ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w৯৯ ২/১৫ পৃষ্ঠা ১৮-২৩
  • প্ৰেমৰ কেতিয়াও লুপ্ত নহব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰেমৰ কেতিয়াও লুপ্ত নহব
  • ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • প্ৰেমে অহঙ্কাৰ নকৰিবলৈ সহায় কৰে
  • প্ৰেমে শান্তিপূৰ্ণ সম্পৰ্ক স্থাপন কৰে
  • প্ৰেমে আমাক সহন কৰিবলৈ সহায় কৰে
  • প্ৰেম—“উত্তম পথ”
  • প্ৰেমেৰে নিজকে গঢ়ি তোলক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • প্ৰকৃত প্ৰেম কিদৰে বিকাশিত কৰিব পাৰি
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
w৯৯ ২/১৫ পৃষ্ঠা ১৮-২৩

প্ৰেমৰ কেতিয়াও লুপ্ত নহব

“উত্তম উত্তম বৰলৈ হাবিয়াহ কৰা; তথাপি তাতকৈয়ো এক উত্তম পথ মই তোমালোকক দেখুৱাওঁ।”—১ কৰিন্থীয়া ১২:৩১.

১-৩. (ক) কেনেকৈ প্ৰেম প্ৰকাশ কৰিবলৈ শিকাটো এক নতুন ভাষা শিকাৰ সৈতে তুলনা কৰিব পাৰি? (খ) কি কি কাৰণত প্ৰেম প্ৰকাশ কৰিবলৈ শিকাটো প্ৰত্যহ্বানজনক হব পাৰে?

আ পুনি কেতিয়াবা নতুন ভাষা শিকিবলৈ চেষ্টা কৰিছেনে? কোনো এটা নতুন ভাষা শিকটো বহুত কঠিন কাম! অৱশ্যে, এজন শিশুৱে সহজতে নতুন ভাষা শিকিব পাৰে যদি সি সেই পৰিবেশত থাকি ডাঙৰ-দীঘল হয়। তেওঁৰ মগজে সহজে উচ্চাৰণ আৰু বাক্যৰ অৰ্থক বুজি পায়, অতি সোনকালে তেওঁ ভাষা কোৱাত পাকৈত হয় পৰে। কিন্তু বয়স্থসকলে তেনেকৈ শিকিব নোৱাৰে। আমি বিদেশী ভাষাৰ মাত্ৰ কিছুমান শব্দত পাকৈত হবলৈ বাৰে বাৰে অভিধান চাবলগীয়া হয়। লাহে লাহে নতুন ভাষাত জ্ঞান হোৱাৰ পাছত, আমি সহজে নতুন ভাষাত কথা কোৱা আৰু চিন্তা কৰাত পাকৈত হৈ পৰোঁ।

২ নতুন ভাষা শিকা দৰে আমি প্ৰেম প্ৰকাশ কৰিবলৈ শিকিব লাগে। বাস্তৱতে মানৱত এই ঈশ্বৰীয় গুণ আছে। (আদিপুস্তক ১:২৭; ১ যোহন ৪:৮ পদৰ লগত তুলনা কৰক।) এতিয়াও প্ৰেমক প্ৰকাশ কৰিবলৈ যথেষ্ট চেষ্টা কৰা আৱশ্যক—বিশেষ বৰ্তমান দিনত, যʼত ইয়াৰ অভাৱৰ কাৰণে প্ৰায় স্নেহহীন হৈ পৰিছে। (২ তীমথিয় ৩:১-৫) মাজে সময়ে ই পৰিয়ালৰ ক্ষেত্ৰটো সেই একেইদৰে দেখা পোৱা যায়। কিয়নো বহুতে কঠোৰ পৰিস্থিতিত মাজত থাকি ডাঙৰ-দীঘল হৈছে যʼত কাৎচিতে প্ৰেমেৰে কোৱা বাক্য শুনিব পোৱা যায়। (ইফিচীয়া ৪:২৯-৩১; ৬:৪) তেতিয়াহʼলে, এই সম্পৰ্কে কম মাত্ৰত অনুভৱ থকাৰ স্বৰ্ত্তেও—আমি কেনেকৈ প্ৰেম প্ৰকাশ কৰিবলৈ শিকিব পাৰোঁ?

৩ এই ক্ষেত্ৰত বাইবেলে আমাক সহায় কৰিব পাৰে। ১ কৰিন্থীয়া ১৩:৪-৮ পদত, পৌলে প্ৰেমৰ সম্পৰ্কে অনুভূতিহীনভাৱে বৰ্ণনা কৰা নাই, কিন্তু জীৱন্ত হিচাবে বৰ্ণনা কৰিছে যে প্ৰেমৰ কাৰ্য্যবোৰ উচ্চ প্ৰণালীৰ। এই পদসমূহক বিবেচনা কৰাৰ দ্বাৰা আমি ঈশ্বৰীয় গুণৰ চৰিত্ৰ সম্পৰ্কে জানিবলৈ আৰু ইয়াক উত্তমৰূপে প্ৰকাশ কৰিবলৈ প্ৰস্তুত হম। আহঁক আমি প্ৰেমৰ সম্পৰ্কে পৌলে বৰ্ণনা কৰা কিছু স্থিতিক বিবেচনা কৰোঁহঁক। আমি সেইবিলাকক বহলভাৱে তিনিটা ভাগত বিভক্ত কৰিম: আমাৰ আচাৰ-ব্যৱহাৰ; তাৰ পাছত বিশেষকৈ আনৰ লগত আমাৰ সম্পৰ্ক; আৰু শেষত আমাৰ ধৈৰ্য্য।

প্ৰেমে অহঙ্কাৰ নকৰিবলৈ সহায় কৰে

৪. (ক) কি কি পৰিস্থিতিত অন্তৰ্জ্বালা হোৱাটো সঠিক? (খ) কি ধৰণে আৰু কি প্ৰকাৰৰ অন্তৰ্জ্বালা হোৱাটো অনিষ্টকাৰক?

৪ প্ৰেমৰ সম্পৰ্কে দিয়া তেওঁৰ আৰম্ভণিৰ মন্তব্যৰ পাছত পৌলে কৰিন্থীয়ালৈ লিখিছিল: “প্ৰেমে ঈৰ্ষা নকৰে।” (১ কৰিন্থীয়া ১৩:৪) অৱশ্যে এনে কিছুমান পৰিস্থিতিত অন্তৰ্জ্বালা (ঈৰ্ষা) হোৱাটো উপযুক্ত। উদাহৰণস্বৰূপে, পৌলে কৰিন্থীয়া বাসীসকলক ঈশ্বৰৰ প্ৰতি থকা অনন্য ভক্তিক বজাই ৰখাত সহায় কৰি তেওঁৰ জলন্ত ইচ্ছাক প্ৰকাশ কৰিবলৈ এই উক্তিটোক ‘ঐশ্বৰিক অন্তৰ্জ্বালা’ হিচাবে বৰ্ণনা কৰিছিল। (২ কৰিন্থীয়া ১১:২) যিহেতু যেতিয়া আমি আনৰ উন্নতি দেখি নিজেই অন্তৰ্জ্বালা হওঁ বা যেতিয়া আনে কৃতকাৰ্য্যতা লাভ কৰে, তেতিয়া আমাক এনে লাগে যে আমি একোৱেই লাভ কৰা নাই। এইধৰণৰ অন্তৰ্জ্বালা—শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাৱে অনিষ্টকাৰী হʼব পাৰে।—হিতোপদেশ ১৪:৩০; ৰোমীয়া ১৩:১৩; যাকোব ৩:১৪-১৬.

৫. যেতিয়া আমাৰ পৰিৱৰ্তে আন এজনক ঈশ্বৰীয় বিশেষ অধিকাৰ দিয়া হয় তেতিয়া প্ৰেমে কেনেকৈ অন্তৰ্জ্বালা নহবলৈ সহায় কৰিব?

৫ এই সংক্ৰান্তত আপুনি নিজকে সুধিব পাৰে, ‘যেতিয়া মোক কোনো ঈশ্বৰীয় বিশেষ অধিকাৰ দিয়া নহয়, তেতিয়া মই অন্তৰ্জ্বালা হওঁনে?’ যদি ইয়াৰ উত্তৰ সঁচা হয়, তেতিয়া হতাশ নহব। বাইবেল লিখক যাকোবে স্মৰণ কৰাই দিছে যে আমাৰ সকলো অসিদ্ধ মানৱ “অসূয়ালৈ হাবিয়াহ” কৰে। (যাকোব ৪:৫) ভাতৃ প্ৰতি থকা প্ৰেমে আপোনাক ভাৰসাম্যতা বজাই ৰখাত সহায় কৰিব পাৰে। ইয়ে আমাক আনন্দত থকাসকলৰ সৈতে আনন্দ কৰিবলৈ আৰু যিসকলে আশীৰ্ব্বাদ বা সন্মান পায় তেওঁলোকৰ প্ৰতি ব্যক্তিগত অপমান নকৰিবলৈ সক্ষম কৰে।—১ চমূৱেল ১৮:৭-৯ পদৰ সৈতে তুলনা কৰক।

৬. প্ৰথম শতাব্দীৰ কৰিন্থীয়া মণ্ডলীত কি ধৰণৰ দুঃখজনক পৰিস্থিতিৰ উৎপন্ন হৈছিল

৬ পৌলে প্ৰেম সম্পৰ্কে এইদৰে কৈছিল, “প্ৰেমে আত্ম-গৌৰব নকৰে, অহঙ্কাৰো নকৰে।” (১ কৰিন্থীয়া ১৩:৫) যদি আমাৰ কোনো প্ৰতিভা বা দক্ষতা আছে, ইয়াৰ বাবে আমি অহঙ্কাৰ কৰা আৱশ্যক নাই। স্পষ্টৰূপে কৰিন্থীয়া মণ্ডলীত তেনেদৰে সমস্যা হৈছিল, তাত কিছুমান উচ্চমনোবৃত্তি ৰখা ব্যক্তি প্ৰৱেশ কৰিছিল তেওঁলোকে নিজকে মহান কৰিব বিচাৰিছিল। এইটো এইকাৰণে হৈছিল হয়তো তেওঁলোকে অভিমতক বাখ্যা কৰাত উচ্চ দক্ষতা আছিল বা কাৰ্য্য কৰাত নিপুণ আছিল। তেওঁলোক নিজৰ ওপৰত বেছি মনোযোগ দিয়াৰ দ্বাৰা মণ্ডলীত বিভেদ উৎপন্ন কৰালে। (১ কৰিন্থীয়া ৩:৩, ৪; ২ কৰিন্থীয়া ১২:২০) অৱস্থা ইমানে দুঃখজনক হʼল যে পৌলে কৰিন্থীয়া মণ্ডলীত থকা ব্যক্তিসকল ভৎসনা কৰি কলে “আনন্দেৰেহে অজ্ঞানবোৰক সহন কৰিছাহঁক,” যিসকলক পৌলে ‘প্ৰধান পাঁচনি’ বুলি বৰ্ণনা কৰিছে।—২ কৰিন্থীয়া ১১:৫, ১৯, ২০.

৭, ৮. বাইবেলৰ পৰা উল্লেখ কৰক যে আমি কেনেকৈ আমাৰ কোনো দক্ষতাক ঐক্যতাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ।

৭ বৰ্তমান দিনত সেই একেইধৰণৰ পৰিস্থিতি বিকাশ হʼব পাৰে। উদাহৰণস্বৰূপে, কিছুমান পৰিচৰ্য্যা কাৰ্য্য বা ঈশ্বৰৰ সংগঠনত প্ৰাপ্ত কৰা বিশেষ অধিকাৰৰ বাবে অহঙ্কাৰ কৰা মনোবৃত্তি থাকিব পাৰে। যদিও আমাৰ ওচৰত বিশেষ দক্ষতা বা পাৰ্গতালি আছে কিন্তু মণ্ডলীত থকা আন ভাইবিলাকৰ তেনে নাথাকিব পাৰে, তাৰ বাবে আমি অহঙ্কাৰী হোৱা উচিতনে? যিহেতু, আমি আমাৰ ওচৰত থকা স্বাভাৱিক প্ৰতিভাশালী গুণক আমাৰ নিজকে উন্নত কৰিবলৈ নহয় কিন্তু ঐক্যতা গঢ়ি তুলিবলৈ প্ৰয়োগ কৰিম।—মথি ২৩:১২; ১ পিতৰ ৫:৬.

৮ পৌলে লিখিছিল যে যদিও মণ্ডলীত বহুত সদস্য আছে, “ঈশ্বৰে . . . শৰীৰ সংগঠিত কৰিলে।” (১ কৰিন্থীয়া ১২:১৯-২৬) “সংগঠিত” শব্দৰ গ্ৰীক অনুবাদৰ অৰ্থ হৈছে সকলো ৰঙৰ সংমিশ্ৰণৰ দৰে সুন্দৰকৈ মিহলি হোৱা। সেইবাবে মণ্ডলীত থকা কোনো ব্যক্তিয়ে নিজৰ দক্ষতা বাবে অহঙ্কাৰ আৰু আনক বশ কৰিবলৈ চেষ্টা কৰা উচিত নহয়। উচ্চমনোবৃত্তি আৰু অহঙ্কাৰ বাবে ঈশ্বৰৰ সংগঠনত কোনো স্থান নাই।—হিতোপদেশ ১৬:১৯; ১ কৰিন্থীয়া ১৪:১২; ১ পিতৰ ৫:২, ৩.

৯. যিসকলে নিজৰ লাভৰ অৰ্থে ইচ্ছুক তাৰ বিপক্ষে বাইবেলে কি সতৰ্কবাণীৰ উদাহৰণ দাঙি ধৰিছে?

৯ প্ৰেমে “নিজৰ লাভ নিবিচাৰে।” (১ কৰিন্থীয়া ১৩:৫) এজন দয়ালু ব্যক্তিয়ে নিজৰ লাভৰ অৰ্থে আনক ব্যৱহাৰ নকৰে। বাইবেলে এই সংক্ৰান্তত সাৱধানবাণী দিছে। উদাহৰণস্বৰূপে: আমি দালীলা, ঈজেবেল আৰু অথলিয়াৰ বৃতান্ত পঢ়িব পাৰোঁ—যি তিৰোতাসকলে নিজৰ স্বাৰ্থৰ বাবে আনক ব্যৱহাৰ কৰিছিল। (বিচাৰকৰ্ত্তাবিলাক ১৬:১৬; ১ ৰাজাৱলি ২১:২৫; ২ বংশাৱলি ২২:১০-১২) ৰজা দায়ূদৰ পুত্ৰ অব্‌চালোম বিষয়ও উল্লেখ কৰিব পাৰি। তেওঁ নগৰৰ দুৱাৰ বাটত থিয় হৈ বিচাৰৰ অৰ্থে ৰজাৰ ওচৰলৈ গোচৰ দিবলৈ আহিব লগা মানুহক গোচৰ থাকিলে তেওঁলোকক মাতি কৌশলপূৰ্ণৰে কৈছিল যে তেওঁলোকৰ গোচৰ শুনিবলৈ ৰজাৰ দৰবাৰ ইচ্ছুক নহয়। তাৰ পাছত তেওঁ কয় যে দৰবাৰত তেওঁৰ দৰে সুদক্ষ ব্যক্তিৰহে আৱশ্যক! (২ চমূৱেল ১৫:২-৪) হয়, অব্‌চালোমে নিৰ্য্যাতনত ভোগী থকা লোকসকলৰ প্ৰতি ইচ্ছুক নাছিল, তাৰ পৰিৱৰ্তে নিজতেহে ইচ্ছুক আছিল। নিজকে ৰজাৰূপে নিযুক্তি কৰি, তেওঁ বহুতৰে হৃদয়ত অধিকাৰ কৰিছিল। কিন্তু অব্‌চালোমে পৰাজয়ৰ সন্মূখীন হৈছিল। তেওঁৰ মৃত্যু হোৱাত, তেওঁ মৈদাম দিবলৈও যোগ্য নাথাকিল।—২ চমূৱেল ১৮:৬-১৭.

১০. কেনেকৈ আমি প্ৰদৰ্শিত কৰি দেখুৱাম যে আমি আনৰ বাবে চিন্তা কৰোঁ?

১০ এই সাৱধানবাণী বৰ্তমানৰ খ্ৰীষ্টানৰ বাবে প্ৰয়োগ হয়। আমি পুৰুষ হওঁ বা স্ত্ৰী হওঁ, আমাৰ ওচৰত স্বাভাৱিকৰূপে প্ৰবৃত্তিজনক শক্তি থাকিব পাৰে। হয়তো আনৰ কথাত গুৰুত্ব নিদিব পাৰোঁ বা বেলেগ দৃষ্টি ৰখা সকলক নিম্ন দেখুৱাই নিজৰ কথাত সহজে মান্তি কৰাব পাৰোঁ। যদি আমি প্ৰকৃততে দয়ালু হওঁ, তেতিয়া আমি আনৰ ইচ্ছাৰ ওপৰ আমাৰ লক্ষ্য ৰাখিম। (ফিলিপীয়া ২:২-৪) আমি আনৰ পৰা সুবিধা আদায় নকৰিম বা আমাৰ অভিজ্ঞতাৰ বাবে সন্দেহজনক অভিপ্ৰায় বৃদ্ধি নকৰিম বা ঈশ্বৰৰ সংগঠন পোৱা পদৰ বাবে আনক এনেদৰে প্ৰকাশ নকৰিম যে আমাৰ দৃষ্টিভঙ্গীয়ে বিবেচনা কৰাৰ যোগ্য। তাৰ পৰিৱৰ্তে আমি বাইবেলৰ উপদেশ স্মৰণ কৰিম: “বিনাশৰ আগেয়ে অহঙ্কাৰ, আৰু পতনৰ পূৰ্ব্বে মনৰ গৰ্ব্ব হয়।”—হিতোপদেশ ১৬:১৮.

প্ৰেমে শান্তিপূৰ্ণ সম্পৰ্ক স্থাপন কৰে

১১. (ক) কি প্ৰকাৰে আমি দেখুৱাব পাৰোঁ যে প্ৰেম দয়ালু আৰু শিষ্টচাৰ? (খ) কেনেকৈ আমি প্ৰকাশ কৰিব পাৰোঁ যে আমি অধাৰ্ম্মিকতাত আনন্দিত নহওঁ?

১১ পৌলে এইদৰে লিখিছিল যে প্ৰেম “মৰমো” কৰে আৰু “অশিষ্টাচৰণ নকৰে।” (১ কৰিন্থীয়া ১৩:৪, ৫) হয়, প্ৰেমে আমাক অসভ্য, অশ্লীল বা অসন্মানীয়ভাৱে আচৰণ কৰিবলৈ অনুমতি নিদিয়ে। তাৰ পৰিৱৰ্তে আমি আনৰ অনুভূতিক বিবেচনা কৰিম। উদাহৰণস্বৰূপে, এজন দয়ালু ব্যক্তিয়ে তেনে কোনো কাৰ্য্য কৰিব নিবিচাৰে যিয়ে আনৰ বাবে বাধা উৎপন্ন কৰে। (১ কৰিন্থীয়া ৮:১৩) প্ৰেমে “অধাৰ্ম্মিকততা আনন্দ নকৰি সত্যত আনন্দ কৰে।” (১ কৰিন্থীয়া ১৩:৬) যদি আমি যিহোৱাৰ ব্যৱস্থাক প্ৰেম কৰোঁ, আমি অনৈতিকতা সহন নকৰিম বা এনে মনোৰঞ্জনত ভাগ নলম যি ঈশ্বৰে ঘৃণা কৰে। (গীতমালা ১১৯:৯৭) প্ৰেমে আমাক ক্ৰন্দন কৰাৰ পৰিৱৰ্তে আনন্দ বিচাৰি পোৱাত সহায় কৰে।—ৰোমীয়া ১৫:২; ১ কৰিন্থীয়া ১০:২৩, ২৪; ১৪:২৬.

১২, ১৩. (ক) যেতিয়া কোনোবাই আমাক বিৰক্ত কৰে আমি কি ধৰণৰ প্ৰতিক্ৰিয়া দেখুৱা উচিত? (খ) বাইবেলৰ পৰা উদাহৰণ দিয়ক যে উচিতৰূপে কৰা ক্ৰোধো কেতিয়াবা অজ্ঞানতাৰ কাৰণ হʼব পাৰে।

১২ পৌলে লিখিছিল যে প্ৰেমে “অহঙ্কাৰো নকৰে” (“বেদনাময় নহয়,” ফিলিপচ্‌)। (১ কৰিন্থীয়া ১৩:৫) অসিদ্ধ মানৱ হোৱাৰ বাবে বিচলিত হোৱা বা যেতিয়া কোনোবাই আমাক বাধা দিয়ে আমি অলপ ক্ৰুদ্ধ হোৱাটো সাধাৰণ কথা বুলি মানি লম। যিহেতু, বহু দিনলৈকে আক্ষেপ ৰখা বা একেৰাহে ক্ৰুদ্ধ অৱস্থাত থকাটো অনুচিত হʼব পাৰে। (গীতমালা ৪:৪; ইফিচীয়া ৪:২৬) উচিতৰূপে কৰা ক্ৰোধক যদি নিয়ন্ত্ৰণহীনভাৱে এৰি দিয়া হয় তেতিয়া ই বুদ্ধিহীন ভাৱে কৰা কাৰ্য্যৰ কাৰণ হব পাৰে আৰু যিহোৱাই আমাক ইয়াৰ বাবে দায়ী কৰিব।—আদিপুস্তক ৩৪:১-৩১; ৪৯:৫-৭; গণনা পুস্তক ১২:৩; ২০:১০-১২; গীতমালা ১০৬:৩২, ৩৩.

১৩ আমি সকলোৱে অসিদ্ধ মানৱ হওঁ, কিছুমানে আনৰ এই অসিদ্ধতাক খ্ৰীষ্টান সভাবিলাকত উপস্থিতি নোহোৱা বা প্ৰচাৰ কাৰ্য্যত ভাগ নোলোৱাৰ কাৰণ কৰি লয়। তেওঁলোকৰ বহুতে হয়তো বিশ্বাসক দৃঢ় ৰখাৰ বাবে কঠিন চেষ্টা কৰিছিল, হয়তো পৰিয়ালৰ সদস্যসকলৰ পৰা বিৰোধ সহন কৰিবলগীয়া হৈছিল, সহকৰ্ম্মীসকলৰ বিদ্ৰূপৰ পাত্ৰ হʼবলগীয়া হৈছিল আৰু আন পৰিস্থিতিসমূহৰ সন্মূখীন হৈছিল। তেওঁলোকে এই বাধাবোৰ এইবাবে সহন কৰিছিল কাৰণ তেওঁলোকে এইবিলাকক নিষ্ঠাৱানৰ পৰীক্ষা আৰু সঠিক বুলি লক্ষ্য কৰিছিল। কিন্তু তেতিয়া কি হয় যেতিয়া কোনো খ্ৰীষ্টান ব্যক্তিয়ে কেতিয়াবা কটু বচন কয় বা বিৰক্তজনক কাৰ্য্য কৰে? তেতিয়া এইটো নিষ্ঠাবানৰ পৰীক্ষা নহয়নে? এইটো অৱশ্যে হয়, যদি আমি একেৰাহে উত্তেজিত অৱস্থাত থাকোঁ তেতিয়া আমি “চয়তানক ঠাই” দিয়া হʼব।—ইফিচীয়া ৪:২৬.

১৪, ১৫. (ক) “অপকাৰ গণনা নকৰে,” ইয়াৰ অৰ্থ কি? (খ) যিহোৱাই যে ক্ষমাশীল আমি কেনেকৈ তেওঁক অনুকৰণ কৰিব পাৰোঁ?

১৪ উত্তম কাৰণৰ বাবে, পৌলে কৈছিল প্ৰেমে “অপকাৰ গণনা নকৰে।” (১ কৰিন্থীয়া ১৩:৫) ইয়াত তেওঁ ব্যৱহাৰ কৰা গণনা উক্তিটো, স্পষ্টৰূপে সেই কাৰ্য্যক বুজাইছে যি ত্ৰুটিবিলাকৰ হিচাব ৰখা হয় অৰ্থাৎ যিবিলাকক পাহৰিব পৰা নাযায়। আমি হৃদয়ত সেই দোষ লগা কথা বা কাৰ্য্যক স্থায়ীভাৱে মনত ৰাখি ভৱিষ্যতে সেইবিলাকৰ প্ৰতিশোধ লোৱাটো দয়ালুপূৰ্ণ কাৰ্য্য হবনে? আমি কিমান আনন্দিত যে যিহোৱাই আমাক নিৰ্দয়ভাৱে অনুসন্ধান নকৰে! (গীতমালা ১৩০:৩) আমি যেতিয়া তেওঁলৈ মন পালটন কৰোঁ তেওঁ আমাৰ পাপ সম্পূৰ্ণকৈ মোচন কৰে।—পাঁচনিৰ কৰ্ম্ম ৩:১৯.

১৫ এই সংক্ৰান্তত আমি যিহোৱাক অনুকৰণ কৰিব পাৰোঁ। যেতিয়া কোনোৱে আমাক তুচ্ছজ্ঞান কৰে আমি অত্যন্ত স্পৰ্শকাতৰ হোৱা উচিত নহয়। যদি আমি তৎক্ষণাত প্ৰতিশোধ লওঁ, আমাক হানি কৰা সকলৰ পৰিৱৰ্তে আমি নিজকে নিজে বেছি অনিষ্ট কৰিম। (উপদেশক ৭:৯, ২২) তাৰ পৰিৱৰ্তে আমি মনত ৰখা উচিত যে প্ৰেম “সকলোতে বিশ্বাস কৰে।” (১ কৰিন্থীয়া ১৩:৭) অৱশ্যে, আমাৰ কোনোৱে সহজে প্ৰতাৰিত হবলৈ নিবিচাৰোঁ। নতুবা আমাৰ কোনোৱে ভাইসকলৰ বাবে সন্দেহৰ কাৰণ হবলৈ দিয়া উচিত। যিমান দূৰলৈ সম্ভৱ, আহঁক আমি ধৰি লওঁ যে আন ভায়ে আমাৰ প্ৰতি বেয়া মনোবৃত্তি ৰখা নাই।—কলচীয়া ৩:১৩.

প্ৰেমে আমাক সহন কৰিবলৈ সহায় কৰে

১৬. কি কি পৰিস্থিতিত প্ৰেমে আমাক অনেক দিন সহন কৰিবলৈ সহায় কৰিব পাৰে?

১৬ পৌলে আমাক কৈছে যে “প্ৰেম অনেক দিন সহে।” (১ কৰিন্থীয়া ১৩:৪) ইয়ে আমাক অত্যাচাৰৰ সময়ত বা বহু দিনলৈকে সহন কৰিবলৈ সক্ষম হয়। উদাহৰণস্বৰূপে, বহুতো খ্ৰাষ্টান ব্যক্তিয়ে বহু বছৰ ধৰি ধৰ্ম্মীয়ৰূপে বিভক্ত ঘৰত জীৱন-যাপন কৰি আহিছে। আনসকলে অবিবাহিত থাকিবলৈ নিজে বাচি লোৱা নাই কিন্তু “প্ৰভুত বিশ্বাস কৰা” উপযুক্ত সঙ্গী নোপোৱাৰ বাবে অবিবাহিত থাকে। (১ কৰিন্থীয়া ৭:৩৯; ২ কৰিন্থীয়া ৬:১৪) এনেধৰণৰো ব্যক্তিসকল আছে যিসকলে শাৰীৰিক অসুস্থতাৰ বিৰুদ্ধে যুজঁ কৰি আছে। (গালাতীয়া ৪:১৩, ১৪; ফিলিপীয়া ২:২৫-৩০) সঁচাকৈ, এই অসিদ্ধ জগতত কোনেও এনে পৰিস্থিতিত সহন নকৰাকৈ থকা নাই।—মথি ১০:২২; যাকোব ১:১২.

১৭. কিহে আমাক সকলো অৱস্থাতে সহনশীল হবলৈ সহায় কৰিব?

১৭ পৌলে আশ্বাস দিছে যে প্ৰেমে “সকলো কথাতে সহন কৰে, . . . সকলোতে আশা কৰে, সকলোকে সহ্য কৰে।” (১ কৰিন্থীয়া ১৩:৭) যিহোৱাৰ প্ৰতি থকা প্ৰেমে তেওঁৰ ধাৰ্ম্মিকতাক বজাই ৰাখিবলৈ সকলো পৰিস্থিতিত সহন কৰিবলৈ সমৰ্থ দিয়ে। (মথি ১৬:২৪; ১ কৰিন্থীয়া ১০:১৩) ইয়াৰ অৰ্থ এইটো নহয় যে আমি নিৰ্য্যাতন বিচাৰোঁ। তাৰ বিপৰীতে, আমি শান্তিত বাস কৰিব বিচাৰোঁ। (ৰোমীয়া ১২:১৮; ১ থিচলনীকীয়া ৪:১১, ১২) যিহেতু, যেতিয়া আমাৰ বিশ্বাসৰ পৰীক্ষা হয়, আমি ইয়াক খ্ৰীষ্টান শিষ্যত্ব মূল্যৰ এটা ভাগ বুলি আনন্দৰে সহন কৰোঁ। (লূক ১৪:২৮-৩৩) যেতিয়া আমি ধৈৰ্য্য ধৰোঁ, তেতিয়া আমি সঠিক দৃষ্টিভঙ্গী ৰাখিবলৈ চেষ্টা কৰোঁ আৰু পৰীক্ষাৰ সময়ত এইটোৱে আশা কৰোঁ যে যি হব সকলোলৈ ভালৰ বাবে হʼব।

১৮. বৰ্ণনা কৰক যে অনুকূল পৰিস্থিতি কেনেকৈ ধৈৰ্য্য ধৰিব পাৰোঁ।

১৮ ক্লেশৰ অৱস্থাতে অকলমাত্ৰ ধৈৰ্য্য ধৰিব লাগে এনে নহয়। ধৈৰ্য্য ধৰা অৰ্থ হৈছে সৰ্ব্বদাকালৰ বাবে চেষ্টা কৰা, অনুকূল পৰিস্থিতি হওঁক বা নহওঁক দীৰ্ঘ সময়লৈকে একেৰাহে ধৈৰ্য্য ধৰা। ধৈৰ্য্য ধৰাৰ অৰ্থ হৈছে উত্তম আধ্যাত্মিক তালিকা বজাই ৰখা। উদাহৰণস্বৰূপে, আপুনি নিজৰ পৰিস্থিতিৰ অনুসাৰে প্ৰচাৰ কাৰ্য্যত অৰ্থপূৰ্ণ ভাগ লৈছেনে? আপুনি ঈশ্বৰৰ বাক্যক অধ্যয়ন, বিবেচনা কৰা আৰু স্বৰ্গীয় পিতৃৰ সৈতে প্ৰাৰ্থনাৰ দ্বাৰা যোগা-যোগ কৰেনে? আপুনি নিয়মীয়াকৈ মণ্ডলীৰ সভাসমূহত উপস্থিত হয়নে আৰু আন বিশ্বাসী ভাই-ভনীসকলৰ সৈতে উৎসাহজনক কথা-বতৰাৰ আদান-প্ৰদান কৰাৰ দ্বাৰা লাভৱান হয়নে? যদি ইয়াৰ উত্তৰ সচাঁ, তেতিয়াহʼলে আপুনি বৰ্তমানৰ অনুকূল পৰিস্থিতি হওঁক বা কষ্টদায়ক পৰিস্থিতি হওঁক আপুনি ধৈৰ্য্য ধৰিব। নিৰুৎসাহী নহব আমি, “উচিত সময়ত দাবলৈ পাম।”—গালাতীয়া ৬:৯.

প্ৰেম—“উত্তম পথ”

১৯. প্ৰেম কেনেকৈ “উত্তম পথ” হয়?

১৯ পৌলে উল্লেখ কৰি কৈছিল যে এই ঈশ্বৰীয় গুণ যি প্ৰেম, ইয়াৰ মুখ্য বিবৃতি হৈছে “উত্তম পথ।” (১ কৰিন্থীয়া ১২:৩১) “উত্তম পথ” কি অৰ্থত? পৌলে আত্মাৰ দানসমূহৰ বিষয়ে উল্লেখ কৰিছিল যি প্ৰথম-শতাব্দীৰ খ্ৰীষ্টানসকলৰ মাজত সাধাৰণভাৱে দেখা গৈছিল। যাৰফলত কিছুমানে ভৱিষ্যতবাণী কৰিবলৈ সক্ষম হৈছিল, আন কিছুমানে ৰোগীক সুস্থ কৰিছিল আৰু কিছুমানে অন্য ভাষা কবলৈ সক্ষম হৈছিল। এইটো কি যে আচৰ্য্যজনক বৰ! পৌলে কৰিন্থীয়া মণ্ডলীক কৈছিল: “যদিও মই মানুহৰ বা স্বৰ্গৰ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, মই বাজি থকা কাঁহ, বা বাদ্য কৰি থকা তাল স্বৰূপ হৈছোঁ। আৰু মই যদি ভাববাণী পাওঁ, সকলো নিগুঢ়-তত্ত্ব আৰু সকলো বিদ্যা জানো, আৰু পৰ্ব্বত আঁতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে, মই একো নহওঁ।” (১ কৰিন্থীয়া ১৩:১, ২) হয়, যদি ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি প্ৰেম প্ৰতিফলিত নকৰোঁ অন্যথা উচিত কাৰ্য্যৰ মূল্য “মৃত কৰ্ম্মৰ” দৰে হʼব।—ইব্ৰী ৬:১.

২০. প্ৰেম বৃদ্ধি কৰিবলৈ কিয় একেৰাহে প্ৰচেষ্টা কৰা আৱশ্যক?

২০ আমি কিয় ঈশ্বৰীয় প্ৰেম উন্নত কৰিব লাগে এই সম্পৰ্কে যীচুৱে আমাক অন্য কাৰণ প্ৰদান কৰিছিল। যীচুৱে কৈছিল, “যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোকে যে মোৰ শিষ্য ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।” (যোহন ১৩:৩৫) “যদি” উক্তিটো প্ৰত্যেক খ্ৰীষ্টান ব্যক্তিসকলৰ ওপৰত নিৰ্ভৰ কৰা হৈছে যে তেওঁ বা তাই প্ৰেম কৰিবলৈ শিকে নে নিশিকে। যিহেতু বিদেশত বাস কৰিলোঁ বুলি তাৰ ভাষা আপোনা-আপুনি কব বা শিকিব নোৱাৰিম। নতুবা ৰাজ্য গৃহত উপস্থিত হলেই সঙ্গী খ্ৰীষ্টান ব্যক্তিৰ পৰা আপোনা-আপুনি প্ৰেম কৰিবলৈ নিশিকিম। এই “ভাষা” শিকিবলৈ একেৰাহে প্ৰচেষ্টা কৰা আৱশ্যক।

২১, ২২. (ক) পৌলে যিদৰে প্ৰেম প্ৰৰ্দশন কৰিব কৈছে তেনেকৈ কৰিব নোৱাৰিলে আমি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত? (খ) কি প্ৰকাৰে আমি কব পাৰোঁ যে “প্ৰেম কেতিয়াও লুপ্ত নহব”?

২১ কেতিয়াবা হয়তো আপুনি তেনেদৰে প্ৰেম প্ৰদৰ্শন কৰিব নোৱাৰে যিদৰে পৌলে কৰিবলৈ কৈছে। কিন্তু নিৰাশ নহব। ধৈৰ্য্য ধৰক। আনৰ সৈতে আচৰণ কৰোঁতে একেৰাহে বাইবেল পৰামৰ্শক আৰু ইয়াৰ সিদ্ধান্তক গ্ৰহণ কৰক। যিহোৱাই আমালৈ দেখুৱা প্ৰেমৰ উদাহৰণক কেতিয়াও পাহৰি নাযাব। পৌলে উপদেশ দি কৈছিল: “তোমালোক পৰস্পৰে হিতকাৰী আৰু কোমল চিত্তৰ লোক হৈ, ঈশ্বৰে তোমালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ তোমালোকেও পৰস্পৰে ক্ষমা কৰা।—ইফিচীয়া ৪:৩২.

২২ যেনেকৈ এটা নতুন ভাষা কবলৈ শিকিব আৰু সময়ত আপোনাৰ বাবে এইটো সহজ হৈ পৰিব, তেনেকৈ সময়ত প্ৰেম প্ৰকাশ কৰাটো সহজ হৈ পৰিব। পৌলে আশ্বাস দিছে যে “প্ৰেম কেতিয়াও লুপ্ত নহব।” (১ কৰিন্থীয়া ১৩:৮) আত্মাৰ অতুলনীয় আশ্বৰ্য্য বৰ যি প্ৰেম, কেতিয়াও লুপ্ত নহব। সেইবাবে একেৰাহে এই ঈশ্বৰীয় গুণক প্ৰকাশ কৰিবলৈ শিকিব লাগে। ইয়াক যেনেকৈ পৌলে “উত্তম পথ” হিচাবে বৰ্ণনা কৰিছে।

আপুনি বাখ্যা কৰিব পাৰিবনে?

◻ প্ৰেমে কেনেকৈ অহঙ্কাৰ নকৰিবলৈ আমাক সহায় কৰিব পাৰে?

◻ প্ৰেমে কি প্ৰকাৰে মণ্ডলীত শান্তি বজাই ৰাখিবলৈ আমাক সহায় কৰিব পাৰে?

◻ প্ৰেমে কেনেকৈ ধৈৰ্য্য ধৰিবলৈ সহায় কৰিব পাৰে?

◻ প্ৰেম কেনেকৈ “উত্তম পথ” হয়?

[Picture on page 19]

প্ৰেমে আনৰ ত্ৰুটিবিলাকক ক্ষমা কৰিবলৈ আমাক সহায় কৰিব

[Pictures on page 23]

ধৈৰ্য্য ধৰা অৰ্থ হৈছে ঈশ্বৰীয় তালিকাক বজাই ৰখা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক