ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ১০২
  • যীচু পুনৰ জীৱিত হʼল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচু পুনৰ জীৱিত হʼল
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • যীচুক জীয়াই তোলা হʼল
    বাইবেলৰ পৰা শিকোঁ আহা
  • বন্ধ কোঠালিৰ ভিতৰত
    বাইবেলৰ কাহিনী
বাইবেলৰ কাহিনী
my কাহিনী ১০২
যীচুৰ মৃতদেহ ৰখা গুহাত দুজন স্বৰ্গদূতে, মদলীনী মৰিয়মক যীচুৰ পুনৰুত্থানৰ বিষয়ে বৰ্ণনা কৰিছ

কাহিনী ১০২

যীচু পুনৰ জীৱিত হʼল

ছবিখনত দেখুৱা এই তিৰোতাগৰাকী আৰু দুজন পুৰুষ কোন হয় তোমালোকে জানানে? তিৰোতাগৰাকীৰ নাম হৈছে মগ্দলীনী মৰিয়ম আৰু তাই যীচুৰ শিষ্যা হয়। বগা কাপোৰ পিন্ধি থকা লোককেইজন হৈছে স্বৰ্গদূত। এই সৰু কোঠালিটোত যীচুৰ মৃতদেহ ৰখা হৈছিল। প্ৰকৃততে এইটো এটা গুহা হয়। মৰিয়মে ইয়াত যীচুৰ মৃতদেহটো বিচাৰিছে। কিন্তু এতিয়া ইয়াত যীচুৰ মৃতদেহটো নাই? মৃতদেহটো ইয়াৰপৰা কোনে লৈ গʼল? আহাঁ আমি ইয়াৰ বিষয়ে চালি-জাৰি চাওঁ।

যীচুৰ মৃত্যুৰ পাছত পুৰোহিতসকলে পীলাতক কʼলে: ‘হে মহাশয়, সেই প্ৰবঞ্চকে জীয়াই থাকোঁতে কৈছিল, তিনিদিনৰ মূৰত মই পুনৰায় উঠিম, এই কথা আমাৰ মনত পৰিছে। এই হেতুকে তৃতীয়দিনলৈকে তাৰ মৈদাম ৰাখিবলৈ আজ্ঞা দিয়ক। কিজানি তাৰ শিষ্যবিলাকে আহি তাক চুৰ কৰি মানুহবিলাকক কʼব, তেওঁ মৃতবিলাকৰ মাজৰপৰা উঠিল।’ তেওঁলোকৰ কথা শুনাৰ পাছত পীলাতে গুহাটোক পহৰা দিবলৈ আজ্ঞা কৰিলে।

কিন্তু যীচুৰ মৃত্যুৰ পাছত তৃতীয়দিনাখন ৰাতিপুৱা হঠাতে যিহোৱাৰ এজন স্বৰ্গদূতে গুহাটোৰ ওচৰত উপস্থিত হয়। তেওঁ গুহাটোৰপৰা শিলচটা বগৰাই দিয়ে। এই ঘটনা দেখি সৈনিকবোৰে ভয়ত পেপুৱা লাগিল। ইয়াৰ পাছত তেওঁলোকে গুহাটোৰ ভিতৰত যীচুৰ মৃতদেহটো দেখা নাপালে। কেইজনমান সৈন্যই নগৰলৈ গৈ পুৰোহিতসকলক সকলো কথা বিবৰি কʼলে। সেই দুষ্ট পুৰোহিতসকলে কি কৰিলে তোমালোকে জানানে? তেওঁলোকে সৈন্যকেইজনক মিছা কথা কʼবলৈ ধন দিলে আৰু এইদৰে কʼবলৈ কʼলে: ‘আমি ৰাতি টোপনিত থাকোঁতে, তাৰ শিষ্যবিলাকে আহি, তাৰ মৃতদেহটো চুৰ কৰি নিলে।’

ইতিমধ্যে যীচুৰ কিছুমান শিষ্যাই গুহাটোৰ ওচৰত উপস্থিত হয়। গুহাটোৰ ভিতৰত মৃতদেহটো নেদেখি তেওঁলোক বৰ আচৰিত হʼল। হঠাতে তেওঁলোকে শুদ্ধ বগা কাপোৰ পিন্ধা দুজন স্বৰ্গদূতক দেখা পালে। তেওঁলোকে শিষ্যাকেইজনীক সুধিলে: ‘যীচুক তোমালোকে কিয় বিচাৰিছা? তেওঁ পুনৰ জীৱিত হʼল। তোমালোকে বেগাই গৈ তেওঁৰ শিষ্যবিলাকক এই কথা কোৱাগৈ।’ শিষ্যসকলক এই খবৰ দিবলৈ তিৰোতাকেইজনীয়ে দৌৰিবলৈ ধৰিলে। কিন্তু গৈ থাকোঁতে হঠাতে এজন পুৰুষৰ লগত তেওঁলোকৰ সাক্ষাৎ হʼল। তেওঁ কোন হয় তোমালোকে কʼব পাৰিবানে? তেওঁ যীচু হয়! যীচুয়ে তেওঁলোকক কʼলে: ‘তোমালোক যোৱা, মোৰ শিষ্যবিলাকক ইয়াৰ খবৰ দিয়াগৈ।’

তিৰোতাকেইজনীয়ে শিষ্যসকলকৰ ওচৰলৈ গৈ যীচু পুনৰ জীৱিত হোৱা আৰু তেওঁক দেখাৰ খবৰটো জনায়। শিষ্যসকলে কিন্তু তেওঁলোকৰ কথা বিশ্বাস কৰিবলৈ টান পালে। তিৰোতাকেইজনীৰ কথা সঁচা হয় নে নহয়, তাক চাবলৈ পিতৰ আৰু যোহনে গুহাটোলৈ দৌৰি গʼল। গুহাটোলৈ আহি তেওঁলোকে একো দেখা নাপালে। পিতৰ আৰু যোহনে তাৰপৰা উভতি আহিল, কিন্তু মগ্দলীনী মৰিয়মে গুহাটোৰ ওচৰতে থিয় হৈ থাকিল। অলপ পাছত তাই আকৌ গুহাটোৰ ভিতৰলৈ চালে, কিন্তু এইবাৰ তাই দুজন স্বৰ্গদূতক দেখা পালে।

যীচুৰ মৃতদেহটো কি হʼল তোমালোকে জানানে? ঈশ্বৰে তাক নাইকিয়া কৰিলে। ঈশ্বৰে যীচুক শাৰীৰিকৰূপে পুনৰ জীৱিত কৰা নাছিল। তেওঁক স্বৰ্গদূতসকলৰ দৰে আত্মিকৰূপে পুনৰ জীৱিত কৰা হৈছিল। কিন্তু তেওঁ যে পুনৰ জীৱিত হʼল, তাৰ প্ৰমাণ দিবলৈ তেওঁ মানৱৰ শৰীৰ ধাৰণ কৰিছিল। ইয়াৰ বিষয়ে আমি পৰৱৰ্তী অধ্যায়ত শিকিবলৈ পাম।

মথি ২৭:৬২-৬৬; ২৮:১-১৫; লূক ২৪:১-১২; যোহন ২০:১-১২.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক