পাঠ ১১
বিশ্বাসৰ পৰীক্ষা
অব্ৰাহামে নিজৰ লʼৰা ইচহাকক যিহোৱাক ভাল পাবলৈ আৰু তেওঁৰ সকলো প্ৰতিজ্ঞাৰ ওপৰত ভৰসা কৰিবলৈ শিকালে। কিন্তু ইচহাক যেতিয়া ২৫ বছৰৰ আছিল, তেতিয়া যিহোৱাই অব্ৰাহামক এনে এটা কাম কৰিবলৈ কʼলে, যি বহুত কঠিন আছিল। সেই কামটো কি আছিল?
ঈশ্বৰে অব্ৰাহামক কʼলে, ‘তুমি নিজৰ একমাত্ৰ লʼৰাক মোৰিয়া দেশলৈ লৈ যোৱা আৰু তাত এখন পাহাৰৰ ওপৰত তাৰ বলি দিয়া।’ যিহোৱাই এইদৰে কিয় কৰিবলৈ কৈছে অব্ৰাহামে একেবাৰে গʼমেই পোৱা নাছিল। তথাপিও তেওঁ যিহোৱাৰ কথা মানিলে।
পিছ দিনা ৰাতিপুৱাতে অব্ৰাহামে নিজৰ লগত ইচহাক আৰু দুজন দাসক লৈ মোৰিয়া দেশলৈ ওলাই গʼল। তিনি দিনৰ পাছত তেওঁলোকে দূৰৰ পৰাই সেই পাহাৰখন দেখা পালে। অব্ৰাহামে নিজৰ সেৱকবিলাকক কʼলে যে তেওঁলোকে তাতে ৰৈ থাকক আৰু তেওঁ ইচহাকক লৈ বলিদান দিবলৈ যাব। অব্ৰাহামে এখন ছুৰী লʼলে আৰু ইচহাকক খৰি উঠাবলৈ কʼলে। ইচহাকে নিজৰ দেউতাকক সুধিলে, ‘বলিদান দিবলৈ জন্তু কʼত?’ অব্ৰাহামে কʼলে, ‘যিহোৱাই দিব।’
যেতিয়া তেওঁলোকে সেই পাহাৰ পালেগৈ, তেতিয়া তেওঁলোকে তাত এটা বেদী বনালে। তাৰ পাছত অব্ৰাহামে ইচহাকৰ হাত-ভৰি বান্ধি দিলে আৰু তাক বেদীত শুৱাই দিলে।
তাৰ পাছত অব্ৰাহামে ইচহাকক বলি দিবলৈ ছুৰীখন উঠালে। তেওঁ মাৰিবলৈ লওঁতেই যিহোৱাৰ স্বৰ্গদূতে স্বৰ্গৰ পৰা মাত লগালে, ‘অব্ৰাহাম, লʼৰাজনক নামাৰিবা! মই এতিয়া বুজি পালোঁ যে ঈশ্বৰৰ ওপৰত তোমাৰ বিশ্বাস আছে আৰু তুমি নিজৰ লʼৰাক বলি দিবলৈও সাজু হʼলা।’ তেতিয়া অব্ৰাহামে তাত এটা ভেড়া পোৱালি দেখিলে, যাৰ শিং জোপোহাত লাগি ধৰিছিল। তেওঁ লগে লগে ইচহাকৰ হাত-ভৰি খুলিলে আৰু তাৰ সলনি ভেড়া পোৱালিটোক বলি দিলে।
সেই দিনাৰে পৰা যিহোৱাই অব্ৰাহামক নিজৰ বন্ধু বুলি কʼলে। জানা নে কিয়? কিয়নো যিহোৱাই অব্ৰাহামক যিয়েই কৰিবলৈ কৈছিল, তেওঁ সেয়াই কৰিলে। আনকি তেওঁ সেই সময়তো যিহোৱাৰ কথা মানিলে, যেতিয়া তেওঁ বুজি পোৱা নাছিল যে যিহোৱাই এইদৰে কিয় কৈছে।
যিহোৱাই আৰু এবাৰ অব্ৰাহামক প্ৰতিজ্ঞা কৰিলে, ‘মই তোমাক আশীৰ্বাদ দিম আৰু তোমাৰ বংশ বঢ়াম।’ ইয়াৰ অৰ্থ এয়া আছিল যে যিহোৱাই অব্ৰাহামৰ পৰিয়ালৰ যোগেদি সকলো ভাল লোকক আশীৰ্বাদ দিব।
“ঈশ্বৰে জগতক ইমানেই প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰক দি দিলে যাতে যি কোনোৱে তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁ ধ্বংস নহয়, কিন্তু অনন্ত জীৱন পায়।”—যোহন ৩:১৬