পাঠ ৮
অব্ৰাহাম আৰু চাৰাই ঈশ্বৰৰ কথা মানিলে
বাবিলৰ পৰা কিছু দূৰত ঊৰ নামৰ এখন চহৰ আছিল। তাত থকা লোকসকলে যিহোৱাৰ উপাসনা কৰা নাছিল। তেওঁলোকে বহুতো দেৱতাক পূজা কৰিছিল। কিন্তু তাত এজন মানুহ আছিল, যিজনে কেৱল যিহোৱাৰ উপাসনা কৰিছিল। তেওঁৰ নাম আছিল অব্ৰাহাম।
যিহোৱাই অব্ৰাহামক কʼলে, ‘তুমি নিজৰ ঘৰ আৰু নিজৰ সম্বন্ধীয় লোকসকলক এৰি এনে এখন দেশলৈ যোৱা, যি মই তোমাক দেখুৱাম।’ ঈশ্বৰে তেওঁক প্ৰতিজ্ঞা কৰিলে, ‘তোমাৰ পৰা এটা ডাঙৰ ৰাষ্ট্ৰ হʼব আৰু তোমাৰ কাৰণে মই পৃথিৱীত থকা বহুতো লোকৰ বাবে ভাল ভাল কাম কৰিম।’
অব্ৰাহামে জনা নাছিল যে যিহোৱাই তেওঁক কʼলৈ পঠাইছে, তথাপিও তেওঁ যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে। সেইবাবে, অব্ৰাহাম, তেওঁৰ পত্নী চাৰা, তেওঁৰ দেউতা তেৰহ আৰু তেওঁৰ ভতিজা লোটে নিজৰ বস্তুবোৰ বান্ধিলে আৰু তেওঁলোকে ঈশ্বৰৰ কথা শুনি দূৰ দেশলৈ যাবলৈ ওলাই গʼল।
বহু দিনৰ পাছত অব্ৰাহাম আৰু তেওঁৰ পৰিয়ালে সেই দেশ পালেগৈ, যাৰ বিষয়ে যিহোৱাই তেওঁলোকক দেখুৱাম বুলি কৈছিল। সেই সময়ত অব্ৰাহামৰ বয়স ৭৫ আছিল। সেই দেশৰ নাম কনান আছিল। তাত যিহোৱাই অব্ৰাহামৰ লগত কথা পাতিলে আৰু তেওঁক এইদৰে প্ৰতিজ্ঞা কৰিলে, ‘এই গোটেই দেশ যি তুমি দেখি আছা, তোমাৰ লʼৰা-ছোৱালীক দিম।’ কিন্তু অব্ৰাহাম আৰু চাৰাৰ বহুত বয়স হৈ গৈছিল আৰু তেওঁলোকৰ কোনো লʼৰা-ছোৱালী নাছিল, তেনেহʼলে যিহোৱাই নিজৰ প্ৰতিজ্ঞা কেনেকৈ পূৰ কৰিলে?
“বিশ্বাসৰ কাৰণেই তেওঁ [অব্ৰাহাম] আজ্ঞা পালন কৰিলে আৰু তেওঁ সেই ঠাইলৈ ওলাই গʼল, যি তেওঁ উত্তৰাধিকাৰী হিচাপে পাবলগীয়া আছিল। তেওঁ নাজানিছিল যে তেওঁ কʼলৈ গৈ আছে, তথাপিও তেওঁ গʼল।”—ইব্ৰী ১১:৮