৰু মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া। আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।”—মথি ২৮:১৯, ২০.

নিজৰ ১১ জন বিশ্বাসী পাঁচনিক অন্তিম বাৰৰ বাবে লগ পোৱাৰ সময়ত যীচুয়ে এইদৰে কৈছিল: “যেতিয়া তোমালোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোকে শক্তি পাবা। . . . পৃথিবীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হবা।” (পাঁচনিৰ কৰ্ম্ম ১:৮) তাৰ পাছত যীচুক ওপৰলৈ নিয়া হʼল আৰু মেঘে তেওঁক ঢাকি ধৰিলে। চাওঁতে চাওঁতে শিষ্যসকলৰ দৃষ্টিৰপৰা যীচু অদৃশ্য হʼল।

—এই অংশ মথি ২৮ অধ্যায়; মাৰ্ক ১৬; লূক ২৪; যোহন ২০ আৰু ২১ অধ্যায়; ১ কৰিন্থীয়া ১৫:৫, ৬ পদৰ আধাৰত।

a যীচু খ্ৰীষ্টত পূৰ হোৱা ভৱিষ্যতবাণীবোৰৰ বিষয়ে অধিক জানিবলৈ এই ব্ৰচাৰখনৰ ভাগ ১৪, ভাগ ১৫, ভাগ ১৬ আৰু বাইবেলে প্ৰকৃততে কি শিকায়? কিতাপখনৰ “যীচু খ্ৰীষ্ট—প্ৰতিজ্ঞা কৰা মচীহ” নামৰ অতিৰিক্ত লেখটো চাওক।

  • ঈশ্বৰে যীচুক পুনৰুত্থান কৰিলে বুলি তেওঁৰ শিষ্যসকলে কেনেকৈ জানিব পাৰিলে?

  • ইন্মায়ু নামৰ গাৱঁখনলৈ গৈ থকা দুজন শিষ্যক যীচুয়ে কি বৰ্ণনা কৰিলে?

  • স্বৰ্গলৈ যোৱাৰ আগতে যীচুয়ে তেওঁৰ পাঁচনিসকলক কি নিৰ্দ্দেশনা দিছিল?

পবিত্ৰ আত্মা

ঈশ্বৰৰ পবিত্ৰ আত্মা হৈছে, গোটেই বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰত আটাইতকৈ শক্তিশালী। যিহোৱা ঈশ্বৰে পবিত্ৰ আত্মা বা তেওঁৰ সক্ৰিয় শক্তিৰ দ্বাৰা, স্বৰ্গ আৰু পৃথিৱীখন সৃষ্টি কৰিলে। ইয়াৰ উপৰিও তেওঁ বাইবেলখন লিখিবলৈ সক্ৰিয় শক্তিৰ দ্বাৰা লোকসকলক প্ৰেৰণা কৰিছিল। এতিয়ালৈকে আমি যিমান অলৌকিক কাৰ্য্যৰ বিষয়ে পঢ়িলোঁ এই সকলোবোৰ ঈশ্বৰৰ সক্ৰিয় শক্তিৰ দ্বাৰা কৰা হৈছে। ঈশ্বৰে কৰা এই সকলো অলৌকিক কাৰ্য্যৰ ভিতৰত আটাইতকৈ মহান হৈছে, যীচুক আত্মিকৰূপে পুনৰত্থান কৰা।—আদিপুস্তক ১:২; ২ চমূৱেল ২৩:২; পাঁচনিৰ কৰ্ম্ম ১০:৩৮; ১ পিতৰ ৩:১৮.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক