ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • rq পাঠ ৩ পৃষ্ঠা ৬-৭
  • যীচু খ্ৰীষ্ট কোন?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচু খ্ৰীষ্ট কোন?
  • ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • মিল থকা বিষয়
  • যীচু খ্ৰীষ্ট কোন হয়?
    ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • খ্ৰীষ্টৰ মুক্তিস্বৰূপ মূল্য হৈছে ঈশ্বৰৰ দ্বাৰা প্ৰবন্ধ কৰা পথ
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
rq পাঠ ৩ পৃষ্ঠা ৬-৭

পাঠ ৩

যীচু খ্ৰীষ্ট কোন?

যীচুক কিয় ঈশ্বৰৰ “প্ৰথমজাত” পুত্ৰ বুলি কোৱা হয়? (১)

তেওঁক কিয় “বাক্য” বুলি কোৱা হয়? (১)

যীচু কিয় মানব ৰূপে পৃথিবীলৈ আহিছিল? (২-৪)

তেওঁ কিয় আলৌকিক কামবোৰ কৰিছিল? (৫)

অদূৰ ভৰিষ্যতে যীচুৱে কি কৰিব? (৬)

১. পৃথিবীলৈ অহাৰ আগতে যীচুৱে এজন আত্মিক ব্যক্তি ৰূপে স্বৰ্গত বাস কৰিছিল। তেওঁ ঈশ্বৰ প্ৰথম সৃষ্টি আছিল আৰু সেই কাৰণে তেওঁক ঈশ্বৰৰ “প্ৰথমজাত” পুত্ৰ বুলি কোৱা হয়। (কলচীয়া ১:১৫; প্ৰকাশিত বাক্য ৩:১৪) একমাত্ৰ পুত্ৰ যীচুকে ঈশ্বৰে নিজে সৃষ্টি কৰিছিল। মানব অস্তিত্ব পূৰ্ব্বে যীচুক যিহোৱাই, স্বৰ্গত আৰু পৃথিবীত সকলো বস্তুক সৃষ্টি কৰিবলৈ, এজন নিপুণ কৰ্মী হিচাপে ব্যৱহাৰ কৰিছিল। (হিতোপদেশ ৮:২২-৩১; কলচীয়া ১:১৬, ১৭) ঈশ্বৰে তেওঁক তেওঁৰ প্ৰধান “বাৰ্তাবাহক” হিচাপেও ব্যৱহাৰ কৰিছিল। সেই বাবে তেওঁক “বাক্য” বুলি কোৱা হৈছে।—যোহন ১:১-৩; প্ৰকাশিত বাক্য ১৯:১৩।

২. ঈশ্বৰে তেওঁৰ পুত্ৰৰ জীৱন মৰিয়মৰ গৰ্ভত স্থানান্তৰ কৰি পৃথিবীলৈ পঠিয়ালে। গতিকে যীচুৰ কোনো এজনো মানব পিতৃ নাছিল। সেইহেতুকে তেওঁ কোনো পাপত উত্তৰধিকাৰি বা অশুদ্ধ নাছিল। তিনিটা উদ্দেশ্যৰ কাৰণে ঈশ্বৰে যীচুক এই পৃথিবীলৈ পঠিয়ালে, (১) ঈশ্বৰৰ বিষয়ে আমাক সত্যতা শিকাবলৈ (যোহন ১৮:৩৭) (২) আমাৰ অনুকৰণৰ বাবে, সিদ্ধ সৰ্ম্পক ৰাখি এটি আৰ্হি প্ৰস্তুত কৰিবলৈ (১ পিতৰ ২:২১) আৰু (৩) নিজৰ জীৱন বলিদান কৰি আমাক পাপ আৰু মৃত্যৰ পৰা মুক্তি দিবলৈ। এই বিলাক কিয় আৱশ্যক আছিল?—মথি ২০:২৮।

৩. প্ৰথম মানব আদম ঈশ্বৰৰ আজ্ঞা উলঙ্ঘান কৰি বাইবেলত কোৱাৰ দৰে “পাপ” কৰিলে। সেই বাবে ঈশ্বৰে তেওঁক মৰিবলৈ দণ্ডজ্ঞা, দিলে। (আদিপুস্তক ৩:১৭,১৯) তেওঁ ঈশ্বৰৰ নিয়ম বজাই ৰাখিব নোৱাৰিলে গতিকে তেওঁ কোনো প্ৰকাৰে সিদ্ধ হৈ নাথাকিল। ক্ৰমে তেওঁ বৃদ্ধ হব ধৰিলে আৰু মৰিল। আদমে কৰা পাপ তেওঁৰ সকলো সন্তানলৈ বিয়পি গল। সেইবাবে আমি বুঢ়া, বেমাৰী, আৰু মৃত্য হʼও। কেনেকৈ মানবজাতীয়ে ৰক্ষা পাব পাৰিলেহেতঁন?—ৰোমীয়া ৩:২৩; ৫:১২।

৪. আদমৰ নিচিনাকৈ যীচুৱে এজন সিদ্ধ মানব আছিল। যীচু যদিও আদমৰ নিচিনা, কঠিন পৰিক্ষাৰ মাজত থাকিও ঈশ্বৰৰ প্ৰতি সিদ্ধ বাধ্যতা আছিল। গতিকে তেওঁৰ সিদ্ধ মানব জীৱন আদমৰ পাপৰ বিনিময়ত বলিদান কৰিব পাৰিলে। সেই হেতুকে বাইবেলত ইয়াক “জৰিমনা” বুলি উল্লেখ কৰিছে। এনেদৰে আদমৰ সন্তান মৃত্যু দণ্ডজ্ঞা পৰা মুক্তি লাভ কৰিব পাৰিলে। যিসকলে যীচু খ্ৰীষ্টৰ ওপৰত বিস্বাস কৰে, তেওঁলোকৰ পাপ ক্ষমা কৰা হব আৰু অনন্ত কালৰ জীৱন লাভ কৰিব পাৰিব।—১ তীমথিয় ২:৫,৬; যোহন ৩:১৬; ৰোমীয়া ৫:১৮, ১৯।

৫. পৃথিবীত থকা সময়ত যীচুৱে বহুতো ৰোগীক আৰোগ্য, ভোকতুৰক খাদ্য, আৰু ধুমুহা বতাহক শান্ত কৰিছিল, আনকি তেওঁ মৃতককো জীয়াই তুলিছিল। তেওঁ অলৌকিক কামবোৰ কিয় কৰিছিল? (১) যি সকল মানুহে কষ্টত আছিল তেওঁলোকৰ প্ৰতি দয়া জন্মিছিল আৰু তেওঁ তেওঁলোকক সহায় কৰিব বিচাৰিছিল। (২) তেওঁ অলৌকিক কামৰ যোগেদি প্ৰমাণ কৰি দেখুৱালে যে তেওঁ ঈশ্বৰৰ পুত্ৰ আছিল। (৩) সেইবোৰৰ দ্বাৰা এইটোও দেখুৱাইছিল যে যেতিয়া তেওঁ সমূদায় পৃথিবীৰ ওপৰত ৰজা হৈ শাসন কৰি আজ্ঞাকাৰিতা মানবৰ বাবে কি কৰিব।—মথি ১৪:১৪; মাৰ্ক২:১০-১২; যোহন ৫:২৮, ২৯।

৬. যীচুৰ মৃত্যু হল কিন্তু তেওঁক ঈশ্বৰৰ দ্বাৰা এক আত্মিক ব্যক্তি ৰূপে পুনৰস্থিতত কৰিলে আৰু পুনৰায় স্বৰ্গলৈ উভতি গল। (১ পিতৰ ৩:১৮) তেতিয়াৰে পৰা ঈশ্বৰে তেওঁক ৰজা নিয়ুক্ত কৰিলে। অতি সোনকালে, যীচুৱে এই পৃথিবীত থকা সকলো দুষ্টতাক, আৰু কষ্টবিলাক গুচাই পেলাব।—গীতমালা ৩৭:৯-১১; হিতোপদেশ ২:২১, ২২।

[পৃষ্ঠাৰ ক্যাপ্‌শন ৭]

যীচুৰ পৰিচাৰ্য্যাত জৰিত্ব আছিলে শিক্ষা, অলোকিক কৰ্ম্ম, আৰু তেওঁ আমালৈ উচৰ্গ কৰা তেওঁৰ জীৱন

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক