ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w৯৯ ২/১৫ পৃষ্ঠা ১৩-১৮
  • খ্ৰীষ্টৰ মুক্তিস্বৰূপ মূল্য হৈছে ঈশ্বৰৰ দ্বাৰা প্ৰবন্ধ কৰা পথ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • খ্ৰীষ্টৰ মুক্তিস্বৰূপ মূল্য হৈছে ঈশ্বৰৰ দ্বাৰা প্ৰবন্ধ কৰা পথ
  • ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পাপ আৰু মৃত্যুক আঁতৰাই পেলোৱা
  • পাপৰ মূল্য পৰিশোধ কৰা
  • ‘এক সমতুল্য মুক্তিৰ মূল্য’
  • সিদ্ধ মানৱ জীৱনৰ মূল্য
  • খ্ৰীষ্টৰ মুক্তিস্বৰূপ মূল্যৰ পৰা লাভৱান হওঁক
  • মুক্তিস্বৰূপ মূল্য—প্ৰেমৰ এক প্ৰতীক
  • মুক্তিপণ—ঈশ্বৰৰ এক মহান উপহাৰ
    বাইবেলে আমাক কি শিকায়?
  • মুক্তিপণ—ঈশ্বৰৰ এক মহান উপহাৰ
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • মানৱজাতিক উদ্ধাৰৰ বাবে ঈশ্বৰে কি কৰিলে
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • যীচুৱে নিজৰ জীৱন দি আমাক কেনেকৈ ৰক্ষা কৰিলে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
w৯৯ ২/১৫ পৃষ্ঠা ১৩-১৮

খ্ৰীষ্টৰ মুক্তিস্বৰূপ মূল্য হৈছে ঈশ্বৰৰ দ্বাৰা প্ৰবন্ধ কৰা পথ

“ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।”—যোহন ৩:১৬.

১, ২. মানৱজাতিয়ে সন্মূখীন হৈ থকা বিপদজনক পৰিস্থিতিৰ সম্পৰ্কে বৰ্ণনা কৰক।

ক ল্পনা কৰক যে আপুনি এটা মাৰাত্মক ৰোগত ভোগী আছে, যদি অস্ত্ৰোপচাৰ কৰা নহয় তেতিয়াহʼলে ৰক্ষা পোৱাৰ কোনো পথ নাই। যদি অস্ত্ৰোপচাৰৰ খৰচ বহন কৰিব পৰাতকৈ বেছি হয় আপুনি কেনে অনুভৱ কৰিব? আপোনাৰ পৰিয়াল আৰু বন্ধুৰ সম্পত্তি বিক্ৰি কৰিও যদি অস্ত্ৰোপচাৰৰ খৰচ বহন কৰিব নোৱাৰে তেতিয়াহʼলে কি হব? এইধৰণে জীৱন আৰু মৃত্যুৰ মাজত যুজঁ কৰি থকাটো কি যে নিৰাশজনক হব!

২ এই উদাহৰণত বৰ্ণনা কৰাৰ দৰে সেই একেই ধৰণৰ পৰিস্থিতিত মানৱজাতিয়ে আজি ভোগী আছে। আমাৰ প্ৰথম পিতৃ-মাতৃ, আদম আৰু হৱাক সিদ্ধৰূপে সৃষ্টি কৰা হৈছিল। (দ্বিতীয় বিবৰণ ৩২:৪) “বহুবংশ হোৱা, আৰু বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা, আৰু তাক বশীভূত কৰা;” এই যি ভৱিষ্যতৰ আশীৰ্ব্বাদ দিয়া হৈছিল তাত তেওঁলোকে অনন্তকালৰ বাবে জীয়াই থাকি ঈশ্বৰৰ উদ্দেশ্য পূৰ্ণ কৰিব পাৰিলেহেঁতেন। (আদিপুস্তক ১:২৮) যিহেতু, আদম আৰু হৱাই তেওঁলোকৰ সৃষ্টিকৰ্ত্তাৰ বিৰোধে কাৰ্য্য কৰিলে। (আদিপুস্তক ৩:১-৬) তেওঁলোকে আজ্ঞা নমনাৰ ফলত অকলমাত্ৰ আদম আৰু হৱাই পাপ কৰিলে এনে নহয়, তেওঁলোকৰ অজন্মা সতি-সন্ততিও সেই পাপৰ ভাগী হʼল। বিশ্বাসী ইয়োবে এইদৰে কৈছিল: “অশুচিৰ পৰা শুচি কোনে উলিয়াব পাৰে? কোনেও নোৱাৰে।”—ইয়োব ১৪:৪

৩. মৃত্যু সকলো মানৱজাতিলৈ কেনেকৈ বিয়পি গʼল?

৩ পাপ সংক্ৰামক ৰোগৰ দৰে আমাৰ প্ৰত্যেকলৈ বিয়পি পৰিল, কিয়নো বাইবেলে বৰ্ণনা কৰিছে যে, “সকলোৱে পাপ কৰিলে।” ইয়াৰ ফলস্বৰূপে জীৱন বিপদগ্ৰস্ত হৈ পৰিল। দৰাচলতে “পাপৰ বেচ মৃত্যু” হʼল। (ৰোমীয়া ৩:২৩; ৬:২৩) আমাৰ কোনেও ইয়াৰ পৰা মুক্তি পাব নোৱাৰে। কিয়নো সকলো মানৱ পাপী, এইবাবে সকলো মানুহ মৰে। আদমৰ বংশধৰ হোৱাৰ বাবে আমি পাপত জন্মগ্ৰহণ কৰিলোঁ। (গীতমালা ৫১:৫) পৌলে লিখিছিল, “এজন মানুহৰ দ্বাৰাই পাপ, আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু সকলোৱে পাপ কৰাত, সেই মৃত্যু সকলো মানুহলৈকে ব্যাপি গল।” (ৰোমীয়া ৫:১২) কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে উদ্ধাৰৰ কোনো আশা নাই।

পাপ আৰু মৃত্যুক আঁতৰাই পেলোৱা

৪. মানুহে কিয় তেওঁলোকৰ বেমাৰ আৰু মৃত্যুক আতঁৰ কৰিবলৈ সক্ষম নহয়?

৪ পাপ আৰু ইয়াৰ পৰিণামস্বৰূপে হোৱা মৃত্যুক কিহে আঁতৰাই পেলাব? স্পষ্টৰূপে এনে কিবা আছে যি, মানুহে কৰিব পৰা ব্যৱস্থাতকৈ আৰু অধিক কৰিব। গীতমালা লিখকে শোক প্ৰকাশ কৰি কৈছিল: “তাৰ সলনি প্ৰায়শ্চিত্ত মূল্য ঈশ্বৰক দিব নোৱাৰিব। কাৰণ সিহঁতৰ প্ৰাণৰ মুক্তি দুৰ্ম্মূল্য; এই কাৰণে সেয়ে চিৰকাললৈকে থাওক।” (গীতমালা ৪৯:৮, ৯) আমি স্বাস্থ্যকাৰক খাদ্য আৰু চিকিৎসাৰ তত্ত্বৱধানৰ ফলত হয়তো আৰু কিছুকাল বেছি জীয়াই থাকিব পাৰিম, তথাপি আমাৰ কোনেও উত্তৰাধিকাৰীৰূপে পোৱা পাপময় অৱস্থাক আৰোগ্য কৰিব নোৱাৰে। আমাৰ কোনেও শাৰীৰিক অসমৰ্থ পৰিস্থিতিৰ পৰা ঘূৰাই সুস্থ শৰীৰ থকা পৰিস্থিতি পুনৰ স্থাপিত কৰিব নোৱাৰে যেনেকৈ ঈশ্বৰে আৰম্ভণিতে স্থিৰ কৰিছিল। পৌলে অৱশ্যে ৰহন সানি একো কোৱা নাছিল যেতিয়া তেওঁ লিখিছিল আদমৰ পাপৰ ফলত সৃষ্টিকৰা মানৱ “অসাৰতাৰ বশীকৃত হল”—বা ডা যিৰূচালেম বাইবেল (ইংৰাজী) অনুসাৰে, “উদ্দেশ্যত উপনীত হবলৈ অসমৰ্থ হʼল।” (ৰোমীয়া ৮:২০) তথাপি আনন্দৰ কথা এই যে, সৃষ্টিকৰ্ত্তাই আমাক পৰিত্যাগ কৰা নাই। তেওঁ আমাৰ সকলোকে পাপ আৰু মৃত্যুৰ দাসত্বৰ পৰা মুক্ত কৰিবলৈ প্ৰবন্ধ কৰিলে। কেনেকৈ?

৫. ইস্ৰায়েলসকলক দিয়া ব্যৱস্থাত কেনেকৈ ন্যায় প্ৰতি থকা গভীৰ বিবেচনাৰ প্ৰকাশ পাইছিল?

৫ যিহোৱাই “ধাৰ্ম্মিকতা আৰু ন্যায় বিচাৰ ভাল পায়।” (গীতমালা ৩৩:৫) ইস্ৰায়েলক যি ব্যৱস্থা-জৰী দিছিল তাত তেওঁ সঠিক ভাৰসাম্যতা আৰু পক্ষপাতহীন ন্যায়ৰ প্ৰতিফলিত হয়। উদাহৰণস্বৰূপে, এই নিয়ম ব্যৱস্থাত আমি পঢ়িবলৈ পাওঁ যে “প্ৰাণৰ সলনি প্ৰাণ।” আন শব্দত কবলৈ গলে, যদি এজন ইহুদীয়ে কোনোবা এজনক বধ কৰে তেওঁ নিজৰ প্ৰাণ সেই জনৰ পৰিৱৰ্তে দিব লাগিব যাক তেওঁ বধ কৰিছিল। (যাত্ৰাপুস্তক ২১:২৩; গণনা পুস্তক ৩৫:২১) এইদৰে ঐশ্বৰিক ন্যায় বিচাৰত ভাৰসাম্যতা বজাই ৰখা হল।—যাত্ৰাপুস্তক ২১:৩০ পদৰ সৈতে তুলনা কৰক।

৬. (ক) কি অৰ্থত আদমক হত্যাকাৰী বুলি কোৱা হʼল? (খ) কি ধৰণৰ জীৱন আদমে হেৰুৱালে, আৰু ন্যায়ৰ পৰিমাণৰ সৈতে ভাৰসাম্য ৰাখিবলৈ কিধৰণৰ বলিদানৰ আৱশ্যক আছিল?

৬ যেতিয়া আদমে পাপ কৰিলে, তেওঁ তেতিয়া হত্যাকাৰী হৈ পৰিল। কি অৰ্থত? তেওঁৰ পাপময় অৱস্থা—আৰু ইয়াৰ ফলত মৃত্যু—তেওঁৰ সকলো সতি-সন্ততিলৈ বিয়পি গʼল। ইয়াৰ কাৰণ হৈছে, আদমে অৱজ্ঞাকাৰী কৰাৰ দিনৰ পৰাই আমাৰ শৰীৰৰ অৱনতি ঘটিল আৰু মৃত্যুলৈ গতি কৰিলে। (গীতমালা ৯০:১০) আদমৰ পাপ আগতকৈও বেছি গম্ভীৰ যেন অনুমান হʼল। স্মৰণ কৰক আদমে নিজৰ আৰু তেওঁৰ সতি-সন্ততিৰ বাবে কি হেৰুৱালে যি কেৱলমাত্ৰ ৭০ বা ৮০ বছৰৰ জীৱন নাছিল। তেওঁ সিদ্ধ জীৱন—প্ৰকৃততে, অনন্ত জীৱন হেৰুৱালে। সেইবাবে “প্ৰাণৰ সলনি প্ৰাণ” দিয়া উচিত আছিল, এইক্ষেত্ৰত কিধৰণৰ জীৱন ন্যায়সঙ্গত হলেহেতেঁন? যুক্তিসঙ্গতভাৱে, ইয়াত এক সিদ্ধ মানৱ জীৱনৰ আৱশ্যক—এক জীৱন যিটো আদমৰ আছিল, যিয়ে ফলদায়কৰূপে সিদ্ধ মানৱ সতি-সন্ততি উৎপন্ন কৰিব পাৰিলেহেঁতেন। যদি শুদ্ধ মানৱ জীৱন বলিদানৰূপে উৎসৰ্গ কৰা হয়, তেতিয়াহʼলে অকলমাত্ৰ ন্যায়ৰ ভাৰসাম্যই নহয় কিন্তু পাপৰ আৰু ইয়াৰ ফলত হোৱা মৃত্যু সম্পূৰ্ণভাৱে নিৰ্মূল কৰা সম্ভৱ হব।

পাপৰ মূল্য পৰিশোধ কৰা

৭. “প্ৰায়শ্চিত্তৰ মূল্য” শব্দৰ অৰ্থ বৰ্ণনা কৰক।

৭ আমাক পাপৰ পৰা মুক্ত কৰা এই মূল্যক বাইবেলত “প্ৰায়শ্চিত্তৰ মূল্য” বুলি উল্লেখ কৰিছে। (গীতমালা ৪৯:৭,৮) অসমীয়াত সেই উক্তিটোক অপহৰণকাৰীয়ে আটক কৰি ৰখা সেই ব্যক্তিজনৰ মুক্তিৰ পৰিৱৰ্তে দিয়া ধন বুলি বৰ্ণনা কৰিব পাৰি। অৱশ্যে, যিহোৱাই প্ৰবন্ধ কৰা প্ৰায়শ্চিত্তৰ মূল্য অপহৰণকাৰীৰ সৈতে জড়িত নাই। কিন্তু মূল্য পৰিশোধ কৰা বিষয়টো সেই মূল্যৰ সৈতে একেই। দৰাচলতে, “প্ৰায়শ্চিত্তৰ মূল্য” ক্ৰিয়াপদতো হিব্ৰু ভাষাত ইয়াৰ প্ৰকৃতাৰ্থ অনুবাদৰ অৰ্থ হৈছে “আবৰ।” পাপ ক্ষমাৰ বাবে যি প্ৰায়শ্চিত্ত—আদমৰ সিদ্ধ মানৱ জীৱন সৈতে উপযুক্তৰূপে খাপ খায়।

৮. (ক) মুকলি ব্যৱস্থাৰ সিদ্ধান্তৰ সম্পৰ্কে বৰ্ণনা কৰক। (খ) আমি পাপী হোৱাৰ বাবে মুকলি ব্যৱস্থাৰ সিদ্ধান্তৰ সৈতে কেনেকৈ সম্পৰ্ক আছে?

৮ এইটো মোচিৰ সিদ্ধান্তত পোৱা ব্যৱস্থাৰ সামঞ্জস্য—মুকলি ব্যৱস্থাৰ সিদ্ধান্ত। যদি এজন ইহুদী ব্যক্তিয়ে দৰিদ্ৰতাৰ বাবে নিজকে পৰজাতিৰ হাতত নিজকে দাসত্ব হিচাবে বিক্ৰি কৰে তেতিয়াহʼলে তেওঁৰ আত্মীয়-স্ৰজনে দাসত্ব বাবে সমান মূল্য দি তেওঁক মোকলাব (মুক্তিৰ মূল্য দিব) পাৰে। (লেবীয়া পুস্তক ২৫:৪৭-৪৯) বাইবেলত অসিদ্ধ মানৱক “পাপৰ দাস” বুলি কোৱা হৈছে। (ৰোমীয়া ৬:৬; ৭:১৪, ২৫) আমাক কিহে মুকলি কৰিব পাৰিলেহঁতেন? যেনেকৈ আমি দেখিলোঁ যে মানৱ সিদ্ধতাক পুনৰ ঘূৰাই আনিবলৈ সিদ্ধ মানৱ জীৱনৰ আৱশ্যক—তাতকৈ বেছি বা কম পৰিমাণেও নহয়।

৯. পাপক আৱৰিবলৈ যিহোৱাই কেনেকৈ প্ৰবন্ধ কৰিলে?

৯ অৱশ্যে, আমি অসিদ্ধ মানৱৰূপে জন্ম গ্ৰহণ কৰোঁ। আমাৰ কোনেও আদমৰ সমান হব নোৱাৰে; আমাৰ কোনেও মুক্তিস্বৰূপ মূল্য দিব নোৱাৰে যেনেকৈ ন্যায়ে দাবী কৰিছে। যেনেকৈ আৰম্ভণিতে উল্লেখ কৰা হৈছে, যেনেকৈ আমি ৰোগত জীৱন আৰু মৃত্যুৰ মাজত যুজঁ কৰি আছোঁ আৰু আৰোগ্যৰ বাবে কৰা অস্ত্ৰোপচাৰৰ খৰচ কোনেও বহন কৰিব নোৱাৰে। এইধৰণৰ অৱস্থাত, যদি কোনো এজন মধ্যস্থ হৈ আমাক সেই খৰচ বহন কৰিবলৈ ধন দিয়ে তেনেহʼলে আমি তেওঁৰ প্ৰতি কৃতজ্ঞ নহমনে? এই একেইধৰণে যিহোৱাই কৰিলে! তেওঁ আমাক পাপৰ পৰা মুক্ত কৰিবলৈ এবাৰতে আৰু অনন্তকালৰ বাবে প্ৰৱন্ধ কৰিলে। হয়, আমি যিটো বহন কৰিবলৈ অক্ষম তেওঁ তাক বহন কৰাত আমাক সহায় কৰিবলৈ আগ্ৰহী হʼল। কেনেকৈ? পৌলে লিখিছিল, “ঈশ্বৰে দিয়া বৰ, আমাৰ প্ৰভু খ্ৰীষ্ট্‌ যীচুৰ দ্বাৰাই অনন্ত জীৱন।” (ৰোমীয়া ৬:২৩) যোহনে যীচুক ‘জগতৰ পাপ নিওঁতা ঈশ্বৰৰ মেৰ পোৱালি’ হিচাবে বৰ্ণনা কৰিছে। (যোহন ১:৩০) আহঁক আমি চাওঁ যিহোৱাই কেনেকৈ তেওঁৰ একমাত্ৰ পুত্ৰক মুক্তিস্বৰূপ মূল্য হিচাবে প্ৰয়োগ কৰিলে।

‘এক সমতুল্য মুক্তিৰ মূল্য’

১০. “বংশ” সম্পৰ্কে কৰা ভৱিষ্যতবাণী কেনেকৈ যোচেফ আৰু মৰিয়মলৈ নিৰ্দ্দেশিত কৰিলে?

১০ এদনত বাগিছাত বিৰোধ কৰা ক্ষন্তেক পাছতেই যিহোৱাই মানৱজাতিক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ এক “বংশ” বা ফল উৎপন্ন কৰিবলৈ তেওঁৰ উদ্দেশ্য সম্পৰ্কে ঘোষণা কৰিলে। (আদিপুস্তক ৩:১৫) যিহোৱাই এই বংশ উৎপন্ন হবলগীয়া পৰিয়ালৰ চিনাক্তৰ সম্পৰ্কে এক ঈশ্বৰীয় প্ৰণালীৰ দ্বাৰা প্ৰকাশ কৰিলে। যথাসময়ত সেই প্ৰকাশ যোচেফ আৰু মৰিয়মত স্পষ্ট হৈ পৰিল, যিসকলৰ যোৰণ হৈছিল আৰু পেলেষ্টীয়াত বাস কৰিছিল। এটা দৰ্শনত যোচেফক কোৱা হৈছিল যে মৰিয়ম পৱিত্ৰ আত্মাৰ দ্বাৰা গৰ্ভৱতী হৈছে। স্বৰ্গদূত জনে কৈছিল: “তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তুমি তেওঁৰ নাম যীচু থবা। কাৰণ তেৱেঁই নিজৰ লোকক তেওঁবিলাকৰ পাপবোৰৰ পৰা ত্ৰাণ কৰিব।”—মথি ১:২০, ২১.

১১. (ক) যিহোৱাই কেনেকৈ তেওঁৰ পুত্ৰক সিদ্ধৰূপে জন্ম গ্ৰহণ কৰিবলৈ প্ৰৱন্ধ কৰিলে? (খ) যীচুৱে কিয় ‘মুক্তিৰ মূল্যস্বৰূপে’ দিবলৈ সক্ষম হʼল?

১১ এইটো সাধাৰণ গৰ্ভধাৰণ নাছিল, কাৰণ যীচুৱে মানৱৰূপে জন্ম গ্ৰহণ কৰাৰ আগেই স্বৰ্গত আছিল। (হিতোপদেশ ৮:২২-৩১; কলচীয়া ১:১৫) যিহোৱাই তেওঁৰ অলৌকিক শক্তিৰ দ্বাৰা যীচুৰ জীৱন মৰিয়মৰ গৰ্ভলৈ ৰূপান্তৰিত কৰিলে, যাৰ বাবে ঈশ্বৰৰ একমাত্ৰ পুত্ৰ মানৱৰূপে জন্ম লবলৈ সক্ষম হʼল। (যোহন ১:১-৩, ১৪; ফিলিপীয়া ২:৬, ৭) যিহোৱাই এনেদৰে পৰিচালিত কৰিলে যাতে যীচু আদমৰ পাপৰ দ্বাৰা অসিদ্ধ নহয়। তাৰ বিপৰীতে যীচু সিদ্ধৰূপে জন্ম গ্ৰহণ কৰিলে। এইদৰে তেওঁ আদমে হেৰুৱা—সিদ্ধ মানৱ জীৱন লাভ কৰিলে। অৱশেষত, এজন মানুহ যিজনে পাপৰ মূল্য পৰিশোধ কৰিব পাৰিব! আৰু সঠিৰূপে সা.যু. ৩৩ চনৰ নিচান মাহৰ ১৪ তাৰিখে যীচুৱে তাকে কৰিলে। সেই ঐতিহাসিক দিনত, যীচুৱে নিজকে বিৰোধীসকলৰ হাতত মৃত্যু বৰণ কৰিবলৈ সোধাই দি নিজকে ‘মুক্তিৰ মূল্যস্বৰূপে’ দান কৰিলে।—১ তীমথিয় ২:৬.

সিদ্ধ মানৱ জীৱনৰ মূল্য

১২. (ক) যীচুৰ ক্লেশদায়ক মৃত্যু আৰু আদমৰ মৃত্যু ভিন্নতাক বৰ্ণনা কৰক। (খ) যীচুৱে কেনেকৈ আজ্ঞাকাৰী মানৱৰ “অনন্তকালস্থায়ী পিতৃ” হৈ পৰিল?

১২ ইয়াত যীচুৰ মৃত্যু আদমৰ মৃত্যুতকৈ ভিন্ন—সেই ভিন্নতাই মুক্তিস্বৰূপ মূল্যক গুৰুত্ব দিয়ে। আদমে ইচ্ছাকৃত্বভাৱে তেওঁৰ সৃষ্টিকৰ্ত্তাৰ আজ্ঞা লঙ্ঘন কৰি মৃত্যু বৰণ কৰিছিল। (আদিপুস্তক ২:১৬, ১৭) তাৰ বিপৰীতে যীচুৱে সম্পূৰ্ণকৈ আজ্ঞাকাৰী হৈ ‘পাপ নকৰি’ মৃত্যু বৰণ কৰিছিল। (১ পিতৰ ২:২২) সেইবাবে যীচু যেতিয়া মৰিল, তেওঁ আদমৰ মৃত্যুৱে প্ৰাপ্ত কৰিব নোৱাৰা—সিদ্ধ মানৱ জীৱনৰ মূল্য প্ৰদান কৰিলে। এইদৰে যীচুৰ মৃত্যুয়ে বলিদানৰ মূল্য দিছিল। আত্মিক ব্যক্তিৰূপে স্বৰ্গ আৰোহণ কৰি তেওঁ যিহোৱাৰ সন্মূখত বলিদানৰ মূল্য প্ৰস্তুত কৰিলে। (ইব্ৰী ৯:২৪) এইদৰে কাৰ্য্য কৰি যীচুৱে পাপী মানুহক কিনি ললে আৰু আদমৰ পৰিৱৰ্তে তেওঁ সকলোৰ বাবে নতুন পিতৃ হʼল। (১ কৰিন্থীয়া ১৫:৪৫) সেইবাবে যীচুক “অনন্তকালস্থায়ী পিতৃ” বুলি কোৱাতো উপযুক্ত কাৰণ হব। (যিচয়া ৯:৬) বিবেচনা কৰক ইয়াৰ অৰ্থ কি! আদম, এজন পাপী পিতৃ তেওঁৰ সকলো সতি-সন্ততিলৈ মৃত্যু কঢ়িয়াই আনিলে। যীচু এজন সিদ্ধ পিতৃ, বলিদানৰ মূল্য আজ্ঞাকাৰী মানৱলৈ প্ৰয়োগ কৰিলে।

১৩. (ক) যীচুৱে আদমৰ ঋণ পৰিশোধ কৰাৰ সম্পৰ্কে বাখ্যা কৰক। (খ) যীচুৰ বলিদানে কিয় প্ৰথম পিতৃ-মাতৃৰ পাপক আৱৰন নকৰে?

১৩ এজন মানুহৰ মৃত্যুৰ দ্বাৰা বহুতৰে পাপ কেনেকৈ ঢকা হʼল? (মথি ২০:২৬) কিছু বছৰৰ আগতে এক লেখত আমি মুক্তিস্বৰূপ মূল্যৰ সম্পৰ্কে এইদৰে বৰ্ণনা কৰিছিলোঁ: “এশৰো অধিক কৰ্মচাৰী থকা এটা বৃহৎ কাৰখানাক কল্পনা কৰক। কাৰখানাৰ এজন অসৎ মেনেজাৰৰ বাবে ব্যৱসায় দেউলীয়া হʼল; কাৰখানা বন্ধ হৈ পৰিল। এশৰো অধিক কৰ্মচাৰীয়ে হাতত এতিয়া কোনো কাম নাই আৰু তেওঁলোকে নিজৰ খৰচ বহন কৰিবলৈ অসমৰ্থ হৈ পৰিল। এজন মানুহৰ অসততাৰ বাবে তেওঁলোকৰ বিবাহ সঙ্গী, লৰা-ছোৱালী আৰু তেওঁলোকৰ ঋণদাতা কষ্টত ভোগীব লগীয়া হʼল! সেই সময়ত এজন ধনী ব্যৱসায়ী আহি কোম্পানীৰ সকলো ঋণ পৰিশোধ কৰিলে আৰু কাৰখানাক পুনৰ মুকলি কৰিলে। সেই ঋণ পৰিশোধ কৰা বাবে সকলো কৰ্মচাৰী, তেওঁলোকৰ পৰিয়ালবৰ্গ আৰু তেওঁলোকৰ ঋণদাতা সকলে উপশমৰ পৰা ৰেহাই পালে। কিন্তু আগৰ সেই মেনেজাৰ জনে এই নতুন কৃতকাৰ্য্যতাৰ কোনো ভাগ পাবনে? নাই কেতিয়াও তেওঁ কোনো ভাগ নাপাব, তেওঁক কাৰাগাৰত দিয়া হʼল আৰু চিৰদিনৰ বাবে তেওঁক কামৰ পৰা বৰখাস্ত কৰা হʼল! তেনেদৰে আদমৰ ঋণৰ পৰা মুক্ত কৰাৰ ফলত সকলো বংশধৰলৈ লাভৱান হʼল—কিন্তু আদমলৈ নহয়।”

১৪, ১৫. আদম আৰু হৱাক কিয় ইচ্ছাকৃত পাপী বুলি কোৱা হয়, আৰু আমাৰ অৱস্থা তেওঁলোকতকৈ কেনেকৈ ভিন্ন?

১৪ আদম আৰু হৱায়ে যে ইচ্ছাকৃভাৱে পাপ কৰিছিল তাক স্মৰণ কৰাটো ন্যায়সঙ্গত হব। তেওঁলোকে ঈশ্বৰৰ আজ্ঞা নামানিবলৈ বাছি লৈছিল। যাৰ বাবে আমি পাপত জন্ম গ্ৰহণ কৰিছোঁ। আমাৰ পছন্দ অনুসাৰে একো কৰিব নোৱাৰোঁ। যিমানে চেষ্টা নকৰোঁ কিয় আমি পাপৰ পৰা সম্পূৰ্ণৰূপে কেতিয়াও আতঁৰিব নোৱাৰোঁ। (১ যোহন ১:৮) কেতিয়াবা আমি পৌলৰ দৰে অনুভৱ কৰিব পাৰোঁ, তেওঁ যেনেকৈ লিখিছিল: “যেতিয়া উত্তম কৰ্ম্ম কৰিবলৈ মোৰ ইচ্ছা হয়, তেতিয়া মন্দ মোৰ ওচৰত থাকে, এনে এটা নিয়ম পাইছোঁ। কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ; কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা, আৰু মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত দেখোঁ। হায়, হায়, মই কেনে দুৰ্ভগীয়া মানুহ!”—ৰোমীয়া ৭:২১-২৪.

১৫ বৰ্তমান, মুক্তিৰ মূল্যস্বৰূপেৰ বাবে আমাৰ আশা আছে! যিহোৱাই কোৱা সেই বংশ হৈছে যীচু, যাৰ দ্বাৰাই ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল, “পৃথিবীৰ সমূদায় জাতি, তোমাৰ বংশতে আশীৰ্ব্বাদপ্ৰাপ্ত হব।” (আদিপুস্তক ২২:১৮; ৰোমীয়া ৮:২০) যিসকলে যীচুখ্ৰীষ্টৰ বলিদানত বিশ্বাস কৰে তেওঁলোকৰ বাবে মহান সুযোগৰ পথ মুকলি হয়। আহঁক আমি সেইবোৰৰ কিছমান বিবেচনা কৰোঁহঁক।

খ্ৰীষ্টৰ মুক্তিস্বৰূপ মূল্যৰ পৰা লাভৱান হওঁক

১৬. আমি পাপী হোৱাৰ স্বত্বেও, যীচুৰ মুক্তিস্বৰূপ মূল্যৰ পৰা বৰ্তমানে কি ধৰণৰ লাভসমূহত আনন্দ কৰি আছোঁ?

১৬ বাইবেলৰ লেখক যাকোবে স্বীকাৰ কৰিছে যে, “আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ।” (যাকোব ৩:২) খ্ৰীষ্টৰ মুক্তিস্বৰূপ মূল্যৰ বাবে আমি কৰা ভুলবোৰৰ ক্ষমা পাব পাৰোঁ। যোহনে লিখিছিল: “কোনোৱে যদিও পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্ত্তা ধাৰ্ম্মিক যীচু খ্ৰীষ্ট্‌ আছে। আৰু তেৱেঁই আমাৰ পাপৰ প্ৰায়শ্চিত্ত।” (১ যোহন ২:১, ২) অৱশ্যে আমি পাপক আওকাণ কৰা উচিত নহয়। (যিহূদা ৪; ১ কৰিন্থীয়া ৯:২৭ তুলনা কৰক।) যিহেতু, যদি আমি ভূল কৰোঁ আৰু হৃদয়ৰে যিহোৱাক প্ৰকাশ কৰিব পাৰোঁ তেনেত আমি নিশ্চিত হব পাৰোঁ, কিয়নো তেওঁ “দয়াত মহান।” (গীতমালা ৮৬:৫; ১৩০:৩, ৪; যিচয়া ১:১৮; ৫৫:৭; পাঁচনিৰ কৰ্ম্ম ৩:১৯) এইদৰে মুক্তিস্বৰূপ মূল্যই আমাক শুদ্ধ হৃদয়ৰে যিহোৱাক সেৱা কৰিবলৈ আৰু প্ৰাৰ্থনাত যীচু খ্ৰীষ্টৰ দ্বাৰা তেওঁৰ কাষ চাপিবলৈ সম্ভৱ কৰিব।—যোহন ১৪:১৩, ১৪; ইব্ৰী ৯:১৪.

১৭. মুক্তিস্বৰূপ মূল্যৰ বাবে কি ধৰণৰ ভৱিষ্যতৰ আশীৰ্ব্বাদ সম্ভৱ হʼল?

১৭ খ্ৰীষ্টৰ মুক্তিস্বৰূপ মূল্যই ঈশ্বৰৰ উদ্দেশ্য পূৰ্ণ হোৱাৰ পথ মুকলি কৰিলে—আজ্ঞাকাৰী মানৱে এই পৃথিবীৰ পৰমদেশত চিৰকালৰ বাবে জীৱিত্ব থাকিব। (গীতমালা ৩৭:২৯) পৌলে লিখিছিল: “কিয়নো ঈশ্বৰৰ যিমান প্ৰতিজ্ঞা নহওক, সেই হয় তেওঁতেই [যীচু] আছে।” (২ কৰিন্থীয়া ১:২০) এইটো সচাঁ যে “মৃত্যুৱে ৰাজত্ব পালে।” (ৰোমীয়া ৫:১৭) মুক্তিস্বৰূপ মূল্যই ঈশ্বৰে যে ‘শেষ শত্ৰুক’ সম্পূৰ্ণৰূপে আতঁৰ কৰিব তাৰ আশা প্ৰদান কৰিছে। (১ কৰিন্থীয়া ১৫:২৬; প্ৰকাশিত বাক্য ২১:৪) যীচুৰ মুক্তিস্বৰূপ মূল্যই সেইসকলৰ বাবেও লাভজনক যিসকলৰ মৃত্যু হৈছে। যীচুৱে কৈছিল, “কিয়নো যি কালত মৈদামত থকা সকলোৱে তেওঁৰ [যীচুৰ] মাত শুনি . . . ওলাব, সেই কাল আহিছে।”—যোহন ৫:২৮, ২৯; ১ কৰিন্থীয়া ১৫:২০-২২.

১৮. পাপৰ পৰা কিধৰণৰ কৰুণাত্মক প্ৰভাৱ মানৱৰ উপৰত আহিল, আৰু ঈশ্বৰৰ নতুন পৃথিবীত ইয়াক আতঁৰ কৰা হবনে?

১৮ বিবেচনা কৰক যে জীৱনৰ যি উদ্দেশ্য আছিল তাক অনুভৱ কৰাটো কিমান যে আনন্দপূৰ্ণ হব—বৰ্তমান যি ব্যাকুলতা আছে তাৰ পৰা সকাহ পোৱা! পাপে আমাক অকল মাত্ৰ ঈশ্বৰৰ পৰাই নহয় কিন্তু আমাৰ নিজৰ মন, হৃদয় আৰু শৰীৰৰ সামঞ্জস্যৰ পৰাও আতঁৰত ৰাখে। যিহেতু বাইবেলে আমাক প্ৰতিজ্ঞা কৰিছে যে ঈশ্বৰৰ নতুন পৃথিবীত, “মই নৰিয়া, এই বুলি নগৰ-নিবাসীয়ে নকব।” হয়, শাৰীৰিক আৰু মানসিক ৰোগ মানুহৰ ওপৰত আৰু পীড়িত নকৰিব। কিয়? যিচয়াই ইয়াৰ উত্তৰ দিছে: “তাত থকা লোকবিলাকৰ অপৰাধ ক্ষমা কৰা হব।”—যিচয়া ৩৩:২৪.

মুক্তিস্বৰূপ মূল্য—প্ৰেমৰ এক প্ৰতীক

১৯. ব্যক্তিগতৰূপে খ্ৰীষ্টৰ মুক্তিস্বৰূপ মূল্যক আমি কেনেকৈ প্ৰত্যুত্তৰ দিব পাৰোঁ?

১৯ প্ৰেমে যিহোৱাক নিজৰ একমাত্ৰ পুত্ৰক পঠিয়াবলৈ প্ৰভাৱিত কৰিলে। (ৰোমীয়া ৫:৮; ১ যোহন ৪:৯) সেই একেইদৰে প্ৰেমে যীচুক “ঈশ্বৰৰ অনুগ্ৰহত, সকলোৰে কাৰণে তেওঁ মৃত্যুৰ আশ্বাদ” পাবলৈ প্ৰভাৱিত কৰিলে। (ইব্ৰী ২:৯; যোহন ১৫:১৩) উত্তম কাৰণৰ সৈতে পৌলে লিখিছিল: “খ্ৰীষ্ট প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে; . . . তেওঁ সকলোৰে নিমিত্তে মৰিল, এই আশয়েৰে যেন জীৱন পোৱাবিলাকে নিজৰ নিমিত্তে আৰু নিজী, তেওঁবিলাকৰ অৰ্থে মৃত্যুভোগ কৰা আৰু পুনৰুত্থিত হোৱা জনাৰ নিমিত্তেহে যেন জীয়ে।” (২ কৰিন্থীয়া ৫:১৪, ১৫) যদি আমি যীচুৱে যি কৰিলে তাৰ প্ৰতি কৃতজ্ঞতা হওঁ তেতিয়াহʼলে আমি নিশ্চয়ে ইয়াৰ প্ৰত্যুত্তৰ দিম। অৱেশেষত মুক্তিস্বৰূপ মূল্যই আমাক মৃত্যুৰ পৰা ৰক্ষা পাবলৈ সম্ভৱ কৰি তুলিলে! অৱশ্যে আমি আমাৰ কাৰ্য্যৰ দ্বাৰা যীচুৰ মূল্যৱান বলিদানক কম মূল্যৰূপে প্ৰকাশ নকৰিম।—ইব্ৰী ১০:২৯.

২০. কি কি প্ৰকাৰে যীচুৰ “বাক্য” পালন কৰিব পাৰোঁ?

২০ আমি মুক্তিস্বৰূপ মূল্যৰ প্ৰতি কেনেকৈ আন্তৰিক প্ৰশংসা প্ৰদৰ্শন কৰিম? তেওঁক গ্ৰেপ্তাৰ কৰা অলপ আগতে, যীচুৱে এইদৰে কৈছিল: “কোনোৱে যদি মোক প্ৰেম কৰে, তেন্তে তেওঁ মোৰ বাক্য পালন কৰিব।” (যোহন ১৪:২৩) যীচুৰ ‘বাক্যত’ অন্তৰ্ভূক্ত আছে তেওঁৰ আজ্ঞা যিটো আমাক উৎসাহৰে পূৰ্ণ কৰিবলৈ দায়িত্ব দিয়া হৈছে: “এই হেতুকে তোমালোকে যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা।” (মথি ২৮:১৯) যীচুৰ আজ্ঞাকাৰী হবলৈ আমি আমাৰ আধ্যাত্মিক ভাইসকলক প্ৰেম দেখুৱা আৱশ্যক।—যোহন ১৩:৩৪, ৩৫.

২১. এপ্ৰিল ১ তাৰিখে স্মৰণীয় পৰ্ব্বত কিয় উপস্থিত হোৱা উচিত?

২১ মুক্তিস্বৰূপ মূল্যৰ প্ৰতি প্ৰশংসা দেখুৱাৰ সুন্দৰ সুযোগ হৈছে এই বছৰৰ খ্ৰীষ্টৰ মৃত্যুৰ স্মৰণীয় পৰ্ব্বৰ উদ্‌যাপনত উপস্থিত হোৱা, যি এই বছৰৰ এপ্ৰিল ১ তাৰিখে পালন কৰা হব।a এইটোও যীচুৰ ‘বাক্যৰ’ এটা ভাগ, কিয়নো যেতিয়া এই উদযাপনৰ আৰম্ভ হৈছিল, যীচুৱে তেওঁৰ অনুগামীসকলক আজ্ঞা দিছিল: “মোক সুৱৰিবলৈ ইয়াকে কৰা।” (লূক ২২:১৯) এই অতি আৱশ্যকীয় ঘটনাত আমি উপস্থিতি হʼম আৰু খ্ৰীষ্টৰ আজ্ঞাৰ প্ৰতি আমাৰ বেছি মনযোগ দিম, আমি আমাৰ দৃঢ় স্বীকাৰ কৰি প্ৰদৰ্শন কৰিম যে খ্ৰীষ্টৰ মুক্তিস্বৰূপ মূল্য হৈছে ঈশ্বৰৰ প্ৰবন্ধ কৰা উদ্ধাৰৰ পথ। সচাঁকৈ, “আন কতো পৰিত্ৰাণ নাই।”—পাঁচনিৰ কৰ্ম্ম ৪:১২.

[Footnotes]

a এই বছৰৰ এপ্ৰিল ১ তাৰিখটো, সা.যু. ৩৩ চনৰ নীচান ১৪ তাৰিখৰ সৈতে খাপ খাই, যি তাৰিখে যীচুৰ মৃত্যু হৈছিল। স্মৰণীয় পৰ্ব্ব উদ্‌যাপনৰ স্থান আৰু সময়ৰ বাবে স্থানীয় যিহোৱা সাক্ষীসকলৰ সৈতে যোগা-যোগ কৰক।

আপুনি স্মৰণ কৰেনে?

◻ মানৱজাতিয়ে কিয় তেওঁলোকৰ পাপী অৱস্থাৰ পৰা প্ৰায়শ্চিত্ত হব নোৱাৰে?

◻ কি প্ৰকাৰে যীচু ‘মুক্তিস্বৰূপ মূল্য’?

◻ যীচুৱে আমাৰ উপকাৰৰ বাবে কেনেকৈ তেওঁৰ শুদ্ধ মানৱ জীৱনৰ অধিকাৰক প্ৰয়োগ কৰিলে?

◻ যীচুৰ মুক্তিস্বৰূপ মূল্যই মানৱজাতিৰ বাবে কি আশীৰ্ব্বাদ কঢ়িয়াই আনিলে?

[Picture on page 15]

আদমৰ সমতুল্য—একমাত্ৰ শুদ্ধ মানৱ—যিয়ে ন্যায়ৰ পৰিমাণৰ সমান হব পাৰে

[Picture on page 16]

যিহেতু যীচুৰ সিদ্ধ মানৱৰ অধিকাৰ আছিল, তেওঁৰ মৃত্যুৱে বলিদানৰ মূল্য দান কৰিলে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক