যুদ্ধৰ ফলত হোৱা মানসিক আঘাতসমূহক সুস্থ কৰা
আব্ৰাহামa নামৰ এজন ব্যক্তিয়ে, তেওঁৰ জীৱনৰ ২০ বছৰ সময় গেৰিলা সৈনিকেৰূপে যুদ্ধত ভাগ লৈছিল। কিন্তু এদিন তেওঁ যুদ্ধত ভাগ নলবলৈ নিৰ্ণয় কৰিলে। ফলস্বৰূপে যিসকলে এসময়ত তেওঁৰ শত্ৰু আছিল, তেওঁলোকে তেওঁলৈ বন্ধুত্বৰ হাত আগবঢ়ালে। আচলতে কিহে তেওঁক যুদ্ধত ভাগ নলবলৈ আৰু এজন ভদ্ৰ ব্যক্তি হিচাপে জীৱন-যাপন কৰিবলৈ সহায় কৰিলে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে বাইবেল, যাৰ দ্বাৰাই তেওঁৰ জীৱনলৈ ইমান ডাঙৰ পৰিৱৰ্তন আহিল। বাইবেলে আব্ৰাহামক যিহোৱাৰ দৃষ্টিভঙ্গী ৰাখি মানুহৰ পৰিস্থিতক নিৰীক্ষণ কৰিবলৈ সহায় কৰিলে। তদুপৰি বাইবেলে তেওঁক তেওঁৰ মানসিক ক্ষতিবোৰ অৰ্থাৎ বেদনা, ঘৃণা ভাব আৰু মানসিক কষ্টবোৰক আঁতৰ কৰাত সহায় কৰিলে। তেওঁ অনুভৱ কৰিলে যে তেওঁ মানসিক আঘাতবোৰক মাত্ৰ বাইবেলেহে প্ৰতিকাৰ দিব পাৰে।
কিন্তু বাইবেলে কেনেকৈ এজন ব্যক্তিৰ মানসিক আঘাতবোৰ সুস্থ কৰিব পাৰে? যিহেতু যদিও বাইবেলে আব্ৰাহামৰ অতীতত যি হৈছিল সেইবোৰক ঠিক কৰিব নোৱাৰিলে, কিন্তু বাইবেলক পাঠ কৰা আৰু সেই বিষয়বোৰৰ ওপৰত ধ্যান কৰাৰ দ্বাৰাই তেওঁৰ চিন্তাধাৰা সলনি হʼল। এতিয়া আব্ৰাহামৰ ওচৰত এক উজ্জ্বল ভৱিষ্যত আছে আৰু তেওঁ জানে যে জীৱনত কিহক প্ৰথম স্থান দিয়া আৱশ্যক। সঁচাকৈ, বাইবেলে তেওঁৰ মানসিক আঘাতবোৰক সুস্থ কৰাত সহায় কৰিলে।
গৃহ যুদ্ধত যোগদান কৰা
১৯৩০ চনত আফ্ৰিকা মহাদেশত আব্ৰাহামৰ জন্ম হয়। দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত তেওঁৰ দেশখনক শক্তিশালী চুবুৰীয়া ৰাজ্যই শাসন কৰিবলৈ ধৰে। কিন্তু তেওঁৰ দেশৰ বাসিন্দাসকলে স্বাধীনতা বিচাৰি আন্দোলন কৰিব ধৰে। দেশৰ প্ৰতি থকা তেওঁলোকৰ প্ৰেমক দেখি আব্ৰাহামো পিছ পৰি নাথাকিল। গতিকে ১৯৬১ চনত তেওঁ গেৰিলা যুদ্ধত সৈনিকৰূপে যোগদান কৰে আৰু সেই শক্তিশালী চুবুৰীয়া ৰাজ্যৰ বিৰোদ্ধে যুদ্ধ কৰে।
আব্ৰাহামে তেওঁৰ চুবুৰীয়াৰ প্ৰতি ক্ৰোধ প্ৰকাশ কৰি এইদৰে কৈছিল: “তেওঁলোক আমাৰ শত্ৰু, তেওঁলোকে আমাক বধ কৰিবলৈ পৰিকল্পনা কৰিছিল। সেইবাবে আমি তেওঁলোকক বধ কৰিলোঁ।”
সৈনিকৰূপে তেওঁৰ জীৱন সদায়ে বিপদগ্ৰস্ত অৱস্থাত আছিল। সেয়েহে ২০ বছৰ ধৰি গেৰিলা সৈনিকৰূপে কাৰ্য্য কৰাৰ পাছত, ১৯৮২ চনত আব্ৰাহামে ইউৰোপলৈ পলাই গৈ তাত আশ্ৰয় লয়। সেই সময়ত তেওঁৰ বয়স প্ৰায় ৪০ বছৰতকৈ অধিক হৈছিল আৰু তেওঁ ভাবিছিল যে জীৱনৰ বাকী কালছোৱা যেন সুখ-শান্তিৰে কটায়। কিন্তু তেওঁৰ ভৱিষ্যত নো কেনে হʼব, এই বিষয়ে তেওঁ জানিবলৈ বিচাৰিছিল। এদিন আব্ৰাহামে কিছুমান যিহোৱাৰ সাক্ষী হোৱা ব্যক্তিক লগ পায় আৰু মণ্ডলীৰ সভাবোৰত উপস্থিত হʼবলৈ আৰম্ভ কৰে। যেতিয়া তেওঁ লাহে লাহে বুজি পালে যে সকলোৰে এক উজ্জ্বল ভৱিষ্যত আছে, তেতিয়া তেওঁ আফ্ৰিকাত থকাৰ সময়ত এজন যিহোৱাৰ সাক্ষীয়ে তেওঁক এখন ট্ৰ্যাক্ট দিয়া কথা মনত পৰে। সেই ট্ৰ্যাক্টখনত উল্লেখ কৰা হৈছিল যে অতি সোনকালে এই পৃথিৱীখনক এখন পৰমদেশলৈ পৰিণত কৰা হʼব আৰু এখন স্বৰ্গীয় চৰকাৰে গোটেই পৃথিৱীত শাসন কৰিব। কিন্তু তেওঁৰ মনত বাৰে বাৰে এটা প্ৰশ্ন উঠিছিল যে সঁচাকৈ পৃথিৱীখন তেনে পৰিস্থিতিলৈ পৰিৱৰ্তন হʼবনে?
তেওঁ আগলৈ এইদৰে কৈছিল: “মই বাইবেলৰ পৰা জানিব পাৰিলোঁ যে যিমান বছৰ সময় সেই যুদ্ধত ব্যয় কৰিলোঁ সেই সকলোবোৰ অনাৰ্থক আছিল। একমাত্ৰ ঈশ্বৰৰ ৰাজ্যইহে সঠিকভাৱে মানৱজাতিৰ ওপৰত শাসন কৰিব পাৰে।”
আব্ৰাহামে বাপ্তিষ্মা লোৱা কিছু সময়ৰ পাছত, ৰবাৰ্ট নামৰ আন এজন ব্যক্তিয়েও আফ্ৰিকাৰ পৰা ইউৰোপ মহাদেশলৈ পলাই আহিছিল। মনকৰিবলগীয়া এই যে আব্ৰাহাম আৰু ৰবাৰ্ট আফ্ৰিকাত থকা সময়ত সেই একেই যুদ্ধত ইজনে সিজনৰ বিৰোদ্ধে যুজঁ কৰিছিল। যুদ্ধৰত সময়ৰ পৰাই ৰবাৰ্টে সদায়ে জীৱনৰ প্ৰকৃত উদ্দেশ্যৰ বিষয়ে ভাবি আচৰিত হৈছিল। তেওঁ এজন ধৰ্মপৰায়ণ ব্যক্তি আছিল আৰু বাইবেল পঢ়িছিল। গতিকে তেওঁ জানিছিল যে ঈশ্বৰৰ নাম যিহোৱা। এদিন আব্ৰাহামৰ মণ্ডলীৰে কিছুমান সাক্ষীয়ে তেওঁক সাক্ষাৎ কৰে আৰু তেওঁক বাইবেলৰ বিষয়ে ভালদৰে জানিবলৈ সহায় আগবঢ়ালে, তাক ৰবাৰ্টে আনন্দেৰে স্বীকাৰ কৰে।
পাছলৈ ৰবাৰ্টে এইদৰে কয়: আৰম্ভণিৰে পৰা মই যিহোৱা সাক্ষীসকলক দেখি প্ৰভাৱিত হৈছিলোঁ। কিয়নো তেওঁলোকে যিহোৱা আৰু যীচুক এজন ব্যক্তিৰূপে নহয়, কিন্তু দুজন ব্যক্তি হিচাপে স্বীকাৰ কৰে। ইতিমধ্যে, মই বাইবেলৰ পৰা জানিব পাৰিছিলোঁ যে যিহোৱা সাক্ষীসকলে ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলে। তেওঁলোকে সাজ-পোচাক পৰিপাটিকৈ পিন্ধে আৰু বিভিন্ন জাতিৰ লোক হোৱা স্বত্ত্বেও তেওঁলোকে ইজনে-সিজনৰ প্ৰতি সন্মান দেখুৱায়। গতিকে ইয়াকে দেখি মই অতি প্ৰভাৱিত হৈছিলোঁ।
শত্ৰুসকল বন্ধু হৈ পৰিল
এসময়ত ৰবাৰ্ট আৰু আব্ৰাহাম দুয়োজনে ইজনে-সিজনৰ শত্ৰু আছিল, কিন্তু আজি তেওঁলোক হৈছে নলে-গলে লগা ঘনিষ্ঠ বন্ধু। বৰ্তমান সময়ত তেওঁলোকে একেই মণ্ডলীত পূৰ্ণ-সময়ৰ অগ্ৰগামী হিচাপে কাৰ্য্য কৰিছে। আব্ৰাহামে এইদৰে কৈছিল: “যুদ্ধত থকা সময়ত মই ইয়াকে ভাবি আচৰিত হৈছিলোঁ যে আমাৰ বহুতে একেই ধৰ্ম পালন কৰা স্বত্ত্বেও কিয় ইজনে-সিজনক ঘৃণা কৰোঁ। তদুপৰি, মই আৰু ৰবাৰ্ট একেই গীৰ্জাৰ সদস্য হোৱা স্বত্ত্বেও আমি ইজনে-সিজনৰ বিৰোদ্ধে যুজঁ কৰিছিলোঁ।” কিন্তু এতিয়া আমি দুয়োৱে হৈছোঁ যিহোৱাৰ সাক্ষী আৰু আমাৰ বিশ্বাসে আমাক ঐক্যতাৰ জৰীত বান্ধি ৰাখিছে।
ৰবাৰ্টেও কৈছিল: “এইয়ে হৈছে এনে এক বিশ্বাস যিয়ে আমাক বিশ্বব্যাপি ভাতৃত্বৰ প্ৰেমত আবদ্ধ কৰি ৰাখিছে। এতেকে আমি কেতিয়াও যুদ্ধত ভাগ নলম।” এই অনুভৱৰ পৰা আমি ইয়াকে জানিব পাৰিলোঁ যে বাইবেলে আব্ৰাহাম আৰু ৰবাৰ্টৰ জীৱনত একে বিশেষ প্ৰভাৱ পেলালে। তেওঁলোকৰ মনত থকা ঘৃণা আৰু তিতা ভাবক চিৰকালৰ বাবে দূৰ কৰি এক ঘনিষ্ঠ বন্ধুত্ব গঢ়ি তুলিলে।
এতেকে আব্ৰাহাম আৰু ৰবাৰ্ট গৃহ যুদ্ধত ভাগ লোৱাৰ সময়ছোৱাত তেওঁলোক দুয়োৱে নিজ দেশৰ হৈ যুদ্ধত ইজনে-সিজনৰ বিৰোদ্ধে, তেওঁলোকে পোৱা মানসিক আঘাতৰ বাবে যুঁজ কৰিছিল। কিন্তু বাইবেল অৰ্থাৎ সেই শক্তিশালী ঔষধে অতি সোনকালে তেওঁলোকৰ সকলোবোৰ মানসিক আঘাতক সুস্থ কৰিলে। কিন্তু কেনেকৈ বাইবেলে সেই আঘাতবোৰক সুস্থ কৰিলে?
বধ কৰা বা দেশৰ বাবে শ্বহীদ হোৱা
গাব্ৰীয়েল নামৰ আন এজন ব্যক্তিৰ কথাক বিবেচনা কৰক। তেওঁ এক ধৰ্মপৰায়ণ পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। সৰুৰে পৰা তেওঁক শিকোৱা হৈছিল যে তেওঁৰ মাতৃভূমি এক পবিত্ৰ যুদ্ধৰ প্ৰবলত আছে। গতিকে ডাঙৰ হৈ অৰ্থাৎ ১৯ বছৰ বয়সত স্বইচ্ছাৰে গেৰিলা সৈনিক হিচাপে ভাগ লয় আৰু তেওঁক যুদ্ধত যাবলৈ কোৱা হʼল। প্ৰায় ১৩ মাহ ধৰি তেও সেই ভয়াবহ যুদ্ধত কটাবলগীয়া হৈছিল। কেতিয়াবা আকৌ তেওঁ শত্ৰুৰ পৰা মাত্ৰ এক বা আধা কিলোমিটাৰ মান দূৰত থাকিবলগীয়া হৈছিল। তেওঁ আগলৈ এইদৰে কৈছিল: “আজিও মোৰ মনত আছে যে সেই যুদ্ধৰ সময়ত এদিন আমাৰ সৈন্যাধক্ষই কৈছিল যে তেওঁলোক যেন সাজু থাকে। কিয়নো শত্ৰু হয়তো ৰাতিৰ পৰত আহি আক্ৰমণ কৰিব পাৰে। সেইবাবে আমি গোটেই নিশাটো মৰ্টাৰ (বৰতোপ) জ্বলাই ৰাখিব লগা হৈছিল।” তেওঁ ইয়াকো ভাবিছিল যে চুবুৰীয়া দেশখন হৈছে তেওঁৰ শত্ৰুৰ দেশ। গতিকে যিমান পাৰে সিমানে বধ কৰিব আৰু আন বন্ধুবিলাকৰ দৰে শ্বহীদ হʼবলৈও ঠিৰাং কৰিছিল।
কিন্তু, কিছু সময়ৰ পাছত তেওঁ হতাশ হৈ পৰিল আৰু মাতৃভূমিৰ প্ৰতি থকা সকলোবোৰ বিচাৰধাৰা অনাৰ্থক যেন বোধ হʼল।। গতিকে তেওঁ যুদ্ধক্ষেত্ৰ এৰি পৰ্ব্বতীয়া অঞ্চলৰ সৰু বাটেদি ইউৰোপ মহাদেশলৈ পলায়ন কৰিলে। তেওঁৰ জীৱনত হোৱা সমস্যাৰ বিষয়ে আৰু এই সমস্যাৰ দ্বাৰাই ঈশ্বৰে মানুহক শাস্তি বিহিছেনে, এই প্ৰশ্নৰ উত্তৰ বিচাৰি ঈশ্বৰলৈ নিতৌ প্ৰাৰ্থনা কৰিছিল। এদিন তেওঁ যিহোৱাৰ সাক্ষীসকলক লগ পালে আৰু তেওঁলোকে কʼলে যে বৰ্তমান সময়ত কিয় জীৱনটো সমস্যাৰে পৰিপূৰ্ণ হৈ আছে এই বিষয়ে তেওঁক বাইবেলৰ পৰা জনালে।—মথি ২৪:৩-১৪; ২ তীমথিয় ৩:১-৫.
যেনেকৈ গাব্ৰীয়েলে বাইবেলৰ বিষয়ে জ্ঞান লবলৈ আৰম্ভ কৰিলে, তেওঁ সত্যক অধিকৈ বুজি পালে। জীৱনৰ উদ্দেশ্যৰ বিষয়ে জানি তেওঁ এইদৰে কৈছিল: “মই জানিব পাৰিলোঁ যে আমি চিৰকাললৈকে এই পৰমদেশীয় পৃথিৱীত জীয়াই থাকিব পাৰিম আৰু যিটো মই লʼৰালি কালৰ পৰাই জানিব বিচাৰিছিলোঁ।” ইয়াৰ ওপৰিও বাইবেলে গাব্ৰীয়েলৰ মনত থকা ঘৃণা আৰু তিতা ভাৱনাক চিৰকালৰ বাবে দূৰ কৰিলে। এতিয়া তেওঁৰ শত্ৰু দানিয়েলৰ প্ৰতি গাব্ৰীয়েলৰ কোনো ঘৃণা আৰু তিতা ভাব নাই। কিন্তু দানিয়েলক কিহৰ বাবে ইউৰোপ মহাদেশত আহিবলগা হৈছিল?
“যদি প্ৰকৃততে আপুনি অস্তিত্বত আছে, তেন্তে অনুগ্ৰহ কৰি মোক উদ্ধাৰ কৰক!”
দানিয়েল এজন কেথলিক পৰিয়ালত ডাঙৰ-দীঘল হৈছিল আৰু তেওঁ ১৮ বছৰ বয়সতে সৈনিকত ভৰ্ত্তি হয় যাতে নিজৰ মাতৃভূমিৰ বাবে যুজঁ কৰিব পাৰে। দানিয়েলেও সেই একেই যুদ্ধত ভাগ লয় আৰু গাব্ৰীয়েলৰ বিৰোদ্ধে যুজঁ কৰিবলগীয়া হৈছিল। এবাৰ তেওঁ এখন টেঙ্কৰে যুদ্ধ কৰি থাকোঁতে, হঠাতে টেঙ্কৰ একেবাৰে কাষত এটা বোমা পৰে। ফলস্বৰূপে তেওঁৰ লগত যোৱা বন্ধুজনৰ মৃত্যু হয় আৰু তেওঁ গুৰুত্বৰভাৱে আহত হয়। তেনে অৱস্থাতে তেওঁক বন্দী কৰা হয়। ইউৰোপলৈ পলায়ন কৰাৰ আগতে আৰোগ্যৰ বাবে কেইবামাহো চিকিৎসালয় আৰু শিবীৰত কটাবলগীয়া হৈছিল। এতেকে তেওঁ জীৱন অকলশৰীয়া আৰু নিৰাশ্ৰয় হৈ পৰিছিল, সেইবাবে তেওঁ আত্মহত্যা কৰিবলৈ চিন্তা কৰিব ধৰিলে। এদিন দানিয়েলে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰি এইদৰে কৈছিল: “যদি প্ৰকৃততে আপুনি অস্তিত্বত আছে, তেন্তে অনুগ্ৰহ কৰি মোক উদ্ধাৰ কৰক।” তাৰ পিছদিনাখনেই তেওঁ নিজৰ প্ৰাৰ্থনাৰ উত্তৰ পালে, যেতিয়া যিহোৱাৰ সাক্ষীসকলে তেওঁক সাক্ষাত কৰে আৰু তেওঁৰ প্ৰশ্নৰ উত্তৰ দিয়ে। অৱশেষত দানিয়েলে শৰানাৰ্থীৰূপে ইউৰোপলৈ ৰাওনা হয়। তাত তেওঁ পুনৰায় যিহোৱা সাক্ষীসকলৰ সৈতে যোগাযোগ কৰে আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰে। লাহে লাহে তেওঁৰ মনত থকা ভুল বিচাৰধাৰা আৰু ঘৃণা ভাববোৰ আঁতৰি যায়।
এতিয়া গাব্ৰীয়েল আৰু দানিয়েল এক ঘনিষ্ঠ বন্ধু। পিছলৈ তেওঁলোক দুয়োজনে বাপ্তিষ্মা লয় আৰু ঈশ্বৰৰ সেৱক হৈ তেওঁৰ সেৱা কৰি আছে। গাব্ৰীয়েলে এইদৰে নিজৰ মনৰ ভাব প্ৰকাশ কৰে: “যিহোৱাৰ প্ৰতি প্ৰেম আৰু বাইবেলৰ জ্ঞানে মোক যিহোৱাৰ দৃষ্টিভঙ্গীৰ বিষয়ে জানিবলৈ সহায় কৰিলে। যোৱা কিছু বছৰৰ আগতে দানিয়েল মোৰ শত্ৰু আছিল আৰু তেওঁক বধ কৰাটোৱেই মোৰ লক্ষ্য আছিল। কিন্তু বাইবেলৰ পৰা মই বুজিব পাৰিলোঁ যে শত্ৰুকো আমাৰ নিচিনা প্ৰেম কৰা উচিত। এতিয়া দানিয়েলৰ প্ৰতি মোৰ কোনো ঘৃণা আৰু তিতা ভাব নাই আৰু আমি ইজনে-সিজনৰ বাবে মৃত্যুকো সাবটি লবলৈ সাজু আছোঁ।”
দানিয়েলৰ বিষয়ে কি? তেওঁ এইদৰে কৈছিল: “মই ভিন্ন ধৰ্ম্ম আৰু জাতিৰ সদস্য হোৱাৰ বাবে এজনে-আনজনক হত্যা কৰা দেখিছিলোঁ। ইয়াৰ ওপৰিও মই একেই গীৰ্জাৰ সদস্য হোৱা স্বত্ত্বেও বিপৰীত পক্ষত ভাগ লৈ ইজনে-সিজনক হত্যা কৰা দেখিবলৈ পাইছিলোঁ। গতিকে মই ভাবিছিলোঁ যে ঈশ্বৰেহে এইবোৰ কৰিছে। কিন্তু, বাইবেলৰ দ্বাৰা মই জানিবল পাৰিলোঁ যে এই সকলোবোৰৰ পিছত চয়তানৰহে হাত আছে। এতিয়া গাব্ৰীয়েল আৰু মই ঘনিষ্ঠ বন্ধু আৰু আমাৰ বিশ্বাস যে আমি ভৱিষ্যতে কেতিয়াও ইজন-সিজনৰ প্ৰতি যুজঁ নকৰিম।”
‘ঈশ্বৰৰ বাক্য জীয়া আৰু কাৰ্য্য-সাধক’
আব্ৰাহাম, ৰবাৰ্ট, গাব্ৰীয়েল আৰু দানিয়েলৰ জীৱনত ইমান ডাঙৰ পৰিৱৰ্তন কেনেকৈ আহিল? তেওঁলোকে কেনেকৈ নিজ মনৰ পৰা ঘৃণা আৰু তিতা ভাব আঁতৰাবলৈ সক্ষম হʼল?
কিয়নো তেওঁলোক প্ৰত্যেকেই ঈশ্বৰৰ বাক্যক পাঠ কৰি ধ্যান কৰিছিল আৰু নিজৰ ব্যক্তিগত জীৱনত সেই পৰামৰ্শসমূহক প্ৰয়োগ কৰিছিল। যিহেতু ঈশ্বৰৰ বাক্য হৈছে, ‘জীয়া আৰু কাৰ্য্য-সাধক।’ মানৱ সৃষ্টিকৰ্তাই হৈছে বাইবেলৰ ৰচনা কৰোঁতা। সেয়েহে তেওঁ ইয়াক ভালকৈ জানে যে যিসকলে সত্যৰ পথত চলি তেওঁৰ বাক্যৰ প্ৰতি মনোযোগ দিবলৈ চেষ্টা কৰে তেওঁলোকৰ হৃদয়ক এই সকলোবোৰ পৰিৱৰ্তন কৰিবলৈ প্ৰভাৱিত কৰে। কিয়নো বাইবেলত কোৱা হৈছে: “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত, আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত হব পাৰে, তাৰ কাৰণে, শিক্ষাৰ, অনুযোগৰ, পতিত-উত্থাপনৰ, আৰু ধাৰ্ম্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক।” যেনেকৈ এজন ব্যক্তিয়ে নিজৰ জীৱনত বাইবেলক পথদৰ্শক হিচাপে মানি লয় তেতিয়াৰে পৰা তেওঁ নতুন স্থৰ আৰু ব্যক্তিত্বক ধাৰণ কৰে। তেওঁ ঈশ্বৰৰ দৃষ্টিৰে সমস্যবোৰ সমাধান কৰিবলৈ শিকে। ইয়াৰ ওপৰিও বিভিন্ন প্ৰকাৰৰ লাভসমূহ আৰু আনকি যুদ্ধৰ ফলত হোৱা মানসিক ক্ষতিবোৰও পূৰণ হয়।—২ তীমথিয় ৩:১৬.
তদুপৰি, বাইবেলে শিক্ষা দিয়ে যে কোনো ৰাষ্ট্ৰ, বৰ্ণ বা জাতিয়ে এজনে আনজনতকৈ ভাল বা বেয়া নহয়। কিয়নো বাইবেল কৈছে: “ঈশ্বৰ পক্ষপাতী নহয়, কিন্তু সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধৰ্ম্মআচৰণ কৰে, সেই জন তেওঁৰ গ্ৰাহ্য হয়, ইয়াকে মই নিশ্চয়কৈ বুজ পাইছোঁ।” গতিকে যিজনে বাইবেল পঢ়ে তেওঁ তেনে ধৰণৰ আন জাতিৰ প্ৰতি থকা ঘৃণাভাবৰ পৰা আতঁৰি থাকিব পাৰে।—পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫.
বাইবেলত উল্লেখ কৰা ভৱিষ্যতবাণীবোৰে ইয়াকে দৰ্শায় যে অতি সোনকালে যিহোৱা ঈশ্বৰে মচীহ ৰাজ্যৰ দ্বাৰা “সেয়ে সেই আটাই ৰাজ্য ভাঙি সংহাৰ কৰিব।” তদুপৰি এনে ধৰণৰ সংগঠনবোৰো আঁতৰোৱা হʼব যিয়ে মানৱ জাতিৰ মাজত যুদ্ধৰ পৰিবেশ সৃষ্টি কৰে। যুদ্ধৰ ফলত প্ৰাণ হেৰুৱাব লগা লোকসকলক পুনৰুত্থান কৰা হʼব যাতে তেওঁলোকে পৰমদেশীয় পৃথিৱীত চিৰকালৰ বাবে বাস কৰে। সেই সময়ত কোনো এজনেও নিজৰ শত্ৰুৰ পৰা ৰক্ষা পাবলৈ আন দেশত পলাই গৈ আশ্ৰয় নলʼব।—গীতমালা ৪৬:৯; দানিয়েল ২:৪৪; পাঁচনিৰ কৰ্ম্ম ২৪:১৫.
সেই সময়ত হোৱা মানৱজাতিৰ পৰিস্থিতিৰ বিষয়ে বাইবেল এইদৰে কৈছে: “আৰু লোকবিলাকে ঘৰ সাজি তাৰ ভিতৰত বাস কৰিব, আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিব। অন্যে বাস কৰিবলৈ তেওঁবিলাকে ঘৰ নাসাজিব, অন্যে ভোগ কৰিবলৈ তেওঁবিলাকে বাৰী নাপাতিব; কিয়নো গছৰ আয়ুস যিমান, মোৰ প্ৰজাবিলাকৰ আয়ুসো সিমান হব, আৰু মোৰ মনোনীত লোকবিলাকে নিজ নিজ হাতেৰে কৰা কাৰ্য্যৰ ফল বহুকাললৈকে ভোগ কৰিব। তেওঁবিলাকে বৃথা পৰিশ্ৰম নকৰিব, আৰু আপদৰ নিমিত্তে সন্তান প্ৰসৱ নকৰিব; কিয়নো তেওঁবিলাক আৰু তেওঁবিলাকৰ লগত থকা সন্তান, যিহোৱাৰ পৰা আশীৰ্ব্বাদ পোৱাবিলাকৰ বংশ।” গতিকে যিজনে এই ভৱিষ্যতবাণীৰ ওপৰত ভাৰসা ৰাখে, তেওঁৰ মনৰ পৰা দুখ-কষ্ট আৰু ঘৃণা ভাববোৰ ক্ৰমান্বয়ে আঁতৰি যাব।—যিচয়া ৬৫:২১-২৩.
বৰ্ত্তমান সময়ত বাইবেলে ঔষধ হিচাপে কাম কৰিছে আৰু ইয়াৰ শিক্ষাবোৰে যুদ্ধৰ ফলত হোৱা মানসিক আঘাতবোৰক সুস্থ কৰিছে। এতেকে ইয়াৰ দ্বাৰাই আজি শত্ৰুসকলেও বিশ্ব-ব্যাপি ভাতৃত্ব প্ৰেমেৰে ইজনে-সিজনক আকোঁৱালি লৈছে। আহিবলগীয়া ঈশ্বৰৰ ৰাজ্যই দুখ-কষ্ট আৰু ঘৃণা ভাবসমূহ চিৰকালৰ বাবে দূৰ কৰিব। কিয়নো তেওঁ নিজেই প্ৰতিজ্ঞা কৰি কৈছে: “কিয়নো চোৱা, মই নতুন আকাশমণ্ডল আৰু নতুন পৃথিবী সৃষ্টি কৰো; আৰু পূৰ্ব্বকালৰ কথাবোৰ সোঁৱৰণ কৰা বা মনত কৰাও নহব।”—যিচয়া ৬৫:১৭.
(w01 1/1)
[ফুটনোট]
a আচল নামবোৰৰ পৰিৱৰ্তে ছদ্মনাম ব্যৱহাৰ কৰা হৈছে।
[৪ পৃষ্ঠাৰ ব্লাৰ্ব]
“মই বাইবেলৰ পৰা জানিব পাৰিলোঁ যে মই যিমান সময় যুদ্ধত ব্যয় কৰিলো, সেই সকলোবোৰ অৰ্থহীন আছিল।”
[৫ পৃষ্ঠাৰ ব্লাৰ্ব]
পূৰ্বৰ দুজন শত্ৰুৰ হৃদয়ত বাইবেলে এক শক্তিশালী প্ৰভাৱ পেলালে
[৬ পৃষ্ঠাৰ ব্লাৰ্ব]
তিক্তকৰ আৰু হিংসাৰ সম্পৰ্কে এক অন্তৰঙ্গ বন্ধুলৈ পৰিণত হʼল
[৬ পৃষ্ঠাৰ ব্লাৰ্ব]
এজন পাঠকে বাইবেলৰ অনুসাৰে জীৱন-যাপন কৰি, জীৱনত এক নতুন স্তৰ আৰু কৰ্মদক্ষতা শিকে
[৭ পৃষ্ঠাৰ ছবি]
পূৰ্বৰ শত্ৰুসকলে বৰ্তমান সময়ত অন্তঃৰাষ্ট্ৰীয় ভাতৃত্ব সমাজত একত্ৰিত হৈছে
[৪ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
Refugee camp: UN PHOTO 186811/J. Isaac