অব্ৰাহামৰ দৰে আপোনাৰো বিশ্বাস আছেনে?
“যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিবীত বিশ্বাস পাব নে?”—লূক ১৮:৮.
১. বৰ্তমান সময়ত এজন ব্যক্তি বিশ্বাসত স্থিৰ থকাটো কিয় কঠিন?
বৰ্তমান সময়ত বিশ্বাসত স্থিৰ থকাটো সাধাৰণ বিষয় নহয়। এই জগতে খ্ৰীষ্টানসকলক আধ্যাত্মিক বিষয়ৰ পৰা মন পৰিবৰ্তন কৰিবলৈ বহুত হেচাঁ দিয়ে। (লূক ২১:৩৪; ১ যোহন ২:১৫, ১৬) বহুতে যুদ্ধ, দুৰ্যোগ, বেমাৰ বা খাদ্যৰ অভাৱৰ বাবে সংৰ্ঘষ কৰিবলগীয়া হৈছে। (লূক ২১:১০, ১১) বহুতো ৰাষ্ট্ৰত শক্তিশালী সামাজিক ব্যৱস্থা আছে আৰু যদি কোনোবাই তেওঁলোকৰ বিশ্বাসৰ অনুসৰি জীৱন নিৰ্বাহ কৰে তেন্তে তেওঁলোকক যুক্তি নোহোৱা বা ধৰ্মোন্ধ ব্যক্তি বুলি দৃষ্টি কৰা হয়। তদুপৰি, বহুতো খ্ৰীষ্টানক তেওঁলোকৰ বিশ্বাসৰ বাবে তাড়না কৰা হৈছে। (মথি ২৪:৯) যীচুৱে ২,০০০ বছৰৰ আগতে প্ৰশ্ন কৰিছিল, যিটো যথোপযুক্ত আছিল: “যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিবীত বিশ্বাস পাব নে?”—লূক ১৮:৮.
২. (ক) এজন খ্ৰীষ্টানৰ বাবে কিয় দৃঢ় বিশ্বাসৰ অতি প্ৰয়োজন? (খ) কাৰ বিশ্বাসৰ উদাহৰণ আপুনি অনুকৰণ কৰিলে লাভজনক হব?
২ বাস্তৱতে, যদি আমি জীৱনত কৃতকাৰ্য্য লাভ কৰিব আৰু ভৱিষ্যতে অনন্ত জীৱনৰ প্ৰতিজ্ঞা পাব বিচাৰো তেন্তে দৃঢ় বিশ্বাসৰ অতি প্ৰয়োজন। হবক্কুকক কোৱা যিহোৱাৰ বাক্য উল্লেখ কৰি পৌলে লিখিছিল: “কিন্তু মোৰ ধাৰ্ম্মিক জন বিশ্বাসৰ দ্বাৰাই জীব; কিন্তু যদি হুহঁকি যায়, তেন্তে মোৰ প্ৰাণ সেই জনত সন্তুষ্ট নহব। কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য।” (ইব্ৰী ১০:৩৮–১১:৬; হবক্কুক ২:৪) পৌলে তীমথিয়ক কৈছিল: “বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা, অনন্ত জীৱন ধাৰণ কৰা; তাৰ নিমিত্তেই তুমি আমন্ত্ৰিত হলা; আৰু অনেক সাক্ষীৰ আগত সেই উত্তম স্বীকাৰ স্বীকাৰ কৰিলা।” (১ তীমথিয় ৬:১২) তেনেহʼলে কেনেকৈ নিজৰ বিশ্বাস দৃঢ় কৰিব পাৰি? এই প্ৰশ্ন বিবেচনা কৰি, আমি এজন ব্যক্তিৰ বিষয়ে বিবেচনা কৰিলে ভাল হব, যি জনে আজিৰ পৰা ৪,০০০ হাজাৰ বছৰৰ আগতে জীৱিত আছিল, যিজনৰ বিশ্বাস আজিও তিনিটা প্ৰধান ধৰ্ম্মত সন্মান কৰা হয়—ইচলাম, ইহুদী আৰু খ্ৰীষ্টীয় জগতত। সেই ব্যক্তিজন হৈছে অব্ৰাহাম। তেওঁৰ বিশ্বাস কিয় লক্ষ্য কৰিবলগীয়া? আজি আমি তেওঁক অনুকৰণ কৰিব পাৰোঁনে?
ঈশ্বৰৰ নিৰ্দ্দেশনাক পালন কৰা
৩, ৪. কিয় তেৰহে তেওঁৰ পৰিয়ালৰ সৈতে উৰৰ পৰা হাৰণলৈ যাত্ৰা কৰিছিল?
৩ অব্ৰাহামৰ (প্ৰকৃততে অব্ৰাম বুলি কোৱা হৈছিল) নাম বাইবেলৰ প্ৰথম কিতাপতে উল্লেখ কৰিছে। আদিপুস্তক ১১:২৬ পদত আমি পঢ়ো: “তেৰহৰ . . . তেওঁৰ সন্তান অব্ৰাম, নাহোৰ, আৰু হাৰণ জন্মিল।” তেৰহ আৰু তেওঁৰ পৰিয়াল দক্ষিণ অৰম-নহৰয়িমৰ এখন উন্নয়নশীল নগৰ কল্দীয়াহঁতৰ উৰত বাস কৰিছিল। যি কি নহওঁক, তেওঁলোকে তাত বাস নকৰিলে। “পাছে তেৰহে নিজৰ পুত্ৰ অব্ৰামক, আৰু হাৰণৰ পুতেক লোট নামেৰে নাতীয়েকক, আৰু অব্ৰামৰ ভাৰ্য্যা চাৰী বোৱাৰীয়েককো লগত লৈ, কনান দেশলৈ যাবৰ নিমিত্তে, কল্দীয়াহঁতৰ উৰ নগৰৰ পৰা ওলাই গল; কিন্তু হাৰণ নগৰলৈকে গৈ, তাতে সিবিলাকে নিবাস কৰিলে।” (আদিপুস্তক ১১:৩১) আব্ৰাহামৰ ভায়েক নাহোৰও পৰিয়ালৰ সৈতে হাৰণলৈ যাত্ৰা কৰিলে। (আদিপুস্তক ২৪:১০, ১৫; ২৮:১, ২; ২৯:৪) যি কি নহওঁক, কিয় তেৰহে উন্নয়নশীল নগৰ উৰৰ পৰা অদূৰ হাৰণলৈ প্ৰস্থান কৰিলে?
৪ অব্ৰাহামৰ সময়ৰ প্ৰায় ২,০০০ বছৰৰ পাছত, বিশ্বাসী ব্যক্তি স্তিফানে ইহুদী মহাসভাৰ সন্মুখত তেৰহৰ পৰিয়ালৰ অস্বাভাৱিক স্থানান্তৰ হোৱাৰ বিষয়ে বৰ্ণনা কৰিছিল। তেওঁ কৈছিল: “আমাৰ ওপৰ-পুৰুষ অব্ৰাহাম হাৰণ নগৰত থকাৰ আগেয়ে, মিচপতামিয়া দেশত থাকোঁতে, প্ৰতাপৰ ঈশ্বৰে দেখা দি তেওঁক কলে, তুমি নিজ দেশ, নিজ জ্ঞাতি-কুটুম্বক এৰি, যি দেশ মই তোমাক দেখুৱাম, সেই দেশলৈ বʼলা। তাতে তেওঁ কল্দীয়াবিলাকৰ দেশ এৰি, হাৰণত বসতি কৰিলে। পাছে তেওঁৰ পিতৃ মৰাত, আপোনালোকে এতিয়া বসতি কৰা এই দেশলৈ ঈশ্বৰে তেওঁক আনিলে।” (পাঁচনিৰ কৰ্ম্ম ৭:২-৪) তেৰহ যেতিয়া তেওঁৰ পৰিয়ালৰ সৈতে হাৰণলৈ যাত্ৰা কৰিলে তেতিয়া তেওঁ অব্ৰাহামৰ বাবে যিহোৱাৰ ইচ্ছা প্ৰদৰ্শন কৰিলে।
৫. অব্ৰাহামে তেওঁৰ পিতৃৰ মৃত্যুৰ পাছত কʼলৈ গৈছিল? কিয়?
৫ তেৰহৰ পৰিয়াল তেওঁলোকৰ নতুন চহৰত বাস কৰিলে। বহু বছৰৰ পাছত যেতিয়া অব্ৰাহামে “মোৰ দেশলৈ” বুলি বৰ্ণনা কৰিছিল তেওঁৰ অৰ্থ হাৰণৰ এলেকাৰ বিষয়ে আছিল, উৰৰ বিষয়ে নাছিল। (আদিপুস্তক ২৪:৪) যি কি নহওঁক, হাৰণ অব্ৰাহামৰ স্থায়ী ঘৰ নাছিল। স্তিফানৰ অনুসৰি, “পাছে [অব্ৰাহামৰ] তেওঁৰ পিতৃ মৰাত, আপোনালোকে এতিয়া বসতি কৰা এই দেশলৈ ঈশ্বৰে তেওঁক আনিলে।” (পাঁচনিৰ কৰ্ম্ম ৭:৪) যিহোৱাৰ নিৰ্দ্দেশনাৰ পালন কৰি, আব্ৰাহামে লোটক লগত লৈ কনানৰ ভূমি ফৰাৎ নদী পাৰ কৰিলে।a
৬. যিহোৱাই অব্ৰাহামক কি প্ৰতিজ্ঞা কৰিছিল?
৬ কি কাৰণে যিহোৱাই অব্ৰাহামক কনানলৈ যাত্ৰা কৰিবলৈ আজ্ঞা দিছিল? কাৰণ আছিল, বিশ্বাসী লোকসকলৰ বাবে ঈশ্বৰৰ উদ্দেশ্য সম্পূৰ্ণ কৰা। যিহোৱাই অব্ৰাহামক কৈছিল: “তুমি নিজ দেশ, নিজ জ্ঞাতি-কুটুম্ব, আৰু নিজ পিতৃৰ ঘৰ ত্যাগ কৰি, মই, যি দেশ তোমাক দেখুৱাম, সেই দেশলৈ বলা। আৰু মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম, আৰু তোমাক আশীৰ্ব্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম; তাতে তুমি আশীৰ্ব্বাদ আকৰ হবা। যিবিলাকে তোমাক আশীৰ্ব্বাদ কৰে, সিবিলাকক মই আশীৰ্ব্বাদ কৰিম, আৰু তোমাক যি কোনোৱে শাও দিয়ে, তাক মই শাও দিম; আৰু তোমাতেই পৃথিবীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্ব্বাদ পাব।” (আদিপুস্তক ১২:১-৩) অব্ৰাহাম এক বৃহত ৰাষ্ট্ৰৰ পিতৃ হবলৈ আছিল আৰু তাৰ দ্বাৰাই যিহোৱাৰ আশ্ৰয়ৰ আনন্দ লাভ কৰিব পাৰিলেহেঁতেন আৰু সেইয়া গোটেই কনান দেশ অধিকাৰ কৰিব পাৰিলেহেঁতেন। এটা সুন্দৰ প্ৰতিজ্ঞা! কিন্তু সেই দেশৰ উত্তৰাধিকাৰী হবলৈ অব্ৰাহামে তেওঁৰ জীৱনত বহুতো পৰিবৰ্তন কৰাৰ প্ৰয়োজন আছিল।
৭. যিহোৱাৰ প্ৰতিজ্ঞাত প্ৰবেশ কৰিবলৈ অব্ৰাহামক কি পৰিৱৰ্তন কৰাৰ বাবে প্ৰস্তুত হবলৈ প্ৰয়োজন আছিল?
৭ যেতিয়া অব্ৰাহামে উৰ ত্যাগ কৰিলে তেতিয়া তেওঁ এক উন্নয়নশীল চহৰ আৰু পিতৃৰ বংশধৰসকলক ত্যাগ কৰিলে—যি হয়তো তেওঁৰ বৃধ বয়সত এক সুৰক্ষাৰ কাৰণ হʼলহেঁতেন। যেতিয়া তেওঁ হাৰণ ত্যাগ কৰিলে, তেওঁ নিজকে পিতৃৰ পৰিয়াল তথা ভায়েক নাহোৰৰ পৰা পৃথক কৰিলে আৰু এক অজান দেশলৈ যাত্ৰা কৰিলে। কনান নগৰৰ সীমাৰ ভিতৰত থাকিও তেওঁ সুৰক্ষা নিবিচাৰিলে। কিয়? ভূমিত প্ৰবেশ কৰাৰ অলপ পাছতে যিহোৱাই তেওঁক কৈছিল: “উঠা, এই দেশৰ দীঘে পথালিয়ে ফুৰা; কিয়নো ইয়াক মই তোমাকেই দিম।” (আদিপুস্তক ১৩:১৭) ৭৫ বছৰীয়া অব্ৰাহাম আৰু ৬৫ বছৰীয়া চাৰাই এই নিদ্দেৰ্শনাবোৰ পালন কৰিলে। “বিশ্বাসৰ গুণে, তেওঁ বিদেশৰ দৰে, প্ৰতিজ্ঞাৰ দেশত প্ৰবাসী হৈ, সেই একে প্ৰতিজ্ঞাৰ সহধিকাৰী ইচ্হাক আৰু যাকোবৰ সহিত তম্বুত বাস কৰিছিল।”—ইব্ৰী ১১:৯; আদিপুস্তক ১২:৪.
বৰ্তমান সময়ত অব্ৰাহামৰ দৰে বিশ্বাস
৮. অব্ৰাহাম আৰু প্ৰাচীন সেৱক সকলৰ উদাহৰণৰ প্ৰতি দৃষ্টি ৰাখি আমি কি উৎপন্ন কৰা উচিত?
৮ ইব্ৰী কিতাপ ১১ অধ্যায়ত বৰ্ণনা কৰা “মেঘৰূপ সাক্ষী” সকলৰ ভিতৰত অব্ৰাহাম আৰু তেওঁৰ পৰিয়ালৰ নাম উল্লেখ কৰা আছে। প্ৰাচীন সেই সেৱকসকলৰ বিশ্বাসৰ প্ৰতি লক্ষ্য ৰাখি, পৌলে খ্ৰীষ্টানসকলক উদগণি দিছে, ‘আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰক।’ (ইব্ৰী ১২:১) হয়, কম বিশ্বাসে সহজতে ‘বাধা দিব পাৰে।’ কিন্তু পৌল আৰু আমাৰ সময়ত খ্ৰীষ্টানসকলে অব্ৰাহাম আৰু অন্য প্ৰাচীন সেৱকসকলৰ তুলনাত দৃঢ় বিশ্বাস উৎপন্ন কৰিবলৈ সমৰ্থ হৈছে। নিজৰ আৰু অন্য লগৰীয়া ভাইসকলৰ বিষয়ে উল্লেখ কৰি পৌলে এই দৰে কৈছিল: “কিন্তু যিবিলাক সৰ্ব্বনাশলৈ হোঁহকে, আমি তেওঁবিলাকৰ মাজৰ নহওঁ, জীৱত্মাৰ ৰক্ষা লাভ কৰিবৰ কাৰণে বিশ্বাস কৰাবিলাকৰ মাজৰহে হৈছোঁ।”—ইব্ৰী ১০:৩৯.
৯, ১০. কি প্ৰমাণ আছে যে বৰ্তমান সময়তো অব্ৰাহামৰ দৰে বিশ্বাস থকা ব্যক্তি আছে?
৯ হয়, এই জগত অব্ৰাহামৰ সময়ৰ পৰা পৰিৱৰ্তন হৈছে। যি কি নহওঁক, আমি এতিয়াও ‘অব্ৰাহামৰ ঈশ্বৰক’ সেৱা কৰোঁ আৰু তেওঁৰ কেতিয়াও সাল-সলনি হোৱা নাই। (পাঁচনিৰ কৰ্ম্ম ৩:১৩; মলাখী ৩:৬) অব্ৰাহামৰ সময়ৰ দৰে যিহোৱা আজিও উপাসনা পোৱাৰ বাবে যোগ্য। (প্ৰকাশিত বাক্য ৪:১১) বহুতে নিজকে যিহোৱালৈ সম্পূৰ্ণৰূপে সমৰ্পণ কৰিছে আৰু অব্ৰাহামৰ দৰে ঈশ্বৰৰ অনুসৰি কাৰ্য্য কৰিবলৈ জীৱনত যি কোনো প্ৰয়োজনীয় পৰিৱৰ্তনৰ কৰিছে। যোৱা বছৰত ৰাজহুৱাভাৱে “পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে,” পানীত বাপ্তিস্মা লোৱাৰ দ্বাৰা ৩১৬,০৯২ জন ব্যক্তিয়ে তেওঁলোকৰ সমৰ্পণৰ প্ৰমাণ দিয়ে।—মথি ২৮:১৯.
১০ এই নতুন খ্ৰীষ্টানসকলৰ বেছিভাগেই তেওঁলোকৰ পৰিয়ালক এৰি আৰু তেওঁলোকৰ সমৰ্পণ পূৰ্ণতাৰ বাবে দূৰ বিদেশত যাবলগীয়া হোৱা নাই। আত্মিক অৰ্থত তেওঁলোকে বহু দূৰত্বৰ যাত্ৰা অতিক্ৰম কৰিছে। উদাহৰণ স্বৰূপে, মিউৰিটিঅট ইল্চি নামৰ এগৰাকী যাদু-মন্ত্ৰ কৰা মহিলা আছিল। সকলোৱে তাইক ভয় কৰিছিল। এজন বিশেষ অগ্ৰগামীয়ে ইল্চিৰ জীয়েকৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ ধৰিলে আৰু ইল্চিৰ বাবে ‘আন্ধাৰৰ পৰা পোহৰলৈ’ আহিবলৈ বাট মুকলি কৰিলে। (পাঁচনিৰ কৰ্ম্ম ২৬:১৮) তাইৰ ছোৱালীৰ আগ্ৰহৰ প্ৰতি লক্ষ্য কৰি, ইল্চিয়ে মোৰ কিতাপ বাইবেলৰ কাহিনী এই কিতাপৰ পৰা অধ্যয়ন কৰিবলৈ মান্তি হʼল। সপ্তাহত তিনিবাৰ তাইৰ অধ্যয়ন কৰা হৈছিল কাৰণ তাইক নিয়মীয়াকৈ উৎসাহৰ প্ৰয়োজন আছিল। তন্ত্ৰ-মন্ত্ৰ শিক্ষাই তাইৰ বাবে কোনো আনন্দ দিব পৰা নাছিল আৰু তাইৰ বহুতো ব্যক্তিগত সমস্যা আছিল। লাহে লাহে তাই পিশাচৰ দীঘলীয়া যাত্ৰাৰ পৰা আঁতৰি সত্য উপাসনা কৰিবলৈ সক্ষম হʼল। যেতিয়া মানুহবিলাকে তাইক লগ কৰিবলৈ আহে, তেতিয়া কয় যে মাত্ৰ যিহোৱাই তেওঁলোকক চয়তানৰ পৰা ৰক্ষা কৰিব পাৰিব। ইল্চি এতিয়া এগৰাকী বাপ্তিস্মা প্ৰাপ্ত সাক্ষী আৰু তাইৰ পৰিয়ালৰ ১৪ জন ব্যক্তি আৰু পৰিচিত লোকসকলেও সত্যক গ্ৰহণ কৰিছে।
১১. যি সকলে নিজকে যিহোৱালৈ সমৰ্পণ কৰে তেওঁলোকে কি প্ৰয়োজনীয় সাল-সলনি কৰিবলৈ ইচ্ছুক?
১১ যি সকলে যোৱা বছৰত যিহোৱাক সেৱা কৰিবলৈ নিজকে সমৰ্পণ কৰিছে তেওঁলোকে এইদৰে বিশেষ পৰিৱৰ্তন কৰা নাছিল। কিন্তু সকলোৱে আধ্যাত্মিকৰূপে মৃত্যু থকাৰ পৰা আধ্যাত্মিৰূপে জীৱিত্ব হʼল। (ইফিচীয়া ২:১) যদিও শাৰীৰিকভাৱে তেওঁলোকে এই জগতৰ অংশ হয়, তেওঁলোকে এই জগতৰ ভাগ নহয়। (যোহন ১৭:১৫, ১৬) অভিষিক্ত খ্ৰীষ্টানসকলেও, “যি ৰাজ্যৰ মানুহ, সেই ৰাজ্য স্বৰ্গত আছে” তেওঁলোক “পৰদেশী আৰু প্ৰবাসী।” (ফিলিপীয়া ৩:২০; ১ পিতৰ ২:১১) ঈশ্বৰ আৰু ওচৰ চুবুৰীয়াৰ প্ৰতি প্ৰেম থকাৰ বাবে তেওঁলোকে নিজৰ জীৱন ঈশ্বৰৰ মানদণ্ড অনুসৰি আগবঢ়াই নিলে। (মথি ২২:৩৭-৩৯) তেওঁলোকে স্বাৰ্থপৰ, বস্তুবাদী মনোভাৱ বা এই জগতত ব্যক্তিগত পূৰ্ণতাৰ বাবে মনোযোগ নিদিয়ে। তাৰ পৰিবৰ্তে, তেওঁলোকে নিজৰ লক্ষ্য অনুসৰি, ‘নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিবীলৈ অপেক্ষা কৰে; সেইবোৰত ধাৰ্ম্মিকতা নিবাস কৰে।’—২ পিতৰ ৩:১৩; ২ কৰিন্থীয়া ৪:১৮.
১২. যোৱা বছৰৰ কি ফলদায়ক ৰিপৰ্টে প্ৰমাণ দিয়ে যে যীচুৰ উপস্থিতিৰ সময়ত তেওঁ ‘পৃথিবীত বিশ্বাস পাব’?
১২ যেতিয়া অব্ৰাহামে কনানলৈ যাত্ৰা কৰিলে সেই সময়ত তেওঁ আৰু তেওঁৰ পৰিয়াল মাত্ৰ অকলশৰীয়া আছিল, সেই সময়ত যিহোৱাই তেওঁলোকক সহায় আৰু ৰক্ষা কৰিছিল। তথাপিও, ৩১৬,০৯২ জনে এই নতুনকৈ বাপ্তিষ্মা লোৱা লোকসকল অকলশৰীয়া নহয়। সচাঁকৈ, অব্ৰাহামক কৰাৰ দৰে যিহোৱাই তেওঁলোকক তেওঁৰ আত্মাৰ দ্বাৰা সহায় আৰু ৰক্ষা কৰে। (হিতোপদেশ ১৮:১০) ইয়াৰ উপৰি, তেওঁ তেওঁলোকক বৃহৎ অন্তঃৰাষ্ট্ৰীয় “জাতি” দ্বাৰা সহায় কৰে যাৰ সংখ্যা বৰ্তমান সময়ৰ ৰাষ্ট্ৰৰ জনসংখ্যাতকৈও বহু বেছি। (যিচয়া ৬৬:৮) যোৱা বছৰত, ৫,৮৮৮,৬৫০ জন ব্যক্তিয়ে গড় হিচাবে অৰ্থাত সেই ৰাষ্ট্ৰই তেওঁলোকৰ ওচৰ চুবুৰীয়াক ঈশ্বৰৰ প্ৰতিজ্ঞাৰ বিষয়ে প্ৰচাৰ কৰাৰ দ্বাৰা তেওঁলোকৰ সক্ৰিয় বিশ্বাসৰ প্ৰমাণ দিলে। (মাৰ্ক ১৩:১০) আগ্ৰহী লোকসকলক বিচাৰি তেওঁলোকে আশ্চৰ্য্যজনকভাৱে ১,১৮৬,৬৬৬,৭০৮ ঘন্টা এই কাৰ্য্যত অতিবাহিত কৰে। ইয়াৰ পৰিণাম স্বৰূপে, ৪,৩০২,৮৫২ জন ব্যক্তিৰ লগত বাইবেল অধ্যয়ন আৰম্ভ কৰা হʼল যি সকলে বিশ্বাস বৃদ্ধি কৰিব বিচাৰে। ৬৯৮,৭৮১ জনে “ৰাষ্ট্ৰত” অগ্ৰগামী সেৱাৰ দ্বাৰা বা নিয়মীয়া সেৱা বা এমাহ বা তাতকৈ বেছি কৰাৰ দ্বাৰা তেওঁলোকৰ উৎসাহ প্ৰদৰ্শন কৰিলে। এই অদ্বিতীয় পৰিণাম ফলদায়ক আছিল, যীচুৰ প্ৰশ্নই আকৌ মনত পেলাই দিয়ে, ‘যেতিয়া মানুহৰ পুত্ৰই সকলো দূতক লগত লৈ, নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া জগতত বিশ্বাস থাকিব নে?’
পৰীক্ষাৰ সময়তো বিশ্বাসী
১৩, ১৪. কনানত অব্ৰাহাম আৰু তেওঁৰ পৰিয়ালে সন্মুখীন হোৱা কিছুমান বাধাৰ বিষয়ে উল্লেখ কৰক।
১৩ কনানত অব্ৰাহাম আৰু তেওঁৰ পৰিয়ালবৰ্গৰ বাবে পৰিস্থিতিসমূহ কঠিন হৈ পৰিল। এক সময়ত, অতিশয়ৰূপ হোৱা আকালৰ বাবে তেওঁ কনানৰ পৰা মিছৰ দেশলৈ যাত্ৰা কৰিলে। যি কি নহওঁক, মিছৰ আৰু যাৰাৰ (গাজাৰ উচৰত) শাসকে অব্ৰাহামৰ পত্নী চাৰাক তেওঁলোকলৈ লব বিচাৰিছিল। (আদিপুস্তক ১২:১০-২০; ২০:১-১৮) সেই ঠাইত অব্ৰাহামৰ পশুপালক আৰু লোটৰ পশুপালক সকলৰ মাজত বিবাদ হবলৈ ধৰিলে আৰু ইয়ে দুটা পৰিয়ালৰ মাজত বিচ্ছেদৰ কাৰণ হʼল। নিস্বাৰ্থপৰভাৱে অব্ৰাহামে লোটক প্ৰথমে ভূমি নিৰ্বাচিত কৰাৰ বিষয়ে নিৰ্ণয় কৰিবলৈ দিলে আৰু লোটে বাস কৰিবলৈ যৰ্দ্দনৰ অঞ্চল নিৰ্বাচন কৰিলে, যিটো আদমৰ বাগিছাৰ দৰে সাৰুৱা আৰু সুন্দৰ আছিল।—আদিপুস্তক ১৩:৫-১৩.
১৪ তাৰ পাছত লোট, ৰজা এলম আৰু কিছুমান মিত্ৰৰাজ্য আৰু চিদ্দীম নিম্ন সমতল ভূমিৰ পাঁচখন চহৰৰ ৰজাৰ সৈতে যুদ্ধত সন্মিলিত হʼল। পৰজাতিয় ৰজাসকলে স্থানীয় ৰজাসকলক পৰাজিত কৰিলে আৰু বহুতো লুট-পাট তথা লোট আৰু তেওঁৰ বয়-বস্তুকো লৈ গʼল। যেতিয়া অব্ৰাহামে শুনিলে যে কি হʼল, তেতিয়া তেওঁ ভয় নকৰাকৈ পাছে পাছে খেদি গʼল আৰু লোট আৰু তেওঁৰ পৰিয়ালবৰ্গ তথা স্থানীয় ৰজা আৰু তেওঁলোকৰ বয়-বস্তুবিলাকক উদ্ধাৰ কৰিলে। (আদিপুস্তক ১৪:১-১৬) যি কি নহওঁক, এইয়া লোটৰ বাবে কনানত ভয়াবহ অনুভৱ নাছিল। অনৈতিকতাৰ বাবে সুখ্যাতি থকাৰ স্বত্তেও কিছুমান কাৰণত লোটে তেওঁৰ বাসস্থান চদোমলৈ পৰিৱৰ্তন কৰিলে।b (২ পিতৰ ২:৬-৮) যেতিয়া ধ্বংসৰ সম্ভাৱনাৰ বিষয়ে স্বৰ্গদূতে সাৱধানবাণী দিলে তেতিয়া লোটে তেওঁৰ পত্নী আৰু দুজনী ছোৱালীৰ সৈতে তাৰ পৰা পলাই গৈছিল। তথাপি, লোটৰ পত্নীয়ে স্বৰ্গদূতৰ নিৰ্দিষ্ট আদেশক আওকাণ কৰিলে আৰু তাৰ পৰিণাম স্বৰূপে নিমখৰ স্তম্ভলৈ ৰূপান্তৰিত হʼল। লোটে তেওঁৰ দুজনী ছোৱালীৰ সৈতে চোৱৰ গোহাত বাস কৰাৰ সময়ত দুৰ্ব্বল হৈ আহিব ধৰিলে। (আদিপুস্তক ১৯:১-৩০) এনে ধৰণৰ ঘটনাবোৰে অব্ৰাহামক নিশ্চয় মানসিকভাৱে অশান্তি দিছিল, বিশেষকৈ কনানত লোট অব্ৰাহামৰ পৰিয়ালৰ ভাগ হৈ আহিছিল।
১৫. অপৰিচিত দেশত বাস কৰাৰ সময়ত অব্ৰাহামে সমস্যাৰ সন্মুখীন হোৱাৰ স্বত্তেও, তেওঁ কি বিৰোধী মনোবৃত্তি ত্যাগ কৰিছিল?
১৫ অব্ৰাহামে কেতিয়াবা আচৰিত হৈছিলে নে যে তেওঁ আৰু লোটে তেওঁৰ দেউতাকৰ পৰিয়ালৰ লগত উৰত সুৰক্ষিত থাকিব বা হাৰণত তেওঁৰ ভাই নাহাৰৰ লগত? তেওঁ তম্বুত বাস কৰাৰ পৰিবৰ্তে এখন সুৰক্ষিত নগৰৰ ভিতৰত সুখৰে জীৱন-যাপন কৰাতো কেতিয়াবা ভাবিছিল নে? এক অজান দেশত থাকোঁতে জীৱনত তেওঁ কৰা ত্যাগৰ বিষয়ে কেতিয়াবা প্ৰশ্ন কৰিছিল নে? অব্ৰাহাম আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে বৰ্ণনা কৰি অনুগামী পৌলে কৈছিল: “তেওঁবিলাকে যি দেশৰ পৰা ওলাই আহিছিল, তালৈ মন কৰা হলে, অৱশ্যে উলটি যাবলৈ সুসময় পালেহেঁতেন।” (ইব্ৰী ১১:১৫) তথাপি, তেওঁলোকে উলটি নগʼল। কঠিন সমস্যাৰ স্বত্তেও তেওঁলোকে তাত থাকিল যʼত যিহোৱাই বিচাৰিছিল।
বৰ্তমান সময়ত সহনশীলতা
১৬, ১৭ (ক) কি কি বাধা বৰ্তমান সময়ত খ্ৰীষ্টানসকলে সন্মুখীন হৈছে? (খ) কি ধনাত্মক মনোবৃত্তি খ্ৰীষ্টানসকলৰ আছে? কিয়?
১৬ বৰ্তমান সময়তো সেই একেই সহনশীলতা খ্ৰীষ্টানসকলৰ মাজত দেখা যায়। এইটো সঁচা যে যিহোৱাক সেৱা কৰাৰ উৎস হৈছে মহান আনন্দ, কিন্তু এই শেষ-কালত খ্ৰীষ্টানসকলৰ বাবে জীৱন-যাপন কৰাটো সহজ নহয়। আধ্যাত্মিক পৰমদেশত জীয়াই থকাৰ স্বত্তেও তেওঁলোকে ওচৰ-চুবুৰীয়াৰ দৰে অৰ্থনৈতিক হেঁচা অনুভৱ কৰে। (যিচয়া ১১:৬-৯) ৰাষ্ট্ৰৰ যুদ্ধবোৰত বহুতে নিৰ্দ্দোষীভাৱে বলি হবলগীয়া হৈছে আৰু কোনো কাৰণ নোহোৱাকৈ বহুতো লোকে দৰিদ্ৰতাৰ সন্মুখীন হৈছে। ইয়াৰ উপৰিও, জনপ্ৰিয় নোহোৱা সংখ্যাত তাকৰ হোৱাৰ বাবে তেওঁলোকে সমস্যা সহন কৰে। উপেক্ষা কৰাৰ স্বত্তেও তেওঁলোকে বহুতো দেশত শুভবাৰ্ত্তা প্ৰচাৰ কৰে। অন্য স্থানত তেওঁলোকে ছলাহী কথাৰ দ্বাৰা যি সকলে ‘বিধি স্থাপন কৰি অপকাৰ কৰে’ তেওঁলোকৰ পৰা আৰু ‘সিহঁতে ৰক্তপাত কৰিবৰ নিমিত্তে নিৰ্দ্দোষীক দোষী কৰাৰ পৰা যাতনাত ভুগিবলগীয়া হয়।’ (গীতমালা ৯৪:২০, ২১) কিছুমান দেশত খ্ৰীষ্টানসকলৰ বিপক্ষে বিৰুদ্ধ হোৱা নাই যদিও তাত তেওঁলোকৰ উচ্চ মানদণ্ডৰ বাবে প্ৰশংসা কৰা হৈছে, তথাপি তেওঁলোকে স্কুল আৰু কাৰ্য্য ক্ষেত্ৰৰ লগৰীয়া সকলৰ পৰা ভিন্ন থকাৰ প্ৰতি সজাগ—অব্ৰাহামৰ দৰে, যিয়ে অন্য লোকসকলৰ দৰে নগৰত বাস কৰি জীৱন-যাপন কৰাৰ পৰিবৰ্তে তম্বুত বাস কৰিছিল। হয়, এই “জগতৰ” নোহোৱাকৈ, এই জগতত জীৱন নিৰ্বাহ কৰাটো সহজ নহয়।—যোহন ১৭:১৪.
১৭ তেনেহʼলে আমি ঈশ্বৰলৈ সমৰ্পণ কৰাৰ বাবে অনুতাপ কৰোঁনে? অন্য লোকসকলৰ দৰে আমিও এই জগতৰ অংশ হৈ থাকিব পাৰিলোঁহেঁতেন বুলি ইচ্ছা কৰোনে? আমি যি বলিদান যিহোৱালৈ আগবঢ়ালোঁ তাৰ বাবে দুঃখ প্ৰকাশ কৰোঁনে? কোনোপধ্যে নহয়! আকাংক্ষা কৰি পিছলৈ ঘুৰি চোৱাৰ পৰিৱৰ্ত্তে, আমি স্বীকাৰ কৰো যে যি আৰ্শীব্বাদ বৰ্তমান আমি উপভোগ কৰি আছো আৰু ভৱিষ্যতে যি উপভোগ কৰিম ইয়াৰ তুলনাত আমি যি বলিদান দিলোঁ তাৰ কোনো মূল্য নাই। (লূক ৯:৬২; ফিলিপীয়া ৩:৮) ইয়াৰ উপৰিও, বৰ্তমানে এই জগতৰ লোকসকল সুখী নে? বহুতো লোকে জীৱনৰ সেই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি ফুৰিছে যি বিলাকৰ উত্তৰ ইতিমধ্যে আমি পালোঁ। আমি যি বাইবেলৰ পথ-প্ৰদৰ্শন অনুকৰণ কৰো তেওঁলোকে তাক নকৰাৰ বাবে দূখ-কষ্টৰ সন্মুখীন হয়। (গীতমালা ১১৯:১০৫) আমি যি বিশ্বাসী সঙ্গীসকলৰ আনন্দ লাভ কৰো তেওঁলোকৰ বহুতে নম্ৰ খ্ৰীষ্টানৰ সঙ্গ আৰু আনন্দময় সান্নিধ্য পোৱাৰ পৰা বহু দূৰৈত আছে।—গীতমালা ১৩৩:১; কলচীয়া ৩:১৪.
১৮. যেতিয়া অব্ৰাহামৰ দৰে খ্ৰীষ্টানসকলে সাহস দেখুৱাই তেতিয়া কি পৰিণাম হয়?
১৮ হয়, যেতিয়া লোটক লুণ্ঠনকাৰী সকলে লুট কৰি লৈ গৈছিল তেতিয়া অব্ৰাহামে সাহসৰে তেওঁলোকৰ পাছে পাছে খেদি গৈছিল, সেইদৰে আমিও কেতিয়াবা কেতিয়াবা সাহসী হোৱা উচিত। যেতিয়া আমি সেইদৰে কৰো তেতিয়া যিহোৱাই ইয়াৰ বাবে আশীৰ্বাদ দিয়ে। উদাহৰণ স্বৰূপে, উত্তৰ আয়াৰলেণ্ডত ঘৃণাৰ ফলত সাম্প্ৰদায়িক সংৰ্ঘৰ সৃষ্টি হোৱাত আৰু নিৰপেক্ষতাৰ বাবে সাহসৰ প্ৰয়োজন হʼল। বিশ্বাসী খ্ৰীষ্টানসকলে যিহোচূৱালৈ দিয়া যিহোৱাৰ বাক্য অনুকৰণ কৰে: “বলৱান আৰু সাহিয়াল হোৱা, ত্ৰাসিত বা ব্যাকুল নহবা; কিয়নো তুমি যি যি ঠাইলৈ যাবা, সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত থাকিব।” (যিহোচূৱা ১:৯; গীতমালা ২৭:১৪) বহু বছৰ তেওঁলোকে ভয় নকৰাকৈ থকাৰ বাবে সন্মানৰ জয়ী হʼল আৰু বৰ্তমান তেওঁলোকে মুক্তভাৱে সকলো সম্প্ৰদায় লোকসকলৰ মাজত প্ৰচাৰ কৰে।
১৯. কʼত খ্ৰীষ্টানসকলে আনন্দিত হয় আৰু যেতিয়া তেওঁলোকে যিহোৱাৰ নিৰ্দ্দেশনা অনুকৰণ কৰে তেওঁলোকে বিশ্বাসেৰে কি পৰিণামৰ আশা কৰে?
১৯ যি কোনো পৰিস্থিতিৰ আমি সন্মুখীন নহওঁ কিয় আমাক সন্দেহ কৰা উচিত নহয়, যদি আমি যিহোৱাৰ নিৰ্দ্দেশনা অনুকৰণ কৰোঁ তেনেহʼলে ইয়াৰ পৰিণাম ঈশ্বৰৰ যশস্যা আৰু আমাৰ বাবে বহু লাভৱান হব। যিমানে প্ৰত্যাহ্বান নহওঁক আৰু বলিদান কৰিবলৈ নপৰক কিয় যিহোৱাৰ সেৱাক পৰিত্যাগ নকৰিব, আমাৰ খ্ৰীষ্টান ভাইসকলৰ লগত আনন্দৰে একত্ৰিত হৈ ভৱিষ্যতে ঈশ্বৰে প্ৰতিজ্ঞা কৰা অনন্ত জীৱনক বিশ্বাসেৰে বাট চোৱা উচিত।
[Footnotes]
a তেনেকৈ, অব্ৰাহামে তেওঁৰ ভতিজা লোটক ডাঙৰ দীঘল কৰিলে, যেতিয়া লোটৰ দেউতাক, অব্ৰাহামৰ ভায়েকৰ মৃত্যু হʼল।—আদিপুস্তক ১১:২৭, ২৮; ১২:৫.
b কিছুমানে কব বিচাৰে যে লোটে চাৰিজন ৰজাৰ দ্বাৰা লুণ্ঠিত হোৱাৰ পাছত নগৰত থাকিবলৈ লৈছিল। হয়তু তেওঁ ভাবিছিল নগৰত থাকিলে অধিক সুৰক্ষা পাব।
আপুনি স্মৰণ কৰেনে?
◻ কিয় দৃঢ় বিশ্বাসৰ আৱশ্যক?
◻ কেনেকৈ অব্ৰাহামে দেখুৱালে যে তেওঁৰ বিশ্বাস দৃঢ় আছিল?
◻ জীৱন পৰিৱৰ্তনৰ লগত সমৰ্পণৰ কি সৰ্ম্পক আছে?
◻ আমি সন্মুখীন হোৱা যি কোনো সমস্যাৰ মাজতো কিয় যিহোৱাক সেৱা কৰিবলৈ আনন্দিত?
[Pictures on page 7]
প্ৰতিজ্ঞাত দেশত প্ৰবেশ কৰিবলৈ অব্ৰাহামে স্বইচ্ছাৰে এক বৰ পৰিৱৰ্তন কৰিছিল
[Pictures on page 9]
প্ৰমাণে দেখুৱাইছে যে যেতিয়া যীচুৱে তেওঁৰ উপস্থিতিৰ সময়ত আহিব “তেতিয়া পৃথিবীত বিশ্বাস পাব”