ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bm অংশ ১৯ পৃষ্ঠা ২২
  • যীচুৰ সুদূৰপ্ৰসাৰী ভৱিষ্যতবাণী

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচুৰ সুদূৰপ্ৰসাৰী ভৱিষ্যতবাণী
  • বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • মিল থকা বিষয়
  • আপুনি যীচুৰ পুনৰাগমনৰ সম্পৰ্কে দিয়া চিহ্নবোৰ চিনিব পাৰিছেনে?
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যীচুৰ পুনৰুত্থান!
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
bm অংশ ১৯ পৃষ্ঠা ২২
জৈতুন পৰ্ব্বতত যীচুৱে শিষ্যসকলক শেষ-কালৰ বিষয়ে বৰ্ণনা কৰিছ

অধ্যায় ১৯

যীচুৰ সুদূৰপ্ৰসাৰী ভৱিষ্যতবাণী

ৰজাৰূপে তেওঁৰ উপস্থিতি আৰু এই ব্যৱস্থাৰ ধ্বংসৰ বিষয়ে যীচুয়ে ভৱিষ্যতবাণী কৰিছিল

জৈতুন পৰ্ব্বতৰপৰা, যিৰূচালেম আৰু তাত থকা উপাসনা গৃহটো ভালদৰে দেখা পোৱা গৈছিল। এই পৰ্ব্বততে, যীচুয়ে কোৱা কিছুমান বিষয়ৰ ওপৰত তেওঁৰ চাৰিজন শিষ্যই প্ৰশ্ন কৰিলে। ইয়াৰ অলপ আগতে যিৰূচালেমত থকা উপাসনা গৃহৰ ধ্বংসৰ বিষয়ে যীচুয়ে শিষ্যসকলক কৈছিল। আন এক সময়ত যীচুয়ে তেওঁলোকক ‘জগতৰ শেষ’ হোৱাৰ বিষয়ে উল্লেখ কৰিছিল। (মথি ১৩:৪০, ৪৯) এতিয়া শিষ্যসকলে যীচুক প্ৰশ্ন কৰিলে, “আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিন কি?”—মথি ২৪:৩.

প্ৰকৃততে যিৰূচালেম ধ্বংস হোৱাৰ আগতে কি হʼব তাৰ বিষয়ে যীচুয়ে তেওঁলোকক বৰ্ণনা কৰে। যীচুয়ে কোৱা এই কথাবোৰ মাত্ৰ সেই সময়ত পূৰ হʼবলগীয়া আছিল এনে নহয়, কিন্তু ইয়াৰ পূৰ্ণতা ভৱিষ্যতলৈ গোটেই পৃথিৱীজোৰি হʼবলগীয়া আছিল। যীচুয়ে কিছুমান ঘটনা আৰু পৰিস্থিতিক চিন হিচাবে ভৱিষ্যতবাণী কৰিছিল। যেতিয়া এই চিনবোৰ পূৰ হোৱা দেখিবলৈ পোৱা যাব, তেতিয়া ইয়াৰপৰা কʼব পাৰি যে যীচুয়ে স্বৰ্গত ৰজাৰূপে শাসন কৰিবলৈ আৰম্ভ কৰিছে। আন এক কথাত কʼবলৈ গʼলে, যিহোৱা ঈশ্বৰে যীচুক সেই ৰাজ্যৰ ৰজা হিচাবে নিযুক্ত কৰিছে যাৰ বিষয়ে বহু আগতেই ভৱিষ্যতবাণী কৰা হৈছিল। এই চিনবোৰে ইয়াকো প্ৰমাণ কৰে যে অতি সোনকালে মচীহৰ ৰাজ্যই এই পৃথিৱীৰ দুষ্টতাক নাইকিয়া কৰিব আৰু গোটেই মানৱ জাতিৰ বাবে শান্তি কঢ়িয়াই আনিব। যীচুৰ ভৱিষ্যতবাণীবোৰৰপৰা কʼব পাৰি যে এই দুষ্ট ব্যৱস্থা—ধাৰ্ম্মিক, ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থাৰ অতি সোনকালে অন্ত হʼবলগীয়া আছে। এই সকলোৰে অন্তত এক নতুন ব্যৱস্থাই শাসন কৰিব।

যীচুয়ে স্বৰ্গত ৰজাৰূপে শাসন আৰম্ভ কৰাৰ সময়ত এই পৃথিৱীত কি হʼব তাৰ বিষয়ে তেওঁ জনাইছিল। গোটেই পৃথিৱীজোৰি যুদ্ধ, আকাল, ভূমিকম্প আৰু বিভিন্ন ধৰণৰ বেমাৰ হোৱাৰ বিষয়ে যীচুয়ে উল্লেখ কৰিছে। বেয়া কামবোৰ বেছিকৈ হʼবলৈ ধৰিব। যীচুক অনুকৰণ কৰা সকলে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে গোটেই পৃথিৱীজোৰি ঘোষণা কৰিব। এই সকলোৰে অন্ত এক ‘মহাক্লেশৰ’ যোগেদি হʼব, যি আগতে কেতিয়াও হোৱা নাই।—মথি ২৪:২১.

এই মহাক্লেশ কেতিয়া আৰম্ভ হʼব তাৰ বিষয়ে যীচুৰ শিষ্যসকলে কেনেকৈ জানিব? যীচুয়ে ইয়াৰ উত্তৰত এইদৰে কৈছিল, ‘ডিমৰু গছৰ দৃষ্টান্তৰপৰা শিকা।’ (মথি ২৪:৩২) ডিমৰু গছৰ ঠালৰপৰা যেতিয়া কুঁহি পাত মেলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি কʼব পাৰি। ঠিক সেইদৰে, যি কালত যীচুয়ে ভৱিষ্যতবাণী কৰা চিনবোৰ দেখিবলৈ পোৱা যাব, তেতিয়া এই দুষ্ট ব্যৱস্থাৰ বিনাশৰ কাষ চাপিছে বুলি কʼব পাৰি। এই মহাক্লেশ কেতিয়া আৰম্ভ হʼব তাৰ বিষয়ে কোনেও নাজানে, কিন্তু মাত্ৰ যিহোৱা ঈশ্বৰেহে জানে। সেইবাবে যীচুয়ে তেওঁৰ শিষ্যসকলক কৈছিল, “পৰ দি প্ৰাৰ্থনা কৰি থকা; কিয়নো সেই কাল কেতিয়া হব তাক তোমালোকে নাজানা।”—মাৰ্ক ১৩:৩৩.

—এই অংশ মথি ২৪ আৰু ২৫ অধ্যায়; মাৰ্ক ১৩; লূক ২১ অধ্যায়ৰ আধাৰত।

  • যীচুৰ শিষ্যসকলে কি জানিব বিচাৰিছিল?

  • যীচুয়ে দিয়া চিনবোৰৰ অৰ্থ কি, আৰু এই চিনবোৰে কি চিত্ৰিত কৰে?

  • যীচুয়ে তেওঁৰ শিষ্যসকলক কি পৰামৰ্শ দিছিল?

খ্ৰীষ্টৰ উপস্থিতিৰ চিন

আমি যে শেষ-কালত বাস কৰিছোঁ তাৰ বিষয়ে যীচুয়ে কিছুমান চিন ভৱিষ্যতবাণী কৰিছিল। এই চিনবোৰৰ দ্বাৰা আমি জানিব পাৰিম যে বৰ্তমানৰ এই দুষ্ট ব্যৱস্থাক ঈশ্বৰে ধ্বংস কৰাৰ সময় নিচেই কাষ চাপিছে। যীচুয়ে ভৱিষ্যতবাণী কৰা সকলো চিন প্ৰথম বিশ্ব যুদ্ধৰপৰা বৰ্তমানলৈকে দেখিবলৈ পোৱা গৈছে। গোটেই পৃথিৱীজোৰি হোৱা ধাৰ্ম্মিক, ৰাজনৈতিক আৰু সামাজিক পৰিৱৰ্তনে, এই দুষ্ট ব্যৱস্থাক ধ্বংসৰ পথলৈ লৈ গৈছে আৰু ইয়াক ধ্বংস হোৱাৰপৰা কোনেও ৰক্ষা কৰিব নোৱাৰে। যীচুয়ে তেওঁৰ অনুগামীসকলক কৈছিল যে যদি তেওঁলোকে এই ধ্বংসৰপৰা ৰক্ষা পাব বিচাৰে, তেনেহʼলে তেওঁলোকে, “পৰ দি” থাকিব লাগিব আৰু বুদ্ধিমতাৰে কাম কৰিব লাগিব। ইয়াৰ লগতে তেওঁলোকে সাৰ্ব্বভৌমত্বৰ বিষয়ে যিহোৱাৰ পক্ষে থিয় দিয়া অতি আৱশ্যক a।—লূক ২১:৩৬; মথি ২৪:৩-১৪.

a যীচুয়ে কৰা ভৱিষ্যতবাণীৰ বিষয়ে অধিক জানিবলৈ, বাইবেলে প্ৰকৃততে কি শিকায়? নামৰ কিতাপখনৰ ন অধ্যায়ত চাওক। এই কিতাপখন যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশ কৰা হৈছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক