কাহিনী ১০৩
বন্ধ কোঠালিৰ ভিতৰত
পিতৰ আৰু যোহনে গুহাটোৰপৰা উভতি যোৱাৰ পাছত, মৰিয়মে তাতে থিয় হৈ কান্দিবলৈ ধৰিলে। তাই আকৌ গুহাটোৰ ভিতৰলৈ চাই পঠিয়ালে। গুহাটোৰ ভিতৰত তাই দুজন স্বৰ্গদূতক দেখা পালে। ইয়াৰ বিষয়ে আগৰ কাহিনীটোৰ ছবিখনত দেখুৱা হৈছে। স্বৰ্গদূতকেইজনে তাইক সুধিলে: ‘হে নাৰি, তুমি কিয় কান্দিছা?’
মৰিয়মে উত্তৰ দিলে: ‘কোনোবাই মোৰ প্ৰভুক নিলে। কিন্তু তেওঁক কʼত থʼলে, তাক মই নাজানো।’ ইয়াৰ পাছত তাই পিছফালে ঘূৰি, এজন মানুহক দেখা পালে। মানুহজনে তাইক সুধিলে: ‘হে নাৰি, তুমি কাক বিচাৰিছা?’
মৰিয়মে এই মানুহজনক এজন মালী বুলি ভাবিলে। তেৱেঁই যীচুৰ মৃতদেহটো গুহাৰপৰা নিছে বুলি ভাবি মৰিয়মে কʼলে: ‘হে মহাশয়, আপুনি যদি তেওঁক এই ঠাইৰপৰা নিছে, তেন্তে কʼত থৈছে মোক কওক।’ আচলতে এই মানুহজন মালী নহয়, কিন্তু যীচু। তেওঁ এনে এক শৰীৰ ধাৰণ কৰিছে যাক মৰিয়মে চিনি পোৱা নাই। কিন্তু যেতিয়া যীচুয়ে তাইক নাম ধৰি মাতিলে, তেতিয়া মৰিয়মৰ আৰু বুজিবলৈ বাকী নাথাকিল যে তেওঁ কোন হয়। তাই খৰ-খেদাকৈ গৈ শিষ্যসকলক কʼলে: ‘মই প্ৰভুক দেখিলো!’
সেইদিনাখনেই দুজন শিষ্যই ইন্মায়ু নামৰ এখন নগৰলৈ গৈ আছিল। যাত্ৰাৰ সময়ত এজন মানুহে তেওঁলোকৰ লগত যোগ দিয়ে। যীচুৰ মৃত্যুত শিষ্যকেইজন বৰ দুখিত। কিন্তু তেওঁলোকৰ লগত যাত্ৰা কৰা মানুহজনে শাস্ত্ৰৰপৰা বহুতো কথা শিষ্যকেইজনক বৰ্ণনা কৰে। শাস্ত্ৰৰপৰা বৰ্ণনা শুনি তেওঁলোকৰ ভাল লাগিল। যেতিয়া তেওঁলোকে আহাৰ খাবলৈ এঠাইত ৰʼল, তেতিয়া শিষ্যকেইজনে মানুহজন যীচু হয় বুলি চিনি পালে। লগে লগে যীচু অদৃশ্য হʼল। ইয়াৰ বিষয়ে পাঁচনিসকলক জনাবলৈ শিষ্যকেইজনে যিৰূচালেমলৈ উভতি গʼল।
এই ঘটনাৰ পাছত যীচুয়ে এইবাৰ পিতৰক দেখা দিলে। ইয়াৰ বিষয়ে শুনি আন শিষ্যসকলেও আনন্দিত হʼল। এতিয়ালৈকে সেই দুজন শিষ্যয়েও যিৰূচালেম পালেহি। তেওঁলোকে পাঁচনিসকলক সাক্ষাৎ কৰি, বাটত হোৱা সকলো ঘটনা বৰ্ণনা কৰিলে। তেওঁলোকে এইবোৰ কৈ থাকোঁতেই এক আচৰিত ঘটনা ঘটিল। তোমালোকে জানানে তাত কি হʼল?
ছবিখনলৈ চোৱাচোন। যীচু তেওঁলোকৰ মাজত উপস্থিত হৈছে। কিন্তু মন কৰিবলগীয়া কথা যে পাঁচনিসকলে থকা এই কোঠালিটোৰ দুৱাৰখন বন্ধ আছিল। তেওঁলোকৰ বাবে এই দিনটো এক আনন্দৰ দিন নহয়নে? যীচুক দেখি তেওঁলোকে নিশ্চয় আনন্দিত হৈছিল। এতিয়ালৈকে যীচুয়ে তেওঁৰ শিষ্যসকলক কেইবাৰ দেখা দিলে তোমালোকে কʼব পাৰিবানে? পাঁচবাৰ নহয়নে বাৰু?
যীচুয়ে কোঠালিটোত উপস্থিত হোৱাৰ সময়ত, থোমা নামৰ পাঁচনিজনে তেওঁলোকৰ মাজত নাছিল। শিষ্যসকলে তেওঁক কʼলে: ‘আমি প্ৰভুক দেখিলো।’ কিন্তু থোমাই কʼলে যে যেতিয়ালৈকে তেওঁ যীচুক নিজ চকুৰে নেদেখে, তেতিয়ালৈকে বিশ্বাস নকৰে। এই ঘটনা ঘটাৰ আঠদিনৰ পাছত, শিষ্যসকলে এটা বন্ধ কোঠালিত একেলগে আছিল। এইবাৰ থোমাও তেওঁলোকৰ লগত আছে। হঠাতে সেই বন্ধ কোঠালিত যীচু উপস্থিত হয়। যীচুক দেখি থোমাই বিশ্বাস কৰিলে।