ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৯৮
  • জৈতুন পৰ্ব্বতত

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জৈতুন পৰ্ব্বতত
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • যীচু স্বৰ্গলৈ উভতি গʼল
    বাইবেলৰ পৰা শিকোঁ আহা
  • “সময় আহিল”
    ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যীচু স্বৰ্গলৈ উভতি যোৱা
    বাইবেলৰ কাহিনী
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে আমাক কি শিকায়?
আৰু চাওক
বাইবেলৰ কাহিনী
my কাহিনী ৯৮
জৈতুন পৰ্ব্বতত যীচুৱে তেওঁৰ কেইজনমান পাঁচনিৰ লগত আলোচনা কৰিছ

কাহিনী ৯৮

জৈতুন পৰ্ব্বতত

ছবিখনলৈ চোৱাচোন। যীচুয়ে চাৰিজন পাঁচনিৰ সৈতে জৈতুন পৰ্ব্বতত বহি আছে। পাঁচনিকেইজনৰ নাম হৈছে আন্দ্ৰিয়, পিতৰ, যাকোব আৰু যোহন। এই পৰ্ব্বতৰপৰা যিৰূচালেম মন্দিৰটো ভালদৰে দেখা পোৱা যায়।

যিৰূচালেম মন্দিৰ

মাত্ৰ দুদিনৰ আগত যীচুয়ে গাধ পোৱালিত বহি যিৰূচালেমত প্ৰৱেশ কৰিছিল। আজি মঙ্গলবাৰ। যীচুয়ে ৰাতিপুৱাতে মন্দিৰলৈ যায়। তাত পুৰোহিতবিলাকে তেওঁক হত্যা কৰিব বিচাৰে। কিন্তু তাত উপস্থিত থকা বহুতোলোকে যীচুক ভাল পায় আৰু সেইবাবে পুৰোহিতবিলাকে তেওঁক হত্যা কৰিবলৈ ভয় কৰিছিল।

যীচুয়ে ধৰ্ম্মগুৰুসকলক সৰ্প আৰু কালসৰ্পৰ বংশৰ লগত তুলনা কৰিলে। যীচুয়ে কʼলে যে তেওঁলোকে কৰা বেয়া কাৰ্য্যবোৰৰ বাবে ঈশ্বৰে তেওঁলোকক শাস্তি দিব। ইয়াৰ পাছত যীচুয়ে মন্দিৰৰপৰা ওলাই জৈতুন পৰ্ব্বত পালেহি। ইয়াতেই তেওঁৰ চাৰিজন পাঁচনিয়ে তেওঁক কিছুমান প্ৰশ্ন কৰিলে। তেওঁলোকে যীচুক কি প্ৰশ্ন কৰিছিল তোমালোকে জানানে?

পাঁচনিকেইজনে যীচুক ভৱিষ্যতৰ বিষয়ে প্ৰশ্ন সুধিছে। তেওঁলোকে জানে যে যীচুয়ে পৃথিৱীৰপৰা সম্পূৰ্ণৰূপে দুষ্টতা নাইকিয়া কৰিব। কিন্তু তেওঁলোকে জানিব বিচাৰে যে এইবোৰ কেতিয়া হʼব? ৰজা হিচাপে শাসন কৰিবলৈ যীচুয়ে পুনৰ কেতিয়া আহিব?

যীচুয়ে জানে যে যেতিয়া তেওঁ ৰজা হিচাপে শাসন কৰিব, তেতিয়া এই পৃথিৱীত থকা তেওঁৰ পাঁচনিসকলে তেওঁক দেখা নাপাব। কিয়নো তেওঁ স্বৰ্গত থাকিব আৰু তেওঁৰ পাঁচনিসকলে পৃথিৱীত। সেইবাবে যীচুয়ে স্বৰ্গত ৰজা হিচাপে শাসন কৰাৰ সময়ত, পৃথিৱীত হʼবলগীয়া কিছুমান ঘটনাৰ বিষয়ে পাঁচনিকেইজনক বৰ্ণনা কৰে। এই ঘটনাবোৰনো কি?

যীচুয়ে তেওঁলোকক বৰ্ণনা কৰিলে যে সেইসময়ত যুদ্ধ, বেমাৰ, আকাল, অপৰাধ আৰু ভূমিকম্প আদি ঘটনাবোৰ ঘটিব। যীচুয়ে ইয়াকো কৈছিল যে গোটেই পৃথিৱীজোৰি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰা হʼব। যীচুয়ে বৰ্ণনা কৰা অনুসৰি বৰ্তমানে এই ঘটনাবোৰ আমাৰ চাৰিওফালে ঘটা নাইনে? নিশ্চয়! এইবোৰ দেখি আমি নিশ্চিত হʼব পাৰোঁ যে যীচুয়ে এতিয়া স্বৰ্গত শাসন কৰিছে। অতি সোনকালে তেওঁ গোটেই পৃথিৱীৰপৰা দুষ্টতা নাইকিয়া কৰিব।

মথি ২১:৪৬; ২৩:১-৩৯; ২৪:১-১৪; মাৰ্ক ১৩:৩-১০.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক