পাঠ ৯১
যীচুক জীয়াই তোলা হʼল
যীচুৰ মৃত্যুৰ পাছত যোচেফ নামৰ এজন ধনী ব্যক্তিয়ে পীলাতক সুধিলে যে তেওঁ যীচুৰ মৃতদেহ কাঠৰ পৰা নমাই লৈ যাব পাৰে নে? যোচেফে মৃতদেহটো সুগন্ধি দ্ৰব্যৰে সৈতে মিহি সূতাৰে তৈয়াৰ কৰা কাপোৰেৰে মেৰিয়ালে আৰু এটা নতুন কবৰত থʼলে। তাৰ পাছত তেওঁ এচটা ডাঙৰ শিল বগৰাই আনি কবৰৰ দুৱাৰত থʼলে। প্ৰধান পুৰোহিতসকলে পীলাতক কʼলে, ‘আমাৰ চিন্তা হৈছে যে যীচুৰ কিছুমান শিষ্যই আহি তেওঁৰ মৃতদেহটো লৈ যাব আৰু কʼব যে তেওঁ আকৌ জীয়াই উঠিল।’ তেতিয়া পীলাতে তেওঁলোকক কʼলে, ‘কবৰটো ভালদৰে বন্ধ কৰা আৰু পহৰা দিয়া মানুহ থোৱা।’
তিনি দিনৰ পাছত, ৰাতিপুৱাৰ সময়ত কিছুমান তিৰোতাই কবৰৰ ওচৰলৈ গʼল। তেওঁলোকে কবৰৰ শিল চটা আঁতৰাই থোৱা দেখিলে, কবৰৰ ভিতৰত এজন স্বৰ্গদূত আছিল। তেওঁ তিৰোতাসকলক কʼলে, ‘ভয় নকৰিবা! যীচুক আকৌ জীয়াই তোলা হʼল। যোৱা আৰু তেওঁৰ শিষ্যসকলক কোৱা যে যীচুক লগ কৰিবলৈ তেওঁলোকে গালীললৈ যায়।’
মৰিয়ম মগ্দলীনীয়ে পিতৰ আৰু যোহনক বিচাৰিবলৈ লগে লগে ওলাই গʼল। তাই তেওঁলোকক কʼলে, ‘কোনোবাই যীচুৰ মৃতদেহ লৈ গʼল।’ তেতিয়া পিতৰ আৰু যোহনে দৌৰি দৌৰি কবৰৰ ওচৰলৈ আহিলে। কিন্তু তেওঁলোকে কবৰটো খালি দেখি নিজৰ ঘৰলৈ গুচি গʼল।
মৰিয়মে যেতিয়া কবৰৰ ওচৰলৈ উভতি আহিলে, তেতিয়া তেওঁ তাত দুজন স্বৰ্গদূতক দেখে। তেওঁ তেওঁলোকক কʼলে, ‘মই নাজানোঁ যে তেওঁলোকে মোৰ প্ৰভুক কʼলৈ লৈ গʼল।’ তাৰ পাছত তেওঁ এজন ব্যক্তিক দেখা পালে আৰু তেওঁ ভাবিলে যে সেই ব্যক্তিজন মালী হয়। তেওঁ সেই মানুহজনক কʼলে, ‘তুমি তেওঁক কʼলৈ লৈ গʼলা মোক কোৱা।’ কিন্তু সেই মানুহজনে যেতিয়া “মৰিয়ম!” বুলি মাতিলে, তেতিয়া তেওঁ চিনি পালে যে সেই মানুহজন যীচু হয়। তেওঁ চিঞৰি উঠিল আৰু কʼলে, “গুৰু!” আৰু তেওঁ যীচুক ধৰি থাকিল। যীচুৱে তেওঁক কʼলে, ‘যোৱা! তুমি মোক দেখিলা বুলি মোৰ ভাইসকলক কোৱাগৈ।’ তেতিয়া মৰিয়মে দৌৰি দৌৰি শিষ্যসকলৰ ওচৰলৈ গʼল আৰু যীচুক দেখিলে বুলি তেওঁলোকক জনালে।
সেই দিনাই দুজন শিষ্যই যিৰূচালেমৰ পৰা ইন্মায়ূলৈ গৈ আছিল। তেওঁলোকে ৰাস্তাত গৈ থাকোঁতে আৰু এজন ব্যক্তিয়ে তেওঁলোকক লগ দিলে আৰু সুধিলে যে তেওঁলোকে কি কথা পাতি আছে। তেওঁলোকে কʼলে, ‘আপুনি শুনা নাই নে, তিনি দিনৰ আগতে প্ৰধান পুৰোহিতসকলে যীচুক মাৰি পেলাইছিল। কিন্তু কিছুমান তিৰোতাই কৈছে যে তেওঁ আকৌ জীয়াই উঠিল।’ সেই মানুহজনে সুধিলে, ‘ভৱিষ্যবক্তাসকলৰ কথাত তোমালোকৰ বিশ্বাস নাই নে? তেওঁলোকে কৈছিল যে মচীহৰ মৃত্যু হʼব আৰু তেওঁক আকৌ জীয়াই তোলা হʼব।’ তেওঁ তেওঁলোকক শাস্ত্ৰৰ কথা বুজাই থাকিল। যেতিয়া তেওঁলোকে ইন্মায়ূ গৈ পালে, তেতিয়া শিষ্যসকলে তেওঁক নিজৰ লগত আহিবলৈ কʼলে। সন্ধিয়া যেতিয়া তেওঁ ৰুটিৰ কাৰণে প্ৰাৰ্থনা কৰিলে, তেতিয়া তেওঁলোকে চিনি পালে যে সেই মানুহজন যীচুৱেই হয়। সেই সময়তে যীচু তাৰ পৰা নাইকিয়া হৈ গʼল।
দুয়োজন শিষ্যই লগে লগে যিৰূচালেমৰ সেইখন ঘৰলৈ গʼল, যʼত পাঁচনিসকলে গোট খাইছিল আৰু তেওঁলোকৰ লগত যি যি হৈছিল, সেই সকলো কথা তেওঁলোকক জনালে। যেতিয়া তেওঁলোকে ঘৰৰ ভিতৰত আছিল, তেতিয়া যীচুৱে সকলোকে দেখা দিলে। প্ৰথমে সেই মানুহজন যীচুৱেই হয় বুলি পাঁচনিসকলৰ বিশ্বাস হোৱা নাছিল। সেইবাবে, যীচুৱে তেওঁলোকক কʼলে, ‘মোৰ হাতখন চোৱা আৰু মোক চুই চোৱা। শাস্ত্ৰত লিখা আছে মচীহক মৃত লোকসকলৰ মাজৰ পৰা আকৌ জীয়াই তোলা হʼব।’
“ময়েই সেই ৰাস্তা, সত্য আৰু জীৱন হওঁ। মোৰ যোগেদি নাহিলে পিতৃৰ ওচৰলৈ কোনেও আহিব নোৱাৰে।”—যোহন ১৪:৬