ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০১ ১/১ পৃষ্ঠা ৮-১২
  • প্ৰেমেৰে নিজকে গঢ়ি তোলক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰেমেৰে নিজকে গঢ়ি তোলক
  • ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • প্ৰেম কি?
  • প্ৰেম হৈছে এক অতি আৱশ্যকীয় গুণ
  • ভাল মনোবৃত্তিয়ে আমাক ধৈৰ্য্যশীল হʼবলৈ সহায় কৰে
  • খ্ৰীষ্টানসকলকে কাক প্ৰেম কৰা উচিত?
  • আমি কেনেকৈ প্ৰেম প্ৰকাশ কৰিব পাৰোঁ?
  • যীচুক প্ৰেম কৰিবলৈ পৰিচালিত হোৱা
  • আপোনাৰ প্ৰেম সীমিত নে?
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • “পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা”
    পৰ দি থাকক!
  • প্ৰকৃত প্ৰেম কিদৰে বিকাশিত কৰিব পাৰি
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০১ ১/১ পৃষ্ঠা ৮-১২

প্ৰেমেৰে নিজকে গঢ়ি তোলক

“তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তৰে তোমাৰ প্ৰভু পৰমেশ্বৰক [যিহোৱাক] প্ৰেম কৰা।”—মথি ২২:৩৭.

১. (ক)এজন খ্ৰীষ্টানে প্ৰচাৰ কাৰ্য্যক কাৰ্য্যকাৰী কৰি তুলিবলৈ কেনে জ্ঞান লোৱা আৱশ্যক? (খ) খ্ৰীষ্টানৰ বাবে সকলোতকৈ মূখ্য গুণ কি আৰু কিয় ইয়াক সকলোবোৰতকৈ প্ৰধান বুলি কোৱা হয়?

এজন খ্ৰীষ্টান ব্যক্তিয়ে কাৰ্য্যকাৰীৰূপে প্ৰচাৰ কৰিবলৈ বহু কিছু জ্ঞান লোৱা আৱশ্যক। কিন্তু এই জ্ঞান কʼত পাব পাৰি? বাইবেলত হিতোপদেশ নামৰ কিতাপখনে এই জ্ঞান, বুজ আৰু বুদ্ধিৰ প্ৰকৃত মূল্যৰ বিষয়ে উল্লেখ কৰিছে। (হিতোপদেশ ২:১-১০) পাঁচনি পৌলেও অটল বিশ্বাস আৰু দৃঢ় আশাৰ বিষয়ে আলোচনা কৰিছিল। (ৰোমীয়া ১:১৬, ১৭; কলচীয়া ১:৫; ইব্ৰী ১০:৩৯) ইয়াৰ ওপৰিও তেওঁ প্ৰচাৰ কাৰ্য্য কৰিবলৈ ইন্দ্ৰিয়-দমন আৰু ধৈৰ্য্যশীল হোৱা আৱশ্যকতাৰ বিষয়ে উল্লেখ কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ২৪:২৫; ইব্ৰী ১০:৩৬) তথাপি যদি এই কাৰ্য্যৰ বাবে এটা গুণৰ হ্ৰাস হয় তেনেহʼলে সকলোবোৰ ব্যৰ্থ হৈ পৰে। আপুনি জানেনে সেই গুণটো কি? সেই গুণটো হৈছে প্ৰেম।—১ কৰিন্থীয়া ১৩:১-৩, ১৩.

২. যীচুৱে প্ৰেমৰ গুৰুত্বপূৰ্ণতাৰ বিষয়ে কি কৈছিল আৰু আমি কি কি প্ৰশ্নসমূহৰ বিবেচনা কৰা আৱশ্যক?

২ যীচুৱেও প্ৰেমৰ গুৰুত্বতাক দেখুৱাই এইদৰে কৈছিল: “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।” (যোহন ১৩:৩৫) প্ৰকৃততে প্ৰেম হৈছে এজন খ্ৰীষ্টান ব্যক্তি অৰ্থাৎ খ্ৰীষ্টান ভাইসকলক চিনি পোৱাৰ এটা প্ৰমুখ চিহ্ন। এতেকে আমি সকলোৱে নিজকে এই প্ৰশ্নসমূহ সোধা আৱশ্যক, যেনে প্ৰেম কি? যীচুৱে কিয় ইয়াক শিষ্যসকলৰ প্ৰমুখ গুণ বুলি কৈছিল? আৰু আমি কেনেকৈ এই প্ৰেম প্ৰকাশ কৰিব পাৰোঁ? আমি কাক প্ৰেম কৰা উচিত? আঁহক আমি এই প্ৰশ্নবোৰৰ বিবেচনা কৰোঁহঁক।

প্ৰেম কি?

৩. প্ৰেমক কিদৰে বৰ্ণনা কৰা হৈছে, আৰু ইয়াত কিয় মন আৰু হৃদয় জড়িত আছে?

৩ প্ৰেমৰ এটা বৈশিষ্ট্য হৈছে ‘ই এনে এক অনুভূতি যিয়ে আনৰ প্ৰতি অনুৰাগ, অনুৰক্ত বা গভীৰ স্নেহ প্ৰকাশ কৰে।’ ইয়াৰ ওপৰিও এই গুণে লোকসকলক আনৰ প্ৰতি ভাল কাৰ্য্য কৰিবলৈ আৰু সময় আহিলে যি কোনো ত্যাগ কৰিবলৈ পৰিচালতি কৰে। বাইবেলে কৈছে যে প্ৰেমত মন আৰু হৃদয়ও জড়িত আছে। মন বা বুদ্ধিয়ে এজন ব্যক্তিক ইয়াকে জনাত সহায় কৰে যে যিসকলক তেওঁ প্ৰেম কৰে তেওঁলোক হৈছে অসিদ্ধ মানৱ। গতিকে তেওঁলোকত যে মাত্ৰ দুৰ্ব্বলতাৰ গুণহে থাকিব তেনে নহয় কিন্তু ভাল গুণসমূহো থাকিব পাৰে। এই মন বা বুদ্ধিয়ে এইটো বুজাত সহায় কৰে যে যদিও এজন খ্ৰীষ্টান ব্যক্তিয়ে আনক প্ৰেম কৰাটো তেওঁৰ প্ৰাকৃতিক প্ৰবৃত্তি নহয়, তথাপিও বাইবেল অধ্যয়ন কৰাৰ পৰা তেওঁ এইটো জানিব পাৰিছে যে ঈশ্বৰে এইদৰে কৰিবলৈ আজ্ঞা দিছে। (মথি ৫:৪৪; ১ কৰিন্থীয়া ১৬:১৪) তথাপিও প্ৰেমৰ উৎপন্ন হৃদয়ৰ পৰাহে হয়। বাইবেলত উল্লেখ কৰা প্ৰকৃত প্ৰেমত যে মাত্ৰ বুদ্ধি বা জ্ঞান থাকে এনে নহয়। কিন্তু ইয়াত আজ্ঞাকাৰিতা আৰু বচনবদ্ধতাও সন্মিলত আছে।—১ পিতৰ ১:২২.

৪. কিদৰে প্ৰেম হৈছে সৰ্ব্বসিদ্ধিৰ বান্ধনি?

৪ যিসকল স্বাৰ্থপৰ তেওঁলোকে আনৰ সৈতে দীৰ্ঘসময়লৈকে প্ৰেমময় সম্বন্ধ বজাই ৰাখিব নোৱাৰে। কিয়নো তেনে লোকসকলে আনৰ ইচ্ছুকতাৰ ওপৰত আগ্ৰহী হোৱাৰ পৰিৱৰ্তে নিজতেহে বেছি আগ্ৰহী হয়। (ফিলিপীয়া ২:২-৪) এতেকে যীচুৱে কোৱা “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য” বাক্যশাৰী বিশেষকৈ তেতিয়াহে প্ৰযোজ্য হয় যেতিয়া প্ৰেমেৰে কোনো দান কৰা হয়। (পাঁচনিৰ কৰ্ম্ম ২০:৩৫) এই প্ৰেম হৈছে সৰ্ব্বসিদ্ধিৰ বান্ধনি। (কলচীয়া ৩:১৪) সাধাৰণতে এনে প্ৰেম মাত্ৰ বন্ধুত্বৰ ক্ষেত্ৰতেহে দেখিবলৈ পোৱা যায়। কিন্তু ইয়াৰ প্ৰকৃত অৰ্থ হৈছে বন্ধুত্বৰ প্ৰতি থকা প্ৰেমতকৈও শক্তিশালী। এনে প্ৰেমক এহাল স্বামী-স্ত্ৰীৰ মাজত থকা ৰোমান্টিক প্ৰেমৰ সৈতে তুলনা কৰিব পৰা যায়। গতিকে বাইবেলে আমাক যি প্ৰেম বিকাশিত কৰিবলৈ কৈছে সেয়া হৈছে শাৰীৰিক প্ৰেমতকৈও অধিক দীৰ্ঘস্থায়ী। যেতিয়া এহাল দম্পতীয়ে এজনে-আনজনক এনে প্ৰেম কৰে, তেনেহʼলে তেওঁলোকে ইজনে-সিজনৰ আন আন শাৰিৰীক দুৰ্ব্বলতা যেনে, বৃদ্ধ হোৱা বা শাৰীৰিক অসুস্থতাৰ স্বত্ত্বেও প্ৰেমেৰে একেলগে জীৱন-যাপন কৰিব।

প্ৰেম হৈছে এক অতি আৱশ্যকীয় গুণ

৫. খ্ৰীষ্টানৰ বাবে কিয় প্ৰেম হৈছে এক অতি আৱশ্যকীয় গুণ?

৫ এজন খ্ৰীষ্টানে প্ৰেমময় হোৱাটো কিয় অতি আৱশ্যক? ইয়াৰ প্ৰথম কাৰণটো হৈছে, যীচুৱে তেওঁৰ অনুগামীসকলক ইজনে-সিজনক প্ৰেম কৰিবলৈ আজ্ঞা দিছিল। তেওঁ এইদৰে কৈছিল: “তোমালোকক মই যি যি আজ্ঞা দিওঁ, সেইবোৰ যদি পালন কৰা, তেন্তে তোমালোক মোৰ বন্ধু। তোমালোকে পৰস্পৰে প্ৰেম কৰিবলৈ মই তোমালোকক এইবোৰ আজ্ঞা দিছোঁ।” (যোহন ১৫:১৪, ১৭) দ্বিতীয়তো কাৰণ হৈছে, যিহোৱা নিজেই এজন প্ৰেমময় ঈশ্বৰ আৰু আমি তেওঁৰ উপাসক হোৱাৰ বাবে আমিও তেওঁৰ প্ৰেমময় গুণক অনুকৰণ কৰা আৱশ্যক। যিহেতু বাইবেলে এইদৰে কৈছে: “এতেকে প্ৰিয় সন্তানবোৰৰ নিচিনাকৈ, তোমালোকে ঈশ্বৰৰ অনুকাৰী হোৱা; আমালৈ ঈশ্বৰৰ যি প্ৰেম আছে, তাক আমি জানিলোঁ, আৰু বিশ্বাসো কৰিলোঁ। ঈশ্বৰ প্ৰেম, আৰু যি জন প্ৰেমত থাকে, তেওঁ ঈশ্বৰত থাকে, ঈশ্বৰো তেওঁত থাকে।” (ইফিচীয়া ৫:১; ১ যোহন ৪:১৬) বাইবেলে এইটোও কৈছে যে যিহোৱা আৰু যীচুৰ জ্ঞান লোৱাটোৱে হৈছে অনন্ত জীৱন। যদি আমি যিহোৱাৰ মহান আৰ্হিক অনুকৰণ নকৰোঁ, তেনেহʼলে আমি কেনেকৈ কʼব পাৰিম যে আমি ঈশ্বৰক জানো? সেয়েহে পাঁচনি যোহনে কৈছিল: “যি জনে প্ৰেম নকৰে, তেওঁ ঈশ্বৰক নাজানে; কিয়নো ঈশ্বৰ প্ৰেম।”—১ যোহন ৪:৮.

৬. আমাৰ জীৱনৰ বিভিন্ন দিশত প্ৰেমে কেনেকৈ ভাৰসাম্যতা বজাই ৰাখে?

৬ প্ৰেম কৰাৰ তৃতীয় কাৰণটো হৈছে: ই আমাক, আমাৰ জীৱনৰ বিভিন্ন দিশবোৰত ভাৰসাম্য বজাই ৰাখিবলৈ, যি ভাল তাক কৰিবলৈ আৰু ভাল মনোবৃত্তি উন্নত কৰাত সহায় কৰে। উদাহৰণস্বৰূপে, ঈশ্বৰৰ বাক্যৰ জ্ঞান লৈ থকাটো খ্ৰীষ্টানৰ বাবে এক আৱশ্যকীয় কাৰ্য্য। এই জ্ঞান লোৱাটো সিমানেই আৱশ্যক যেনেকৈ আহাৰ গ্ৰহণ কৰাটো আৱশ্যক। ইয়ে এজন ব্যক্তিক পৰিপক্ক হʼবলৈ আৰু ঈশ্বৰৰ সামঞ্জস্যৰ অনুসৰি কাৰ্য্য কৰিবলৈ সহায় কৰে। (গীতমালা ১১৯:১০৫; মথি ৪:৪; ২ তীমথিয় ৩:১৫, ১৬) যিহেতু পৌলে সতৰ্ক কৰি কৈছিল: “জ্ঞানে অহঙ্কাৰ জন্মায়, কিন্তু প্ৰেমে ধৰ্ম্মত বৃদ্ধি কৰে।” (১ কৰিন্থীয়া ৮:১) ইয়াৰ অৰ্থ এইটো নহয় যে যথাৰ্থ জ্ঞান লোৱাটো ভুল। কিন্তু ইয়াত উল্লেখ কৰাৰ অৰ্থ হৈছে আমাত পাপময় প্ৰবৃত্তি থকাৰ বাবে আমি অহঙ্কাৰী হওঁ। (আদিপুস্তক ৮:২১) যদি এজন ব্যক্তিৰ প্ৰেম নাথাকে তেনেহʼলে জ্ঞান আহৰণ কৰাৰ ফলত তেওঁ মাত্ৰ নিজৰ বিষয়ে অধিক চিন্তা কৰিব আৰু অহঙ্কাৰী হʼব। কিন্তু বাইবেলে কৈছে যে “প্ৰেমে আত্ম-গৌৰব নকৰে, অহঙ্কাৰো নকৰে।” (১ কৰিন্থীয়া ১৩:৫) যিজন খ্ৰীষ্টানে প্ৰেমৰ দ্বাৰা অনুপ্ৰানিত হয়, যদিও তেওঁৰ ওচৰত অধিক জ্ঞান আছে কিন্তু তেওঁ কেতিয়াও অহঙ্কাৰী নহʼব। প্ৰেমে তেওঁক নম্ৰ হʼবলৈ সহায় কৰে আৰু নিজকে গৌৰব কৰা মনোবৃত্তি ৰখাত প্ৰতিৰোধ কৰে।—গীতমালা ১৩৮:৬; যাকোব ৪:৬.

৭, ৮. মণ্ডলীৰ আৱশ্যকতাৰ প্ৰতি বেছি গুৰুত্ব দিবলৈ প্ৰেমে কেনেকৈ সহায় কৰে?

৭ পৌলে ফিলিপীয়া মণ্ডলীত থকা ভাইসকললৈ লিখিছিল: “যি যি শ্ৰেষ্ঠ, তোমালোকে পৰীক্ষা কৰি তাৰ নিৰ্ণয় কৰিবলৈ তোমালোকৰ প্ৰেম যেন জ্ঞানত আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰা।” (ফিলিপীয়া ১:৯, ১০) গতিকে খ্ৰীষ্টান প্ৰেমে যি যি শ্ৰেষ্ঠ তাক পৰীক্ষা কৰিবলৈ কোৱা এই বাক্যক অনুকৰণ কৰিবলৈ উৎসাহিত কৰে। উদাহৰণস্বৰূপে, পৌলে তীমথিয়লৈ লিখা কথাষাৰৰ বিষয়ে বিবেচনা কৰক। তেওঁ এইদৰে লিখিছিল “যদি অধ্যক্ষ-পদলৈ আকাঙ্ক্ষা কৰে, তেন্তে তেওঁ উত্তম কৰ্ম্মলৈ ইচ্ছা কৰে।” (১ তীমথিয় ৩:১) ২০০০ চনৰ সেৱা বছৰত, বিশ্বজুৰি মণ্ডলীৰ সংখ্যা আছিল ১, ৫০২ খন, কিন্তু বৰ্তমান এই সংখ্যা বৃদ্ধি হৈ সৰ্ব্বমূঠ মণ্ডলীৰ সংখ্যা হৈছে ৯১, ৪৮৭ খন। গতিকে ইয়াৰ বাবে অধিক প্ৰাচীনৰ আৱশ্যক আৰু যিসকলে ইয়াৰ বাবে ইতিমধ্যে যোগ্য হৈছে তেওঁলোক প্ৰশংসাৰ যোগ্য।

৮ যিহেতু, যিসকলে মণ্ডলীক চোৱাচিতা কৰিবলৈ বিশেষ অধিকাৰ পাইছে, যদি তেওঁলোকে এই অধিকাৰৰ উদ্দেশ্যক মনত ৰাখি কাৰ্য্য কৰে তেনেহʼলে তেওঁলোকে ভালদৰে ভাৰসাম্য বজাই ৰখাত সক্ষম হʼব। তেওঁলোকে পোৱা এই অধিকাৰ বা নিজৰ নামক মহান কৰাটো গুৰুত্বপূৰ্ণ নহয়। যিসকল প্ৰাচীনে যিহোৱাক সন্তোষ্ট কৰে তেওঁলোকে তেওঁক আৰু নিজৰ ভাইসকলক প্ৰেম কৰে। তেওঁলোকে নিজৰ মৰ্য্যাদা বা আনৰ ওপৰত অধিকাৰ চলাবলৈ কেতিয়াও নিবিচাৰে। পাঁচনি পিতৰে মণ্ডলীত ভাল মনোবৃত্তি বজাই ৰখাৰ বিষয়ে প্ৰাচীনসকলক উপদেশ দিয়াৰ পাছত, তেওঁ “নম্ৰতা” গুণৰ আৱশ্যকতাৰ প্ৰতি অধিকৈ জোৰ দিছিল। তেওঁ সকলোবিলাক মণ্ডলীক উপদেশ দি এইদৰে কৈছিল: “নম্ৰতাৰূপে . . . নিজক তেওঁৰ পৰাক্ৰমী হাতৰ অধীনত নত কৰা।” (১ পিতৰ ৫:১-৬) যিসকলে এই বিশেষ অধিকাৰ পাইছে তেওঁলোকে বিশ্বজুৰি থকা সেই অসংখ্য প্ৰাচীনসকলৰ আৰ্হিক বিবেচনা কৰিলে উত্তম হʼব। কিয়নো তেনে উত্তম আৰ্হি ৰখা প্ৰাচীনসকলে কঠোৰ পৰিশ্ৰমী আৰু নম্ৰ হোৱাৰ বাবে মণ্ডলীসমূহলৈ আশীৰ্ব্বাদ কঢ়িয়াই আনিছে।—ইব্ৰী ১৩:৭.

ভাল মনোবৃত্তিয়ে আমাক ধৈৰ্য্যশীল হʼবলৈ সহায় কৰে

৯. খ্ৰীষ্টানসকলে যিহোৱাই প্ৰতিজ্ঞা কৰা আশীৰ্ব্বাদসমূহক কিয় মনত ৰখা আৱশ্যক?

৯ এই প্ৰেমে অন্য এক ধৰণেও কাৰ্য্য কৰিবলৈ অনুপ্ৰানিত কৰে। বাইবেলে প্ৰতিজ্ঞা কৰিছে যে যিসকলে প্ৰেমেৰে ঈশ্বৰীয় ভক্তিক অনুকৰণ কৰে, তেওঁলোকে বৰ্তমান আৰু ভৱিষ্যতে প্ৰচুৰমাত্ৰাত সেই আচৰিত আশীৰ্ব্বাদসমূহ লাভ কৰিব পাৰিব। (১ তীমথিয় ৪:৮) এজন খ্ৰীষ্টান যিজনে এই প্ৰতিজ্ঞাসমূহত দৃঢ় বিশ্বাস আৰু নিশ্চয়তা ৰাখে, যিহোৱাই তেওঁৰ বাবে “তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়।” ইয়ে তেওঁক বিশ্বাসত দৃঢ় হৈ থাকিবলৈ সহায় কৰিব। (ইব্ৰী ১১:৬) আমি সকলোৱে যিহোৱাৰ প্ৰতিজ্ঞাসমূহ পূৰ্ণ হোৱাটো বিচাৰোঁ আৰু পাঁচনি যোহনে কোৱাৰদৰে আমিও এইদৰে কওঁ: “আমেন; হে প্ৰভু যীচু, আহক।” (প্ৰকাশিত বাক্য ২২:২০) সঁচাকৈ, যদি আমি মনত ৰাখোঁ যে যিদৰে “তেওঁৰ আগত থকা আনন্দই” যীচুক ধৈৰ্য্যশীল হʼবলৈ সহায় কৰিছিল ঠিক সেইদৰে এই আশীৰ্ব্বাদসমূহত ধ্যান কৰাৰ যোগেদি আমিও বিশ্বাসত দৃঢ় হৈ ধৈৰ্য্যশীল হʼবলৈ সহায় লাভ কৰিব পাৰিম।—ইব্ৰী ১২:১, ২.

১০, ১১. প্ৰেমে কেনেকৈ আমাক ধৈৰ্য্যশীল হʼবলৈ সহায় কৰে?

১০ যদি আমি নতুন জগতত জীয়াই থকাৰ উদ্দেশ্যেৰে মাত্ৰ যিহোৱাক সেৱা কৰোঁ, তেনেহʼলে কি হʼব পাৰে? যদি আমি এনে মনোবৃত্তি ৰাখি ঈশ্বৰক সেৱা কৰোঁ, তেনেহʼলে অতি সোনকালে অধৈৰ্য্য হৈ পৰিম আৰু যেতিয়া আমি আশা কৰাৰ দৰে নহʼব তেতিয়া আমি অসন্তোষ্ট হম। এইদৰে আমি সত্যৰ পথৰ পৰাও আঁতৰি যোৱাৰ সম্ভাৱনা থাকে। (ইব্ৰী ২:১; ৩:১২)এই সম্পৰ্কে আমি পাঁচনি পৌলৰ ভূতপূৰ্ব্ব সঙ্গী দীমাৰ বিষয়ে বিবেচনা কৰিব পাৰোঁ। তেওঁ কিয় পৌলৰ সঙ্গ ত্যাগ কৰি গুছি গৈছিল তাক আপুনি জানেনে? কিয়নো তেওঁ “এই বৰ্ত্তমান সংসাৰক প্ৰেম” কৰিবলৈ ধৰিলে, সেইবাবে তেওঁ পৌলৰ সৈতে আধ্যাত্মিক কাৰ্য্যত ভাগ লবলৈ বিচৰা নাছিল। (২ তীমথিয় ৪:৯) এতেকে যিসকলে স্বাৰ্থপৰ মনোবৃত্তিৰে সেৱা কৰে, তেওঁলোকে তেনেধৰণৰ ফান্দত পৰাৰ সম্ভৱনা থাকে। তেওঁলোকে সহজে এই সংসাৰে আগবঢ়োৱা ফান্দবোৰত পৰে আৰু আহিবলগীয়া আশাৰ আশীৰ্ব্বাদসমূহ প্ৰাপ্ত কৰিবলৈ অস্বীকাৰ কৰে।

১১ যিহেতু আমাৰ সকলোৱে ভৱিষ্যতৰ আশীৰ্ব্বাদসমূহক প্ৰাপ্ত কৰাটো বা অত্যাচাৰৰ পৰা উপশম হোৱাটো বিচাৰোঁ। তেনে অৱস্থাত আমি আমাৰ জীৱনত কিহক প্ৰথম স্থান দিম এই বিষয়ে বিবেচনা কৰিবলৈ প্ৰেমে আমাক সহায় কৰে। কিয়নো সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে, এইটো আমাৰ ইচ্ছা নহয় কিন্তু যিহোৱাৰহে। (লূক ২২:৪১, ৪২) সঁচাকৈ প্ৰেমে আমাক গঢ়ি তোলে। ই আমাক ধৈৰ্য্যশীল হৈ ঈশ্বৰলৈ অপেক্ষা কৰিবলৈ আৰু আশীৰ্ব্বাদসমূহত আনন্দিত হʼবলৈ সহায় কৰে। ইয়াৰ উপৰিও এই প্ৰেমে আমাক যিহোৱাই কৰা প্ৰতিজ্ঞাসমূহ নিশ্চয়ে পূৰ্ণ হোৱাৰ ভৰসা ৰখাত আত্মসংযম কৰে। (গীতমালা ১৪৫:১৬; ২ কৰিন্থীয়া ১২:৮, ৯) সেই একেই সময়তে প্ৰেমে আমাক নিস্বাৰ্থতাৰে সেৱা কৰিবলৈ সহায় কৰে, কিয়নো “প্ৰেমে . . . নিজৰ লাভ নিবিচাৰে।”—১ কৰিন্থীয়া ১৩:৪, ৫.

খ্ৰীষ্টানসকলকে কাক প্ৰেম কৰা উচিত?

১২. যীচুৰ অনুসৰি আমি কাক প্ৰেম কৰা উচিত?

১২ যেতিয়া যীচুৱে মোচিৰ ব্যৱস্থাৰ পৰা দুটা আজ্ঞাক উদ্ধৃত কৰিছিল সেই সময়ত তেওঁ এটা সাৰ্বজনীন নিয়ম দিছিল। তেওঁ এইদৰে কৈছিল “তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা” আৰু “তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা।”—মথি ২২:৩৭-৩৯.

১৩. আমি অদৃশ্য যিহোৱাক প্ৰেম কৰিবলৈ কেনেকৈ শিকিব পাৰোঁ?

১৩ যীচুৱে কোৱা বাক্যশাৰীৰ পৰা এইটো বুজিব পৰা যায় যে সৰ্বপ্ৰথম আৰু শ্ৰেষ্ঠ আজ্ঞাটো হৈছে সম্পূৰ্ণ হৃদয়েৰে যিহোৱাক প্ৰেম কৰা উচিত। যিহেতু তেনে প্ৰেম কৰাৰ গুণ আমি জন্মৰে পৰাই শিকি নাহোঁ। সেয়েহে তেনে প্ৰেম প্ৰকাশ কৰিবলৈ সকলোৱে প্ৰৰিশ্ৰম কৰা আৱশ্যক। উদাহৰণস্বৰূপে যেতিয়া আমি যিহোৱাৰ বিষয়ে প্ৰথমবাৰৰ বাবে শুনিছিলোঁ তেতিয়া আমি তেওঁৰ প্ৰতি সকলোৱে আকৰ্ষিত হৈছিলোঁ। কিয়নো ক্ৰামান্বয়ে আমি জানিবলৈ পাৰিছিলোঁ যে যিহোৱাই কেনেকৈ মানৱজাতিৰ বাবে পৃথিৱীখনক তৈয়াৰ কৰিলে। (আদিপুস্তক ২:৫-২৩) তাৰ পাছত আমি শিকিব পালোঁ যে যেতিয়া প্ৰথম মানৱ দম্পতীয়ে পাপ কৰিলে, সেই সময়ত তেওঁ তেওঁলোক ধ্বংস নকৰি আমাৰ বাবে কেনেকৈ উদ্ধাৰৰ পথ মুকলি কৰিলে। (আদিপুস্তক ৩:১-৫, ১৫) গতিকে যিসকলে তেওঁক বিশ্বাস কৰিছিল, তেওঁলোকলৈ যিহোৱাই প্ৰেমময় আচৰণ কৰিলে আৰু ক্ৰমান্বয়ে তেওঁ নিজৰ পুত্ৰৰ বলিদানৰ ভিত্তিত আমাক পাপৰ পৰা মুক্তি দিয়ালে। (যোহন ৩:১৬, ৩৬) এইদৰে জ্ঞানে আমাক যিহোৱাৰ প্ৰতি থকা কৃতজ্ঞতাক বৃদ্ধি কৰিবলৈ সহায় কৰিলে। (যিচয়া ২৫:১) এই সম্বন্ধে ৰজা দায়ূদে কৈছিল যে তেওঁ যিহোৱাক প্ৰেম কৰিছিল কিয়নো যিহোৱাই তেওঁৰ তত্ত্বাৱধান লৈছিল। (গীতমালা ১১৬:১-৯) বৰ্তমান সময়তো যিহোৱাই আমাৰ তত্ত্বাৱধান লয়, আমাক পদ-প্ৰদৰ্শন দিয়ে, আমাক শক্তিশালী কৰে আৰু উৎসাহিত কৰে। এতেকে আমি যিমানে তেওঁৰ বিষয়ে শিকিম, আমাৰ প্ৰেম তেওঁৰ প্ৰতি সিমানেই গভীৰ হʼব।—গীতমালা ৩১:২৩; চফনিয়া ৩:১৭; ৰোমীয়া ৮:২৮.

আমি কেনেকৈ প্ৰেম প্ৰকাশ কৰিব পাৰোঁ?

১৪. আমি কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ যে আমি যিহোৱাক হৃদয়েৰে প্ৰেম কৰোঁ?

১৪ বাস্তৱতে বৰ্তমান সময়ত এই জগতৰ লোকসকলে দাবী কৰে যে তেওঁলোকে ঈশ্বৰক প্ৰেম কৰে। কিন্তু তেওঁলোকৰ কাৰ্য্য হৈছে তেওঁলোকৰ বাক্যৰ একেবাৰে বিপৰীত। আমি কেনেকৈ জানিব পাৰোঁ যে আমি সঁচাকৈ যিহোৱাক প্ৰেম কৰোঁ? প্ৰাৰ্থনাৰ যোগেদি আমি তেওঁক আমাৰ অনুভূতিৰ বিষয়ে কোৱা আৰু এইদৰে কাৰ্য্য কৰা আৱশ্যক যাৰ দ্বাৰাই যিহোৱাৰ প্ৰতি প্ৰেম প্ৰকাশ হয়। সেইবাবে পাঁচনি যোহনে এইদৰে কৈছিল: “যি জনে বাক্য পালন কৰে, তেওঁৰ অন্তৰত ঈশ্বৰৰ প্ৰেম স্বৰূপেই সিদ্ধ হল। তাৰ দ্বাৰাই আমি জানো যে, তেওঁত আমি আছোঁ।” (১ যোহন ২:৫; ৫:৩) ঈশ্বৰৰ বাক্য, বাইবেলে কৈছে যে আমি মণ্ডলীৰ ভাই-ভনীসকলৰ সৈতে সঙ্গতি কৰা, নৈতিক শুদ্ধতাৰে জীৱন-যাপন কৰা আৱশ্যক। আমি কপটাচৰণৰ পৰা আঁতৰি থাকি সঁচা কোৱা আৰু নিজৰ চিন্তা-ধাৰাক শুদ্ধ ৰখা আৱশ্যক। (২ কৰিন্থীয়া ৭:১; ইফিচীয়া ৪:১৫; ১ তীমথিয় ১:৫; ইব্ৰী ১০:২৩-২৫) গতিকে যিসকলক ভৌতিকৰূপে আৱশ্যক তেওঁলোকক সহায় কৰাৰ দ্বাৰাই আমি আমাৰ প্ৰেম প্ৰকাশ কৰিব পাৰোঁ। (১ যোহন ৩:১৭, ১৮) ইয়াৰ ওপৰিও, আমি আনক ঈশ্বৰৰ বিষয়ে কোৱা অৰ্থাৎ বিশ্বজুৰি ৰাজ্যৰ শুভৱাৰ্ত্তা প্ৰচাৰ কৰাৰ পৰা কেতিয়াও পিছ হুহঁকা উচিত নহয়। (মথি ২৪:১৪; ৰোমীয়া ১০:১০) ঈশ্বৰৰ বাক্যৰ প্ৰতি আজ্ঞাকাৰী হৈ আমি প্ৰকাশ কৰিব পাৰিম যে আমি যিহোৱাক হৃদয়েৰে প্ৰেম কৰোঁ।

১৫, ১৬. যোৱা বছৰত যিহোৱাৰ প্ৰতি থকা প্ৰেমে কেনেকৈ বহুতো লোকক প্ৰভাৱিত কৰিলে?

১৫ যিহোৱাৰ প্ৰতি থকা প্ৰেমে লোকসকলক সঠিক সিদ্ধান্ত লবলৈ সহায় কৰে। সেই প্ৰেমে যোৱা বছৰত, ২৮৮, ৯০৭ জন ব্যক্তিক, যিহোৱালৈ নিজকে সমৰ্পিত কৰি বাপ্তিষ্মাৰ দ্বাৰাই প্ৰকাশ কৰিবলৈ উৎসাহিত কৰিলে। (মথি ২৮:১৯, ২০) তেওঁলোকৰ সমৰ্পণ অৰ্থপূৰ্ণ আছিল। কিয়নো ইয়ে তেওঁলোকৰ জীৱনক পৰিৱৰ্ত্তন কৰিবলৈ সহায় কৰিলে। উদাহৰণস্বৰূপে, আলবেনিয়া দেশত থকা গাজমন্দ নামৰ এজন প্ৰখ্যাত বাস্কেট বল খেলুৱৈ আছিল। তেওঁ আৰু তেওঁৰ পত্নীয়ে কিছু বছৰলৈকে বাইবেল অধ্যয়ন কৰি বহুতো বাধাৰ সন্মূখীন হোৱাৰ স্বত্ত্বেও প্ৰচাৰক হবলৈ উপযুক্ত হʼল। ২০০০ চনৰ সেৱা বছৰত আলবেনিয়াত ৩৬৬ জনে বাপ্তিষ্মা লোৱাসকলৰ মাজত গাজমন্দো এজন আছিল। এখন বাতৰি কাকতত তেওঁৰ বিষয়ে এইদৰে মন্তব্য দিয়ে: “তেওঁৰ জীৱনত এটা উদ্দেশ্য আছে আৰু ইয়াৰ বাবে তেওঁ আৰু তেওঁৰ পৰিয়ালে আনন্দেৰে জীৱন-যাপন কৰিছে। এতিয়া তেওঁ নিজৰ বাবে কিমান লাভৱান হʼব পাৰে তাৰ প্ৰতি গুৰুত্ব নিদি আনক কেনেকৈ সহায় আগবঢ়াব পাৰে তাৰ প্ৰতি বেছি গুৰুত্ব দিয়ে।”

১৬ ঠিক একেইদৰে, গোৱাম দেশৰ পেট্ৰল কোম্পানীত চাকৰি কৰা এগৰাকী নতুনকৈ বাপ্তিষ্মা প্ৰাপ্ত ভনীয়ে পদোন্নতিৰ বাবে এক ডাঙৰ সুযোগ পায়। এই সুযোগক গ্ৰহণ কৰা কিছু বছৰৰ পাছত, তাই কোম্পানীৰ ইতিহাসত প্ৰথম মহিলা উপ-অধ্যক্ষৰূপে কাৰ্য্য কৰিবলৈ নিৰ্ব্বাচিত হয়। কিন্তু সেই ভনী গৰাকীয়ে যিহোৱালৈ নিজকে সমৰ্পিত কৰাৰ বাবে তাই নিজৰ স্বামীৰ সৈতে এই বিষয়ে আলোচনা কৰে আৰু সেই পদৰ প্ৰস্তৱানাক নাকচ কৰে। তাৰ পৰিৱৰ্ত্তে সেই ভনীগৰাকীয়ে পাৰট্‌-টাইম কাম কৰাৰ বাবে ব্যৱস্থা কৰে যাতে এজন পূৰ্ণ-সময়ৰ অগ্ৰগামী সেৱক হৈ আধ্যাত্মিকৰূপে উন্নতি কৰিব পাৰে। ঈশ্বৰৰ প্ৰতি থকা প্ৰেমে এই জগতত নিজৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ পৰিৱৰ্ত্তে অগ্ৰগামী সেৱকৰূপে যিহোৱাক সেৱা কৰিবলৈ আৰম্ভ কৰে। তদুপৰি, ২০০০ চনৰ সেৱা বছৰত, বিশ্বজুৰি বিভিন্ন ধৰণৰ অগ্ৰগামী সেৱাত ভাগ লোৱা ৮০৫, ২০৫ জন অগ্ৰগামীৰ ভিতৰত সেই ভনীগৰাকীয়ো আছিল। এতেকে তেনে অগ্ৰগামীসকলে প্ৰেম আৰু বিশ্বাসৰ কিযে এক উত্তম উদাহৰণ প্ৰস্তুত কৰিলে!

যীচুক প্ৰেম কৰিবলৈ পৰিচালিত হোৱা

১৭. যীচুৱে প্ৰেম প্ৰকাশ কৰি কেনে আৰ্হি প্ৰস্তুত কৰিলে?

১৭ প্ৰেমৰ দ্বাৰা পৰিচালিত হʼবলৈ যীচুৰ আৰ্হিয়েই হৈছে সকলোতকৈ উত্তম। যীচুৱে মানৱ-পূৰ্বে অস্তিত্বতো নিজৰ পিতৃ যিহোৱা আৰু মানৱজাতিক প্ৰেম কৰিছিল। যিহোৱাৰ সৈতে থাকি তেওঁ সকলোবোৰ জ্ঞানত পৰিপক্ক হৈ এইদৰে কৈছিল: “মই তেওঁৰ লগত প্ৰধান কাৰ্য্যকাৰিণী আছিলোঁ, আৰু মই বাস-যোগ্য তেওঁৰ পৃথিবীত আনন্দ কৰি, তেওঁৰ আগত সদায় ৰং কৰি তেওঁৰ দৈনিক সন্তোষদায়িকা দাসী আছিলোঁ; আৰু মনুষ্য-সন্তানবিলাকত মোৰ হৰ্ষ হৈছিল।” (হিতোপদেশ ৮:৩০, ৩১) যীচুৰ প্ৰেমে তেওঁক স্বৰ্গীয় স্থান ত্যাগ কৰি পৃথিৱীত মানৱ শিশুৰূপে জন্মগ্ৰহণ কৰিবলৈ অনুপ্ৰানিত কৰিলে। তেওঁ নম্ৰ, দীনমন আৰু যিহোৱাৰ বিৰোধী হাতত অত্যাচাৰ ভুগি থকা লোকসকলৰ প্ৰতি সহনাভূতি আৰু দয়াৰে আচৰণ কৰিছিল। অৱশেষত তেওঁ সকলো মানৱজাতিৰ বাবে যাতনা স্তম্ভত মৃত্যুবৰণ কৰে। (যোহন ৩:৩৫; ১৪:৩০, ৩১; ১৫:১২, ১৩; ফিলিপীয়া ২:৫-১১) যীচুৱে সঠিক মনোবৃত্তিৰ কিযে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে!

১৮. (ক)আমি কেনেকৈ যীচুৰ প্ৰতি প্ৰেম বৃদ্ধি কৰিব পাৰোঁ? (খ) যীচুক যে আমি প্ৰেম কৰোঁ তাক কিদৰে প্ৰকাশ কৰি দেখুৱাম?

১৮ যেতিয়া আমি যীচুৱে নিজ জীৱনত দেখুৱা সঠিক মনোবৃত্তিৰ বিষয়ে শুভবাৰ্ত্তাৰ কিতাপবোৰত পঢ়োঁ আৰু তেওঁ বিশ্বাসী হৈ থকাৰ বাবে লাভ কৰা আশীৰ্ব্বাদসমূহক ধ্যান কৰোঁ, তেনেহʼলে ইয়ে আমাক তেওঁৰ প্ৰতি গভীৰ প্ৰেম বৃদ্ধি কৰিবলৈ সহায় কৰে। বৰ্তমান সময়ত আমি সেইসকলৰ দৰে, যাক পিতৰে সম্বোধন কৰি কৈছিল: “তেওঁক তোমালোকে দেখা নাই, তথাপি প্ৰেম কৰিছা।” (১ পিতৰ ১:৮) যেতিয়া আমি তেওঁত বিশ্বাস কৰোঁ আৰু আত্ম-বলিদানৰ তেওঁৰ আৰ্হিক অনুকৰণ কৰোঁ, প্ৰকৃততে আমি তেওঁৰ প্ৰতি আমাৰ প্ৰেম প্ৰকাশ কৰোঁ। (১ কৰিন্থীয়া ১১:১; ১ থিচলনীকীয়া ১:৬; ১ পিতৰ ২:২১-২৫) ২০০০ চনৰ এপ্ৰিল মাহৰ১৯ তাৰিখে উদ্‌যাপন কৰা যীচুৰ মৃত্যুৰ স্মৰণীয় দিৱসৰ উপস্থিতি আছিল ১৪, ৮৭২, ০৮৬ জন। কিমান যে এক বৃহৎ সংখ্যাৰ উপস্থিত আছিল! যীচুৱে কৰা বলিদানৰ যোগেদি বৃহৎ সংখ্যক লোক উদ্ধাৰ পাবলৈ আগ্ৰহী, তাকে জানি আমাৰ বিশ্বাস কিমান যে দৃঢ় হৈছে! সঁচাকৈ যিহোৱা আৰু যীচুৰ প্ৰতি থকা প্ৰেমে আমাক তেওঁলোককো প্ৰেম কৰিবলৈ উৎসাহিত কৰে।

১৯. পৰৱৰ্তী লেখত প্ৰেমৰ সম্পৰ্কে কেনে প্ৰশ্নসমূহ আলোচনা কৰা হʼব?

১৯ যীচুৱে কৈছিল যে আমি সকলো হৃদয়, প্ৰাণ, চিত্ত আৰু শক্তিৰে যিহোৱাক প্ৰেম কৰা উচিত। কিন্তু তেওঁ এইটোও কৈছিল যে আমি আমাৰ চুবুৰীয়াক নিজৰ দৰে প্ৰেম কৰা উচিত। (মাৰ্ক ১২:২৯-৩১) তেনেহʼলে আমাৰ চুবুৰীয়া কোনসকল? চুবুৰীয়াৰ প্ৰতি থকা প্ৰেমে কেনেকৈ আমাক ভাৰসাম্য আৰু সঠিক মনোবৃত্তি বজাই ৰাখিবলৈ সহায় কৰে? এই প্ৰশ্নসমূহ পৰৱৰ্তী লেখত আলোচনা কৰা হʼব।(w01 1/1)

আপোনাৰ মনত আছেনে?

•প্ৰেমক কিয় মূখ্য গুণ বুলি কোৱা হয়?

•আমি কেনেকৈ যিহোৱাক প্ৰেম কৰিবলৈ শিকিব পাৰোঁ?

•আমাৰ আচৰ-ব্যৱহাৰে কেনেকৈ প্ৰকাশ কৰে যে আমি যিহোৱাক প্ৰেম কৰোঁ?

•আমি কেনেকৈ যীচুৰ প্ৰতি আমাৰ প্ৰেম প্ৰকাশ কৰিব পাৰোঁ?

[১০ পৃষ্ঠাৰ ছবি]

ধৈৰ্য্যৰে অপেক্ষা কৰি উদ্ধাৰ পাবলৈ প্ৰেমে আমাক সহায় কৰে

[১২ পৃষ্ঠাৰ ছবি]

যীচুৱে কৰা বলিদানে, তেওঁক প্ৰেম কৰিবলৈ আমাক উৎসাহিত কৰিলে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক